ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক
ডুবন্ত জাহাজৰ
দুৰন্ত নাৱিক
ডুবন্ত জাহাজৰ
দুৰন্ত নাৱিক
মূল : গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে'জ
অনুবাদ : প্ৰশান্ত কুমাৰ দাস
আঁক-বাক
dubanta záházar duranta návik
A Novel "The Story of a Shipwrecked Sailor" by Gabriel Garcia Marquez, translated into Assamese by Prasanta Kumar Das, published by Saumitra Jogee on behalf of AANK-BAAK, 3/Bylane No. 5, Natun Saraniya, Gandhibasti, Guwahati-781 003, Assam, India, e-mail: aankbaak@gmail.com
বিক্ৰী কেন্দ্ৰ : সৰস্বতী মাৰ্কেট, যশোৱন্ত ৰোড, পাণবজাৰ, গুৱাহাটী-১
প্ৰথম প্ৰকাশ : ডিচেম্বৰ, ২০১৫
অনুবাদকৰ দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত
প্ৰকাশক অথবা স্বত্বাধিকাৰীৰ লিখিত অনুমতি অবিহনে এই গ্ৰন্থৰ কোনো অংশৰে কোনো ৰূপত ব্যৱহাৰ বা প্ৰতিলিপি কৰিব নোৱাৰিব, কোনো যান্ত্ৰিক উপায়েৰে (গ্ৰাফিক, বৈদ্যুতিন অথবা অন্য কোনো মাধ্যম, যেনে— ফটোষ্টেট, টেপ বা পুনৰুদ্ধাৰৰ সুযোগ সম্বলিত তথ্য সঞ্চয় কৰি ৰখাৰ কোনো পদ্ধতি) প্ৰতিলিপি কৰিব নোৱাৰিব, অথবা যিকোনো ডিস্ক, টেপ, পাৰ্ফোৰেটেড মেডিয়া বা কোনো তথ্য সংৰক্ষণৰ যান্ত্ৰিক পদ্ধতিৰে ব্যৱহাৰ কৰিব নোৱাৰিব। এই চৰ্ত উলংঘন কৰিলে উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
ISBN : 978-93-85934-04-9
দাম : এশ টকা
অংগসজ্জা : নিতুল কুমাৰ দত্ত
আঁক-বাক, ৩/উপ-পথ নং ৫, নতুন শৰণীয়া, গান্ধীবস্তি, গুৱাহাটী-৩ৰ হৈ সৌমিত্ৰ যোগীৰ দ্বাৰা
প্ৰকাশিত আৰু আঙ্গিক প্ৰেছ, আমবাৰী, গুৱাহাটী-১ত মুদ্ৰিত।
উছৰ্গা
টিমন আৰু ৰিহানৰ বাবে
কৃতজ্ঞতা
অপূৰ্ব কুমাৰ শইকীয়া, মনোজ শৰ্মা, সৌমিত্ৰ যোগী
বলেন দত্ত, মৃদুল হালৈ, নিতুল কুমাৰ দত্ত
অনুবাদকৰ কথা
২০০২ চনৰ বুকাৰ বঁটাপ্ৰাপক য়ান মৰ্টেলৰ উপন্যাস ‘লাইফ অৱ পি’ পঢ়িবলৈ পোৱাৰ সময়ত মাৰ্কে’জৰ ‘দ্য ষ্ট'ৰী অৱ এ ছিপৰেক্ড ছেইলৰ'ৰ কথা মনত পৰি গৈছিল অৱলীলাক্ৰমেই। দুয়োখন উপন্যাসৰ ধৰণ-কৰণ একেই। দুৰ্দম প্ৰকৃতিৰ বাধা প্ৰতিহত কৰি চৰম দুৰ্যোগৰ মাজতো জীৱনক জয়ী কৰোৱা দুই মানৱৰ অদম্য সাহসৰ কাহিনী। অসীম সাগৰৰ উত্তাল বুকুৱেদি পাৰ আহি পাবলৈ সমৰ্থ হোৱাৰ অবিশ্বাস্য কাহিনীৰে অনেক ৰোমাঞ্চকৰ সাহিত্য ৰচনা হৈছে, চিনেমাও হৈছে বেছ কিছু। ‘কনটিকি অভিযান’ৰ কাহিনীৰ পৰা উমবাৰ্টো একোৰ .....