পৃষ্ঠা:পখিলা.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
নৰকাসুৰ


 এইদৰে পৃথিৱীত আসুৰিক ভাবৰ সোঁত বোৱালে। আগেয়ে তেওঁ ধৰ্মাত্মা আছিল, ব্ৰত কৰিছিল, দেৱ পূজা কৰিছিল—এতিয়া আসুৰিক ভাবেৰে সকলোকে উৎপীড়ন কৰিব ধৰিলে। নৰকৰ উৎপীড়নৰ মাত্ৰা দিনক দিনে বাঢ়ি উঠিল। তেতিয়া নিজৰ পিতাক বিষ্ণুৰ মানুষৰূপী অৱতাৰ শ্ৰীকৃষ্ণই তেওঁক বধ কৰিলে।

 যুদ্ধৰ সময়ত নৰকে দেখিলে যে স্বয়ং কালিকা-কামাখ্যা দেবীও কৃষ্ণৰ ওচৰত অস্ত্ৰ ধাৰণ কৰি নৰকৰ বিৰুদ্ধে থিয় হৈছে!