সৌভাগ্যবশতঃ মিসেস্ স্মিথক তেওঁলোকে সেই ঠাইতে পালে। তেওঁ ক্যান্যাডাত থাকে। আৰু তেওঁক হেৰিৰ পেহিয়েক হবলৈ কোৱা হ'ল। হেৰিক দুদিনমান মিসেস্ স্মিথৰ লগত সেই গুণে ৰখা হৈছিল।
গাড়ীৰ পৰা তেওঁলোক নামিল। ডেকা লৰা দুটাৰ ( জৰ্জ আৰু ইলাইজা) ভিতৰৰ এজনে (জৰ্জে) মালপত্ৰ বোৰৰ ঠিকঠাক কৰিলে গৈ আৰু ইলাইজাই মিসেস্ স্মিথ আৰু হেৰিক জাহাজত বহুৱালেগৈ। জৰ্জে কোনোবাই কোৱা শুনিলে “মই প্ৰত্যেক যাত্ৰীকে ভালকৈ চাইছোঁ, তেনে কোনো যাত্ৰীকে দেখা নাই, বুজিছা নে?”
এই মানুহটী জাহাজৰ কেৰাণীজন আৰু যিটিৰ সৈতে কথা কৈছিল, সি আছিল, মাৰ্কস্। মাৰ্কসে ক'লে, “তিৰুতাজনী আমাৰ বগা মানুহৰ দৰেই বগা আৰু মুনিহটোও বগা মিউলাটো। তাৰ হাতত এটা ছাপৰ চিন আছে।”
জৰ্জে টিকিট কিনিছিল। হাতখন অলপ কঁপিল। তাৰ পাছত আৰু একো নহল। জাহাজত লাহে লাহে আন যাত্ৰীৰ দৰে বহিলগৈ। মিসেস্ স্মিথ আৰু হেৰিয়ে তিৰুতাৰ কেবিনলৈ গ'ল। জৰ্জ আৰু ইলাইজাই এফালে কথা পাতি থাকিল। অলপ পৰ পাছত মাৰ্কস্ গুছি যোৱা দেখি জৰ্জৰ আনন্দ হল। তাৰ পাছতেই জাহাজ এৰি দিলে।
মুক্তি। ইৰি হ্ৰদৰ পানী সেই দিন সূৰ্য্যৰ পোহৰত কেনে