লৈ সাগৰীয় এডভেঞ্চাৰৰ সাহিত্যই আমাক মুগ্ধ কৰিছে। এনেধৰণৰ সফল সাহিত্যৰ অন্যতম মাৰ্কে'জৰ ‘দ্য ষ্ট’ৰী অৱ এ ছিপৰেড ছেইলৰ'। কলম্বিয়াৰ নৌ বাহিনীৰ এগৰাকী ২০ বছৰীয়া নাৱিক লুই আলজেন্দ্ৰো ভেলাছকো হ’ল এই কাহিনীৰ নায়ক। ১৯৫৫ চনত আমেৰিকাৰ আলাবামাৰ মবিল নামৰ বন্দৰৰ পৰা কলম্বিয়াৰ কাৰ্টিজেনা অভিমুখে যাত্ৰা কৰিছিল কলম্বিয়ান ডেষ্ট্ৰয়াৰ কালাডাছ। সেই জাহাজতে আছিল আলজেন্দ্ৰো। কলম্বিয়া পাবলৈ কেইঘণ্টামানৰ পথ বাকী থাকোঁতেই আচম্বিতে দুৰ্যোগত পতিত হয় জাহাজখন। আমেৰিকাৰ পৰা চোৰাংভাৱে বয়বস্তু কঢ়িয়াই অনাৰ ফলত যি ভৰৰ সৃষ্টি হৈছিল, সেয়া সহিব নোৱাৰি মাজসাগৰত ডুব যোৱাৰ উপক্ৰম হয় জাহাজখন। কোনোপ্ৰকাৰে জাহাজ ৰক্ষা পৰিলেও সাগৰৰ অতল বুকুত হেৰাই যায় আঠজনকৈ নাৱিক। জাহাজখন কলম্বিয়াত উপস্থিত হোৱাৰ পাছত দুৰ্ঘটনাৰ খবৰ বিশ্বই জানিবলৈ পালে। নিৰুদ্দিষ্ট নাৱিকসকলক বিচাৰি তৎকালীনভাৱে উদ্ধাৰ অভিযানো চলোৱা হ’ল। তিনি দিন ধৰি নিৰৱচ্ছিন্নভাৱে অভিযান চলোৱাৰ পাছতো পোৱা নগ'ল কোনো এজন নাৱিকৰে সন্ধান। স্বাভাৱিকতে কলম্বিয়া চৰকাৰৰ নৌ বাহিনীৰ তৰফৰ পৰা দুৰ্ভগীয়া নাৱিককেইজনৰ মৃত্যু হোৱা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ল। কিন্তু সকলোকে আচৰিত কৰি দহ দিনৰ পাছত কলম্বিয়াৰ এক আওহতীয়া উপকূলত আহি উপস্থিত হ’ল লুই আলজেন্দ্ৰো ভেলাছকো। অনাহাৰ-অনিদ্ৰাৰ পৰিণতিত তেতিয়া মৃতপ্ৰায় অৱস্থা তেওঁৰ। তেওঁৰ সেই প্ৰাণৰক্ষাৰ ঘটনা এক ব্যাখ্যাতীত বিষয়ৰূপে আজিও চিহ্নিত হৈ আছে।
সাগৰক জয় কৰি নিজক ৰক্ষা কৰাৰ এই অবিশ্বাস্য ঘটনাৰ পাছত ৰাতিটোৰ ভিতৰতে তাৰকাত পৰিণত হয় লুই আলজেন্দ্ৰো। বিপুল আয়োজনেৰে চৰকাৰে তেওঁক সম্বৰ্ধনা জনায়, ৰাষ্ট্ৰপতিয়ে তেওঁক কৰমৰ্দন কৰে, দেশৰ সুন্দৰীসকলে তেওঁক জনসমাগমত চুমাৰে সম্ভাষণ জনায়। তেওঁৰ খবৰেৰে ভৰি পৰে বাতৰি কাকতৰ পৃষ্ঠা, তেওঁৰ উদাত্ত ভাষণ শুনা যায় ৰেডিঅ'ত। ভুমুকি মাৰে বিজ্ঞাপনৰ ছবিত। ধনী হোৱাৰ বিৰল সুযোগ নামি আহে জীৱনলৈ।
লুই আলজেন্দ্ৰো ভেলাছকোৰ জীৱনৰ এই বাস্তৱ কাহিনীটোৰ আধাৰত গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জে স্পেনিছ ভাষাত লিখি উলিয়াইছিল ‘দ্য ষ্ট'ৰী অৱ ছিপৰেক্ড ছেইলৰ'। ১৯৫৫ চনত কলম্বিয়াৰ ‘এল প্ৰছপেক্টাডৰ'ত ১৪ দিন ধৰি ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল এই কাহিনীটো। মাৰ্কে’জ তেতিয়া চফল ডেকা – উৎসাহী সাংবাদিক। তেওঁ সেই কাকতখনতে কাম কৰিছিল। উক্ত কাহিনীটোৰ লেখক যে মাৰ্কে’জ, সেই কথা কেইজনমানৰ বাহিৰে কোনেও জনা নাছিল। প্ৰথম পুৰুষত ৰচিত এই কাহিনীটোৰ কাহিনীকাৰ হিচাপে লুই আলজেন্দ্ৰোৰহে নামটো ছপা হৈছিল। ১৫ বছৰ পাছত প্ৰকাশকে কিতাপ আকাৰে যেতিয়া প্ৰকাশ কৰি উলিয়ালে, তেতিয়াহে প্ৰথমবাৰৰ বাবে মাৰ্কে’জৰ নামটো ৰচয়িতাৰূপে উল্লেখ কৰা হ’ল। অৱশ্যে মাৰ্কে’জে কিতাপখনৰ সমস্ত ‘ৰয়েল্টী’ লুই আলজেন্দ্ৰোৰ নামত উৎসৰ্গা কৰে।
