ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/সমুদ্ৰত মৃত্যু হ'ল জাহাজৰ সহকৰ্মীসকলৰ

ৱিকিউৎসৰ পৰা
[ ১৫ ]

লুই আলজেন্দ্ৰা ভেলাছকো


এক

সমুদ্ৰত মৃত্যু হ'ল
জাহাজৰ সহকৰ্মীসকলৰ

 কলম্বিয়ালৈ উভতি যোৱা হ’ব— এই কথা আমাক ২২ ফেব্ৰুৱাৰীৰ দিনা জনাই দিয়া হ’ল। আঠ মাহ ধৰি আমি আলবামাৰ মবিলত আছিলোঁ, ইলেক্ট্ৰ’নিক যন্ত্ৰ-পাতি আৰু আমাৰ জাহাজ কালডাছৰ কামান মেৰামতি কৰাৰ উদ্দেশ্যেৰে কামৰ পৰা মুক্ত হ’লে বন্দৰলৈ আহি নাৱিকসকলে যি কৰে, তাকে কৰিছিলোঁ। বান্ধৱী এজনী যোগাৰ কৰি হয়তো চিনেমা চাবলৈ গৈছোঁ অথবা গৈছোঁ বন্দৰত থকা ‘জো পালুকা’ নামৰ বাৰত হুইস্কি খাবলৈ, কেতিয়াবা হয়তো পৰস্পৰৰ সৈতে লিপ্ত হৈছোঁ মাৰপিটতো।

 মেৰী এড়ৰেছ মোৰ বান্ধৱীগৰাকীৰ নাম। এজন নাৱিকে তাইৰ সৈতে মোক [ ১৬ ] চিনাকি কৰাই দিছিল। মবিলত দুমাহ কটোৱাৰ পাছত মেৰীয়ে অলপ-অচৰপ স্পেনিছ ক’বলৈ শিকি পেলালে। কিন্তু মই জানো যে বন্ধুবৰ্গই যেতিয়া তাইক Maria Direccion বুলি ঠাট্টা কৰি মাতে, তাৰ মৰ্ম তাই এতিয়াও বুজিব পৰা হোৱা নাই। যিমানবাৰ মই বন্দৰত নামিছিলোঁ, তাইক চিনেমালৈ লৈ গৈছোঁ, কেতিয়াবা হয়তো তাই ইচ্ছা কৰিছিল বাবে নিছোঁ আইচক্ৰীম খাবলৈকো। অৰ্ধেক ইংৰাজী আৰু অৰ্ধেক স্পেনিছ ভাষাৰে আমি পৰস্পৰক কোনো প্ৰকাৰে বুজি উঠিছিলোঁ। কিন্তু চিনেমা চাবলৈ বা আইচক্ৰীম খাবলৈ আমি পৰস্পৰক বুজি পোৱাত কোনো অসুবিধাৰ সৃষ্টি হোৱা নাছিল।

 যিদিনা ‘দ্য কেন মিউটিনি’ নামৰ চিনেমাখন চাবলৈ গৈছিলোঁ, কেৱল সিদিনাহে ৰাতি মেৰী মোৰ লগত নাছিল। মোৰ বন্ধুসকলে কৈছিল যে মাইন ছুইপাৰ জাহাজৰ জীৱনযাত্ৰাৰ বিষয়ে এইখন এখন বঢ়িয়া চিনেমা। সেইবাবেই চাবলৈ গ’লোঁ। কিন্তু চিনেমাখনৰ আটাইতকৈ বঢ়িয়া বস্তুটো হ’ল ধুমুহাৰ দৃশ্যসমূহহে, মাইন ছুইপাৰ জাহাজখন নহয়। আমি সকলোৱে একমত হ’লোঁ⸺ এনেধৰণৰ অৱস্থাত পতিত হ’লে জাহাজৰ গতিপথ সলনি কৰাত বাদে আৰু কোনো বিকল্প নাই। বিদ্ৰোহীসকলেও তাকেই কৰিছিল। কিন্তু বাস্তৱ জীৱনত আমি কোনেও এনেধৰণৰ ধুমুহাৰ মুখামুখি হ’বলগা হোৱা নাছিলোঁ সেয়ে ধুমুহাৰ দৃশ্যবোৰে আমাৰ মনত যিধৰণে প্ৰভাৱিত কৰিলে, চিনেমাখনে তেনেধৰণে কৰিব নোৱাৰিলে। সিদিনা নিশা জাহাজলৈ যেতিয়া উভতি আহিলোঁ, ডিয়েগো ভেলাছকোয়েছ নামৰ নাৱিকজনে আমাক সোঁৱৰাই দিলে যে দুই-এদিনৰ ভিতৰতে আমি সমুদ্ৰলৈ ৰাওনা হ’ম। চিনেমাখনে ডিয়েগোকো প্ৰভাৱিত কৰিছিল। সম্ভৱতঃ সেইবাবেই চিন্তিতভাৱে তেওঁ ক’লে⸺ ‘যদি আমাৰো তেনে অৱস্থা হয়?’

