পৰিদৰ্শন/পণ্ডিত বাবু

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[ //৯৩// ]
 

পণ্ডিত বাবু

(এক)

 নগৰৰ মাজতে এঘৰ মানুহৰ বাহিৰৰ ঘৰ এটাত বেঞ্চ এখন পতা আছে। ৰ’দ-বৰষুণ পৰি বেঞ্চৰ কাঠ ধোঁৱা ৰঙৰ হৈ উঠিল, এটা খুটা ঢিলা হোৱা কাৰণে বেঞ্চখন লৰে আৰু খুৰাত লগোৱা দীঘল বাতাম এডাল ভাঙি পৰি আছে।

 হাতত এখাং হাঁহৰ ডিমা আৰু এক চুঙা ঘিঁউ লৈ আহি এটা ১৭/১৮ বছৰমান বয়সীয়া ল’ৰা সেই বেঞ্চত বহিল। ল’ৰাৰ পিন্ধনত এখন ধুতি, ফুলপাৰি, গাত কামিজটোৰ বুকুত ফুল তোলা, কান্ধৰ চাদৰখনত গুণাৰ ফুল। ল’ৰাটোৰ বিশেষ লক্ষ্য কৰিবলগীয়া তাৰ মূৰৰ সেওঁতাটো আৰু চুলি কেইডাল। সেওঁতাটো একেবাৰে প্ৰকাণ্ড কৰি ফলা আৰু চুলি কেইডালত টপ্‌টপ্‌ কৰে বৈ পৰা তেল।

 কিজানি দুপৰীয়া ১২ মান বজাতে ল’ৰাটো আহিল। তাৰ পৰা প্ৰায় দুঘণ্টামান অতীত হ’ল, ভিতৰৰ পৰা কোনো ওলোৱা নাই। অথচ ভিতৰত চাকৰক ধমকি দিয়া, [ ৯৪ ] মাইকীৰ লগত দ্বন্দ্ব কৰা, ল’ৰা ছোৱালীক গালি পৰা, ইত্যাদি নানাপ্ৰকাৰ শব্দ তাৰ কাণত পৰিছেহি। সি উচ্‌পিচ কৰি ইফাল-সিফাল কৰি আছে। অথচ তাৰো মাতিবৰ সাহ হোৱা নাই। কাৰণ, এই ঘৰ হৈছে স্কুল চোৱা বাবু ছব-ইন্সপেক্টৰৰ আৰু সি নিজে এজন পণ্ডিত কামৰ প্ৰাৰ্থী।

 প্ৰায় তিনমান বজাত চকু-মুখ মোহাৰি মোহাৰি গাত গেঞ্জি এটা পিন্ধি আৰু হাতত হোকা এটা লৈ বাহিৰলৈ স্বয়ং ছব-ইন্সপেক্টৰ ওলাই আহিল। তেওঁ অহাৰ সঁহাৰি পাই ল’ৰাজনে খপ্ কৰে বেঞ্চৰ পৰা উঠিল। আৰু আহি সমুখ পোৱা মাত্ৰকতে হাতযোৰ কৰি কঁকাল হলাই চালাম কৰিলে। ছব-ইন্সপেক্টৰে সুধিলে, “কি হ’ল, ক’ৰ পৰা ওলালাহি তুমি? কিবাচোন তোমাৰ নামটো?”

 ল’ৰা— জয়ৰাম, দেউতা! দেউতাক এবাৰ সেৱা জনাই যাবলৈ আহিলোঁ। চাপ্ৰাছীক এবাৰ মাতিব লাগিছিল!

 ছব-ইন্সপেক্টৰ— (হাঁহৰ ডিমা আৰু ঘিঁউলৈ চাই) এইবোৰ কি আনিছা? নাপায় নহয় চৰকাৰী বিষয়ালৈ আনিবলৈ।

 ল’ৰা— শুদা হাতে আহিবলৈ বেয়া লাগে, দেউতা।

 ছব-ইন্সপেক্টৰ— বাৰু, আনিছা, ভাল হৈছে দিয়া। তোমালোকে যেতিয়ালৈকে আনি থাকা, তেতিয়ালৈকে খাই থাকিম। পাচত আকৌ বেনামী দৰখাস্ত নকৰিবা।
[ ৯৫ ]  জয়ৰাম— (হাত মোহাৰি) এনে কথাও কয়নে দেউতাই।

 ছব-ইন্সপেক্টৰ— পাচে তোমাক চাকৰী লাগে নহয়নে। সম্প্ৰতি কছাৰী মহললৈ যোৱা। বঢ়িয়া ঠাই, তাত দৰমহাও অলপ বেছি! দহ টকাকৈ পাবা। যাবানে?