সম্ভৱতঃ মাৰ্কে’জৰ এইখনেই একমাত্ৰ গ্ৰন্থ— যাৰ বাবে তেওঁ পোনপটীয়াভাৱে ৰাষ্ট্ৰৰ ৰোষত পৰিবলগীয়া হৈছিল। সেই সময়ত চিলিত জেনেৰেল গুস্তাভো ৰোজাছ পিনিল্লাৰ নেতৃত্বত একনায়কত্ববাদী শাসন চলিছিল। গণতন্ত্ৰ ভূ-লুণ্ঠিত হৈছিল, বাক স্বাধীনতা বুলিবলৈ একোৱেই নাছিল। লুই আলজেন্দ্ৰোৰ কাহিনীটো প্ৰকাশ হোৱাৰ লগে লগে সেনা বিভাগৰ জৰিয়তে শাসকে যে চোৰাং বস্তুৰ সৰবৰাহত নামিছে, নৌ বাহিনীৰ জাহাজক অবৈধ সৰবৰাহৰ কামত ব্যৱহাৰ কৰিছে— সেয়াও গোমৰ ফাঁক হৈ পৰিছিল। ইয়াতে ক্ষুব্ধ হৈ পৰিছিল শাসক পিনিল্লা। পাছলৈ মাৰ্কে’জৰ বিৰুদ্ধে পিনিল্লা চৰকাৰ ইমানেই প্ৰতিহিংসাপৰায়ণ হৈ পৰিছিল যে মাৰ্কে’জে দেশ এৰি গুচি আহিবলগীয়া হৈছিল আৰু ইউৰোপকে ধৰি বিভিন্ন দেশত আশ্ৰয় লৈ প্ৰায় ৭ বছৰ কাল সাংবাদিকতাৰ জীৱন পাৰ কৰিছিল। দেশলৈ মাৰ্কে’জৰ প্ৰত্যাৱৰ্তন ঘটিছিল পিনিল্লাৰ পতনৰ পাছতহে।
তেতিয়ালৈ অৱশ্যে মাৰ্কে’জ বিশ্বখ্যাত হৈ পৰা নাই, যদিও স্পেনিছ সাহিত্য তথা লেটিন আমেৰিকাত কথাকাৰ হিচাপে তেওঁৰ জনপ্ৰিয়তা দিনে দিনে বাঢ়ি আহিছে। এই বৰ্ধিত জনপ্ৰিয়তাৰ প্ৰেক্ষাপটতে প্ৰকাশকৰ তৎপৰতাত লুই আলজেন্দ্ৰোৰ কাহিনীটো কিতাপ আকাৰত প্ৰকাশ পালে। পিছে এইক্ষেত্ৰত মাৰ্কে'জ বৰ বিশেষ উৎসাহী নাছিল। আনকি কিতাপখনত লেখক হিচাপে নিজৰ নামটোও দিবলৈ ইচ্ছা কৰা নাছিল। ১৯৮২ চনত নোবেল বঁটা লাভ কৰাৰ পাছত তেওঁৰ প্ৰায় সকলো ৰচনাই অতি সোনকালে ইংৰাজীলৈ ভাঙনি হ’ল, কিন্তু আটাইতকৈ পলমকৈ যিখন হ’ল, সেইখনেই লুই আলজেন্দ্ৰোৰ কাহিনীটো— যাৰ স্পেনিছ নাম Relato de naufrago | ‘দ্য ষ্ট'ৰী অৱ এ ছিপৰেক্ড ছেইলৰ' নামেৰে ৰেল্ডল’ফ হোগান অনূদিত এই গ্ৰন্থখন প্ৰকাশ পালে ১৯৯৬ চনত।
সাধাৰণতে মাৰ্কে’জৰ সাহিত্য বুলিলে আমি তেওঁৰ গল্প-উপন্যাসকে প্ৰত্যাশা কৰোঁ। ‘দ্য ষ্ট'ৰী অৱ এ ছিপৰেক্ড ছেইলৰ’ গল্প-উপন্যাস নহয়— ‘অকাহিনী মূলক (Non-fictional) লেখা। কিন্তু তেওঁৰ অন্যান্য উপন্যাসৰ দৰেই সুখপাঠ্য, কৌতূহল উদ্দীপক— যদিও ইয়াৰ ভাব-ভাষা আৰু আৱেদন ভিন্ন আৰু অভিনৱ। এগৰাকী কুৰি বছৰীয়া নাৱিকে কি অদম্য প্ৰাণশক্তিৰে প্ৰকৃতিৰ নিৰ্মমতাৰ বিৰুদ্ধে যুঁজ দি ৰক্ষা পৰিছিল, সেই অপৰাজেয় মানৱীয় শক্তিক তুলি ধৰিছে মাৰ্কে’জে নিজস্ব ভাষাশৈলীৰে। এই কাহিনীটোৰ মাজেৰে লুই আলজেদ্ৰোৰ সাহস আৰু ক্ষমতাক যিদৰে বুজা যায়, তেনেদৰে মাৰ্কে’জৰ সাহিত্যিক প্ৰতিভাৰ বৈচিত্ৰ্যকো উপলব্ধি কৰা যায়।