 মই স্বীকাৰ কৰিবই লাগিব যে চিনেমাখনে আমাৰ সকলোৰে মাজত যথেষ্ট ছাপ পেলাইছে। যোৱা আঠ মাহ ধৰি মই সমুদ্ৰৰ জীৱন অতিবাহিত কৰিছোঁ। মই ভয়াতুৰ নহয়। জাহাজৰ শিক্ষক এজনে আমাক শিকাইছিল— জাহাজ ডুবিলে কি কি কৰিব লাগে। তথাপি ‘দ্য কেন মিউটিনি’ চোৱাৰ পাছত কিয় জানো অস্বস্তিত ভুগিছিলোঁ!

 এই অস্বস্তি এই সংশয় যে আচলতে কোনো ভয়াৱহ বিপদৰ আগজাননী, মই তাকো ক’ব খোজা নাই। কিন্তু ইয়াৰ আগতে মোৰ কেতিয়াও ইমান ভয় লগা নাছিল। মোৰ শৈশৱকালত বোগোটাত কিতাপৰ ছবি চাই চাই আত্মবিভোৰ হওঁতেও মোৰ কেতিয়াও ভাব হোৱা নাছিল যে কোনোবাই সমুদ্ৰত মৃত্যুমুখত পৰিবলগীয়া হয়। বৰং সমুদ্ৰৰ প্ৰতি মোৰ আছিল অগাধ বিশ্বাস। দুবছৰ আগতে নৌ বাহিনীত যোগ দিয়াৰ সময়ৰে পৰা মই কেতিয়াও সমুদ্ৰলৈ যাবলৈ ভীতিগ্ৰস্ত হোৱা নাই। কিন্তু ক’বলৈ লাজ নকৰোঁ⸺ ‘দ্য কেন মিউটিনি’ চোৱাৰ পাছত সঁচাকৈয়ে ভয়ৰ ভূত মোৰ কান্ধত উঠি [ ১৭ ] বহিল। বাংকত উবুৰি হৈ শুই শুই মই কেৱল পৰিয়ালৰ কথাই চিন্তা কৰিবলৈ ধৰিলোঁ। বাৰে বাৰে ব্যাঘাত জন্মিল টোপনিত। হাত দুখন ভাঁজ কৰি তাতে মূৰটো থৈ নীৰৱে শুনি গ'লোঁ সাগৰৰ ঢৌবোৰৰ শব্দ। বাৰে বাৰে আহি মোৰ কাণত বাজি থাকিল কুঠৰিটোৰ নিদ্ৰামগ্ন চল্লিছজন নাৱিকৰ শ্বাস-প্ৰশ্বাসৰ আৱাজ। মোৰ বাংকৰ তলতে প্ৰথম শ্ৰেণীৰ নাৱিক লুই ৰেনগিফোৱে বাঁহীৰ দৰে নাক বজাইছিল। নাজানো তেওঁ কি ধৰণৰ সপোন দেখিছে। যদি তেওঁ জানিলেহেঁতেন আৰু মাত্ৰ আঠটা দিন পাছত সমুদ্ৰত তেওঁৰ মৃত্যু ঘটিব, তেন্তে এনেদৰে তেওঁ কেতিয়াও নিশ্চিতভাৱে শুব নোৱাৰিলেহেঁতেন।