 জয়ৰাম— বন্দীৰ ঘৰৰ ফালে কোনো নাই দেউতা; অকল মাতৃ গৰাকী। তাক পোহ-পাল—

 ছব-ইন্সপেক্টৰ— তেনেহলে কাম নাই জানিছা। তোমালোক প্ৰত্যেকৰে ঘৰে ঘৰে একোখন স্কুল পাতি দিওঁ ক’ৰ পৰা? ওচৰত কাম নাই, কিছুদিন ৰোৱা। যদি খালি হয় দেখা যাব।

 জয়ৰাম— (অলপ পৰ ৰৈ) দেউতাই যি হুকুম কৰে তাকে কৰিম বন্দীয়ে। দেউতাই মনত ৰাখিলে দুদিন পলমেও ওচৰলৈ টান মাৰিলেই হ’ব।

 ছব-ইন্সপেক্টৰ— বাৰু, সি পাচৰ কথা। এতিয়া যাবলৈ ৰাজী আছা?

 জয়ৰাম— হয়।

 ছব-ইন্সপেক্টৰ— তেনেহলে আজি যোৱা। পৰহি শনিবাৰলৈ আহিবা; সেইদিনা পৰোৱানা লৈ যাবাহি।

 জয়ৰাম— হাজিৰ কেতিয়া হব লাগে বা?

 ছব-ইন্সপেক্টৰ— পৰোৱানা লৈয়েই যাবাগৈ। মই তাত ছেক্ৰেটৰীলৈ তোমাক সুবিধা কৰিবলৈ লিখি দিম।

 
[ ৯৬ ]

(২)

 শালনিবাৰী স্কুলত আজি মহা হুলস্থুল। গাৱঁৰ গাওঁবুঢ়া আৰু পণ্ডিতে দুজনমান মানুহৰ হতুৱাই ঠাই চিকোণাইছে, ছাত্ৰকেইজনমানে কলপুলি পুতিছে; পণ্ডিতে নিজে আৰু গাওঁবুঢ়াৰ ল’ৰাই (যি মজলীয়া স্কুলত পঢ়ে— দুবছৰ হ’ল এই স্কুলৰ পৰাই পাছ কৰিছে) ৰঙা-ক’লা কাগজ কাটি ঘৰ সজোৱাত লাগিছে। আজি স্কুলৰ ইন্সপেক্টৰ চাহাব স্কুল পৰিদৰ্শন কৰিবলৈ আহিব।

 ভাটীবেলা ৩টা বাজিবৰ সময়ত খোজ কাঢ়ি কাঢ়ি হেলি-দুলি ফোঁপাই-জোপাই ইন্সপেক্টৰ চাহাব, ডিপুটী ইন্সপেক্টৰ ডাঙৰীয়া আৰু ছব-ইন্সপেক্টৰ বাবু আহি স্কুলত উপস্থিত! পণ্ডিত, গাওঁবুঢ়া আৰু ছেক্ৰেটৰীয়ে কঁকাল হলাই, মাটি চুই চালাম দি ডাঙৰীয়াসকলক অভ্যৰ্থনা কৰিলে। ছাত্ৰকেইজন (সাধাৰণতে ৬/৭ জন উপস্থিত থাকে, আজি খাটি-খুটি কাবৌ-কোকালি কৰি ১৭ জনমান ছাত্ৰ কৰা হৈছে) থিয় হল। গাৱঁৰ মানুহ যি দুই-চাৰিজন গোট খাইছিল, সিহঁতে হেঁচাহেঁচি কৰি ডাঙৰীয়াসকলক বাট এৰি দিলে। সকলো সন্ত্ৰস্ত, নিস্তব্ধ।

 ইন্সপেক্টৰ চাহাবে সুধিলে, অৱশ্যে ইংৰাজীত, ‘স্কুলখনৰ কি নাম’; ডিপুটীয়ে খৰধৰ কৰি আগেয়ে নিয়ম মতে তৈয়াৰী কৰি থোৱা কাগজখন আনি চাহাবৰ হাতত দিলে; তাত স্কুলৰ [ ৯৭ ] নাম, ছাত্ৰ সংখ্যা, পণ্ডিতৰ নাম, বিদ্যা, দৰমহা ইত্যাদি আহিল। চাহাবে অলপ পৰ চাই কলে, ‘অ! পণ্ডিতজন ট্ৰেইনিং পোৱা নহয়!’

 ডিপুটী— নহয় ছাৰ।

 ইন্সপেক্টৰ— ট্ৰেইনিং পাছ কৰা শিক্ষক পোৱা ইয়াত টান নেকি?

