পৃষ্ঠা:পৰিদৰ্শন.djvu/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বটু বাপুৰ বৰ বেপাৰ
 

 বৰকেৰাণী— No Sir. My guardian, my boy, my khul-salis boy Sir. Lower Primary scholarship.

 হেড্‌মাষ্টাৰে কথাটো কথমপি বুজিলে। তেওঁ তেতিয়া কলে বোলে তেওঁৰ “ৱাৰ্ড” টোৱে সেই সময়ত ভৰ্ত্তি হোৱাৰ অৰ্থে পৰীক্ষা দিব লাগে। তাক পেঞ্চিল আৰু কাকত দি লৈ আহিব লাগে, তেহে ভৰ্ত্তি হব পাৰে। কোৱা বাহুল্য যে বৰকেৰাণী ডাঙৰীয়াই যি প্ৰকাৰে হওক এই সংবাদ যোগাৰ কৰি বটু বাপুক কাকত-পেঞ্চিলেৰে সুশোভিত কৰি স্কুলৰ বাৰাণ্ডাত হাজিৰ ৰাখিছিল আৰু পৰীক্ষাও দিয়াইছিল। তেওঁ তাকে কলে, আৰু হেড্‌মাষ্টাৰে তেওঁক “Come in then” বুলি ভিতৰলৈ লৈ গ’ল।

 স্কুলৰ যিটো হল বা ডাঙৰ খোটালী তাতেই ভৰ্ত্তি লোৱাৰ কাৰবাৰ হৈছিল। দুজন ডেকা মাষ্টাৰে— মুখৰ ডাঢ়ি-গোঁফ চাই আৰু বুকু খোলা কোটলৈ চাই বুজিব পাৰি যে দুয়ো কলেজৰ পৰা নতুনকৈ ওলাই অহা গ্ৰেজুৱেট— ভৰ্ত্তি কৰিছে। এজনে নাম-ধাম আদি লিখিছে। ইজনে টকা লৈছে। হেড্‌মাষ্টাৰ মহোদয়ৰ প্ৰবেশ হোৱা মাত্ৰকতে আটাইবিলাক গিৰিসাই উঠিল। তেখেতৰ উপবেশন হোৱাত আটাইবিলাক বহিল। শ্ৰীযুক্ত সোণেশ্বৰ

বৰপূজাৰী এছকোৱাৰেও সেই ছেগতে চেয়াৰ এখন লৈ

[১১৩]