 গোটেই সপ্তাহটো ধৰি মোৰ অস্বস্তি থাকিয়ে গ’ল। যাত্ৰাৰ দিনটো যেন ভয়ংকৰভাৱে আগুৱাই আহিছে। আত্মবিশ্বাস ওভতাই অনাৰ বাবে সহকৰ্মীসকলৰ সৈতে গল্প-গুজব আৰম্ভ কৰিলোঁ। বিশেষকৈ পৰিয়াল, ল’ৰা-ছোৱালীয়েই আছিল আমাৰ আলোচনাৰ বিষয়। কলম্বিয়া, আমাৰ প্ৰত্যাৱৰ্তন এইবোৰৰ বিষয়ে সকলোৱে বাৰে বাৰে আলোচনা কৰিছিল। অলেখ উপহাৰেৰে জাহাজ ভৰি পৰিছিল, আমি এই সকলোবোৰেই ঘৰলৈ কঢ়িয়াই লৈ যাম। ৰেডিঅ’, ৰেফ্ৰিজাৰেটৰ, ৱাশ্বিং মেচিন, ষ্টোভ। ময়ো এটা ৰেডিঅ’ কিনিছিলোঁ।

 মনৰ উদ্বেগ-অস্থিৰতা দূৰ কৰিব নোৱাৰি মনে মনে সিদ্ধান্ত কৰি পেলালোঁ যে কাৰ্টাজেনাত উপস্থিত হোৱাৰ পাছতে নৌ বাহিনী ত্যাগ কৰি দিম। এৰি দিম কাম। যাত্ৰাৰ আগদিনা ৰাতি মেৰীক বিদায় জনাবলৈ গ'লোঁ। ভাবিলোঁ, তাইক কৈ দিওঁ মোৰ সিদ্ধান্তৰ কথা। কিন্তু কোৱা হৈ নুঠিল, কাৰণ তাইক মই কথা দিছিলোঁ উভতি অহাৰ। তাই মোক মুঠেও বিশ্বাস নকৰিব, যদি কৈয়ে দিওঁ আৰু কোনোদিনে সমুদ্ৰত পাৰি নিদিওঁ। একমাত্ৰ দ্বিতীয় শ্ৰেণীৰ নাৱিক ৰেমন হেৰেৰাকহে কথাটো ক'লোঁ। কিয়নো সিও সেই একেই সিদ্ধান্ত লৈছিল। আমি ভয়ৰ ভাব ভাগ-বাটোৱাৰা কৰি ৰেমন হেৰোৰা আৰু ডিয়েগো ভেলাছকুইছৰ সৈতে আকণ্ঠ হুইস্কি পান কৰিলোঁ আৰু বিদায় জনালোঁ জো পালুকাক।

 ভাবিছিলোঁ এবটলেই হুইস্কি খাম, কিন্তু শেষ কৰিলোঁ পাঁচটা বটলত। সকলো বান্ধৱীয়ে জানিছিল আমাৰ বিদায় আসন্ন, তেওঁলোকে আমাক শুভেচ্ছা জনাবলৈ আহিছিল। বহুতে মদ খাই কন্দা—কটাও কৰিলে। ‘বেণ্ড পাৰ্টী’ৰ চছ্‌মা পৰিহিত গুৰু-গম্ভীৰ যিজন দলপতি আছিল— যাক মুঠেও শিল্পী যেন নালাগে, কেৱল আমাৰ সন্মানাৰ্থেই প্ৰাণঢালি এনেদৰে মেম্বোছ আৰু ট্যাংগো বজালে যেন সেয়া কলম্বিয়াৰহে সুৰ। আমাৰ বান্ধৱীসকলে ফেঁকুৰি উঠিল আৰু ডেৰ ডলাৰ দামৰ বটলৰ হুইস্কি পান কৰাত লাগিল।

[ ১৮ ]  আমি সেই সপ্তাহটোত দৰমহা পাইছিলোঁ তিনিবাৰ, ঠিক কৰিলোঁ, শেষবাৰৰ বাবে হৈ-হুলস্থূল অলপ হওক। মাতাল হৈ মই ভয়-দুশ্চিন্তাৰ পৰা মুক্ত হ'ব বিচাৰিছিলোঁ, ঠিক ৰেমন হেৰোৰাৰ দৰে— যি অৰজনাৰ মানুহৰ দৰে সদায়ে দিলখুচ ভাবত থাকে। সি সুন্দৰভাৱে ড্ৰাম বজাবলৈ জানিছিল আৰু জানিছিল বিখ্যাত অভিনেতাৰ নকল কৰিবলৈ।

