গ্লষ্টাৰে ৰজাক এই ডোভাৰলৈকে পঠাই দিলে।
গ্লষ্টাৰে ৰজাক সহায় কৰাৰ বাতৰি ডিউক অব্ কৰ্ণৱালে পাই তেতিয়াই গ্লষ্টাৰক ধৰি নিয়ালে আৰু খঙ্গত তেওঁৰ চক্ষুৰুৎপাটন কৰিলে। এই পাশবিক অত্যচাৰৰ নিমিত্তে ডিউকৰ এজন নিজৰ অনুচৰেই পাপৰ শাস্তি দিলে অৰ্থাৎ ডিউকক এনেকৈ আহত কৰিলে যে এই চক্ৰান্তকাৰী ৰাজবৈৰীয়ে সেই আঘাততে মানৱলীলা সামৰিলে।
চক্ষুহীন গ্লষ্টাৰক এড্গাৰে ডোভাৰলৈ লৈ গ'ল। বাটত লীয়াৰৰ বৰ সৈতে সাক্ষাৎ। এতিয়া লীয়াৰ একেবাৰে বলিয়া। তেওঁৰ সাজ পাতেৰে ফুলেৰে ভৰা। নগৰৰ ওচৰত গণেৰিলৰ লগুৱা এটীয়ে গ্লষ্টাৰক দেখি মাৰিবলৈ খোজাত এড্গাৰে পিতৃক ৰক্ষা কৰি সেই মানুহটোক মাৰিলে। সেই মানুহটীয়ে গণেৰিলৰ পৰা এড্মণ্ডলৈ এখন চিঠি লৈ গৈছিল। গণেৰিলৰ মনৰ কি ভাব সেই চিঠিৰ পৰা গম পাই এড্গাৰ আচৰিত হ’ল। সেই চিঠি খনিয়ে গণেৰিল আৰু এড্মণ্ডৰ প্ৰেমৰ কাহিনী প্ৰকাশ কৰিলে। বাইয়েক ভনীয়েক দুইৰো এতিয়া বৰ কাজিয়া। কিয়নো ৰীগেণেও এড্মণ্ডক ভাল পায়! এনে অৱস্থাত দুজনী তিরুতাৰ মিল কেতিয়াও থাকিব নোৱাৰে— এই দুটী তিরুতাৰ তাৰম, এই দুটীৰো মৌখিক মিল শত্ৰুতাত পৰিণত হ’ল।
এড্গাৰে সেই চিঠিখন ডিউক অব অলবাণীক