নিজৰ ঠাইত থাকিব লাগিব। টৰ্পেডোৰ নলীৰ সন্মুখত শান্তভাৱে থিয় হৈ মই লক্ষ্য কৰিছিলোঁ মবিলৰ পোহৰ ধীৰে ধীৰে বিলীন হৈ গৈছে কুঁৱলীৰ সৈতে। মোৰ কিন্তু মেৰীলৈ মনত পৰা নাছিল, মনলৈ আহিছিল বাৰে বাৰে সমুদ্ৰৰ কথাহে। মই জানিছিলোঁ যে পিছদিনা আমি মেক্সিকো উপসাগৰত উপস্থিত হ'ম আৰু বছৰৰ এইছোৱা সময়ত সেয়া হ’ব এক বিপদসংকুল যাত্ৰা। পুৱাৰ পৰাই লেফটেনেণ্ট জেম মাৰ্টিনেজক চকুত পৰা নাই মোৰ। তেওঁ জাহাজৰ নেতৃত্ব দিয়া দ্বিতীয়গৰাকী ব্যক্তি, ওখ-পাখ, হৃষ্ট-পুষ্ট স্বল্পভাষী এই মানুহজনক মই মাত্ৰ কেইবাৰমানহে দেখিছোঁ। মই জানো— তেওঁ তলিমাৰৰ বাসিন্দা আৰু চমৎকাৰ ব্যক্তিত্বৰ মানুহ (আৰু তেওঁ হ’ল একমাত্ৰ অফিচাৰ—যিয়ে এই বিপৰ্যয়ত প্ৰাণ দিব লাগিব)।
পুৱা মোৰ সাক্ষাৎ হ’ল প্ৰথম ৱাৰেণ্ট অফিচাৰ হুলিঅ' আমাদোৰ কাৰবালোৰ সৈতে। দীৰ্ঘকায়, সুদৰ্শন চেহেৰা তেওঁৰ। মোৰ কাষেৰে পাৰ হৈ তেওঁ বন্দৰৰ বিলীয়মান পোহৰ চাবলৈ থিয় হ'ল। সম্ভৱতঃ এয়া শেষবাৰৰ বাবে মই তেওঁক জাহাজত দেখিবলৈ পাইছিলোঁ। কালডাছৰ কোনো নাৱিকে সম্ভৱতঃ মুখ্য অভিযন্তা তথা ৱাৰেণ্ট অফিচাৰ এলিয়াছ ছাবোগালৰ দৰে প্ৰত্যাৱৰ্তনক লৈ ইমান আনন্দিত হোৱা নাছিল। তেওঁ আছিল সাগৰৰ কুকুৰনেচীয়া বাঘ। চুটি-চাপৰ এই মানুহজন বৰ স্ফূৰ্তিবাজ। বহুবল্কীও। বয়স তেওঁৰ চল্লিছ, মোৰ ধাৰণা তেওঁৰ জীৱনৰ বেছিভাগ বছৰ গৈছে কথা কওঁতে।
অৱশ্যে তেওঁ ইমান আনন্দ কৰাৰ যুক্তিও আছে। কাৰ্টাজেনাত তেওঁৰ পত্নী অপেক্ষা কৰিছে ছটাকৈ সন্তানৰ সৈতে। ছাবোগালে পাঁচটি সন্তানক দেখিছে, কিন্তু অন্তিম শিশুটিৰ জন্ম যেতিয়া হৈছে, তেতিয়া মবিলৰ বন্দৰত।
পুৱালৈ নিশ্চিত শান্তিৰ যাত্ৰা অব্যাহত থাকিল। এঘণ্টাৰ ভিতৰতে মই এই যাত্ৰাৰ সৈতে নিজকে সহজ কৰি তুলিবলৈ সক্ষম হ'লোঁ। পূবত সূৰ্য উদয় হৈছে। মোৰ কোনো অস্বস্তি নাছিল, ময়ো ক্লান্তি অনুভৱ কৰিছিলোঁ। তৃষ্ণাও লাগিছিল, শৰীৰত আছিল যোৱা ৰাতিৰ হুইস্কিৰ অবাঞ্ছিত হেং অভাৰ।
ঠিক ছয় বজাত নিৰ্দেশ আহিল — ‘সাধাৰণ কৰ্মীসকলৰ ছুটী। জাহাজ চালনাৰ কৰ্মীসকলে নিজৰ নিজৰ স্থানত অৱস্থান কৰক।’ ঘোষণা শুনি মই কুঠৰীলৈ উভতি আহিলোঁ। মোৰ বাংকৰ তলত থকা লুই ৰেনগিফোৱে চকু মোহাৰি উঠি থিয় হ’ল।
‘আমি কলৈ যাব লাগে?’ সি সুধিলে।
বন্দৰ ত্যাগ কৰাৰ কথাটো ক'লোঁ। তাৰ পাছত নিজৰ বাংকত উঠি দীঘল দি পৰিলোঁ।
লুই ৰেনগিফো একেবাৰে হাড়ে-হিমজুৱে নাৱিক। তাৰ জন্ম চেকোত, সমুদ্ৰৰ পৰা