পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বটাত তামোল-পাণ আনি দেউসকলৰ আগত থলে। চৌধাৰীয়ে মহীৰাম বোলা তেওঁৰ তোলনীয়া ডেকা এজনক মাতি ফলি আৰু ফলিগুটি এজোৰা অনালে। দৈবজ্ঞ ব্ৰাহ্মণ দুজনে গুৱা কাটি চৌধাৰীৰ আগত থলে। চৌধাৰীয়ে বটাৰ পৰা গুৱা লই তেওঁবিলাকক বটা ওলটাই দিলে; তেতিয়া দৈৱজ্ঞ বাহ্মণ দুজনে তামোল-চালি খালে। ইয়াৰ পিছতে চৌধাৰীয়ে সোঁৱৰণী দুখান আগ বঢ়াই দি ক’লে - “দেউসকল! মোৰ সোঁৱৰণীখান আৰু আইদেউৰ খানো চাওকচোন। দৈবজ্ঞ দুজনে প্ৰথমে চৌধাৰীৰ সোঁৱৰণীৰ ৰাশি-চক্ৰ ফলিত পাতি লই টোপোলাৰ পৰা পাজি উলিয়াই ভালেমান পৰ গণি-পিটি চাই কলে :–“বাপ! আপোনাৰ সোঁৱৰণী বৰ বলী। চতুৰ সিংহাসনি, পঞ্চাননি ইত্যাদি ডাঙ্গৰ ডাঙ্গৰ যোগ আছে। বৰ্তমানে বাপৰ একাদশত বৃহস্পতি। অহা বহাগৰ পৰা গুৰু দ্বাদশলৈ যাব। ছবছৰৰ পিছত
বাপৰ ৰাশিত শনি প্ৰবেশ কৰিব। এই ছবছৰলৈ বাপৰ দিন বৰ ভাল। শনি প্ৰবেশ কৰাৰ পৰা অলপ বেয়া হব।
       হৰদত্ত—দেউসকল! মোৰ যে চতুৰ সিংহাসনি যোগ আছে বুলি কইছে তেন্তে মই দেখোন ৰজা হব লাগিছিল। ক’তা, দেখোন ৰজা নহওঁ। আপনালোক গণক বাপু সকলে আমাক ভাল লগাবলৈ হবলা যিহকে পায় তাকে লেখি কয়
       ১ম দৈবজ্ঞ—“বাপ! জন্মোতে ৰাশি চক্ৰ যিদৰে বহে,