পৃষ্ঠা:পঞ্চৰত্ন- জ্ঞানদাভিৰাম বৰুৱা.pdf/১৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
(৭)
পঞ্চৰত্ন।

দিয়াত তেওঁ খঙত জ্বলি উঠিল। তেওঁ তেতিয়াই এড্ মণ্ডর সৈতে যুদ্ধ কৰি তাক এনে ভাবে মাৰিলে যে তাৰ সেই মাৰতেই মৃত্যু হ'ল। তাৰ অলপ আগৈয়েই ইংৰাজ আৰু ফ্ৰান্সৰ এটা যুজ লাগি লীয়াৰ আৰু কৰ্ডীলিয়াক ইংৰাজে বন্দী করিলে।

 ইপিনে গণেৰিল আৰু ৰীগেণৰ শত্ৰুতা এনে হ'ল যে পৃথিৱীত দুজনী একেলগে জীয়াই থাকিব নোৱাৰা হ'ল। গণৰিলে এড্ মণ্ডৰ আন প্ৰণয়িনী ৰীগেণক বিহ খুৱাই মাৰিলে। তাইৰ চিঠিৰ কথা যেতিয়া ওলাই পৰিল তেতিয়া তাই নিজৰ বুকুতে কটাৰিৰ কোব মাৰি মৰিল। দুজনী চক্ৰী তিৰুতা পৰলোকলৈ এনেকৈ গল।

 এডমণ্ড মৰণাপন্ন। তেতিয়া অনুতাপে তাক পুৰিব ধৰিলে। মৃত্যু ওচৰ জানি সি কৰ্ডীলিয়াৰ প্ৰাণ ভিক্ষা কৰিলে। কিন্তু যি নহবৰ সি হ’ব কিয়? লীয়াৰে বলিয়া হৈ কৰ্ডীলিয়াৰ মৰা শ মুৰত লৈ ঠিক সেই সময়তে এড্‌মণ্ডৰ ওচৰতে নাচিব ধৰিলেহি।

 অলবাণীৰ ডিউকৰ মন আগৰে পৰা লীয়াৰৰ ফালে ঢাল খাইছিল। এতিয়া তেওঁকো অনুতাপে দগ্ধিব ধৰিলে। ৰজাক আকৌ নিজ ৰাজ্যৰ ভাৰ দিব খুজিলে, কিন্তু সি দুৰাশা! ৰজাক মৃত্যুৱে আহি আগুৰি ধৰিলেহি। অলবাণীয়ে পাছত ৰজা লীয়াৰৰ দুখৰ সময়ত সহায় কৰাৰ বাবে এড্‌গাৰ আৰু কেণ্টক পুৰস্কাৰ দি নিজর মনৰ হেপাহ পলুৱালে।