পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লুই আলজেন্দ্ৰা ভেলাছকো


এক

সমুদ্ৰত মৃত্যু হ'ল
জাহাজৰ সহকৰ্মীসকলৰ

 কলম্বিয়ালৈ উভতি যোৱা হ’ব— এই কথা আমাক ২২ ফেব্ৰুৱাৰীৰ দিনা জনাই দিয়া হ’ল। আঠ মাহ ধৰি আমি আলবামাৰ মবিলত আছিলোঁ, ইলেক্ট্ৰ’নিক যন্ত্ৰ-পাতি আৰু আমাৰ জাহাজ কালডাছৰ কামান মেৰামতি কৰাৰ উদ্দেশ্যেৰে কামৰ পৰা মুক্ত হ’লে বন্দৰলৈ আহি নাৱিকসকলে যি কৰে, তাকে কৰিছিলোঁ। বান্ধৱী এজনী যোগাৰ কৰি হয়তো চিনেমা চাবলৈ গৈছোঁ অথবা গৈছোঁ বন্দৰত থকা ‘জো পালুকা’ নামৰ বাৰত হুইস্কি খাবলৈ, কেতিয়াবা হয়তো পৰস্পৰৰ সৈতে লিপ্ত হৈছোঁ মাৰপিটতো।

 মেৰী এড়ৰেছ মোৰ বান্ধৱীগৰাকীৰ নাম। এজন নাৱিকে তাইৰ সৈতে মোক

১৫