পৃষ্ঠা:দদাইৰ পজা.pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৬
দদাইৰ পজা

ৰাখিব। মই জানোঁ। এতিয়া মই কৈয়েই পেলাওঁ। সিহঁতে ধৰা নপৰিলেই মই ভাল পাওঁ এতিয়া। এই মাৰ্ক্স হতশ্ৰী যোৱাটোক সেকা দিব লাগে, পাজিটোক। কবা যে ছোৱালীজনীক যেন আন কোনো ৰকম কাপোৰ পিন্ধোৱা হয়। তাইৰ বিষয়ে সকলো ঠাইতে জাননী দিয়া হৈছে। তাইক যেন ইলাইজা বুলি সিহঁতে চিনি নেপায়।”

 "বাৰু সেই বিষয়ে আমি কিবা এটা কৰিম।” ধীৰ ভাবে তেওঁ উত্তৰ দিলে। সেবিকা হলে ধীৰ মৰমীয়াল, কষ্ট সহিব পৰা মানুহ হ'ব লাগে। আমাৰ ভাৰতত সেবিকা লাগে।

 যি কাৰণেই হওক, মাৰ্ক্সৰ হিংসাতেই হওক কি সিহঁতক মৰম কৰিয়েই হওক যি কি কাৰণেই হওক এই ফেৰি কথা লোকাবে কৈ বৰ উপকাৰ কৰিলে।

 টম লোকাৰৰ কথা একাষাৰ আৰু কওঁ। বহুত দিন বেমাৰত ভুগি আৰু কুয়েকাৰ পৰিয়ালৰ মৰম পাই গোলাম ধৰা কাম এৰি দিলে। গোলামৰ সলনি ভালুক, কুকুৰ নেচিয়া বাঘ আৰু আন আন বনৰ অধিবাসীক ধৰিবলৈ আৰম্ভ কৰি দিলে। যুক্তৰাজ্যত ই এটা বৰ ডাঙ্গৰ বনৰীয়া জন্তু ধৰা মানুহ বুলি খ্যাতি লাভ কৰিলে। মানুহ ধৰা কামৰকৈ যে ই ভাল লোকাৰে শেহত জানিলে। ভালেই হ'ল।

 টমৰ কথা শুনি সিহঁত দুই দল হ’ল। এদল জিম আৰু তাৰ মাক আৰু আন দল হ’ল জৰ্জ, ইলাইজা আৰু