সমললৈ যাওক

দন্দুৱা দ্ৰোহ/দশম অধ্যায়

ৱিকিউৎসৰ পৰা

[ ৫২ ] [ ৫৩ ] এটা স্তম্ভৰ দৰে কৰিলে। সেই স্তম্ভটোক দুয়োৰা মানুহে এটাৰ কান্ধৰ ওপৰত আন এটা উঠি ভালকৈ ধৰিলে যাতে ঢোল বাগৰি নপৰে। পিছত এটা ঢুলীয়াই ঢোল ধৰা মানুহৰ ককালেদি আৰু কান্ধেদি বগাই সেই আঠোটা দহোটা ( = ২০ হাত হব ) ঢোলৰ ওপৰত গই উঠিল। তলৰ পৰা আন দুজন ঢুলীয়াই দুটা ঢোল তুলি দিলে। ওপৰত উঠা জনে সেই ঢোল দুটা দুয়ো কাষলতিৰ তলত সাবট মাৰি লই তলত বজোৱা ঢোলৰ চেৱে চেৱে উলাত লই আলগা খৰ মাৰি মাটিত থিয়ই থিয়ই পৰিলহি।

 পিছত আকৌ দুটা মানুহে শকত বাঁহ এডাল কান্ধত ললে। সেই বাঁহডালৰ ওপৰতে ঢুলীয়া এটা উঠি তাতে যে কত প্ৰকাৰ কুস্তি কৰিব ধৰিলে তাক কিমান বৰ্ণাম। কামৰূপীয়া ঢুলিয়াৰ আজিকালিৰ কুস্তিয়েও আনকি বৰ্তমানৰ চাৰ্কাচকো ঠায়ে ঠায়ে চেৰহে পেলাব। সেই কালত কামৰূপীয়া ঢুলীয়াৰ গাত যে কিমান কুস্তিৰ অভ্যাস আছিল তাক কোনে জানে। আমি এনেকুৱা কথাওঁ শুনিছো যে সেই কালত একোটা ঢুলীয়াই একোডাল বাঁহ লই জাপ মাৰি ঘৰৰ ছালৰ মুধত উঠিছিল আৰু তাৰে পৰাও আলগা-খঁৰ মাৰি মাটিত পৰিছিল।

 এই দৰে খঁৰ মৰা, কুস্তি কৰা শেষ হলত ছয়টা ঢুলীয়াই সুন্দৰকৈ ঘুৰীয়া জামা পিন্ধি উৰি যাত্ৰাৰ দলৰ দৰে সমস্বৰে পদ গাবলৈ ধৰিলে। পদতেই ভাৱনাৰ সুত্ৰধাৰৰ দৰে কি ভাও হব গাই দিয়ে। পদ গাই থাকোঁতে থাকোঁতেই এজনে মুখত মুখা [] পিন্ধি আহি ওলায়। এটা ঢুলীয়াই এটা জুইৰ জোৰ লই মুখাৰ আগে আগে ধৰে। মুখা লোৱা জনে যুৰি সকলৰ পদৰ চেৱে চেৱে নাচে। কোনো কোনো মুখাত কেবল নৃত্যহে হয়। কোনো কোনো মুখাত আকৌ নানা খুহুতীয়া ভাৱৰো অভিনয় হয়। হয়তো দুটা ঢুলীয়াৰ এটাই মতাৰ কাপোৰ পিন্ধি মুখত বুঢ়া মানুহৰ মুখা এখান লয়—আন এটাই মাইকীৰ দৰে কাপোৰ পিন্ধি মুখত এজনী বুঢ়ী মানুহৰ মুখা পিন্ধি ওলায়হি। দুয়ো প্ৰথমতে নৃত্যকে কৰিলে। তাৰ পিছত ঢুলীয়াৰ ভিতৰৰ এজনে

[ ৫৪ ] হয়তো বুঢ়াক কথা সুধিলে। বুঢ়াই পাৰে মানে বুঢ়ীৰ নিন্দা কৰিব ধৰিলে। বুঢ়াক আকৌ কথা সোধোঁতে বুঢ়ীয়ে সেইদৰে বুঢ়াক নিন্দিলে পিছত লাহেকৈ সমাজৰ মাজত দুয়ো বুঢ়া-বুঢ়ীৰ দন্দেই লাগিল। চুৰ্চুৰীয়া বিধৰ মৰা-পিতা লগাই ৰাইজক হুহুঁৱাই পেটৰ নাড়ি ছিগায়। হয়তো উভয়ে বৰ জ্ঞানগৰ্ভ কথাকে কয়। পদ গোৱা ছয় জনে অবশ্যক মতে মাজে মাজে বুঢ়া বুঢ়ীক যোৰায়ে পদ গায়। কেতিয়াবা হয়তো এযোৰে দুটা বান্দৰৰ পুতলাকে আনি সমাজত উলিয়ালে। যুৰিয়ে গাব ধৰিলে :—
উ উ কৰে মোৰ

 হায়ৰে মলুৱা
গছে গড়ে জপিয়াই
 হায়ৰে মলুৱা
.................
মোৰ মলুৱাক কোনে মাৰিলে

