পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তোমাৰ বিৰুদ্ধে যি অস্ত্ৰ ধৰিছোঁ তাক নাসামৰোঁ। আমাৰ গাতো ভূঞাৰ তেজ, ক্ষত্ৰিয়ৰ তেজ অলপ-অচৰপ আছে। এইটোও নিশ্চয় জানিবা আমি আহোম ৰজাৰ বিৰুদ্ধে অস্ত্ৰ ধৰা নাই। তোমাৰ বিৰুদ্ধে ধৰিছোঁ আৰু ধৰিমো। যদি আমাক যুঁজত ঘটুৱাব পাৰা তেনে হলেহে আমাৰ বঙ্গহ পৰিয়ালক নাতি-পুতি সমন্বিতে ধ্বংস কৰিব পাৰিবা। এনেয়ে ধমক দিলে কি হব? আমাৰ কামৰূপীয়া মানুহৰ সহায়ত লাচিত বৰফুকনে মোমাই কটা গড় বান্ধি মোগলকো পৰাস্ত কৰিছিল। কিন্তু সেই কামৰূপীয়াৰ বংশধৰ সকলক আজিকালি তুমি কিদৰে ব্যবহাৰ কৰিছা ভাবি চোৱা। তুমি বফুকনালি বিষয়খান এৰি গলে, আৰু তোমাৰ থলত ৰজাই লাচিত বৰফুকনৰ দৰে এজন ভাল ফুকন দিলে আমি শান্ত হম। সেইটো নহয় মানে যুঁজিম আৰু তোমাক—কামৰূপ ৰাজ্যৰ পৰা উচ্ছেদ কৰিম। এই কথা ধূৰুব বুজিবা। ইতি—

শ্ৰীহৰদত্ত প্ৰমুখ্যে সমূহ
কামৰূপীয়া ৰাইজ।

 হৰদত্ত বীৰদত্তৰ এই যুক্তি পূৰ্ণ, বীৰত্ব ব্যঞ্জক চিঠি পাইও বৰফুকনৰ মন নগলিল। বৰফুকনে ক্ৰোধান্বিত হে অসংখ্য নাও বঠা গোটাই এইবাৰ কোচ, গাৰো, আহোম এনেকুৱা ছহেজাৰ বনুৱা ব্ৰহ্মপুত্ৰ পাৰ কৰালে।