দন্দুৱা দ্ৰোহ/নৱম অধ্যায়
______
এই দৰে পৰামৰ্শ হোৱাৰ পিছ দিনা ৰাতিপুৱাই কেৱলীয়া আতৈ কেইজনে খাই বই উঠি হৰদত্ত চৌধাৰীৰ পৰা বিদায় ললে। যাবৰ পৰত কলে—“বাপ! আপুনি কলিতাকুলৰ গৌৰৱ; আপোনাৰ উচিত যে এনেকুৱা ব্যভিচাৰী তান্ত্ৰিক বিদেশী গুন্দা সাধুক পোহপাল দিবলৈ এৰি আমাৰ মহাপুৰুষৰ ধৰ্ম্মত আস্থা ৰাখি চলাটো। আমাৰ হিন্দু যে শক্তি-পূজা কৰিলেই বল বাঢ়িব, আমাৰ হিন্দুৱে যে আহোমক খেদি ৰাজত্ব কৰিব, এইটো আমাৰ মনে নধৰে। এতেকে বাপ! ঈশ্বৰ কৃষ্ণই আমাক যাক য’ত যি অৱস্থাত ৰাখিছে তাত সন্তুষ্ট হই থকাই ভাল। বাপ! আমি বিদায় মাগিলোঁ। ” এই কথা কই কেৱলীয়া আতৈ কেজন গুচি গল। হৰদত্ত চৌধাৰীয়ে তেওঁবিলাকৰ কথাত উত্তম অধম একো নকই ভায়েক বীৰদত্তক মতাই আনি কলে :—“বাপা বীৰদত! মই কালি পুৱাই এমাহ মানলৈ ঘৰ এৰি মদন কামদেব দেৱালয়ত গই থাকিম। তাত মই দেশৰ ভালৰ অৰ্থে পুৰঃসৰণ কৰিম। আজিয়েই ভাৰীহঁতৰ হাতত এমাহৰ যোখাৰে তিনি চাৰিজন মানুহে খাব পৰাকৈ সম্ভাৰ পঠাই
তুমি এই মাহটো ঘৰ দুৱায় চাধা। আহোমৰ টেকেলা বেঙেনাই কৰবাত উৎপাত কৰিলেও সহি থাকিবা। মই পুৰ:সৰণ কৰি নেটাও মানে যেন কোনো গণ্ডগোল নহয়’। ককায়েকৰ এইবিলাক কথা শুনি বীৰদত্তে সেইদৰে চাউল-পাত, লোন-তেল, দালি, ঘিউ, উপহাৰ, প্ৰায় কুৰিজন মান ভাৰীৰ কান্ধত দি মদন কামদেবলৈ পঠালে। হৰদত্ত চৌধাৰীয়ে দুপৰীয়া খাই বই উঠি চৰাঘৰত জিৰাইছে , এনেতে গন্ধিয়াৰ ফালৰ পৰা দুজন দৈবজ্ঞ ব্ৰাহ্মণ আহি “চৌধাৰীৰ জয় হওক” বুলি উপস্থিত হল। “চৌধাৰীয়ে হাতযুৰি নমস্কাৰ কৰি সুধিলে :—“দেউসকল! কলৈনো আহিল?” দৈবজ্ঞ দুজনে কলে – ‘ভাদ মাহ পুণ্যৰ মাহ— আমি তীৰ্থ ভ্ৰমণ কৰিবলৈ ওলাই আহিছোঁ। ব্ৰহ্মপুত্ৰ পাৰ হই প্ৰথমেই পঞ্চ তীৰ্থ কৰিম, তাৰ পিছত পাৰিলে শ্ৰীক্ষেত্ৰ, গঙ্গা, গয়ালৈকো যাম। এই অৰ্থে ঘৰৰ পৰা ওলাই আহিছোঁ আৰু আপোনাৰ নিচিনা ডাঙ্গৰ মানুহ দুই চাৰিজনৰ পৰা পালে অলপ অৰ্থ ভিক্ষাও কৰো। ” দৈৱজ্ঞ দুজনৰ এই কথাত তেওঁবিলাকক বহিবলৈ দি হৰদত্ত চৌধাৰী ভিতৰলৈ গল আৰু নিজৰ আৰু জীয়েকৰ সোৱঁৰণী লই আহিল। জীয়েকক মাত দি ক’লে —“বাছা পদুম! বটাত তামোল লই আহাচোন। ” বাপেকৰ আদেশ পাই
