পৃষ্ঠা:পৰিদৰ্শন.djvu/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰিদৰ্শন
 

জানো আমাৰ বৌটি নহয়! টান-মস্কিল, সুখ-দুখৰ কথা আমাত জনালে বেয়া জানো?

 পেটু গৃহিণী— (মনে মনে আচৰিত হৈ বেৰৰ আঁৰৰ পৰা) কবলৈহে ভয় লাগে, পাচে হাকিম আমাৰ সম্বন্ধত ভিনীহি নহয় জানো। হাকিমৰ যিজনী আনিলে তেওঁ আমাৰ মাহীদেৱৰ জাৰ জীয়েক নহয় জানো। আমি দুখীয়া দেখি সেইবোৰ সম্বন্ধ বিচাৰিলেনো কি হব।

 বৰকেৰাণী— কেলেই নহব আইটি, হওঁতে মই জানো নাজানো। আমাৰ বাগিচাত থাকোঁতেই যায়। ঘৰলৈনো কেতিয়া আহিব পাৰো। যেতিয়া এদিনৰ আজৰি পাওঁ তেতিয়াও আকৌ মাটি-বাৰী, মানুহ-দুনুহৰ লেঠা ভাঙোতে যায়। ইফাল-সিফাল কৰিবলৈ সময়ে নহয়। সেই দেখি আজি বোলে আন মানুহে খবৰ নৌ পাওঁতেই তোমালোকৰেই খবৰটো লৈ আহো। বৰ ভাল হৈছে আইটি, বটু বাপাটিয়ে বৃত্তি পোৱা অতি উত্তম হৈছে। সি আমাৰ মুখ উজ্জ্বল কৰিব।

 বটু জননী— জানো, আপোনালোকৰ আশীৰ্ব্বাদ কি হয়। তাকে চাইটো এইদৰে এসাজ খাই এসাজ নাখাই আছোঁ।

 বৰকেৰাণী— ভাল হব, ভাল হব, একো চিন্তা নকৰিব। তাক এতিয়া পঢ়োৱাৰ দিহা কৰা কি? ইংৰাজী পঢ়োৱা দেখোন বৰ খৰচ!


[১০৮]