আমোদজনক কথা এয়ে যে সাহিত্য কৃতি হিচাপে চিৰকালৰ বাবে এই কাহিনীটোৱে স্থায়িত্ব লাভ কৰিলে মাৰ্কে’জৰ কাপৰ জৰিয়তে। কিন্তু বহু সোনকালেই বিস্মৃতিৰ গৰ্ভত হেৰাই গ'ল কাহিনীটোৰ নায়ক লুই আলজেন্দ্ৰো। চৰকাৰৰ ৰোষত পৰি নিৰ্বাসিত জীৱন কটাবলৈ বাধ্য হোৱা লুই আলজেন্দ্ৰোৰ বাকী জীৱনছোৱা পাৰ হ’ল নিশ্চুপ- নিঃসাৰে। নৌ বাহিনীৰ চাকৰি এৰি তেওঁ দূৰৈৰ চহৰ এখনত বাছ কোম্পানী এটাত কেইবছৰমান নিযুক্ত হোৱাৰ পাছত বীমা কোম্পানী এটাৰ কামতো সোমাইছিল। ১৯৮৩ চনত গ্ৰন্থখনৰ ইংৰাজী অনুবাদ হোৱাত তেওঁ ৰয়েল্টী বিচাৰি মাৰ্কে’জৰ বিৰুদ্ধে গোচৰো দিছিল, কিন্তু সেই গোচৰত তেওঁ জিকিব নোৱাৰিলে। মৃত্যুৰ মাত্ৰ এসপ্তাহ আগতে ৰোগশয্যাৰ পৰা তেওঁ মাৰ্কে’জৰ ওচৰত ক্ষমা বিচাৰে। ২০০০ চনৰ ২ আগষ্টত ৬৬ বছৰ বয়সত লুই আলজেন্দ্ৰো ভেলাছকোৰ মৃত্যু হয়।
প্ৰশান্ত কুমাৰ দাস
গুৱাহাটী-৩
গল্পটোৰ গল্প
১৯৫৫ চন, ২৮ ফেব্ৰুৱাৰী। কলম্বিয়ান নৌ বাহিনীৰ এখন ডেষ্ট্ৰয়াৰ কালডাছ কেৰিবিয়ান সাগৰত ধুমুহাৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ প্ৰকাশ পায়— য'ত জাহাজখনৰ আঠজন নাৱিক নিৰুদ্দেশ হোৱাৰ কথা জনা যায়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলবামা প্ৰদেশৰ মবিল নামৰ বন্দৰত মেৰামতি কৰাৰ পাছত জাহাজখন উভতি আহিছিল কলম্বিয়াৰ বন্দৰ কাৰ্টেজেনালৈ। কিন্তু যাত্ৰাৰ দুঘণ্টাৰ পাছতে সংঘটিত হৈছিল এই দুৰ্ঘটনাটো। লগে লগে উদ্ধাৰ অভিযান চলোৱা হ’ল, সহযোগ কৰিলে ইউ এছ পানামা চেনেল অথৰিটী আৰু অন্যান্য বেচৰকাৰী সংস্থাই। চাৰি দিন পাছত উদ্ধাৰ অভিযান বন্ধ কৰি দিয়া হ’ল আৰু নিৰুদ্দিষ্ট নাৱিককেইজনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰা হ'ল। কিন্তু এসপ্তাহ পাছত অৰ্ধমৃত অৱস্থাত উত্তৰ কলম্বিয়াৰ এখন পৰিত্যক্ত তীৰত উদ্ধাৰ কৰা হ’ল এজন নিৰুদ্দিষ্ট নাৱিকক। এখন ‘লাইফ বোট’ত খাদ্য আৰু পানী নোহোৱাকৈ দহ দিন কটোৱাৰ পাছত নাৱিকজন আহি অৱশেষত পাৰ পাবলৈ সক্ষম হৈছিল। তেওঁৰ নাম আছিল লুই আলজেন্দ্ৰো ভেলাছকো। তেওঁলোকে যিদৰে বৰ্ণনা কৰিছিল, তাৰ ওপৰত ভিত্তি কৰি মই সংবাদধৰ্মীভাৱে পুনৰ্নিৰ্মাণ কৰি লিখি উলিয়াইছোঁ এই কিতাপখন। ৰচনাৰ এমাহ পাছত বোগোটাৰ পৰা প্ৰকাশিত ‘এল প্ৰছপেক্টাড’ৰ নামৰ কাকতত প্ৰকাশ পাইছিল এই কাহিনীটো।
তেওঁৰ এই দুঃসাহসিক অভিযানৰ প্ৰতিটো মুহূৰ্তক আমি বহু পৰিশ্ৰমেৰে পুনৰ নিৰ্মাণ কৰি উলিওৱা এই কাহিনীটোৱে যে এদিন তেওঁক দেশজোৰা সন্মান আনি দিব আৰু মোলৈ আনিব জীৱনৰ ভাবুকি, সেই কথা নাৱিক বা মই-আমি কোনেও জনা নাছিলোঁ। সেই সময়ত কলম্বিয়াত জেনেৰেল গুস্তাভো ৰোজাছ পিনিলাৰ একনায়কত্ববাদী শাসন চলি আছিল। তেওঁৰ শাসনকালত দুটা ভয়ংকৰ ঘটনাৰ ভিতৰত এটা আছিল ৰাজধানী চহৰত শান্তিপূৰ্ণ বিক্ষোভৰ পাছতো ছাত্ৰসকলক সেনাৰ দ্বাৰা গুলীয়াই হত্যা আৰু আনটো ঘটনাত গুপ্ত আৰক্ষীৰ দ্বাৰা দেওবৰীয়া ষাঁড়যুঁজৰ অসংখ্য দৰ্শকক গুলীয়াই হত্যা কৰা হৈছিল। কিয়নো এইসকল দৰ্শকে যুঁজথলীত স্বেচ্ছাসেৱী শাসকগৰাকীৰ কন্যাক বিৰোধ কৰি মন্তব্য কৰিছিল। সংবাদ মাধ্যমক নাকী লগোৱা হৈছিল। কেৱল তেওঁলোকে বাতৰি প্ৰকাশৰ অধিকাৰ পাইছিল, যিয়ে কেৱল পঢ়ুৱৈক সস্তীয়া মনোৰঞ্জন দিবলৈ অৰাজনৈতিক বাতৰিহে ছপা কৰিছিল। এল প্ৰছপেক্টাডৰ’ত এই মহান কামফেৰা সম্পন্ন কৰাৰ দায়িত্ব লৈছিল সঞ্চালক গুইলেৰমো কানো, মুখ্য সম্পাদক জোছ ছালগাৰ আৰু ষ্টাফ ৰিপ'ৰ্টাৰ হিচাপে মই। আমি কোনেও ত্ৰিছ বয়স অতিক্ৰম কৰা নাছিলোঁ।
