পৃষ্ঠা:দদাইৰ পজা.pdf/১০৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯৭
দদাইৰ পজা

হ্যাৰি। জিমহঁতক আগৈয়ে বেলেগে পঠিয়াই দিয়া হ'ল। দুৰাতিমান পাছত ইহঁত গ'ল। গৈ স্যানডাক্সিত কোনো মিত্ৰ মানুহৰ লগত এৰাতি জৰ্জহঁত থাকিল গৈ।

 ইলাইজাই লৰাৰ কাপোৰ পিন্ধিলে। চুলি কোচা কাটিবৰ সময়তহে ইলাইজাৰ মন বেয়া লাগিছিল। গিৰীয়েকক ক'লে, “চুলি কোচা যাব, বেয়া লাগিছে। তোমাৰ বেয়া লগা নাই নে জৰ্জ।” জৰ্জে এটা দুখৰ হাঁহি হাঁহিলে। তাৰ পাছত কেচিৰে চুলিখিনি কাটিলে। চুলি গ'লে আকৌ গজিব কিন্তু এবাৰ ধৰা পৰিলে আৰু মুক্তি নাই।

 বৰুজেৰে মুৰ আচুৰি গিৰীয়েকৰ আগত থিয় হৈ হাঁহি, অলপ লাজকুৰীয়া ভাবেৰে কলে, “কেনে সুন্দৰ ল’ৰা সাজিছোঁ, চোৱা।” জৰ্জে কলে, “ইলাইজা, তুমি সকলো সময়তে সুন্দৰ।”

 ইলাইজাই গিৰীয়েকৰ হাতখন চুই শুধিলে, “তোমাৰ বেজাৰ কিয় জৰ্জ? আৰু চব্বিশ্ ঘণ্টাৰ পাছত ক্যান্যাডা পাম গৈ। শুনিছোঁ বোলে জাহাজত এদিন এৰাতি মাথোন, তাৰ পাছত⸻"

 জৰ্জে ইলাইজাক ওচৰলৈ আনি ক'লে, “ইলাইজা, এৰা, তাকে ভাবিছোঁ। এতিয়া ইমান ওচৰ চাপি আহিছোঁ আৰু এই খিনিতে যদি কিবা এটা হয়। তেনেহলে—ইলাইজা, তেনেহলে আৰু মই সহিব নোৱাৰিম।”

 সহধৰ্ম্মিণীয়ে ক'লে, “ভয় নকৰিবা। প্ৰভুয়ে আমাৰ মুক্তি