পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৫০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


শাস্ত্ৰে তাৰ ফলাফল যিদৰে কয় আমিও সেইদৰেহে লেখোঁ। আৰু কওঁ। বাপৰ চতুসিংহাসনি যোগ সঁচা ; কিন্তু অলপ খুতো আছে। বাপৰ এই চতুৰ্সিংহাসনি যোগৰ লগতে শনি আছে। সেই দেখি ৰজা হব লগীয়া থকাতো শনিয়ে হব দিয়া নাই। আৰু বাপে এইটোও বুজি নলয় কিয় যে বাপ যি চৌধাৰীপদত আছে ইও ৰাজপদেইহে। অতবিলাক ৰাইজৰ ওপৰত বাপ চৌধাৰী। ৰাইজৰ এক প্ৰকাৰ হৰ্ত্তা, কৰ্ত্তা, বিধাতা ! কাযে কাযেই বাপ দেখোন অামাৰ মতে ৰজাই। জ্যোতিষৰ কথাতো মিছা হোৱা নাই।”
       হৰদত্ত— বাৰু দেউ কওকচোন—এই ছয় বছৰে আৰু তাৰ পিছত মোৰ দশাৰ ফল কি হব’।
       ১ম দৈবজ্ঞ —“বাপ ! এই ছয় বছৰে বাপৰ যেনেহলেও জয় জয়। একাদশত বৃহস্পতি। কথাতে কয় - যাৰ ফালে বৃহস্পতি পোন, তাৰ পথাৰত নবয় কোন। ছয় বছৰ পিছত যেতিয়া শনিৰ প্ৰবেশ হব, সেই সময়ত অলপ বিঘিনি হ’ব পাৰে। কিন্তু বাপে যদি আমাৰ মহাপুৰুষ গুৰুৰ চৰণত ভক্তি ৰাখে সেই বিঘিনিও কাটি যাব পাৰে।”
       ইয়াৰ পিছতেই হৰদত্তই জীয়েকৰ সোঁৱৰণীখান চাবলৈ কলে। জীয়েকৰ সোঁৱৰণীখান দুয়োজনে বৰকৈ গণি-পিটি কলে —“বাপ ! মাইছানাক মাতি আনক”। আমি মাইছানাৰ হাতখান আৰু কপালৰ ৰেখা চাইহে সঠিককৈ