পখিলা/নৰকাসুৰ
[ ৫৫ ]
নৰকাসুৰ
অপবিত্ৰ অৱস্থাত বৰাহৰূপী বিষ্ণুৰ ঔৰসত পৃথিৱী দেৱীৰ গৰ্ভ সঞ্চাৰ হয়। ব্ৰহ্মা আদি দেৱতাসকলে চিন্তা কৰি দেখিলে যে অশুচি অৱস্থাত গৰ্ভ সঞ্চাৰ হোৱাৰ কাৰণে পৃথিৱীৰ গৰ্ভত থকা সন্তান দেৱপুত্ৰ হ’লেও অসুৰ ভাবাপন্ন হ’ব। সি অতি পৰাক্ৰমী হ’ব। সেই ভয়তে দেৱতাসকলে দৈৱশক্তিৰ দ্বাৰা গৰ্ভ কঠিন কৰি প্ৰসৱ হ’ব নোৱৰা কৰি থ’লে। প্ৰসৱৰ সময় হ’লতো পৃথিৱীৰ গৰ্ভস্থ সন্তান ভূমিষ্ঠ নহয়। পৃথিৱী দেৱীৰ যন্ত্ৰণা উপস্থিত হ’ল। তেওঁ নিৰুপায় হৈ বৰাহবিষ্ণুক স্তব কৰিলত বিষ্ণুৱে বৰ দিলে যে পৃথিৱী কোনো প্ৰকাৰে গৰ্ভবেদনা অনুভৱ নকৰাকৈ থাকিব পাৰিব আৰু তেওঁৰ গৰ্ভস্থ সন্তান ত্ৰেতাযুগৰ মধ্যভাগত ৰামৰ দ্বাৰা ৰাৱণ বধৰ পিছতহে ভূমিষ্ঠ হ’ব। তেওঁ এইটোও ক’লে যে পুত্ৰ ওপজাৰ পিছত তেওঁক স্মৰণ কৰিলেই তেওঁ পুত্ৰ পালনৰ ব্যৱস্থা কৰিব।
এইদৰে বহুত দিন গ’ল। বিদেহ ৰাজ্যত জনক নামে এজন সৰ্বগুণসম্পন্ন ৰজা আছিল। তেওঁ অপুত্ৰক। অযোধ্যাৰ ৰজা দশৰথে যজ্ঞ কৰি পুত্ৰ লাভ কৰাৰ আৰ্হিৰে জনক ৰজায়ো পুত্ৰেষ্টি যাগ কৰিলে। যজ্ঞ-ভূমিতেই জনক ৰজাই দুটি ল’ৰা আৰু এজনী ছোৱালী পালে। যজ্ঞ ভূমিত হাল বাওঁতে পৃথিৱীৰ বুকুৰপৰা ছোৱালীজনী ওলাইছিল। এই ছোৱালীজনীয়েই সীতা।
তেতিয়া পৃথিৱী দেৱীয়ে জনক ৰজাক উদ্দেশ্য কৰি ক’লে— “এই ছোৱালীজনীৰ বাবে ৰাৱণ, কুম্ভকৰ্ণ আদি বীৰসকল মৰিব। তেতিয়া মোৰ গৰ্ভভাৰ নোহোৱা হ’ব আৰু আপোনাৰ যজ্ঞভূমিতেই মোৰ পুত্ৰ সন্তান এটি প্ৰসৱ হ’ব। বাল্যকালত সেই ল’ৰাক আপুনি পালন কৰিব লাগিব। তাৰ ষোল্ল বছৰ পাৰ হ’লে মই নিজেই তাৰ প্ৰতিপালনৰ ভাৰ ল’ম।”[ ৫৬ ] ৰাৱণ-বধৰ পিছত জনকৰ যজ্ঞ-ভূমিত গৈ পৃথিৱী দেৱীয়ে পুত্ৰ সন্তান প্ৰসৱ কৰিলে। পূৰ্বৰ বন্দোবস্ত অনুসাৰে পৃথিৱী দেৱীয়ে জনক ৰজাক সম্বাদ দিলে। আনফালে আগৰ কথামতে বৰাহবিষ্ণুক স্মৰণ কৰিলে। বিষ্ণুৱে বৰ দিলে—“ইয়াৰ ষোল্ল বছৰ হ’লে, ই ৰাজ্য-ভাৰ পাব।”
