পৃষ্ঠা:পখিলা.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
পখিলা


 তেতিয়া ভগৱান বিষ্ণুৱে নৰকৰ ৰাজ্যৰ সীমা নিৰ্দ্ধাৰণ কৰি দিলে, “কৰতোয়া সদা-গঙ্গাৰ পূৰ্বভাগৰ পৰা ললিত-কান্তা পৰ্যন্ত তোমাৰ ৰাজ্য। ইয়াত মহামায়াই কামাখ্যাৰূপে যোগ নিদ্ৰাত আছে।”

 শিৱৰ অনুমতি অনুসাৰে বিষ্ণুৱে পূবে ললিত-কান্তাক সীমা কৰি পূৰ্ব সাগৰৰ পাৰে পাৰে কিৰাতসকলক বহুৱালে। পিছত ললিত-কান্তাক সীমা কৰি কৰতোয়া নদীলৈকে এই ডোখৰ ঠাইৰ পৰা কিৰাতসকলক আঁতৰাই দ্বিজাতিসকলক স্থাপনা কৰিলে। তাৰ অলপ পিছতেই দেশৰ নাম হ’ল কামৰূপ।

 তাৰ পিছত বিষ্ণুৱে বিদৰ্ভ ৰাজকন্যা মায়াক নৰকলৈ বিয়া কৰালে। আৰু নানান ধনৰত্ন সংগ্ৰহ কৰি দেশত গড় আদি বন্ধাই পুত্ৰ নৰকক সতৰ্কবাণী কৈ বিষ্ণুৱে বিদায় ল’লে। নৰকে যেন দেৱ, মুনি, বামুণ আদিৰ লগত বিৰোধ নকৰে। বিশেষতঃ মহাদেৱী কামাখ্যাত বাজে আন দেৱতাক যেন নৰকে নভজে; ইয়াৰ অন্যথা হলে নৰকৰ প্ৰাণ যাব।

 নৰকৰ ৰাজ্যত বিশেষ শ্ৰীবৃদ্ধি হ’ল। বিদেহৰ ৰজা জনকেও নৰকৰ উন্নতিৰ কথা শুনি পুত্ৰ, ভাৰ্যা, অনুচৰসকলক লগত লৈ কামৰূপৰ অন্তৰ্গত প্ৰাগজ্যোতিষপুৰলৈ আহিল। নৰকৰ পুৰী তেওঁৰ মনত অমৰাৱতী যেন লাগিল। ৰাণী সুমতিক নৰকৰ পৰিচয় দি ক’লে, “এই তোমাৰ পালিত পুত্ৰ নৰক; বৰাহৰূপী বিষ্ণুৰ পৰা পৃথিৱীৰ গৰ্ভত জন্ম লৈছে।” কিছুদিন থাকি জনক অনুচৰসকলেৰে বিদেহলৈ উভতি গ’ল। নৰকেও আসুৰিক স্বভাৱ নোহোৱাকৈ ৰাজ্য পালন কৰিব ধৰিলে।

 সেই সময়ত শোণিতপুৰ নগৰত বলিপুত্ৰ বাণ নামে এজন অসুৰ ৰজা আছিল। তেওঁ শিৱভক্ত। মহাদেৱক পূজাত সন্তুষ্ট কৰি আসুৰিক মতেৰে নিৰ্ভয়ে চলন-ফুৰণ কৰে। নৰকৰ লগত ওচৰ চুবুৰীয়া বাণৰ মহা মিত্ৰতা ঘটিল। দুয়োৰো জুই-বতাহৰ নিচিনা সম্বন্ধ। বাণৰ সংসৰ্গত নৰকেও আসুৰিক স্বভাৱ অৱলম্বন কৰিলে। আগৰ দৰে বামুণক মান নকৰে; দান, যজ্ঞত প্ৰীতি নাই, বিষ্ণু বা পৃথিৱীক পূজা নকৰে। কামাখ্যাৰ প্ৰতিও ভক্তি বিমুখ হ’ল।