লুই আলজেন্দ্ৰো ভেলাছকোৱে কিছু অৰ্থৰ বিনিময়ত তেওঁৰ নিজৰ কাহিনীটো ক’বলৈ মান্তি হ’ল। আমি এই কাহিনীটো নতুনকৈ সজাই প্ৰকাশ কৰিব বিচাৰিছিলোঁ। কিন্তু সেনা বিভাগে তেওঁক মানুহৰ পৰা আঁতৰাই ৰাখিছিল নৌ বাহিনীৰ এখন চিকিৎসালয়ত শুশ্ৰূষা কৰাৰ নামত। কেৱল সেইসকল সাংবাদিককহে তেওঁক সাক্ষাতৰ অনুমতি দিয়া হৈছিল, যিসকল আছিল চৰকাৰৰ সমৰ্থক। কিন্তু এজন বিৰোধী সাংবাদিকেহে দুঃসাহসেৰে চিকিৎসকৰ ছদ্মৱেশ সাজি প্ৰৱেশ কৰিছিল সেই চিকিৎসালয়খনত। ইতিমধ্যে ভেলাছকোৰ কাহিনীটো বহুবাৰ বহু ঠাইত প্ৰকাশ পাইছে। কিন্তু সেই অতিৰঞ্জিত উদ্ভট-অস্বাভাৱিক কাহিনীবোৰ পঢ়ি পঢ়ি পঢ়ুৱৈ ক্লান্ত হৈ পৰিছিল। ইফালে কাহিনীৰ নায়কজন পৰিণত হৈছিল ৰূপকথাৰ নায়কত— যিয়ে ভুমুকি মাৰিছিল ঘড়ীৰ বিজ্ঞাপনত ( কিয়নো সেই সাগৰীয় বিপৰ্যয়তো নষ্ট হোৱা নাছিল তেওঁৰ ঘড়ীটো ), ভুমুকি মাৰিছিল জোতাৰ বিজ্ঞাপনত ( কিয়নো তেওঁ ক্ষুধা নিবৃত্তিৰ অৰ্থে সেই জোতা ফালি উলিয়াবলৈ সক্ষম নহয় ) আৰু তেওঁ বহু প্ৰচাৰৰ কামতো নায়ক হিচাপে ভুমুকি মাৰিছিল। সকলো ধৰণে তেওঁক সজাই তোলা হৈছিল। ৰেডিঅ’ত উদাত্তকণ্ঠে দেশপ্ৰেমমূলক ভাষণ দিবলৈ কোৱা হৈছিল, টিভিত তেওঁক দেখুওৱা হৈছিল ভৱিষ্যৎ প্ৰজন্মৰ আদৰ্শ হিচাপে আৰু ফুলেৰে সজাই গান-বাজনা কৰি তেওঁক গোটেই দেশতে ঘূৰাই ফুৰোৱা হৈছিল। ৰাজহুৱাভাৱে তেওঁক চুম্বন কৰিছিল সুন্দৰী ৰমণীসকলে। তেওঁৰ সৌভাগ্যৰ দুৱাৰ খোল খাই গৈছিল। তেওঁ আমাৰ ওচৰলৈ আহি ওলাইছিল কোনোধৰণৰ আমন্ত্ৰণ অবিহনে— যদিও প্ৰথমাৱস্থাত আমি তেওঁৰ কাষ চাপিবলৈ বহু চেষ্টা কৰিছিলোঁ। তেতিয়ালৈ তেওঁৰ নতুনকৈ ক'বলগীয়া একো নাছিল। টকাৰ বিনিময়ত তেওঁৰ কাহিনী কোৱা শেষ হৈ গৈছে। ইফালে চৰকাৰেও তেওঁৰ মুখত বান্ধি থৈছে লেকাম। তেওঁক আমি বিদায় দিছিলোঁ। কিন্তু ( কাৰ্যালয়ৰ পৰা নামি যাওঁতে ) চিৰিত মুখামুখি হ'ল গুইলেৰমো কেনোৰে, কেনোৱে তেওঁৰ চৰ্তবোৰ মানি ল’লে আৰু শোধাই দিলে মোৰ হাতত-- যেন এটা বোমাহে তুলি দিলে।
