পৃষ্ঠা:পঞ্চৰত্ন- জ্ঞানদাভিৰাম বৰুৱা.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩)
পঞ্চৰত্ন।

 রজাৰ রাজ্য দুভাগ হোৱাত ডিউক অব্ অলবাণী আৰু ডিউক অব্ কৰ্ণওৱালে ঘৈণীয়েকহঁতৰ পক্ষে ৰাজত্ব কৰিবলৈ ধৰিলে। লীয়াৰৰ বৰ ইচ্ছা আছিল যে তেওঁৰ জীৱনৰ শেহৰ কেটা দিন এশটী অনুচৰৰ সৈতে আজি ডাঙৰ জীয়েকৰ তাত কালি মাজিউ জীয়েকৰ তাত এনেকৈ কটাব। কিন্তু ৰজা দুৰ্ভগীয়া। বুঢ়াই গণেৰিলৰ ঘৰত অলপমান দিন থাকিয়েই গম পালে যে তাইৰ মৰমৰ কথাবোৰ সঁচা নে মিছা, গণেৰিলৰ নিষ্ঠুৰ ব্যৱহাৰে ৰজাৰ জীৱন কণ্টকময় কৰি পেলালে। যিহতে ৰজাৰ অশান্তি আৰু অসুখ হয় গণৰিলে তাকে দিনৌ কৰিব ধৰি ৰজাৰ জীৱন অশান্তিময় আৰু দুঃখময় কৰি নিজৰ স্বভাবৰ গুণ দেখুৱাব ধৰিলে। ৰজাই তেওঁৰ অনুচৰবৰ্গৰে সৈতে তাৰ পৰা গুচি যাবলৈ বাধ্য হল। গণেৰিলে ইয়াকে বিচাৰিছিল।

 তাৰ পৰা ৰজাই তেওঁৰ এজনা পুৰণা পাৰিষদৰ ঘরলৈ গ'ল। তেওঁৰ নাম আৰ্ল অব্ গ্লষ্টাৰ। লীয়াৰ ৰজা যেনেকৈ নিজৰ অনিষ্টৰ কাৰণ নিজেই হৈছিল এই গ্লষ্টাৰর আৰ্ল জনাও তেনেকৈ নিজৰ অনিষ্টর কাৰণ নিজেই হৈছিল। এওঁৰ দুটী লৰা এড্ মণ্ড আৰু এড্ গাৰ। এড্ মণ্ড আপোনপেটীয়া, কুটিল, চক্ৰান্তকাৰী আৰু এড্ গাৰ সজ আৰু ধাৰ্ম্মিক। এড্ মণ্ডৰ চক্ৰান্তত