যজ্ঞ-ভূমিলৈ গৈ জনক ৰজাই দেখিলে নৱজাত শিশুৱে মৰা মানুহৰ ( নৰ ) ৰ লাওখোলা ( ক ) এটিত মূৰটো থৈ কান্দি আছে। সেই কাৰণে গণনাৰ সময়ত গৌতম ঋষিয়ে নাম থ’লে নৰক ( নৰ—ক )।
জনকে ল’ৰাটো লৈ গৈ প্ৰধান মহিষী সুমতি দেৱীক সোধাই দি ক’লে—“এই ল’ৰাটে৷ যজ্ঞ-ভূমিত পাইছোঁ। ইয়াক নিজৰ ল’ৰাৰ দৰে পালন কৰিবা।” ইফালে স্বয়ং পৃথিৱী দেৱীও মানুষী মূৰ্তি ধাৰণ কৰি জনক ৰজাৰ অন্তঃপুৰত সোমাল আৰু কাত্যায়নী নাম লৈ ধাত্ৰীৰূপে নৰকৰ আলপৈচান কৰিলে। পৃথিৱী দেৱীৰ সৰ্বদায় চকু যেন নৰকে আসুৰিক ভাব এৰি মানুহৰ ভাব গ্ৰহণ কৰে। এইদৰে ষোল্ল বছৰ পাৰ হ’বলগীয়া হ’ল।
নৰক সকলো বিদ্যাতে পাৰ্গত হৈ উঠিল। পৰাক্ৰম, বীৰত্ব আদি গুণত জনকৰ ল’ৰাহঁততকৈ বহুত শ্ৰেষ্ঠ। নৰক ডাঙৰ হ’লত জনকৰ মনত আশঙ্কা হ’ব ধৰিলে যে সি ভৱিষ্যতে তেওঁৰ নিজৰ ল’ৰাহঁতৰপৰা ৰাজ্য কাঢ়ি ল’ব। নৰকক দেখিলে জনকৰ মুখ মলিন হ’ব ধৰিলে। এদিন মহিষী সুমতিয়ে গোপনে জনকক সুধিলে—“ল’ৰাবোৰে ৰং-ধেমালি কৰোতে নৰকক দেখিলে আপোনাৰ মন মলিন হয় কিয়? সি ৰূপবান, বীৰ্যবান, নয়-বিনয় আদিত শিক্ষিত, নানা গুণত বিভূষিত তাক দেখিলেই আপুনি বিমুখ হয় কিয়?” ৰজাই এই প্ৰশ্নৰ কোনো মুকলি উত্তৰ নিদিলে। কেৱল ক’লে, “ৰাণী তুমি আৰু তিনি মাহকাল অপেক্ষা কৰা, তেতিয়া তোমাক সকলো কথা ভাঙি ক’ম।”
ৰজা আৰু মহিষী সুমতিৰ এই গোপন আলোচনা ধাত্ৰীৰূপী [ ৫৭ ] পৃথিৱীয়ে শুনি আছিল। তেওঁ ভাবিলে, আৰু তিনিমাহ পাৰ হ’লে নৰকৰ যোল্ল বছৰ পূৰ হ’ব তেতিয়া ৰজাই মোৰ সকলো গুপ্ত ৰহস্য খুলি ক’ব। এইদৰে নিজৰ পুত্ৰৰ প্ৰতি সকলো কৰ্তব্য ঠিক কৰি তিনি মাহৰ অন্তত ৰজা আৰু পুৰোহিতে গৌতমক ক’লে, “আপুনি অঙ্গীকাৰ অনুসাৰে সকলো কৰ্তব্য পালন কৰিছে। নৰকক শিক্ষা- দীক্ষা দি আজি ষোল্ল বছৰে পোহপাল দি ডাঙৰ-দীঘল কৰিছে। এতিয়া তাক লৈ যাবলৈ মোক অনুমতি দিয়ক।”