 বাৰখনৰ পৰা বিদায় লোৱাৰ আগমুহূৰ্তত উত্তৰ আমেৰিকাৰ এগৰাকী নাৱিক আহি কাষ চাপিল আমাৰ টেবুলৰ। ৰেমন হেৰোৰাৰ বান্ধৱীগৰাকীৰ সৈতে নাচিবলৈ অনুমতি বিচাৰিলে তেওঁ। কিন্তু তাই আছিল এগৰাকী দীৰ্ঘদেহী যুৱতী। সিদিনা যথেষ্ট মদ্যপান কৰিছিল আৰু কেৱল কান্দিছিল। উত্তৰ আমেৰিকাৰ নাৱিকজনে ইংৰাজীতে অনুমতি বিচাৰিলে আৰু ৰেমন হেৰোৰাই তাৰ সৈতে হেণ্ডশ্বেক কৰি বিৰক্তিৰে স্পেনিছতে উত্তৰ দিলে— ‘কি কৈছা একো বুজা নাই, কুত্তাৰ বাচ্ছা।’

 ইয়াৰ পৰাই আৰম্ভ হ’ল তাণ্ডৱলীলা। হৈ-হুলস্থূল, মৰামৰি, আহিল ৰেডিঅ' টহলদাৰী পুলিচ, সামৰিক বাহিনী। ৰেমন হেৰোৰাই তাৰ মাজতে কেইবাটাও ঘোচা শোধাইছিল উত্তৰ আমেৰিকান দলক। জাহাজলৈ উভতি আহোঁতে ৰাতি এক বাজিল। সি উভতিল ডেনিয়েল ছেনটোছৰ দৰে গান গাই গাই। সি কৈছিল— এইবাৰ তাৰ অন্তিম বিদেশ যাত্ৰা, আৰু বাস্তৱিকতে সেয়াই সঁচা হ'ল।

 ছাব্বিছ তাৰিখৰ ৰাতি তিনি বজাৰ লগে লগে মবিল বন্দৰৰ পৰা কালডাছে লংগৰ তুলিলে। যাত্ৰা আৰম্ভ কৰিলে কাৰ্টাজেনা অভিমুখে। ঘৰলৈ উভতিছোঁ বাবে আমাৰ সকলোৰে বিৰাট স্ফূৰ্তি। সকলোৰে লগত অলেখ উপহাৰ। সবাতোকৈ বেছি আনন্দিত প্ৰধান হিলৈধাৰীৰ সহকৰ্মী মিগুৱেল অৰ্তেগা। মোৰ বিশ্বাস — মিগুৱেলৰ দৰে আৰু কোনো দূৰদৰ্শী নাৱিক নাই। মবিলত সি এক ডলাৰো বাজে কামত খৰচ কৰা নাই। হাতলৈ যিমান টকা আহিছে, সেই টকাৰে কাৰ্টাজেনাতে অপেক্ষা কৰি থকা তাৰ ঘৈণীয়েকলৈ উপহাৰ কিনিছে কেৱল। পুৱা আমি যেতিয়া জাহাজত উঠিলোঁ, অৰ্তেগাই ব্ৰীজৰ ওপৰত থিয় হৈ নিজৰ ল'ৰা-তিৰোতাৰ কথাকে পাতি আছিল। সিহঁতৰ বাবে সি কিনিছে এটা ৰেফ্ৰিজাৰেটৰ, এটা স্বয়ংক্ৰিয় ৱাশ্বাৰ মেচিন, এটা ৰেডিঅ’ আৰু এটা ষ্টোভ। বাৰ ঘণ্টাৰ পাছত অৱশ্যে অৰ্তেগাই বাংকত সমুদ্ৰপীড়াত মৰোঁ মৰোঁ হ’ব আৰু চৌবিছ ঘণ্টাৰ পাছত সমুদ্ৰৰ অতল গৰ্ভত ডুবি মৰিব লাগিব।

