পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৫১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


কব পাৰিম’। দৈবজ্ঞ দুৰ্জনৰ এই কথাত হৰদত্তে পদ্মকুমাৰী আইদেউক মাতি আনিলে। দৈবজ্ঞ দুজনে আইদেউৰ হাত আৰু কপাল চাই আই দেউক ভিতৰলৈ যাবলৈ অনুমতি দি কলে :-“বাপ ! মাইছানাৰ কৰ, কুষ্টি, কপাল, মিলাই চাই পালো যে মাইছানা ৰজাৰ ঘৰত জন্মিব লাগিছিল। কৰ আৰু কপালত ৰাজ-ৰাজেশ্বৰীৰ চিহ্ন অঁকা আছে ; কিন্তু কুষ্ঠীৰ চতুৰসাগৰী যোগ থকা স্বত্বেও জন্মত কেতুগ্ৰহ আছে। যদি গুৰু সবল থাকিল হেঁতেন তেন্তে এই কেতুয়েও একো কৰিব নোৱাৰিলে হেতেন। কিন্তু জন্মকালীন গুৰু দুৰ্ব্বল। তথাপি মাইছানাৰ কুষ্ঠি বৰ বলী। এওঁ ৰাজপুত্ৰ সদৃশ দৰা পাব লাগে ; ধনেবস্তুৰে বৈ যোৱা হব লাগে। দৈবজ্ঞ সকলে এইদৰে কোৱাত চৌধাৰীয়ে ভাল পাই ভিতৰৰ পৰা দৈবজ্ঞ দুজনক দুটকি কেচা ৰূপ দিলে। দৈবজ্ঞ দুজনে চৌধাৰীক আশীৰ্ব্বাদ দিলে :—

গবহা বাহনো যেষাং

ত্ৰিকচা কৰভূষণং
লপসা পত্নয়োৰ্যেসাং

তে দেবাঃ পাস্তু বঃ সদা

এই আশীৰ্ব্বাদ দি দৈবজ্ঞ দুজন গুচি গল। হৰদত্ত চৌধাৰীও ভিতৰলৈ গল।
       গধুলি হলত আকৌ চৌধাৰীয়ে মন্দিৰলৈ আহি বামাচাৰী জনে সৈতে কথা বতৰা হল। চৌধাৰীয়ে বামাচাৰী জনৰ