পৃষ্ঠা:পখিলা.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
পখিলা


ৰাজ্যত অমঙ্গলে দেখা দিছে। যদিওবা বিষ্ণু তোমাৰ পালক, তেওঁৰ স্বভাৱত কাৰো প্ৰতি দয়া-মায়া নাই। কিন্তু, পৃথিৱীৰ বচন অনুসাৰে প্ৰতিক্ষণেই তুমি বিষ্ণুক আৰাধনা কৰিছা, ফলত তেওঁ ছিদ্ৰ থকা বৰ দিলে দ্বিজাতিৰ অপৰাধ নকৰিবা। ইয়াৰ অন্যথা হ’লে শ্ৰীহানি হয়। তুমি বশিষ্ঠৰ ওপৰত কোনো দায়-দোষ নিদিবা। সেই কাৰণে স্মৰণ কৰিলেও পৃথিৱী আৰু বিষ্ণু কোনোৱে দেখা নিদিলে।

 ইয়াৰ পৰাই হৰিৰ সেৱকৰ প্ৰতি কৌটিল্য বুজি ল’বা। তুমি মনত উদাস ভাব ল’ব নেলাগে। তোমাৰ মনত প্ৰত্যয় আছে বিষ্ণু তোমাৰ পিতা, কিন্তু বৰাহহে তোমাৰ পিতা আৰু তেওঁৰো লোকান্তৰ ঘটিছে। তুমি যে শুনিছা বৰাহো বিষ্ণুৰ অংশ—“তেওঁৰ অংশ” এই বুলি কোনে কাক দয়া কৰে কোৱাচোন? সেই কাৰণে তুমি শিৱ বা ব্ৰহ্মাৰ অৰ্চনা কৰা। তেওঁলোকৰ এজন প্ৰসন্ন হলে তোমাৰ সকলো বিঘ্ন আঁতৰিব।

 বাণৰ কথাত নৰকৰ প্ৰত্যয় জন্মিল। আৰু তপস্যা কৰিবলৈ মান্তি হ’ল। নৰকে ক’লে, “বিষ্ণু আৰাধনীয় নহয় তাৰ কাৰণ তুমিয়েই কৈছা। শিৱো আৰাধনীয় নহয়, কিয়নো তেওঁ গুপ্তভাৱে মোৰ পুৰীতেই আছে। সেই কাৰণে ব্ৰহ্মাক আৰাধনা কৰিম।”

 ব্ৰহ্মপুত্ৰৰ পাৰত কঠোৰ তপস্যা কৰি ব্ৰহ্মাৰ পৰা পাঁচোটা বৰ ল’লে—(১) দেৱ, অসুৰ, ৰাক্ষস আৰু দেৱযোনিত ওপজ৷ প্ৰাণীৰ তেওঁ অবধ্য, (২) চন্দ্ৰ, সূৰ্য থাকে মানে বংশ ছেদ নহ’ব, (৩) তিলোত্তমা আদি দেৱাঙ্গনা (১৬ হেজাৰ) তেওঁৰ প্ৰণয়িনী হ’ব, (৪) তেওঁ অজেয় হ’ব, (৫) সৰ্বদাই শ্ৰীসম্পন্ন হ’ব। বৰ লওঁতে বশিষ্ঠৰ শাপ খণ্ডনৰ উপায় বিচাৰিবলৈ পাহৰিলে।

 বৰ পালত নৰকৰ পূৰ্বৰ তেজ ফিৰি আহিল। বাণৰ কথামতে হয়গ্ৰীৱ, মুৰু, সুন্দ, নিলুন্দ আদি অসুৰ সৈনিকসকলক ডাঙৰ ডাঙৰ বাব দিলে। বাণৰ কথামতেই দেৱ আৰু মুনিসকলৰ ওপৰত পূৰ্ণমাত্ৰাই নিৰ্যাতন আৰম্ভ হ'ল।