পৃষ্ঠা:পখিলা.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
নৰকাসুৰ


পৃথিৱীয়ে শুনি আছিল। তেওঁ ভাবিলে, আৰু তিনিমাহ পাৰ হ’লে নৰকৰ যোল্ল বছৰ পূৰ হ’ব তেতিয়া ৰজাই মোৰ সকলো গুপ্ত ৰহস্য খুলি ক’ব। এইদৰে নিজৰ পুত্ৰৰ প্ৰতি সকলো কৰ্তব্য ঠিক কৰি তিনি মাহৰ অন্তত ৰজা আৰু পুৰোহিতে গৌতমক ক’লে, “আপুনি অঙ্গীকাৰ অনুসাৰে সকলো কৰ্তব্য পালন কৰিছে। নৰকক শিক্ষা- দীক্ষা দি আজি ষোল্ল বছৰে পোহপাল দি ডাঙৰ-দীঘল কৰিছে। এতিয়া তাক লৈ যাবলৈ মোক অনুমতি দিয়ক।”

 পৃথিৱীয়ে গোপনে নৰকক লগ ধৰি ক’লে—“মোক গঙ্গাযাত্ৰা কৰাবলৈ ৰথেৰে লৈ ব’লা।” নৰকে উত্তৰ দিলে – “পিতা জনকৰ আদেশ নহ’লে তোমাৰ লগত যাব নোৱাৰো।” পৃথিৱীয়ে উত্তৰ দিলে “জনক তোমাৰ পিতা নহয়। মোৰ লগত গঙ্গালৈ গ’লে তোমাৰ পিতাৰাক দেখিবা। জনক তোমাৰ পালক, তেওঁ তোমাক ৰাজ্য নিদিয়ে। তোমাৰ জন্মৰ সকলো ৰহস্য কথা গঙ্গাৰ পাৰত ভাঙি ক’ম।”

 ধাত্ৰীৰ কথাত সঞ্জাত কৰি নৰকে তেওঁৰ লগত গঙ্গালৈ গ’ল। তাত পৃথিৱী দেৱীয়ে সকলো কথা খুলি ক’লে। পৃথিৱীয়ে স্মৰণ কৰা মাত্ৰকতে গৰুড়ধ্বজ বিষ্ণু আহি উপস্থিত হ’ল আৰু পৃথিৱী আৰু নৰকক লগত লৈ গঙ্গাত ডুব দিলে আৰু খন্তেকতে প্ৰাগ্ জ্যোতিষপুৰ পালেহি। প্ৰাগজ্যোতিষ কামৰূপৰ মাজডোখৰত, য’ত কামাখ্যা দেৱী নায়িকা। সেই দেশ শিৱে আগৰপৰাই স্বৰাজ (নিজৰ লীলা-ভূমি) হিছাপে ৰাখিছে।

 কামৰূপত তেতিয়া কিৰাত জাতিৰ মানুহ আছিল। সিহঁতৰ গাৰ ৰং হালধীয়া, মূৰ খুৰোৱা।

সিহঁত মদ-মাংসত আসক্ত। সিহঁতৰ অধিপতি ঘটক। নৰক আৰু কিৰাতসকলৰ ঘোৰ যুদ্ধ লাগিল। কিৰাতাধিপতি ঘটক যুদ্ধত পৰিল আৰু তেওঁৰ বগা হাতীটো নৰকে নিজৰ বাহন কৰিলে। কিৰাতসকলক দিক্কৰ বাসিনীলৈ খেদি পঠিয়ালে। খেদা খাই কেতবোৰে সাগৰৰ পাৰত আশ্ৰয় ল’লে।