পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

উত্তৰ গুৱাহাটীত আৰু আমিন গাঁও ৰজাদুৱাৰত থকা সৈন্যয়ো নাৱলৈ যিমান পাৰিলে কাড় মাৰি মাৰি দুই তিনশ বনুৱা যদিও নাশ কৰিলে তথাপি বৰফুকনৰ ইমান বিলাক নাও আৰু সৈন্য দেখি বলে নোৱাৰিব জানি কিছু হুহঁকি হুহঁকি তিনি উজাকে তিনি বাটেৰে গৈ দীৰ্ঘেশ্বৰীৰ তলত ছিলাৰ চকিত দলবাৰি গাৱঁৰ বাটৰ পাহাড়ৰ কাষত সিফালৰ পৰা অহা কামৰূপীয়া আঠ হাজাৰ সৈন্যৰ লগ লাগিল। ছিলাক চকিৰ দলত বীৰদত্ত, দীৰ্ঘেশ্বৰীৰ দলত হৰদত্ত আৰু সিফালে দলবাৰিৰ দলত মহীৰাম কমাৰ কুচীয়া বৰুৱা আৰু মদাৰতলীয়া চৌধাৰী আছিল।
 যথা সময়ত তিনিউ ঠাইতে আহোমৰে আৰু কাম ৰূপীয়াৰে ৰণ লাগিল। আহোম সৈন্যৰ মাজত ধনঞ্জয় ঢোল পেপা বাজিল কামৰূপীয়াৰ মাজত শঙ্খ, ঘণ্টা, ভেৰী বাজিল। শৰে শৰে তৰোৱালে তৰোৱালে জাঠিয়ে জাঠিয়ে তয়াময়া ৰণ হল। দুদিন দুৰাতি দুয়ো দলে ভয়ানক ৰণ কৰিলে। আহোমৰ প্ৰায় সৈন্য মৰিল। যি এশনে দুশ তিনিউ ঠাইতে বাচিছিল সেই সকল পিছ হুহঁক গই নৈত নাৱঁত উঠি খেৱা মেলিলে। কামৰূপীয়া সৈন্যে আকৌ হেচুকি আগবাঢ়ি আহি ৰজাদুৱাৰ, উত্তৰ গুৱাহাটী, আমিনগাওঁ অধিকাৰ কৰিলে। কামৰূপীয়া ছয় সাত হাজাৰ সৈন্য মৰিল। হৰদত্ত বীৰদতে আকৌ এই তিনি ঠাইতে সৈন্য ৰাখি ঘৰলৈ উলটিল। এইবাৰৰ ৰণতো কামৰূপীয়াই