পৃষ্ঠা:পখিলা.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
নৰকাসুৰ


 এনে সময়তে এদিনাখন ব্ৰহ্মাৰ পুত্ৰ বশিষ্ঠ মুনিয়ে কামাখ্যা দৰ্শন কৰিবলৈ প্ৰাগজ্যোতিষপুৰলৈ আহে।

 নৰকে মুনিক কামাখ্যাৰ দুৰ্গৰ ভিতৰলৈ সোমাব নিদিলে। বশিষ্ঠই প্ৰতিবাদ কৰি ক’লে— তুমি পৃথিৱী আৰু বৰাহবিষ্ণুৰ পুত্ৰ, এইটো তোমাৰ কুলোচিত কাম নে যে মই ব্ৰাহ্মণক তুমি কামাখ্যা দেৱীক পুজ৷ কৰিব নিদিয়া?” নৰকে তেতিয়া কৰ্কশ কথাৰে মুনিক খেদি বাহিৰ উলিয়াই দিলে। মুনিয়ে কুপিত হৈ শাও দিলে, “তই যাৰ ল’ৰা সেয়ে মানুহৰূপ ধাৰণ কৰি অবিলম্বে তোক বধ কৰিব। তই যিমান দিন বাচি থাকিবি, কামাখ্যা দেৱীয়ে তিমান দিন অন্তৰ্দ্ধান হৈ থাকিব। তই মৰাৰ পিছতহে কামাখ্যা দেৱীক পূজা কৰিম।”

 মুনিৰ শাও অনুসাৰে কামাখ্যা অন্তৰ্হিত হ’ল। নীলকূট পৰ্বত শূন্য। নৰকৰ মনত আতঙ্ক হ’ল। মাক পৃথিৱী আৰু পিতাক বিষ্ণুক স্মৰণ কৰিলে। তেওঁলোকৰ শাসন ভঙ্গ কৰি অনীতি আচৰণ কৰিছে বুলি মাক-বাপেকে দেখা নিদিলে। ইফালে ৰাজ্যও শ্ৰীহীন হৈ যাব ধৰিলে। নিৰুপায় হৈ নৰকে মিত্ৰ বাণৰ কথা ভাবিলে আৰু তেওঁৰ ওচৰলৈ দূত পঠিয়ালে। মিত্ৰৰ ঘোৰ বিপদৰ সূচনা বুজি বাণে স্বয়ং নৰকৰ ৰাজ্যলৈ গ’ল।

 বাণে প্ৰতিকাৰ কৰিবৰ যুক্তি দেখুৱাই ক’লে যে ইন্দ্ৰ দেৱতা অতি হিংসাকুৰীয়া। তেওঁ মানুহেই হওক বা দৈত্য, দানৱ, ৰাক্ষস, কিন্নৰেই হওক কাৰো শ্ৰীসহ্য কৰিব নোৱাৰে। দেৱতাসকলৰ লগত লৈ কূটনীতিৰে সিহঁতৰ শ্ৰীহানি কৰিবই। সেই ইন্দ্ৰৰ ইষ্টতম দেৱতা হৈছে বিষ্ণু। বিষ্ণুৱে ইন্দ্ৰৰ অনিষ্ট হ’ব নিদিয়ে। যি কোনোৱে ইন্দ্ৰৰ অনিষ্ট কামনা কৰি বিষ্ণুক আৰাধনা কৰে, বিষ্ণুৱে ছিদ্ৰ থকা বৰ দি সেই উপাসকক প্ৰৱঞ্চনা কৰে। বহুত কায়ক্লেশ কৰিলেহে বিষ্ণু প্ৰসন্ন হয় আৰু বহুত পলমেহে ইষ্ট কামনা পূৰণ কৰে। ইষ্ট দেৱতাক পূজা নকৰিলে কোনোৱে অতুল বিভূতি নেপায়। তুমি আগতেই ব্ৰহ্মা বা বিষ্ণুক আৰাধনা কৰা নাই, সেই কাৰণে তোমাৰ