 মৃত্যুৰ অতিথিসকল

 জাহাজৰ লংগৰ তোলাৰ লগে লগে নিৰ্দেশ আহিল — ‘কৰ্মীসকল, প্ৰত্যেকেই নিজৰ নিজৰ ঠাইত অৱস্থান কৰক।’ জাহাজে বন্দৰ ত্যাগ নকৰাপৰ্যন্ত প্ৰত্যেকেই নিজৰ [ ১৯ ] নিজৰ ঠাইত থাকিব লাগিব। টৰ্পেডোৰ নলীৰ সন্মুখত শান্তভাৱে থিয় হৈ মই লক্ষ্য কৰিছিলোঁ মবিলৰ পোহৰ ধীৰে ধীৰে বিলীন হৈ গৈছে কুঁৱলীৰ সৈতে। মোৰ কিন্তু মেৰীলৈ মনত পৰা নাছিল, মনলৈ আহিছিল বাৰে বাৰে সমুদ্ৰৰ কথাহে। মই জানিছিলোঁ যে পিছদিনা আমি মেক্সিকো উপসাগৰত উপস্থিত হ'ম আৰু বছৰৰ এইছোৱা সময়ত সেয়া হ’ব এক বিপদসংকুল যাত্ৰা। পুৱাৰ পৰাই লেফটেনেণ্ট জেম মাৰ্টিনেজক চকুত পৰা নাই মোৰ। তেওঁ জাহাজৰ নেতৃত্ব দিয়া দ্বিতীয়গৰাকী ব্যক্তি, ওখ-পাখ, হৃষ্ট-পুষ্ট স্বল্পভাষী এই মানুহজনক মই মাত্ৰ কেইবাৰমানহে দেখিছোঁ। মই জানো— তেওঁ তলিমাৰৰ বাসিন্দা আৰু চমৎকাৰ ব্যক্তিত্বৰ মানুহ (আৰু তেওঁ হ’ল একমাত্ৰ অফিচাৰ—যিয়ে এই বিপৰ্যয়ত প্ৰাণ দিব লাগিব)।

 পুৱা মোৰ সাক্ষাৎ হ’ল প্ৰথম ৱাৰেণ্ট অফিচাৰ হুলিঅ' আমাদোৰ কাৰবালোৰ সৈতে। দীৰ্ঘকায়, সুদৰ্শন চেহেৰা তেওঁৰ। মোৰ কাষেৰে পাৰ হৈ তেওঁ বন্দৰৰ বিলীয়মান পোহৰ চাবলৈ থিয় হ'ল। সম্ভৱতঃ এয়া শেষবাৰৰ বাবে মই তেওঁক জাহাজত দেখিবলৈ পাইছিলোঁ। কালডাছৰ কোনো নাৱিকে সম্ভৱতঃ মুখ্য অভিযন্তা তথা ৱাৰেণ্ট অফিচাৰ এলিয়াছ ছাবোগালৰ দৰে প্ৰত্যাৱৰ্তনক লৈ ইমান আনন্দিত হোৱা নাছিল। তেওঁ আছিল সাগৰৰ কুকুৰনেচীয়া বাঘ। চুটি-চাপৰ এই মানুহজন বৰ স্ফূৰ্তিবাজ। বহুবল্কীও। বয়স তেওঁৰ চল্লিছ, মোৰ ধাৰণা তেওঁৰ জীৱনৰ বেছিভাগ বছৰ গৈছে কথা কওঁতে।

 অৱশ্যে তেওঁ ইমান আনন্দ কৰাৰ যুক্তিও আছে। কাৰ্টাজেনাত তেওঁৰ পত্নী অপেক্ষা কৰিছে ছটাকৈ সন্তানৰ সৈতে। ছাবোগালে পাঁচটি সন্তানক দেখিছে, কিন্তু অন্তিম শিশুটিৰ জন্ম যেতিয়া হৈছে, তেতিয়া মবিলৰ বন্দৰত।

 পুৱালৈ নিশ্চিত শান্তিৰ যাত্ৰা অব্যাহত থাকিল। এঘণ্টাৰ ভিতৰতে মই এই যাত্ৰাৰ সৈতে নিজকে সহজ কৰি তুলিবলৈ সক্ষম হ'লোঁ। পূবত সূৰ্য উদয় হৈছে। মোৰ কোনো অস্বস্তি নাছিল, ময়ো ক্লান্তি অনুভৱ কৰিছিলোঁ। তৃষ্ণাও লাগিছিল, শৰীৰত আছিল যোৱা ৰাতিৰ হুইস্কিৰ অবাঞ্ছিত হেং অভাৰ।