পৃথিৱীয়ে গোপনে নৰকক লগ ধৰি ক’লে—“মোক গঙ্গাযাত্ৰা কৰাবলৈ ৰথেৰে লৈ ব’লা।” নৰকে উত্তৰ দিলে – “পিতা জনকৰ আদেশ নহ’লে তোমাৰ লগত যাব নোৱাৰো।” পৃথিৱীয়ে উত্তৰ দিলে “জনক তোমাৰ পিতা নহয়। মোৰ লগত গঙ্গালৈ গ’লে তোমাৰ পিতাৰাক দেখিবা। জনক তোমাৰ পালক, তেওঁ তোমাক ৰাজ্য নিদিয়ে। তোমাৰ জন্মৰ সকলো ৰহস্য কথা গঙ্গাৰ পাৰত ভাঙি ক’ম।”
ধাত্ৰীৰ কথাত সঞ্জাত কৰি নৰকে তেওঁৰ লগত গঙ্গালৈ গ’ল। তাত পৃথিৱী দেৱীয়ে সকলো কথা খুলি ক’লে। পৃথিৱীয়ে স্মৰণ কৰা মাত্ৰকতে গৰুড়ধ্বজ বিষ্ণু আহি উপস্থিত হ’ল আৰু পৃথিৱী আৰু নৰকক লগত লৈ গঙ্গাত ডুব দিলে আৰু খন্তেকতে প্ৰাগ্ জ্যোতিষপুৰ পালেহি। প্ৰাগজ্যোতিষ কামৰূপৰ মাজডোখৰত, য’ত কামাখ্যা দেৱী নায়িকা। সেই দেশ শিৱে আগৰপৰাই স্বৰাজ (নিজৰ লীলা-ভূমি) হিছাপে ৰাখিছে।
কামৰূপত তেতিয়া কিৰাত জাতিৰ মানুহ আছিল। সিহঁতৰ গাৰ ৰং হালধীয়া, মূৰ খুৰোৱা।
সিহঁত মদ-মাংসত আসক্ত। সিহঁতৰ অধিপতি ঘটক। নৰক আৰু কিৰাতসকলৰ ঘোৰ যুদ্ধ লাগিল। কিৰাতাধিপতি ঘটক যুদ্ধত পৰিল আৰু তেওঁৰ বগা হাতীটো নৰকে নিজৰ বাহন কৰিলে। কিৰাতসকলক দিক্কৰ বাসিনীলৈ খেদি পঠিয়ালে। খেদা খাই কেতবোৰে সাগৰৰ পাৰত আশ্ৰয় ল’লে।[ ৫৮ ] তেতিয়া ভগৱান বিষ্ণুৱে নৰকৰ ৰাজ্যৰ সীমা নিৰ্দ্ধাৰণ কৰি দিলে, “কৰতোয়া সদা-গঙ্গাৰ পূৰ্বভাগৰ পৰা ললিত-কান্তা পৰ্যন্ত তোমাৰ ৰাজ্য। ইয়াত মহামায়াই কামাখ্যাৰূপে যোগ নিদ্ৰাত আছে।”
শিৱৰ অনুমতি অনুসাৰে বিষ্ণুৱে পূবে ললিত-কান্তাক সীমা কৰি পূৰ্ব সাগৰৰ পাৰে পাৰে কিৰাতসকলক বহুৱালে। পিছত ললিত-কান্তাক সীমা কৰি কৰতোয়া নদীলৈকে এই ডোখৰ ঠাইৰ পৰা কিৰাতসকলক আঁতৰাই দ্বিজাতিসকলক স্থাপনা কৰিলে। তাৰ অলপ পিছতেই দেশৰ নাম হ’ল কামৰূপ।
