শ ৰণুৱা,
গোটাই লই খৰালিৰ আৰম্ভতে হৰদত্তৰ বিৰুদ্ধে যুদ্ধ ঘোষণা
কৰিলে। তেওঁ তেওঁৰ সেই পোন্ধৰ ষোল্ল শ সৈন্য তিনি
ভাগ কৰি তিনিফাললৈ পঠিয়ালে। চেঁচামুখলৈ যোৱা
ভাগৰ লগত তেওঁ আক কুমেদান উভয়ে গ’ল। আন
দুভাগৰ লগত দুজন আহোম সেনাপতি পঠিয়ালে। তেওঁ
আৰু কুমেদান উভয়ে যে চেঁচামুখৰ ভাগলই গইছিল ইয়াৰ
কাৰণ এই, তেওঁ জানিছিল এইখান দুৱাৰলৈ বীৰদত্ত
আহিব।
যদিও হৰদত্তৰ প্ৰতিভা কামৰূপীয়া বৰুৱা চৌধাৰী
সকলৰ মাজত হ্ৰাস হইছিল; তথাপি চাৰি পাঁচ ঘৰ বৰুৱা
আৰু চৌধাৰীয়ে তেওঁবিলাকৰ একেবাৰে এৰা দিয়া নাছিল।
সেই কেইঘৰৰ সহায়ত আৰু নিজৰো গুণত বীৰদত্তে
দুহেজাৰ ৰণুৱা। গোটাইছিল। চিলালৈ মহীৰাম আৰু
কমাৰকুচীয়া বৰুৱাক পাঁচ শ ৰণুৱাদি পঠিয়াইছিল। দীৰ্ঘেশ্বৰীলৈ মদাৰতীয়া চৌধাৰীক পাচ শ ৰণুৱা দি পঠিয়াইছিল; আৰু নিজে এহেজাৰ ৰণুৱা লই চেচামুখলৈ আহিছিল।
তিনিউ ঠাইতে তয়া ময়া ৰণ হল। যদিও কামৰূপীয়াই
ধেনু কাড়েৰে আৰু তৰোৱালেৰে অসীম শৌৰ্য্য-বীৰ্য্য
দেখুৱাই তিনিউ ঠাইতে যথেষ্ট ৰণ কৰিছিল; তথাপি
শিক্ষিত আহোম আৰু শিখৰ আগত তিষ্ঠিব নোৱাৰিলে।
পাহাড় আশ্ৰয় কৰিও তত নাপালে। বৰফুকনৰ হিলৈয়ে
পাহাড়ো খহাব ধৰিলে। কামৰূপীয়া ৰণুৱা প্ৰত্যেক ঠাইতে
শই শই মৰিল। তিনিউ ঠাইতে মাথোঁন দুকুৰি আঢ়ৈকুৰি
মানকৈহে মানুহ ৰ’ল। মহীৰাম, কমাৰকুচীয়া আৰু
মদাৰ তলীয়া এই তিনিউজনে কোনো ৰকমে প্ৰাণে নমৰি
ঘৰলৈ উলটিল। কিন্তু চেঁচামুখৰ ৰণত, সিংহবিক্ৰমেৰে
যুঁজি, তৰোৱালৰ কোবত আঠোটা দহটাকৈ আহোম ৰণুৱা
কাটিও শেষত আহোম ৰণুৱাৰ বন্দুকৰ গুলিত পৰি
কামৰূপৰ বাহুবলী বীৰ বীৰদত্ত বৰুৱাই জননী জন্মভূমি
কামৰূপ মাতৃৰ পৰা বিদায় লই অনন্তধামলৈ যাত্ৰা কৰিলে।
আহোম ৰণুৱা সকলে চেঁচামুখৰ বাটেদি উত্তৰ কামৰূপৰ
ভিতৰলৈ, বিশেষ জিকেৰি গাৱৰ ফাললৈ খোজ ললে।
উদ্দেশ্য হৰদত্তক গই ধৰি অনাটো।
পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১০১
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই