পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নবম অধ্যায়।
______

এই দৰে পৰামৰ্শ হোৱাৰ পিছ দিনা ৰাতিপুৱাই কেৱলীয়া আতৈ কেইজনে খাই বই উঠি হৰদত্ত চৌধাৰীৰ পৰা বিদায় ললে। যাবৰ পৰত কলে—“বাপ! আপুনি কলিতাকুলৰ গৌৰৱ; আপোনাৰ উচিত যে এনেকুৱা ব্যভিচাৰী তান্ত্ৰিক বিদেশী গুন্দা সাধুক পোহপাল দিবলৈ এৰি আমাৰ মহাপুৰুষৰ ধৰ্ম্মত আস্থা ৰাখি চলাটো। আমাৰ হিন্দু যে শক্তি-পূজা কৰিলেই বল বাঢ়িব, আমাৰ হিন্দুৱে যে আহোমক খেদি ৰাজত্ব কৰিব, এইটো আমাৰ মনে নধৰে। এতেকে বাপ! ঈশ্বৰ কৃষ্ণই আমাক যাক য’ত যি অৱস্থাত ৰাখিছে তাত সন্তুষ্ট হই থকাই ভাল। বাপ! আমি বিদায় মাগিলোঁ। ” এই কথা কই কেৱলীয়া আতৈ কেজন গুচি গল। হৰদত্ত চৌধাৰীয়ে তেওঁবিলাকৰ কথাত উত্তম অধম একো নকই ভায়েক বীৰদত্তক মতাই আনি কলে :—“বাপা বীৰদত! মই কালি পুৱাই এমাহ মানলৈ ঘৰ এৰি মদন কামদেব দেৱালয়ত গই থাকিম। তাত মই দেশৰ ভালৰ অৰ্থে পুৰঃসৰণ কৰিম। আজিয়েই ভাৰীহঁতৰ হাতত এমাহৰ যোখাৰে তিনি চাৰিজন মানুহে খাব পৰাকৈ সম্ভাৰ পঠাই