পৃষ্ঠা:পখিলা.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
পখিলা


 ৰাৱণ-বধৰ পিছত জনকৰ যজ্ঞ-ভূমিত গৈ পৃথিৱী দেৱীয়ে পুত্ৰ সন্তান প্ৰসৱ কৰিলে। পূৰ্বৰ বন্দোবস্ত অনুসাৰে পৃথিৱী দেৱীয়ে জনক ৰজাক সম্বাদ দিলে। আনফালে আগৰ কথামতে বৰাহবিষ্ণুক স্মৰণ কৰিলে। বিষ্ণুৱে বৰ দিলে—“ইয়াৰ ষোল্ল বছৰ হ’লে, ই ৰাজ্য-ভাৰ পাব।”

 যজ্ঞ-ভূমিলৈ গৈ জনক ৰজাই দেখিলে নৱজাত শিশুৱে মৰা মানুহৰ ( নৰ ) ৰ লাওখোলা ( ক ) এটিত মূৰটো থৈ কান্দি আছে। সেই কাৰণে গণনাৰ সময়ত গৌতম ঋষিয়ে নাম থ’লে নৰক ( নৰ—ক )।

 জনকে ল’ৰাটো লৈ গৈ প্ৰধান মহিষী সুমতি দেৱীক সোধাই দি ক’লে—“এই ল’ৰাটে৷ যজ্ঞ-ভূমিত পাইছোঁ। ইয়াক নিজৰ ল’ৰাৰ দৰে পালন কৰিবা।” ইফালে স্বয়ং পৃথিৱী দেৱীও মানুষী মূৰ্তি ধাৰণ কৰি জনক ৰজাৰ অন্তঃপুৰত সোমাল আৰু কাত্যায়নী নাম লৈ ধাত্ৰীৰূপে নৰকৰ আলপৈচান কৰিলে। পৃথিৱী দেৱীৰ সৰ্বদায় চকু যেন নৰকে আসুৰিক ভাব এৰি মানুহৰ ভাব গ্ৰহণ কৰে। এইদৰে ষোল্ল বছৰ পাৰ হ’বলগীয়া হ’ল।

 নৰক সকলো বিদ্যাতে পাৰ্গত হৈ উঠিল। পৰাক্ৰম, বীৰত্ব আদি গুণত জনকৰ ল’ৰাহঁততকৈ বহুত শ্ৰেষ্ঠ। নৰক ডাঙৰ হ’লত জনকৰ মনত আশঙ্কা হ’ব ধৰিলে যে সি ভৱিষ্যতে তেওঁৰ নিজৰ ল’ৰাহঁতৰপৰা ৰাজ্য কাঢ়ি ল’ব। নৰকক দেখিলে জনকৰ মুখ মলিন হ’ব ধৰিলে। এদিন মহিষী সুমতিয়ে গোপনে জনকক সুধিলে—“ল’ৰাবোৰে ৰং-ধেমালি কৰোতে নৰকক দেখিলে আপোনাৰ মন মলিন হয় কিয়? সি ৰূপবান, বীৰ্যবান, নয়-বিনয় আদিত শিক্ষিত, নানা গুণত বিভূষিত তাক দেখিলেই আপুনি বিমুখ হয় কিয়?” ৰজাই এই প্ৰশ্নৰ কোনো মুকলি উত্তৰ নিদিলে। কেৱল ক’লে, “ৰাণী তুমি আৰু তিনি মাহকাল অপেক্ষা কৰা, তেতিয়া তোমাক সকলো কথা ভাঙি ক’ম।”

 ৰজা আৰু মহিষী সুমতিৰ এই গোপন আলোচনা ধাত্ৰীৰূপী