এই সুঠাম চেহেৰাৰ ডেকাজনক দেখি প্ৰথমে মই হতবাক হৈ পৰিছিলোঁ। এগৰাকী জাতীয় নায়কৰ সলনি তেওঁক ট্ৰামপেট বজোৱা মানুহ যেনহে লাগিছিল, কিন্তু তাৰ আছিল কথা কোৱাৰ অপূৰ্ব দক্ষতা। প্ৰখৰ স্মৃতি আৰু বিশ্লেষণ ক্ষমতা আছিল অকল্পনীয়।তেওঁ নিজৰ বীৰত্বক লৈ কৌতুক কৰিবও জানিছিল। মই দিনে ছঘণ্টাকৈ কুৰিটা দিন তেওঁৰ সৈতে কাহিনীটো সন্দৰ্ভত আলোচনা কৰিছিলোঁ। তেওঁৰ দহদিনীয়া অভিযানৰ বিৰল অভিজ্ঞতা যাতে সঠিক তথ্যৰে প্ৰকাশ পায়, সেইবাবে তেওঁক বাৰে বাৰে স্ববিৰোধ কথাসমূহ সন্দৰ্ভত প্ৰশ্ন কৰিছিলোঁ আৰু সকলো উত্তৰেই মই টুকি ৰাখিছিলোঁ। পঢ়ুৱৈৰ বিশ্বাসযোগ্য হ’বলৈ কাহিনীটোৰ খুঁটি-নাটিক মই গুৰুত্ব দিছিলোঁ আৰু যত্ন কৰিছিলোঁ কৌতূহল উদ্দীপক কৰি তুলিবলৈ। সেইবাবেই কাহিনীটো প্ৰথম পুৰুষত লিখি উলিয়াইছিলোঁ আৰু তাতে তেওঁৰ দ্বাৰা স্বাক্ষৰ কৰাই লৈছিলোঁ। কিতাপ হিচাপে প্ৰকাশ কৰোঁতেহে মোৰ নামটো লেখকৰূপে উল্লেখ কৰা হ'ল।
দ্বিতীয়তে মোৰ বাবে আশ্চৰ্যকৰ কথা আছিল এয়ে যে আমাৰ বৈঠকৰ চতুৰ্থ দিনা মই যেতিয়া লুই আলজেন্দ্ৰো ভেলাছকোক ধুমুহাৰ কাৰণ কি আছিল সুধিলোঁ, তেতিয়া তেওঁ ধুমুহাৰ কথা অস্বীকাৰ কৰিলে। তেওঁৰ উত্তৰ মোৰ বাবে আছিল সোণৰ সমান মূল্যৱান, তেওঁ হাঁহি মাৰি কৈছিল— ‘সিদিনা কোনো ধুমুহা নাছিল।’
হয়, সেয়াই সত্য আছিল। বতৰ বিজ্ঞান বিভাগে স্পষ্ট কৰি দিছিল যে ফেব্ৰুৱাৰী মাহৰ সেইদিনা কেৰিবিয়ান উপসাগৰ আছিল শান্ত আৰু পৰিষ্কাৰ। কিন্তু সেই সত্য তেতিয়া লুকুৱাই ৰখা হৈছিল, গভীৰ সাগৰত জাহাজখনৰ বিপৰ্যয় আৰু আঠজনকৈ নাৱিক তথা মালবস্তু উটি যোৱাৰ পাছতো। তেওঁৰ এই প্ৰকাশে তিনিটা গুৰুতৰ আইন উলংঘাৰ ঘটনা স্পষ্ট কৰি তুলিছিল— প্ৰথম, ডেষ্ট্ৰয়াৰখনক অবৈধভাৱে মালবাহী জাহাজ হিচাপে ব্যৱহাৰ কৰা হৈছিল। দ্বিতীয়তে, জাহাজখনৰ অতিৰিক্ত ওজনৰ বাবেই সাগৰত পতিত হোৱা নাৱিকসকলক উদ্ধাৰ কৰিব পৰা নগ’ল আৰু তৃতীয়তে, কঢ়িয়াই অনা সেই মালবস্তুবোৰ আছিল চোৰাং পণ্যদ্ৰব্য, ৰেফ্ৰিজাৰেটৰ, টেলিভিছন ছেট আৰু ৱাশ্বিং মেচিন। স্পষ্ট কথাত ডেষ্ট্ৰয়াৰৰ জৰিয়তে চোৰাংভাৱে চলা এই সৰবৰাহৰ ঘটনাই নৈতিক আৰু ৰাজনৈতিকভাৱে দুৰ্নীতিগ্ৰস্ত এক ব্যৱস্থাক প্ৰথমবাৰৰ বাবে উদঙাই তুলিলে।
এই কাহিনীটোক একেৰাহে চৈধ্য দিন ধাৰাবাহিক ৰূপত প্ৰকাশ কৰা হৈছিল। প্ৰথম অৱস্থাত চৰকাৰে এই সাহিত্যকৰ্মক প্ৰশংসা কৰিছিল যদিও পাছত যেতিয়া গোপন সত্যবোৰ ওলাই পৰিল, তেতিয়া চৰকাৰে লৰা-ঢপৰা আৰম্ভ কৰিলে। উঠি-পৰি লাগিল ধাৰাবাহিকখনৰ প্ৰকাশ বন্ধ কৰিবলৈ। ইতিমধ্যে কাকতৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছিল আৰু পঢ়ুৱৈসকলে পুৰণি সংখ্যাবোৰ বিচাৰি অফিচৰ সমুখত হেতা-ওপৰা লগাইছিল। আন সকলো কলম্বিয়ান চৰকাৰৰ দৰেই একনায়কত্ববাদী চৰকাৰখনো সত্যক বিকৃত কৰাৰ ক্ষেত্ৰত আছিল সিদ্ধহস্ত। তেওঁলোকে এক ‘পবিত্ৰ’ বিবৃতিৰ জৰিয়তে অস্বীকাৰ কৰি ক'লে যে ডেষ্ট্ৰয়াৰে কোনো চোৰাং মাল কঢ়িওৱা নাছিল। আমি আমাৰ অভিযোগৰ সত্যতা প্ৰমাণ কৰিবলৈ লুই আলজেন্দ্ৰো ভেলাছকোৰ পৰা জানি ল'লোঁ কোন কোন নাৱিকৰ সৈতে কেমেৰা আছিল। যদিও তেওঁলোকৰ বেছিভাগেই দেশৰ বিভিন্ন অঞ্চলত ছুটী কটাইছিল, তেওঁলোকক আমি বিচাৰি উলিয়ালোঁ আৰু অৰ্থৰ বিনিময়ত সংগ্ৰহ কৰিলোঁ সেইসমূহ ফটো— যিবোৰ তেওঁলোকে ডেষ্ট্ৰয়াৰৰ যাত্ৰাকালত তুলিছিল। এসপ্তাহ পাছতে এক বিশেষ পৰিপূৰিকাত সেই ফটোসহ সম্পূৰ্ণ কাহিনীটো একত্ৰে প্ৰকাশ পালে। মাজসাগৰত তোলা ফটোত দেখা গ'ল দলবদ্ধ নাৱিকসকলৰ পিছফালে সেই চোৰাং পণ্যদ্ৰব্যৰ বাকচসমূহ, য'ত কাৰখানাৰ লেবেলপৰ্যন্ত লগোৱা আছিল। একনায়কত্ববাদী শাসকে আমাক প্ৰত্যুত্তৰ দিলে তীব্ৰ প্ৰতিশোধপৰায়ণ মনোবৃত্তিৰে। এমাহৰ ভিতৰতে বন্ধ কৰি দিবলগীয়া হ’ল কাকতখন। কিন্তু তীব্ৰ হেঁচা, ভাবুকি আৰু প্ৰলোভন সত্ত্বেও লুই আলজেন্দ্ৰো ভেলাছকোৱে কাহিনীটোৰ এটা শব্দও উঠাই নল'লে। তেওঁ নৌবাহিনী ত্যাগ কৰিবলগীয়া হ'ল— যিটো তেওঁৰ আছিল একমাত্ৰ জীৱিকা আৰু অচিৰেই মানুহৰ দৈনন্দিন জীৱনৰ পৰা বিস্মৃতিৰ গৰ্ভত বিলীন হৈ গ'ল। দুবছৰ পাছত একনায়কত্বৰ অন্ত পৰিল, কলম্বিয়াৰ শাসন ব্যৱস্থাৰ পৰিৱৰ্তন ঘটিলেও পূৰ্বতকৈ সামান্যহে উন্নতৰ আছিল। মই তেতিয়া পেৰিছত যাযাবৰী জীৱন অতিবাহিত কৰিছিলোঁ। সেয়া যেন আছিল সাগৰত দিক্বিদিক হেৰুওৱা বোটখনৰ দৰেই। সেই সময়ত কোনেও উক্ত নাৱিকজনৰ শুংসূত্ৰ পোৱা নাছিল। কেইমাহমান পাছত এজন পৰিব্ৰাজক সাংবাদিকে তেওঁক এটা বাছ কোম্পানীৰ কৰ্মচাৰীৰ চকীত আৱিষ্কাৰ কৰিলে। মই সেই ফটোখন দেখিছিলোঁ। তেওঁক যথেষ্ট বৃদ্ধ আৰু থূলকায় যেন দেখা গৈছিল। বহু দূৰৈত তেওঁ এৰি থৈ আহিছে অতীত জীৱন, তেওঁৰ নায়কোচিত ভাবমূৰ্তিৰ জ্যোতি এতিয়া নিৰ্বাপিত। যোৱা ১৫ বছৰ ধৰি এই কাহিনীটো দ্বিতীয়বাৰৰ বাবে পঢ়া নাছিলোঁ। এতিয়া ইয়াক কিতাপ হিচাপে প্ৰকাশ কৰিব খোজা হৈছে, কিন্তু মই বুজিব পৰা নাই, প্ৰকাশৰ বাবে ইয়াৰ প্ৰয়োজনীয়তা কিমান। মই হতাশ হৈছিলোঁ এইবাবেই যে প্ৰকাশকে কাহিনীৰ মূল্যতকৈ কাহিনীকাৰৰ নামটোৰ মূল্যহে অধিক বুলি বিবেচনা কৰিছিল। ইয়ে মোক দুখো দিছিল। মই কোনো ভবা-চিন্তা নকৰাকৈ মান্তি হ'লোঁ আৰু কাহিনীটো কিতাপৰ ৰূপত প্ৰকাশ পালে— কিয়নো নিজৰ কথাত খামোচ মাৰি ধৰি থকা মানুহ মই নহওঁ।
গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে'জ
বাৰ্চিলোনা, ফেব্ৰুৱাৰী, ১৯৭০
লুই আলজেন্দ্ৰা ভেলাছকো
এক
সমুদ্ৰত মৃত্যু হ'ল
জাহাজৰ সহকৰ্মীসকলৰ
কলম্বিয়ালৈ উভতি যোৱা হ’ব— এই কথা আমাক ২২ ফেব্ৰুৱাৰীৰ দিনা জনাই দিয়া হ’ল। আঠ মাহ ধৰি আমি আলবামাৰ মবিলত আছিলোঁ, ইলেক্ট্ৰ’নিক যন্ত্ৰ-পাতি আৰু আমাৰ জাহাজ কালডাছৰ কামান মেৰামতি কৰাৰ উদ্দেশ্যেৰে কামৰ পৰা মুক্ত হ’লে বন্দৰলৈ আহি নাৱিকসকলে যি কৰে, তাকে কৰিছিলোঁ। বান্ধৱী এজনী যোগাৰ কৰি হয়তো চিনেমা চাবলৈ গৈছোঁ অথবা গৈছোঁ বন্দৰত থকা ‘জো পালুকা’ নামৰ বাৰত হুইস্কি খাবলৈ, কেতিয়াবা হয়তো পৰস্পৰৰ সৈতে লিপ্ত হৈছোঁ মাৰপিটতো।