 ডিপুটী— হয় ছাৰ, বৰ টান।

 ইন্সপেক্টৰ— কিন্তু অলপতে স্কুল পৰিদৰ্শন কৰোঁতে মোক তাৰ ছুপাৰিণ্টেণ্ডেণ্ট ডাঙৰীয়াই কৈছিল যে, এই মহকুমাৰ কেইবাজনো ট্ৰেইনিং পাছ কৰা শিক্ষকে কাম নাপাই বহি আছে!

 ডিপুটী অলপ বিপাঙত পৰিল। ছব-ইন্সপেক্টৰে মাত লগালে, ‘আছে হয়, ছাৰ। কিন্তু ট্ৰেইনিং পাছ কৰা মানুহবিলাকে ইমান দূৰলৈ আহিবলৈ ভাল নাপায়। এইবোৰ বৰ backward ঠাই!’

 ডিপুটীয়ে উশাহ পাই লগাই দিলে, ‘আৰু ট্ৰেইনিঙৰ পৰা আহিলে গুৰুবোৰৰ বৰ ভেম হয়। সেইটোযে কি কাৰণে হয় কব নোৱাৰোঁ।’

 ইন্সপেক্টৰ— ও হয় হয়! মই সেই কথা বেছ জানো! প্ৰথমতে সিহঁতে ‘দেউতা’ বা ‘হুজুৰ’ গুচাই ‘ছাৰ’ ‘ছাৰ’ বুলিবলৈ লয়। প্ৰথমে থিয় হৈ মিলিটেৰী চালাম দিবলৈ শিকে। ও [ ৯৮ ] হয়, গুৰুবোৰ অহঙ্কাৰী আৰু ডাঙৰক নমনা হয়। এইটো ট্ৰেইনিং স্কুলৰ শিক্ষাৰ দোষ।

 ডিপুটী— আৰু মই দেখাত ট্ৰেইনিঙৰ পৰা আহিলে যে গুৰুবোৰ বিশেষ কিবা ভাল হৈ আহে, মই তেনে নাভাবোঁ।

 ইন্সপেক্টৰ— ঠিক কৈছা! তাততে কাম একো নহয়, ট্ৰেইনিং স্কুলৰ মাষ্টাৰকেইজন ডাইৰেক্টৰ চাহাব গ’লে ঠাই-ঠুই অঁটাই, বহীবোৰ অলপ ভাল কৰাই ডাইৰেক্টৰৰ মনত ভাল লগায়। আমাৰ ডাইৰেক্টৰ চাহাবৰ স্কুল চোৱা নেদেখিছা, তেৱোঁ ইমূৰৰ পৰা সিমূৰলৈ এটা লৰ মাৰিলে— হ’ল আৰু। ট্ৰেইনিং স্কুল ভাল বৰ।

 ছব-ইন্সপেক্টৰ— ইমানবোৰ ল’ৰানো পাছ হয় কেনেকৈ, তেনেহলে?

 ইন্সপেক্টৰ— তাৰ বাবেনো কি আহুকাল! গেজেটত মন কৰা নাইনে, তাৰ চুপাৰিণ্টেণ্ডেণ্টক বোৰ্ডৰ মেম্বৰ কৰি দিয়া হৈছে।

 ডিপুটী— ৰক্ষকেই ভক্ষক নেকি ছাৰ?

(তিনিও ঘিক্ ঘিক্ কৈ এবাৰ হাঁহি ললে)

 ইন্সপেক্টৰ— বাৰু আমাৰ কাম আমি কৰোহঁক।

 ডিপুটী আৰু ইন্সপেক্টৰে তৎক্ষণাৎ লৰ মাৰি স্কুল ঘৰটোৰ দুয়োফালে সোমাল আৰু খচ্‌মচ্‌ কৰি বহীবোৰ ইন্সপেক্টৰ চাহাবৰ আগত দিলে। চাহাবে বহীবোৰ চাই চাই এটা বহী মেলি লৈ পণ্ডিতক মাতিলে।
[ ৯৯ ]  ইন্সপেক্টৰ— পণ্ডিত, এইফালে আহিব লাগে।

 (পণ্ডিত সন্ত্ৰস্তভাৱে আহিল।) এই ক আখৰটো দেখিছানে?

 পণ্ডিত— হয় ধৰ্ম্মাৱতাৰ।

 ইন্সপেক্টৰ— এই চোৱা, এই আখৰটোৰ এইটো আঁচ পোন হৈছেনে?

 পণ্ডিত— নাই হোৱা, হুজুৰ।

 ইন্সপেক্ট— কিয় হোৱা নাই?

