পৃষ্ঠা:পখিলা.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 


নৰকাসুৰ

 অপবিত্ৰ অৱস্থাত বৰাহৰূপী বিষ্ণুৰ ঔৰসত পৃথিৱী দেৱীৰ গৰ্ভ সঞ্চাৰ হয়। ব্ৰহ্মা আদি দেৱতাসকলে চিন্তা কৰি দেখিলে যে অশুচি অৱস্থাত গৰ্ভ সঞ্চাৰ হোৱাৰ কাৰণে পৃথিৱীৰ গৰ্ভত থকা সন্তান দেৱপুত্ৰ হ’লেও অসুৰ ভাবাপন্ন হ’ব। সি অতি পৰাক্ৰমী হ’ব। সেই ভয়তে দেৱতাসকলে দৈৱশক্তিৰ দ্বাৰা গৰ্ভ কঠিন কৰি প্ৰসৱ হ’ব নোৱৰা কৰি থ’লে। প্ৰসৱৰ সময় হ’লতো পৃথিৱীৰ গৰ্ভস্থ সন্তান ভূমিষ্ঠ নহয়। পৃথিৱী দেৱীৰ যন্ত্ৰণা উপস্থিত হ’ল। তেওঁ নিৰুপায় হৈ বৰাহবিষ্ণুক স্তব কৰিলত বিষ্ণুৱে বৰ দিলে যে পৃথিৱী কোনো প্ৰকাৰে গৰ্ভবেদনা অনুভৱ নকৰাকৈ থাকিব পাৰিব আৰু তেওঁৰ গৰ্ভস্থ সন্তান ত্ৰেতাযুগৰ মধ্যভাগত ৰামৰ দ্বাৰা ৰাৱণ বধৰ পিছতহে ভূমিষ্ঠ হ’ব। তেওঁ এইটোও ক’লে যে পুত্ৰ ওপজাৰ পিছত তেওঁক স্মৰণ কৰিলেই তেওঁ পুত্ৰ পালনৰ ব্যৱস্থা কৰিব।

 এইদৰে বহুত দিন গ’ল। বিদেহ ৰাজ্যত জনক নামে এজন সৰ্বগুণসম্পন্ন ৰজা আছিল। তেওঁ অপুত্ৰক। অযোধ্যাৰ ৰজা দশৰথে যজ্ঞ কৰি পুত্ৰ লাভ কৰাৰ আৰ্হিৰে জনক ৰজায়ো পুত্ৰেষ্টি যাগ কৰিলে। যজ্ঞ-ভূমিতেই জনক ৰজাই দুটি ল’ৰা আৰু এজনী ছোৱালী পালে। যজ্ঞ ভূমিত হাল বাওঁতে পৃথিৱীৰ বুকুৰপৰা ছোৱালীজনী ওলাইছিল। এই ছোৱালীজনীয়েই সীতা।

 তেতিয়া পৃথিৱী দেৱীয়ে জনক ৰজাক উদ্দেশ্য কৰি ক’লে— “এই ছোৱালীজনীৰ বাবে ৰাৱণ, কুম্ভকৰ্ণ আদি বীৰসকল মৰিব। তেতিয়া মোৰ গৰ্ভভাৰ নোহোৱা হ’ব আৰু আপোনাৰ যজ্ঞভূমিতেই মোৰ পুত্ৰ সন্তান এটি প্ৰসৱ হ’ব। বাল্যকালত সেই ল’ৰাক আপুনি পালন কৰিব লাগিব। তাৰ ষোল্ল বছৰ পাৰ হ’লে মই নিজেই তাৰ প্ৰতিপালনৰ ভাৰ ল’ম।”