পৃষ্ঠা:পঞ্চৰত্ন- জ্ঞানদাভিৰাম বৰুৱা.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পঞ্চৰত্ন।


 

ৰজা লীয়াৰ।

 বহুত দিন আগৈয়ে ব্ৰিটেন্ দেশত লীয়াৰ নামেৰে এজন ৰজাই ৰাজত্ব কৰিছিল। তেওঁ ৰাজত্ব কৰি যেতিয়া বুঢ়া হ'ল তেতিয়া তেওঁ ভাবিলে যে তেওঁৰ ৰাজ্যৰ ভাৰ আনক দি তেওঁৰ জীৱনৰ শেহৰ দিনকেইটা সুখ আৰু শান্তিত খেদায়। ইয়াকে ভাবি তেওঁৰ তিনিউজনী জীয়েকক মাতি আনি ক'লে যে তেওঁক যিজনী জীয়েকে সকলোতকৈ বেছি ভাল পায় তেওঁকেই ৰাজ্যৰ সৰহ যিনি ৰজাই দিব। তেওঁৰ ডাঙৰজনী জীয়েকৰ নাম গণেৰিল, তেওঁৰ অলবানীর ডিউকর সৈতে বিয়া হৈছিল। মাজিউ জনীর নাম ৰীগেণ, তেওঁৰ কৰ্ণওৱালৰ ডিউকৰ সৈতে বিয়া হৈছিল। সৰ্বকণিষ্ঠৰ নাম কৰ্ডীলিয়া! তেওঁৰ বিয়া হোৱা নাছিল। কৰ্ডীলিয়াই তিনিউৰ ভিতৰত সুন্দৰী। ৰজাৰ কোনো পুত্ৰ সন্তান নাছিল।

 কোনে আটাইতকৈ তেওঁক ভাল পায় বুলি শোধাত ডাঙৰজনী ছোৱালী গণেৰিলে কলে “দেউতা, মই পৃথিৱীত যিমান ভাল ভাল বস্তু আছে, তাতকৈও আপোনাক ভাল