পৃষ্ঠা:দদাইৰ পজা.pdf/১০৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯৮
দদাইৰ পজা

দিব নোখোজাহেতেন আমি ইমান খিনি বাট আহিব নোৱাৰিলোঁ হয়। প্ৰভু আমাৰ সহায়। মোৰ দৃঢ় বিশ্বাস, প্ৰভু আমাৰ লগৰীয়া হৈ আজিয়েই আমাক মুক্তি দিব।”

 জৰ্জে ক'লে, “বাৰু তোমাৰ কথাই হওক।” এই বুলি জৰ্জে উঠি ক'লে, “বলা এতিয়া যাওঁ।” অলপ পৰ ঘৈণীয়েকৰ ফালে চাই ক'লে, “সঁচাসঁচিকৈয়ে, তোমাক বৰ সুন্দৰ দেখি। এতিয়া মুৰত টুপি পিন্ধা।” কেনেকৈ মতা মানুহে টুপি পিন্ধে দেখুৱাই দিলে।

 মিসেস্ স্মিথ্ বুলি এজন মানুহে হেৰিক ছোৱালীৰ কাপোৰ পিন্ধাই খোটালীটোলৈ আনিলে। মাকে দেখি চুমা খাই ক'লে, “চোৱাচোন্ চোৱা কেনে দিপলিপ্, ছোৱালীটি আমাৰ আহিছে।”

 হেৰিয়ে মাকৰ ফালে আচৰিত ভাবে চাই থাকিল। (মাজে মাজে দীঘল হুমুনিয়াহ কাঢ়ি ) ইলাইজাই শুধিলে, “হেৰিয়ে তাৰ মাকক চিনি পাইছে নে?” হেৰিয়ে মাকক সাবটি ধৰিলে।

 জৰ্জে কলে, “ইলাইজা, তাৰ সৈতে কথা নকবা। তাক বেলেগে ৰাখিব লাগে নহয়। মিসেস্ স্মিথ, আপুনি আমাৰ পেহি দেই। মনত থাকে যেন। ইলাইজা, তুমি হাত দুখন দস্তানা পিন্ধি ঢাকি থোৱা। নহলে তোমাৰ কোমল হাত দুখনেই আমাক বিপদত পেলাব।” এনেবোৰ কথা কৈ গাড়ীত উঠিল গৈ।