 পণ্ডিত— নজনা কছাৰী ল’ৰা হুজুৰ, একো নুবুজে, অসভ্য!

 ইন্সপেক্টৰ— নজনা কছাৰী ল’ৰা, হুজুৰ! তোমাক ইয়াত দৰহমা খুৱাই বোৰ্ডে পুহিছে কিয়— হুজুৰ!

(পণ্ডিতে ভয়ে থক্ থক্‌কৈ কঁপিবলৈ ধৰে।)

 ইন্সপেক্টৰ— এইটো কাৰ চাৰ্কেল?

 ছব-ইন্সপেক্টৰ— মোৰ চাৰ্কেল Sir।

(মুখখন অলপ বিবৰ্ণ হয় আৰু সেপ ঢুকে।)

 ইন্সপেক্টৰ— I see, I cannot congratulate you on your work. See this line. This is not perfectly horizontal. চোৱা পণ্ডিত এই লাইন, এইদৰে ঠিক পোন হব লাগে। Horizontal, থিয়। আৰু এই লাইন এইদৰে ঠিক চিধা হব লাগে, vertical বুজিছা?

 পণ্ডিত— হুজুৰ, বৰ টান কাম; প্ৰথমতে ল’ৰাবিলাকে পোন কৰিবলৈ বৰ টান পায়।
[ ১০০ ]  ইন্সপেক্টৰ— Damn fool; তৰ্ক কৰিব পাৰে! টান পালে চলিব কিয়? Director চাহাবৰ চাৰ্কুলাৰ দেখা নাই— হবই লাগিব। Do you understand, Sub-Inspector, when there is a circular, it must be done, no matter whether boys are able or not— the D. P. I’s circular must be obeyed.

 ছব-ইন্সপেক্টৰ— I perfectly understand, Sir. আগেয়েতো আমি এই চাৰ্কুলাৰ কেতিয়াও এইদৰে বুজা নাছিলোঁ Sir। আজিহে ইয়াৰ আতিগুৰি পালোঁ। আজিৰ পৰা ঠিক horizontal আৰু vertical line পোনাই দিয়া হব।

 ইন্সপেক্টৰ— That’s right. Inspection Book.

(ডিপুটী ইন্সপেক্টৰ লৰি গৈ খচ্‌মচ্‌ কৰি পৰিদৰ্শন বহীখন আনি দিলে)

 ইন্সপেক্টৰ— (খচ্‌মচ্‌ কৰি লিখি অঁটাই) ‘Here it is. I Paid a tutorial visit to this school and instructed the teacher, the D. I. and the S. I. in the right method to be followed in writing excercises a subject to which greater importance and better attention can now be given. The D. P. I. has also kindly issued [ ১০১ ] instruction to take this subject up...... I explained that no matter what happens, circulars must be obeyed. This is discipline. I found the D. I. an energetic and intelligent officer, and the S. I., though a comparatively junior man, having had only about 12 years’ service, is very willing to learn and ready to follow instructions. The Pandit is far from what he should be. He should be deputed to the Training School next January without fail; and till he can qualify himself, I recommend that his pay be reduced by Re. 1/- (one).

 I was pleased with the decorations. The boys did not know how to salaam, this ought to be taught, as a lesson in good behaviour.’ পণ্ডিত খুব ভাল কৰি কাম কৰিবা। বুজিছা?

 ইন্সপেক্টৰ ওলাই পৰিল। বাহিৰত মানুহবিলাকে চালাম দিলে। ইন্সপেক্টৰে ইংৰাজীত ডিপুটীক কলে, যে চাহাবৰ লগত বাটে-পথে কথা কোৱা ভাল নহয়। ওচৰৰ বঙলাত তেওঁলোকে থাকিব। যদি কোনোবাৰ কথা আছে, বঙলাতে দেখা কৰিবগৈ।

 
[ ১০২ ]

(৩)

 [দৃশ্য— নগৰ। ডিপুটী ইন্সপেক্টৰৰ ঘৰ। ডিঃ ইঃ আৰু ছঃ ইঃ বহি আছে। এজন মজলীয়া স্কুলৰ শিক্ষকও বহি আছে, দুজনমান বাৰাণ্ডাত থিয় হৈ আছে। জয়ৰাম পণ্ডিতৰ প্ৰবেশ। ডিঃ ইঃক হাতযোৰ কৰি নমস্কাৰ কৰে।]

 ডিঃ ইঃ— (জয়ৰামৰ ফালে নাচাই) বুজিছে হেড্‌পণ্ডিত, আমাক লাগে, Discipline— শাসন। Discipline is the ¾th of Education; অৰ্থাৎ শিক্ষাৰ ৩/৪ ভাগ শাসন। তাৰ মানে ভাল ব্যৱহাৰ। যেনে নমস্কাৰ কৰা। তাকেই যদি নাজানিলে, তেনে কি ভাল শিক্ষা হব।

