পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দিবা। চাৰি পাচ কলহমান কাৰণো দিহা কৰি পঠাবা। তুমি এই মাহটো ঘৰ দুৱায় চাধা। আহোমৰ টেকেলা বেঙেনাই কৰবাত উৎপাত কৰিলেও সহি থাকিবা। মই পুৰ:সৰণ কৰি নেটাও মানে যেন কোনো গণ্ডগোল নহয়’। ককায়েকৰ এইবিলাক কথা শুনি বীৰদত্তে সেইদৰে চাউল-পাত, লোন-তেল, দালি, ঘিউ, উপহাৰ, প্ৰায় কুৰিজন মান ভাৰীৰ কান্ধত দি মদন কামদেবলৈ পঠালে। হৰদত্ত চৌধাৰীয়ে দুপৰীয়া খাই বই উঠি চৰাঘৰত জিৰাইছে , এনেতে গন্ধিয়াৰ ফালৰ পৰা দুজন দৈবজ্ঞ ব্ৰাহ্মণ আহি “চৌধাৰীৰ জয় হওক” বুলি উপস্থিত হল। “চৌধাৰীয়ে হাতযুৰি নমস্কাৰ কৰি সুধিলে :—“দেউসকল! কলৈনো আহিল?” দৈবজ্ঞ দুজনে কলে – ‘ভাদ মাহ পুণ্যৰ মাহ— আমি তীৰ্থ ভ্ৰমণ কৰিবলৈ ওলাই আহিছোঁ। ব্ৰহ্মপুত্ৰ পাৰ হই প্ৰথমেই পঞ্চ তীৰ্থ কৰিম, তাৰ পিছত পাৰিলে শ্ৰীক্ষেত্ৰ, গঙ্গা, গয়ালৈকো যাম। এই অৰ্থে ঘৰৰ পৰা ওলাই আহিছোঁ আৰু আপোনাৰ নিচিনা ডাঙ্গৰ মানুহ দুই চাৰিজনৰ পৰা পালে অলপ অৰ্থ ভিক্ষাও কৰো। ” দৈৱজ্ঞ দুজনৰ এই কথাত তেওঁবিলাকক বহিবলৈ দি হৰদত্ত চৌধাৰী ভিতৰলৈ গল আৰু নিজৰ আৰু জীয়েকৰ সোৱঁৰণী লই আহিল। জীয়েকক মাত দি ক’লে —“বাছা পদুম! বটাত তামোল লই আহাচোন। ” বাপেকৰ আদেশ পাই সৰলপ্ৰাণা অপৰূপ ৰূপলাৱণ্যবতী পদ্মকুমাৰী আইদেৱে