সৰলপ্ৰাণা অপৰূপ ৰূপলাৱণ্যবতী পদ্মকুমাৰী আইদেৱে [ ৪৯ ]বটাত তামোল-পাণ আনি দেউসকলৰ আগত থলে। চৌধাৰীয়ে মহীৰাম বোলা তেওঁৰ তোলনীয়া ডেকা এজনক মাতি ফলি আৰু ফলিগুটি এজোৰা অনালে। দৈবজ্ঞ ব্ৰাহ্মণ দুজনে গুৱা কাটি চৌধাৰীৰ আগত থলে। চৌধাৰীয়ে বটাৰ পৰা গুৱা লই তেওঁবিলাকক বটা ওলটাই দিলে; তেতিয়া দৈৱজ্ঞ বাহ্মণ দুজনে তামোল-চালি খালে। ইয়াৰ পিছতে চৌধাৰীয়ে সোঁৱৰণী দুখান আগ বঢ়াই দি ক’লে - “দেউসকল! মোৰ সোঁৱৰণীখান আৰু আইদেউৰ খানো চাওকচোন। দৈবজ্ঞ দুজনে প্ৰথমে চৌধাৰীৰ সোঁৱৰণীৰ ৰাশি-চক্ৰ ফলিত পাতি লই টোপোলাৰ পৰা পাজি উলিয়াই ভালেমান পৰ গণি-পিটি চাই কলে :–“বাপ! আপোনাৰ সোঁৱৰণী বৰ বলী। চতুৰ সিংহাসনি, পঞ্চাননি ইত্যাদি ডাঙ্গৰ ডাঙ্গৰ যোগ আছে। বৰ্তমানে বাপৰ একাদশত বৃহস্পতি। অহা বহাগৰ পৰা গুৰু দ্বাদশলৈ যাব। ছবছৰৰ পিছত
বাপৰ ৰাশিত শনি প্ৰবেশ কৰিব। এই ছবছৰলৈ বাপৰ দিন বৰ ভাল। শনি প্ৰবেশ কৰাৰ পৰা অলপ বেয়া হব।
হৰদত্ত—দেউসকল! মোৰ যে চতুৰ সিংহাসনি যোগ আছে বুলি কইছে তেন্তে মই দেখোন ৰজা হব লাগিছিল। ক’তা, দেখোন ৰজা নহওঁ। আপনালোক গণক বাপু সকলে আমাক ভাল লগাবলৈ হবলা যিহকে পায় তাকে লেখি কয়
১ম দৈবজ্ঞ—“বাপ! জন্মোতে ৰাশি চক্ৰ যিদৰে বহে,
শাস্ত্ৰে তাৰ ফলাফল যিদৰে কয় আমিও সেইদৰেহে লেখোঁ। আৰু কওঁ। বাপৰ চতুসিংহাসনি যোগ সঁচা; কিন্তু অলপ খুতো আছে। বাপৰ এই চতুৰ্সিংহাসনি যোগৰ লগতে শনি আছে। সেই দেখি ৰজা হব লগীয়া থকাতো শনিয়ে হব দিয়া নাই। আৰু বাপে এইটোও বুজি নলয় কিয় যে বাপ যি চৌধাৰীপদত আছে ইও ৰাজপদেইহে। অতবিলাক ৰাইজৰ ওপৰত বাপ চৌধাৰী। ৰাইজৰ এক প্ৰকাৰ হৰ্ত্তা, কৰ্ত্তা, বিধাতা! কাযে কাযেই বাপ দেখোন আমাৰ মতে ৰজাই। জ্যোতিষৰ কথাতো মিছা হোৱা নাই। ”
হৰদত্ত— বাৰু দেউ কওকচোন—এই ছয় বছৰে আৰু তাৰ পিছত মোৰ দশাৰ ফল কি হব’।
১ম দৈবজ্ঞ —“বাপ! এই ছয় বছৰে বাপৰ যেনেহলেও জয় জয়। একাদশত বৃহস্পতি। কথাতে কয় - যাৰ ফালে বৃহস্পতি পোন, তাৰ পথাৰত নবয় কোন। ছয় বছৰ পিছত যেতিয়া শনিৰ প্ৰবেশ হব, সেই সময়ত অলপ বিঘিনি হ’ব পাৰে। কিন্তু বাপে যদি আমাৰ মহাপুৰুষ গুৰুৰ চৰণত ভক্তি ৰাখে সেই বিঘিনিও কাটি যাব পাৰে। ”
ইয়াৰ পিছতেই হৰদত্তই জীয়েকৰ সোঁৱৰণীখান চাবলৈ কলে। জীয়েকৰ সোঁৱৰণীখান দুয়োজনে বৰকৈ গণি-পিটি কলে —“বাপ! মাইছানাক মাতি আনক”। আমি মাইছানাৰ হাতখান আৰু কপালৰ ৰেখা চাইহে সঠিককৈ