 হেড্-পণ্ডিত— হয়, হয়, এখেতে যি কৈছে। (ইবিলাক পণ্ডিতলৈ চাই) নহয়নে, এয়েহে আচল কথা।

 (জয়ৰাম হেড্‌পণ্ডিত বহি থকা বেঞ্চত বহে। ডিপুটীয়ে কেৰেহা কেৰেহিকৈ চায়)

 ডিঃ ইঃ— ও, তুমি জয়ৰাম হবলা! ট্ৰেইনিঙৰ পৰা আহিলা?

 জয়ৰাম— হয়, Sir, কালি আহি পালোঁ।

 ডিঃ ইঃ— হয়নে Sir, ইয়ালৈ কিয় আহিলা বা Sir?

(জয়ৰাম বিমোৰত পৰি, সেমেনাসেমেনি কৰে।)

 হেড্-পণ্ডিত— ও আপুনি নতুন ট্ৰেইনিং পাছ হবলা— ওপৰৰ হাকিমসকলক কেনেকৈ মাতিব লাগে, তাকো ট্ৰেইনিঙত নিশিকালেনে? তাতনো কি শিকায়?
[ ১০৩ ]  জয়ৰাম— হয়, তাতেহে শিকিলো। আমাৰ মাষ্টাৰসকলে কলে দেখোন, হালি কুঁজা হৈ চালাম দিয়া বেয়া, আৰু Sir বুলি মাতিলেও একো বেয়া নহয়। আমাৰ Supdt. কো Sir হে বোলোহঁক।

 হেড্-পণ্ডিত— হেঃ হেঃ ছুপাৰিণ্টেণ্ডেণ্ট আৰু স্কুলৰ হাকিম একে হলনে? দৰমহা বেছি হব পাৰে। হক বেছি কি হ’ল! কিয় আমাৰ মেতৰটোৱে ১৫ টকা আৰু চকীদাৰটোৱে ১১ টকা নাপায়নে? সেইবুলি কোন ডাঙৰ?

 জয়ৰাম— সেইবোৰ আমি কি বুজপাওঁ দেও। যি কৈছিল তাকেহে কৈছোঁ।

 ছব-ইন্সপেক্টৰ— কিনো কৈছিল?

 জয়ৰাম— Sir বুলি মাতিব পায় বুলি।

 ছব-ইন্সপেক্টৰ— কোনে?

 জয়ৰাম— আমাৰ সকলো শিক্ষকে।

 ছব-ইন্সপেক্টৰ— তোমালোকৰ শিক্ষক আছে নে গাধা আছে?

 জয়ৰাম— সেইবোৰ নকব ছাৰ!

 ছব-ইন্সপেক্টৰ— আকৌ Sir. তোক আমাৰ আগত বহিবলৈ কোনে কলে Sir?

 জয়ৰাম— আগত বহে দেখি বহিছোঁ, জগৰ হ’ল যদি উঠো!
[ ১০৪ ]  ডিপুটী ইন্সপেক্টৰ— বুৰ্‌বক্! মুখে মুখে কথা কবলৈ শিকিছে। ট্ৰেইনিঙৰ সেই গাধা মাষ্টাৰকেইটাৰ পৰা আশয় পাই আমাৰ সকলো শিক্ষক গুচিল। Discipline নোহোৱা হ’ল।

 হেড্-পণ্ডিত— (জয়ৰামক) হে-হেৰি উঠক।

 জয়ৰাম— কেলেই তোমাৰ কি হ’ল?

 ডিপুটী ইন্সপেক্টৰ— কি হ’ল! গাধা মাষ্টাৰৰ গাধা ছাত্ৰ!

 জয়ৰাম— মোক গাধা বোলক! আমাৰ মাষ্টাৰক গাধা নুবুলিব। আপোনালোকৰ দৰে গাধাক ২০ বছৰ শিকাব পাৰে।

 ডিপুটী ইন্সপেক্টৰ— তোৰ ইমান সাহ! হেৰা তোমালোক সকলো সাক্ষী। আজিয়েই ইয়াক Dismiss কৰিবলৈ লিখিম। তোমালোকৰ আগতে মোক অপমান কৰিলে।

 জয়ৰাম— লিখিব নালাগে। ময়ে কাম এৰিছোঁ। এনে গাধাৰ দলত চাকৰী কৰিলে গাধাহে হব লাগিব। (যায়গৈ)