 ঠিক ছয় বজাত নিৰ্দেশ আহিল — ‘সাধাৰণ কৰ্মীসকলৰ ছুটী। জাহাজ চালনাৰ কৰ্মীসকলে নিজৰ নিজৰ স্থানত অৱস্থান কৰক।’ ঘোষণা শুনি মই কুঠৰীলৈ উভতি আহিলোঁ। মোৰ বাংকৰ তলত থকা লুই ৰেনগিফোৱে চকু মোহাৰি উঠি থিয় হ’ল।

 ‘আমি কলৈ যাব লাগে?’ সি সুধিলে।

 বন্দৰ ত্যাগ কৰাৰ কথাটো ক'লোঁ। তাৰ পাছত নিজৰ বাংকত উঠি দীঘল দি পৰিলোঁ।

 লুই ৰেনগিফো একেবাৰে হাড়ে-হিমজুৱে নাৱিক। তাৰ জন্ম চেকোত, সমুদ্ৰৰ পৰা [ ২০ ] বহু দূৰৈত। কিন্তু তাৰ তেজে তেজে সমুদ্ৰ প্ৰবাহিত হৈ আছিল। কালডাছ মেৰামতিৰ বাবে মবিলত থকা সময়ছোৱাত লুই ৰেনগিফো কিন্তু নাৱিকসকলৰ মাজত নাছিল। সি আছিল ৱাশ্বিংটনত। তাতে সি অংকশাস্ত্ৰ বিষয়ত পঢ়া-শুনা কৰিছিল। সি আছিল শান্ত-শিষ্ট, মেধাৱী। স্পেনিছৰ দৰে ইংৰাজীও ক'ব পাৰে। চিভিল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী অৰ্জন কৰিছিল ৱাশ্বিংটনৰ পৰা। তাতে 1952ত ডেমিনিকান ৰিপাব্লিকৰ এজনী ছোৱালীক বিয়াও কৰাইছিল। কালডাছৰ মেৰামতি সম্পূৰ্ণ হোৱাৰ পাছত ৱাশ্বিংটনৰ পৰা আহি সি নাৱিক হিচাপে নিযুক্ত হ’ল। মবিল এৰাৰ মাত্ৰ কেইদিনমান আগতে সি মোক কৈছিল যে কলম্বিয়াত উপস্থিত হোৱাৰ পাছতে তাৰ প্ৰথম কাম হ’ব ঘৈণীয়েকক কাৰটাজেনালৈ লৈ অনা।

 লুই ৰেনগিফো দীঘলীয়া সমুদ্ৰ যাত্ৰাৰ অভিজ্ঞতা নাছিল। জানিছিলোঁ, সি সমুদ্ৰ পীড়াত ভুগিব। যাত্ৰাৰ প্ৰথমদিনা পুৱা পোছাক পৰিধান কৰাৰ সময়ত মোক সুধিলে— ‘তোমাৰ অলপো গা বেয়া লগা নাই?’

 ‘নাই।' মই ক'লোঁ।

 ‘দুই-তিনি দিনৰ ভিতৰত দেখা পাম, তোমাৰ জিভা ওলাই আহিছে।’

 ‘ঠিক তোমাৰ যি হৈছে!’

 ‘মই যিদিনা অসুস্থ হ’ম’, সি ক'লে— ‘সিদিনা সমুদ্ৰও বেমাৰত পৰিব।’

 বাংকত শুই টোপনিওৱাৰ চেষ্টা কৰোঁতে সেই ধুমুহাৰ কথা মনত পৰিল। সিদিনা ৰাতি পুনৰ মোৰ মনত ভয় ভাবৰ সঞ্চাৰ হ’ল। দুশ্চিন্তাত মই লুই ৰেনগিফোৰ কাষলৈ উভতি আহিলোঁ। সি তেতিয়া কাপোৰ পিন্ধি সাজু। মই ক'লোঁ— ‘এতিয়াৰে পৰা সাৱধান হ’বা, তোমাৰ জিভাই যাতে তোমাক শাস্তি নিদিয়ে।’