কব পাৰিম’। দৈবজ্ঞ দুৰ্জনৰ এই কথাত হৰদত্তে পদ্মকুমাৰী আইদেউক মাতি আনিলে। দৈবজ্ঞ দুজনে আইদেউৰ হাত আৰু কপাল চাই আই দেউক ভিতৰলৈ যাবলৈ অনুমতি দি কলে :-“বাপ! মাইছানাৰ কৰ, কুষ্টি, কপাল, মিলাই চাই পালো যে মাইছানা ৰজাৰ ঘৰত জন্মিব লাগিছিল। কৰ আৰু কপালত ৰাজ-ৰাজেশ্বৰীৰ চিহ্ন অঁকা আছে; কিন্তু কুষ্ঠীৰ চতুৰসাগৰী যোগ থকা স্বত্বেও জন্মত কেতুগ্ৰহ আছে। যদি গুৰু সবল থাকিল হেঁতেন তেন্তে এই কেতুয়েও একো কৰিব নোৱাৰিলে হেতেন। কিন্তু জন্মকালীন গুৰু দুৰ্ব্বল। তথাপি মাইছানাৰ কুষ্ঠি বৰ বলী। এওঁ ৰাজপুত্ৰ সদৃশ দৰা পাব লাগে; ধনেবস্তুৰে বৈ যোৱা হব লাগে। দৈবজ্ঞ সকলে এইদৰে কোৱাত চৌধাৰীয়ে ভাল পাই ভিতৰৰ পৰা দৈবজ্ঞ দুজনক দুটকি কেচা ৰূপ দিলে। দৈবজ্ঞ দুজনে চৌধাৰীক আশীৰ্ব্বাদ দিলে :—
ত্ৰিকচা কৰভূষণং
লপসা পত্নয়োৰ্যেসাং
এই আশীৰ্ব্বাদ দি দৈবজ্ঞ দুজন গুচি গল। হৰদত্ত চৌধাৰীও ভিতৰলৈ গল।
গধুলি হলত আকৌ চৌধাৰীয়ে মন্দিৰলৈ আহি বামাচাৰী জনে সৈতে কথা বতৰা হল। চৌধাৰীয়ে বামাচাৰী জনৰ
নিশা ন-টা মান বজাত বিষয়া সকলে খাইবই উঠি ৰভাত সহিলগৈ। ৰভাঘৰ লোকে লোকাৰণা হল। ঠায়ে নধৰা হল। মাধপুৰীয়া ঢুলীয়া যোৰ আহি উপস্থিত হল। সিহঁৰত দলটোত প্ৰায় চাৰি কুৰি কি এশ মানুহ; ঢোল পঞ্চাছটা; সেই অনুসৰি তাল আৰু নানা সৰঞ্জাম। ন-টামান বজাৰে পৰা ঢুলীয়াহঁতে ঘূৰীয়া-জমা পিন্ধি ঢোল বজাব ধৰিলে। সেই ঢোলৰ শবদ ভালেমান দূৰলৈকে ভেদিলে। ঢোলো একোটা বৰ প্ৰকাণ্ড। ঢোলৰ চেও যে কত ৰকমৰ বজালে তাক বৰ্ণোৱা টান। যেতেকে নিশা গহীন হল তেতেকে ঢোলৰ চেও আৰু গহীন হল। ঢোলৰ চেৱে চেৱে ঢুলীয়াহঁতে যে কিমান প্ৰকাৰে ঘূৰিলে আৰু নাচিলে তাকো কই এটাব নোৱাৰি। ঢুলীয়াহঁতৰ প্ৰত্যেকটো মানুহেই সুস্থ-বলিষ্ঠ। ঢোল বজোৱা হলত ঢুলীয়া হঁতে প্ৰায় বিলাক ঢোল থলে। কেবল এটা তালীয়াই তাল এযোৰ লই আগাপিছা কৰি দৌড়ি দৌড়ি বজাব ধৰিলে। ঢোলৰ চেও থমা মাত্ৰকে প্ৰায় ত্ৰিছটামান লৰা আৰু ডেকা আহি প্ৰথমেই ৰাইজক সেৱা জনাই পিছত ঢোলৰ চেৱে চেৱে খৰ দিব ধৰিলে। কত প্ৰকাৰ যে খৰ দিলে তাক বৰ্ণাব নোৱাৰি। পোন খঁৰ,ওলটা খঁৰ, আলাগতে দিয়া খঁৰ, তঙাল-মোচৰা খঁৰ, চান্দনি সৰকা খঁৰ ইত্যাদি অলেখ খঁৰ দিলে। তাৰ পিছত মানুহৰ কান্ধত উঠিথিয় হৈ তাৰ পৰা খঁৰ দিব ধৰিলে। শেহত কেইটামান ঢুলীয়াই দুয়ো কাষলতিৰ তলত দুটা ঢোল লই প্ৰথমে এটা থিয়কৈ পতা ঢোলৰ ওপৰত উঠিল। আৰু ইফালে খৰকৈ বজোৱা ঢোলৰ চেৱে চেৱে উলাহ লই সেই ঢোলৰ ওপৰি পৰা আলগা খঁৰ মাৰি দুয়ো কাষে দুটা ঢোলেৰে সৈতে মাটিত থিয় হৈ পৰিলহি। তাৰ পিছত দুটা ঢোল থিয়ই যোৰালে। সেই দুটাৰ ওপৰত উঠিও তাৰ পৰা খঁৰ দিলে। পিছত ক্ৰমান্বয়ে ঢোলৰ ওপৰত ঢোল বহুৱাই আঠ দহোটা পৰ্য্যন্ত ঢোল যোৰা দি ওখ