তাৰ পিছত বিষ্ণুৱে বিদৰ্ভ ৰাজকন্যা মায়াক নৰকলৈ বিয়া কৰালে। আৰু নানান ধনৰত্ন সংগ্ৰহ কৰি দেশত গড় আদি বন্ধাই পুত্ৰ নৰকক সতৰ্কবাণী কৈ বিষ্ণুৱে বিদায় ল’লে। নৰকে যেন দেৱ, মুনি, বামুণ আদিৰ লগত বিৰোধ নকৰে। বিশেষতঃ মহাদেৱী কামাখ্যাত বাজে আন দেৱতাক যেন নৰকে নভজে; ইয়াৰ অন্যথা হলে নৰকৰ প্ৰাণ যাব।
নৰকৰ ৰাজ্যত বিশেষ শ্ৰীবৃদ্ধি হ’ল। বিদেহৰ ৰজা জনকেও নৰকৰ উন্নতিৰ কথা শুনি পুত্ৰ, ভাৰ্যা, অনুচৰসকলক লগত লৈ কামৰূপৰ অন্তৰ্গত প্ৰাগজ্যোতিষপুৰলৈ আহিল। নৰকৰ পুৰী তেওঁৰ মনত অমৰাৱতী যেন লাগিল। ৰাণী সুমতিক নৰকৰ পৰিচয় দি ক’লে, “এই তোমাৰ পালিত পুত্ৰ নৰক; বৰাহৰূপী বিষ্ণুৰ পৰা পৃথিৱীৰ গৰ্ভত জন্ম লৈছে।” কিছুদিন থাকি জনক অনুচৰসকলেৰে বিদেহলৈ উভতি গ’ল। নৰকেও আসুৰিক স্বভাৱ নোহোৱাকৈ ৰাজ্য পালন কৰিব ধৰিলে।
সেই সময়ত শোণিতপুৰ নগৰত বলিপুত্ৰ বাণ নামে এজন অসুৰ ৰজা আছিল। তেওঁ শিৱভক্ত। মহাদেৱক পূজাত সন্তুষ্ট কৰি আসুৰিক মতেৰে নিৰ্ভয়ে চলন-ফুৰণ কৰে। নৰকৰ লগত ওচৰ চুবুৰীয়া বাণৰ মহা মিত্ৰতা ঘটিল। দুয়োৰো জুই-বতাহৰ নিচিনা সম্বন্ধ। বাণৰ সংসৰ্গত নৰকেও আসুৰিক স্বভাৱ অৱলম্বন কৰিলে। আগৰ দৰে বামুণক মান নকৰে; দান, যজ্ঞত প্ৰীতি নাই, বিষ্ণু বা পৃথিৱীক পূজা নকৰে। কামাখ্যাৰ প্ৰতিও ভক্তি বিমুখ হ’ল।[ ৫৯ ] এনে সময়তে এদিনাখন ব্ৰহ্মাৰ পুত্ৰ বশিষ্ঠ মুনিয়ে কামাখ্যা দৰ্শন কৰিবলৈ প্ৰাগজ্যোতিষপুৰলৈ আহে।
নৰকে মুনিক কামাখ্যাৰ দুৰ্গৰ ভিতৰলৈ সোমাব নিদিলে। বশিষ্ঠই প্ৰতিবাদ কৰি ক’লে— তুমি পৃথিৱী আৰু বৰাহবিষ্ণুৰ পুত্ৰ, এইটো তোমাৰ কুলোচিত কাম নে যে মই ব্ৰাহ্মণক তুমি কামাখ্যা দেৱীক পুজ৷ কৰিব নিদিয়া?” নৰকে তেতিয়া কৰ্কশ কথাৰে মুনিক খেদি বাহিৰ উলিয়াই দিলে। মুনিয়ে কুপিত হৈ শাও দিলে, “তই যাৰ ল’ৰা সেয়ে মানুহৰূপ ধাৰণ কৰি অবিলম্বে তোক বধ কৰিব। তই যিমান দিন বাচি থাকিবি, কামাখ্যা দেৱীয়ে তিমান দিন অন্তৰ্দ্ধান হৈ থাকিব। তই মৰাৰ পিছতহে কামাখ্যা দেৱীক পূজা কৰিম।”
