পৃষ্ঠা:পঞ্চৰত্ন- জ্ঞানদাভিৰাম বৰুৱা.pdf/১২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
(২)
পঞ্চৰত্ন।

পাওঁ; মোৰ দৃষ্টি শক্তি, মোৰ সৌন্দৰ্য্য, মোৰ শরীৰৰ স্বাস্থ্য, এনে কি মোৰ জীৱনকো আপোনালৈ মোৰ ভক্তি আৰু মৰমৰ তুলনাত তুচ্ছ জ্ঞান কৰোঁ।” ৰীগেণেও বাইদেৱেকে কোৱা কথাকে কৈ কলে যে “গণেৰিলতকৈও মই আপোনাক ভাল পাওঁ, মোৰ আনন্দ আৰু আন কিহতো নাই, কেৱল মাথোন আপোনাৰ মৰম মই কেনেকৈ পাওঁ আৰু পাই কেনেকৈ ৰাখোঁ, সেই চিন্তাতেহে মোৰ আনন্দ।” বুঢ়াই এইবোৰ কৃত্ৰিম কথাত পমি গৈ দুইজনক ৰজ্যৰ তিনি ভাগৰ এভাগ এভাগ দিলে।

 এতিয়া ৰজাই কৰ্ডীলিয়াক শুধিলে। কৰ্ডীলিয়াই বাইদেৱেকহঁতৰ দৰে আপোনপেটীয়া মিছা কথা কব নেজানিছিল। সেইদেখি তেওঁ অতিৰঞ্জিত কৰি একো কথা নকৈ সাধাৰণ ভাবে দেউতাকক জনালে যে “যেনেকৈ এজনী ছোৱালীয়ে বাপেকক ভাল পাব লাগে মই তেনেকৈ আপোনাক ভাল পাওঁ।” এনে কথাত ৰজা খঙত জ্বলি উঠিল আৰু তেতিয়াই ৰাজ্যক দুই ভাগ কৰি ডাঙৰ দুজনী জীয়েকৰ মাজত ভগাই দিলে। কৰ্ডীলিয়াৰ ভাগত একো নপৰিল।

 রজাৰ পারিষদবৰ্গর ভিতৰৰ এজনে কৰ্ডীলিয়াৰ হৈ কথা কবলৈ যোৱাত ৰজাই তেওঁক ৰাজ্যৰ পৰা খেদাই দিলে। এওঁ ৰজাৰ বিশ্বাসী লগুৱা আৰ্ল অব্ কেণ্ট।