পৃষ্ঠা:পঞ্চৰত্ন- জ্ঞানদাভিৰাম বৰুৱা.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫)
পঞ্চৰত্ন।

 ফুৰোঁতে ফুৰোঁতে তেওঁলোকে গৈ এদিন ধুমুহা বৰষুণ দি থাকোঁতে পথাৰ এখনত এটা পজাত আশ্ৰয় ললেগৈ। সেই পজাত এটী বলিয়া মানুহ আছিল। সেই বলিয়া মানুহটী আৰু কোনো নহয়; গ্লষ্টাৰৰ গৃহ- ত্যাগী পুতেক এড্‌গাৰে বলিয়াৰ ভাও জুৰি তাতে পঁজা সাজি আছিল।

 আৰ্ল অব্‌ গ্লষ্টাৰ মানুহটী বেয়া নাছিল। তেওঁৰ ইচ্ছা তেওঁ লীয়াৰক সহায় কৰে। এডমণ্ড, গণেৰিল আৰু ৰীগেণে তেওঁক কিন্তু লীয়াৰক সহায় কৰিবলৈ মনা কৰিছিল। এই মানা সত্ত্বেও তেওঁ তেওঁৰ প্ৰভূ লীয়াৰক সাহায্য কৰিব খুজিছিল। এই কথা তেওঁৰ পুত্ৰ এড্‌মণ্ডক কলে আৰু ক'লে যে ফ্ৰান্সৰ ৰজাই ইংলণ্ড আক্ৰমণ কৰিব। এই বিষয় তেওঁ এখন গুপ্ত চিঠিৰ পৰা জানিব পাৰিছে। এই বাতৰি পাই এড্‌মণ্ড আনন্দত অধীৰ হ’ল। তেতিয়াই ডিউক অব্‌ কৰ্ণওৱলাৰ ওচৰলৈ লৰি গল। ইয়াৰ পুৰস্কাৰ স্বৰূপে বাপেকৰ আৰ্লৰ উপাধিটো সি পালে। ধন্য পুত্ৰ!

 ইপিনে গ্লষ্টাৰে তেওঁৰ ঘৰৰ ওচৰতে এটী পজাত লীয়াৰ, তেওঁৰ বহুৱা, আৰ্ল অব্‌ কেন্ট্‌ আৰু তেওঁৰ পুত্ৰ এড্‌গাৰক আশ্ৰয় দিলে। কেন্ট্‌ আৰু এড্‌গাৰ ছদ্মবেশী!

 ইংলিশ চ্যানেলৰ দাঁতিত ডোভাৰ নামে ঠাইত ব্ৰিটেনৰ সৈন্যসামন্ত সকল ফ্ৰান্সৰ ৰজাৰে সৈতে যুজিবলৈ সাজু হৈ আছে। ফ্ৰান্সৰ সৈন্যৰ লগত কৰ্ডীলিয়াও আছিল।