মুনিৰ শাও অনুসাৰে কামাখ্যা অন্তৰ্হিত হ’ল। নীলকূট পৰ্বত শূন্য। নৰকৰ মনত আতঙ্ক হ’ল। মাক পৃথিৱী আৰু পিতাক বিষ্ণুক স্মৰণ কৰিলে। তেওঁলোকৰ শাসন ভঙ্গ কৰি অনীতি আচৰণ কৰিছে বুলি মাক-বাপেকে দেখা নিদিলে। ইফালে ৰাজ্যও শ্ৰীহীন হৈ যাব ধৰিলে। নিৰুপায় হৈ নৰকে মিত্ৰ বাণৰ কথা ভাবিলে আৰু তেওঁৰ ওচৰলৈ দূত পঠিয়ালে। মিত্ৰৰ ঘোৰ বিপদৰ সূচনা বুজি বাণে স্বয়ং নৰকৰ ৰাজ্যলৈ গ’ল।
বাণে প্ৰতিকাৰ কৰিবৰ যুক্তি দেখুৱাই ক’লে যে ইন্দ্ৰ দেৱতা অতি হিংসাকুৰীয়া। তেওঁ মানুহেই হওক বা দৈত্য, দানৱ, ৰাক্ষস, কিন্নৰেই হওক কাৰো শ্ৰীসহ্য কৰিব নোৱাৰে। দেৱতাসকলৰ লগত লৈ কূটনীতিৰে সিহঁতৰ শ্ৰীহানি কৰিবই। সেই ইন্দ্ৰৰ ইষ্টতম দেৱতা হৈছে বিষ্ণু। বিষ্ণুৱে ইন্দ্ৰৰ অনিষ্ট হ’ব নিদিয়ে। যি কোনোৱে ইন্দ্ৰৰ অনিষ্ট কামনা কৰি বিষ্ণুক আৰাধনা কৰে, বিষ্ণুৱে ছিদ্ৰ থকা বৰ দি সেই উপাসকক প্ৰৱঞ্চনা কৰে। বহুত কায়ক্লেশ কৰিলেহে বিষ্ণু প্ৰসন্ন হয় আৰু বহুত পলমেহে ইষ্ট কামনা পূৰণ কৰে। ইষ্ট দেৱতাক পূজা নকৰিলে কোনোৱে অতুল বিভূতি নেপায়। তুমি আগতেই ব্ৰহ্মা বা বিষ্ণুক আৰাধনা কৰা নাই, সেই কাৰণে তোমাৰ [ ৬০ ] ৰাজ্যত অমঙ্গলে দেখা দিছে। যদিওবা বিষ্ণু তোমাৰ পালক, তেওঁৰ স্বভাৱত কাৰো প্ৰতি দয়া-মায়া নাই। কিন্তু, পৃথিৱীৰ বচন অনুসাৰে প্ৰতিক্ষণেই তুমি বিষ্ণুক আৰাধনা কৰিছা, ফলত তেওঁ ছিদ্ৰ থকা বৰ দিলে দ্বিজাতিৰ অপৰাধ নকৰিবা। ইয়াৰ অন্যথা হ’লে শ্ৰীহানি হয়। তুমি বশিষ্ঠৰ ওপৰত কোনো দায়-দোষ নিদিবা। সেই কাৰণে স্মৰণ কৰিলেও পৃথিৱী আৰু বিষ্ণু কোনোৱে দেখা নিদিলে।