 হাঁয়ৰে মলুৱা ৰে।


এইদৰে গীতে-পদে-নৃত্যে ৰাতি প্ৰায় তিনটা মান বাজিল। এইখিনি সময়তে অনেকৰে চকুত টোপনিয়েও ধৰিলে, এনেতে এই মাধপুৰীয়া ঢুলীয়াৰ প্ৰসিদ্ধ ভাৱৰীয়া ভেলা-ভাই আহি দলে বলে উপস্থিত হল। ভেলা-ভাই সভাৰ ভিতৰলৈ সোমোৱা মাত্ৰেই ৰাইজৰ ভিতৰত এটা গগন ভেদী হাঁহিৰ শব্দ উঠিল। ভেলা ভায়ে নানা ৰকম, নানা বৃত্তিৰ মানুহৰ চলন ফুৰণ কথা কোৱাৰ ধৰণ দেখুৱাই হঁহুৱাব ধৰিলে। কেতিয়াবা হয়তো চৰাই চিৰিকতিৰ মাতকে হুবহু মাতিব ধৰিলে। কেতিয়াবা হয়তো পোনেই পহুৰ দৰে মাতিলে। তাৰ পিছত সেই পহু চিকাৰলৈ যোৱা ভাও ধৰিলে। পদ গোৱাহঁতে গাব ধৰিলে :—
 “ভেলা ভাই পহু খেদিবলৈ যায। ” ভেলা ভাইৰ হাতৰ মুদ্ৰাই মুখৰ ভঙ্গীয়ে, খুহুতীয়া কথাই মানুহক হহুৱাই আধামৰা কৰিলে। ভেলা ভায়ে মাজে মাজে এনেকুৱা গাৱলীয়া সংস্কৃতো জাৰিব ধৰিলে যে বাপে-বেটাই ভায়ে ককায়ে, একেলগে বহি থকাই টান হল। ভেলা ভাইৰ খুহুতালিৰ আৰু ভাওৰ সীমা সংখ্যা নাই। ৰাইজে হাহিৰ প্ৰতাপত ৰব নোৱাৰি ভেলা ভাইক পাই পইচা দি কাবৌ কোকালি কৰিহে ৰক্ষা পালে। পুৱা ছয়টা মান ৰজাত ভেলা ভাই থামিল।

[ ৫৫ ]  অষ্টমী আৰু নবমীৰ-দিনে নিশাইও এইদৰেই আমোদ প্ৰমোদ হইছিল। কোৱা অনাবশ্যক যে শালমৰীয়া ঢুলীয়া যোৰৰ খৰ আৰু কুন্তি এটাইতকৈ বেচি হৈছিল - বৰ্ণিবৰীয়াৰ পদৰাগ গীত নৃত্য অতুলনীয় হৈছিল। মুঠতে কামৰূপৰ ঢুলীয়াৰ ভাওৰ সম্পৰ্কে আজিকালিও ডাঠি কব পাৰো। যে কামৰূপীয়া ঢুলীয়াৰ ভাৱতে চাৰ্কাচ, ভাৱনা, বহুৱালী, নৃত্য, গীত সমস্ত একেধাৰে বৰ্ত্তমান আছে।

পঞ্চদশ অধ্যায়
জিকেৰিত।

 আজি দেবী বিসৰ্জ্জনৰ দিন। ৰাতিপুৱাৰে পৰা বিসৰ্জ্জনৰ আয়োজন হল। কামৰূপীয়া বৰুৱা চৌধাৰী সকলে সোনকালে খাই-বই উঠি ৰভাৰ তলত বহিলহি। হৰদত্ত বীৰদত্ত উভয়ে আহি অভ্যৰ্থনা জনালে। ভাৰ পিছত হৰদত্ত চৌধাৰীয়ে থিয় হৈ হাত যুৰি কলে :— “বাপসকল! ৰাইজ সকল! এইবাৰ আপোনাসকলে এই দুৰ্গোৎসবলৈ আহি এই নিঃকিনক কৃপা কৰিলে। কিজানি আমাৰ সোধ পোচত কৰবাত কিবা ত্ৰুটী হব পাৰে। সেইটো নিজগুণে সকলোৱে যেন ক্ষমা কৰে। আপোনাসকলক নিমন্ত্ৰণ কৰাৰ এটা ডাঙ্গৰ উদ্দেশ্য আছে। আপোনাসকলৰ মনত আছে এইবাৰ বহাগৰ বিহুত বৰফুকনে কিদৰে আমাক মাতি নি লঘু-লাঞ্ছনা কৰিলে— আন কি, বিনা দোষে, বিনা কাৰণে হাতীৰে গছকাই আমাৰ লৰা-ছোৱালী মাৰিলে। আপোনাসকলে এই নিঃকিনক পাঁড়ুৰ বাহৰতে উজনিৰ ৰংপুৰৰ ৰজা আৰু মন্ত্ৰীৰ ওচৰলৈ বিচাৰ প্ৰাৰ্থনা কৰি মানুহ পঠাব দিছিল। সেই অনুসৰি মই বুঢ়াগোহাইৰ ওচৰলৈ মানুহ এযোৰা পঠাইছিলো। বুঢ়াগোহাঁয়ে ইয়াকে কলে যে এতিয়া তেওঁ কোনো বিচাৰ কৰিব নোৱাৰে। তেওঁ মোৱামৰিয়াহঁতৰ বিদ্ৰোহ-দমনত ব্যস্ত। আমাৰ মানুহ ৰজাৰ ওচৰকে চাপিব নোৱৰিলে।

  1. * মুখা—Mask হেঙ্গুল হাইতাল আৰু সোন ৰূপৰ ৰহণ সানি দেৱতা মানুহ বা ৰাক্ষসৰ মুখৰ আকৃতিৰ ডাঙ্গৰ মুখত পিন্ধা আৱৰণ।