ইয়াৰ পৰাই হৰিৰ সেৱকৰ প্ৰতি কৌটিল্য বুজি ল’বা। তুমি মনত উদাস ভাব ল’ব নেলাগে। তোমাৰ মনত প্ৰত্যয় আছে বিষ্ণু তোমাৰ পিতা, কিন্তু বৰাহহে তোমাৰ পিতা আৰু তেওঁৰো লোকান্তৰ ঘটিছে। তুমি যে শুনিছা বৰাহো বিষ্ণুৰ অংশ—“তেওঁৰ অংশ” এই বুলি কোনে কাক দয়া কৰে কোৱাচোন? সেই কাৰণে তুমি শিৱ বা ব্ৰহ্মাৰ অৰ্চনা কৰা। তেওঁলোকৰ এজন প্ৰসন্ন হলে তোমাৰ সকলো বিঘ্ন আঁতৰিব।
বাণৰ কথাত নৰকৰ প্ৰত্যয় জন্মিল। আৰু তপস্যা কৰিবলৈ মান্তি হ’ল। নৰকে ক’লে, “বিষ্ণু আৰাধনীয় নহয় তাৰ কাৰণ তুমিয়েই কৈছা। শিৱো আৰাধনীয় নহয়, কিয়নো তেওঁ গুপ্তভাৱে মোৰ পুৰীতেই আছে। সেই কাৰণে ব্ৰহ্মাক আৰাধনা কৰিম।”
ব্ৰহ্মপুত্ৰৰ পাৰত কঠোৰ তপস্যা কৰি ব্ৰহ্মাৰ পৰা পাঁচোটা বৰ ল’লে—(১) দেৱ, অসুৰ, ৰাক্ষস আৰু দেৱযোনিত ওপজ৷ প্ৰাণীৰ তেওঁ অবধ্য, (২) চন্দ্ৰ, সূৰ্য থাকে মানে বংশ ছেদ নহ’ব, (৩) তিলোত্তমা আদি দেৱাঙ্গনা (১৬ হেজাৰ) তেওঁৰ প্ৰণয়িনী হ’ব, (৪) তেওঁ অজেয় হ’ব, (৫) সৰ্বদাই শ্ৰীসম্পন্ন হ’ব। বৰ লওঁতে বশিষ্ঠৰ শাপ খণ্ডনৰ উপায় বিচাৰিবলৈ পাহৰিলে।
বৰ পালত নৰকৰ পূৰ্বৰ তেজ ফিৰি আহিল। বাণৰ কথামতে হয়গ্ৰীৱ, মুৰু, সুন্দ, নিলুন্দ আদি অসুৰ সৈনিকসকলক ডাঙৰ ডাঙৰ বাব দিলে। বাণৰ কথামতেই দেৱ আৰু মুনিসকলৰ ওপৰত পূৰ্ণমাত্ৰাই নিৰ্যাতন আৰম্ভ হ'ল।[ ৬১ ] এইদৰে পৃথিৱীত আসুৰিক ভাবৰ সোঁত বোৱালে। আগেয়ে তেওঁ ধৰ্মাত্মা আছিল, ব্ৰত কৰিছিল, দেৱ পূজা কৰিছিল—এতিয়া আসুৰিক ভাবেৰে সকলোকে উৎপীড়ন কৰিব ধৰিলে। নৰকৰ উৎপীড়নৰ মাত্ৰা দিনক দিনে বাঢ়ি উঠিল। তেতিয়া নিজৰ পিতাক বিষ্ণুৰ মানুষৰূপী অৱতাৰ শ্ৰীকৃষ্ণই তেওঁক বধ কৰিলে।
যুদ্ধৰ সময়ত নৰকে দেখিলে যে স্বয়ং কালিকা-কামাখ্যা দেবীও কৃষ্ণৰ ওচৰত অস্ত্ৰ ধাৰণ কৰি নৰকৰ বিৰুদ্ধে থিয় হৈছে!