মেৰী এড়ৰেছ মোৰ বান্ধৱীগৰাকীৰ নাম। এজন নাৱিকে তাইৰ সৈতে মোক চিনাকি কৰাই দিছিল। মবিলত দুমাহ কটোৱাৰ পাছত মেৰীয়ে অলপ-অচৰপ স্পেনিছ ক’বলৈ শিকি পেলালে। কিন্তু মই জানো যে বন্ধুবৰ্গই যেতিয়া তাইক Maria Direccion বুলি ঠাট্টা কৰি মাতে, তাৰ মৰ্ম তাই এতিয়াও বুজিব পৰা হোৱা নাই। যিমানবাৰ মই বন্দৰত নামিছিলোঁ, তাইক চিনেমালৈ লৈ গৈছোঁ, কেতিয়াবা হয়তো তাই ইচ্ছা কৰিছিল বাবে নিছোঁ আইচক্ৰীম খাবলৈকো। অৰ্ধেক ইংৰাজী আৰু অৰ্ধেক স্পেনিছ ভাষাৰে আমি পৰস্পৰক কোনো প্ৰকাৰে বুজি উঠিছিলোঁ। কিন্তু চিনেমা চাবলৈ বা আইচক্ৰীম খাবলৈ আমি পৰস্পৰক বুজি পোৱাত কোনো অসুবিধাৰ সৃষ্টি হোৱা নাছিল।
যিদিনা ‘দ্য কেন মিউটিনি’ নামৰ চিনেমাখন চাবলৈ গৈছিলোঁ, কেৱল সিদিনাহে ৰাতি মেৰী মোৰ লগত নাছিল। মোৰ বন্ধুসকলে কৈছিল যে মাইন ছুইপাৰ জাহাজৰ জীৱনযাত্ৰাৰ বিষয়ে এইখন এখন বঢ়িয়া চিনেমা। সেইবাবেই চাবলৈ গ’লোঁ। কিন্তু চিনেমাখনৰ আটাইতকৈ বঢ়িয়া বস্তুটো হ’ল ধুমুহাৰ দৃশ্যসমূহহে, মাইন ছুইপাৰ জাহাজখন নহয়। আমি সকলোৱে একমত হ’লোঁ⸺ এনেধৰণৰ অৱস্থাত পতিত হ’লে জাহাজৰ গতিপথ সলনি কৰাত বাদে আৰু কোনো বিকল্প নাই। বিদ্ৰোহীসকলেও তাকেই কৰিছিল। কিন্তু বাস্তৱ জীৱনত আমি কোনেও এনেধৰণৰ ধুমুহাৰ মুখামুখি হ’বলগা হোৱা নাছিলোঁ সেয়ে ধুমুহাৰ দৃশ্যবোৰে আমাৰ মনত যিধৰণে প্ৰভাৱিত কৰিলে, চিনেমাখনে তেনেধৰণে কৰিব নোৱাৰিলে। সিদিনা নিশা জাহাজলৈ যেতিয়া উভতি আহিলোঁ, ডিয়েগো ভেলাছকোয়েছ নামৰ নাৱিকজনে আমাক সোঁৱৰাই দিলে যে দুই-এদিনৰ ভিতৰতে আমি সমুদ্ৰলৈ ৰাওনা হ’ম। চিনেমাখনে ডিয়েগোকো প্ৰভাৱিত কৰিছিল। সম্ভৱতঃ সেইবাবেই চিন্তিতভাৱে তেওঁ ক’লে⸺ ‘যদি আমাৰো তেনে অৱস্থা হয়?’
মই স্বীকাৰ কৰিবই লাগিব যে চিনেমাখনে আমাৰ সকলোৰে মাজত যথেষ্ট ছাপ পেলাইছে। যোৱা আঠ মাহ ধৰি মই সমুদ্ৰৰ জীৱন অতিবাহিত কৰিছোঁ। মই ভয়াতুৰ নহয়। জাহাজৰ শিক্ষক এজনে আমাক শিকাইছিল— জাহাজ ডুবিলে কি কি কৰিব লাগে। তথাপি ‘দ্য কেন মিউটিনি’ চোৱাৰ পাছত কিয় জানো অস্বস্তিত ভুগিছিলোঁ!
এই অস্বস্তি এই সংশয় যে আচলতে কোনো ভয়াৱহ বিপদৰ আগজাননী, মই তাকো ক’ব খোজা নাই। কিন্তু ইয়াৰ আগতে মোৰ কেতিয়াও ইমান ভয় লগা নাছিল। মোৰ শৈশৱকালত বোগোটাত কিতাপৰ ছবি চাই চাই আত্মবিভোৰ হওঁতেও মোৰ কেতিয়াও ভাব হোৱা নাছিল যে কোনোবাই সমুদ্ৰত মৃত্যুমুখত পৰিবলগীয়া হয়। বৰং সমুদ্ৰৰ প্ৰতি মোৰ আছিল অগাধ বিশ্বাস। দুবছৰ আগতে নৌ বাহিনীত যোগ দিয়াৰ সময়ৰে পৰা মই কেতিয়াও সমুদ্ৰলৈ যাবলৈ ভীতিগ্ৰস্ত হোৱা নাই। কিন্তু ক’বলৈ লাজ নকৰোঁ⸺ ‘দ্য কেন মিউটিনি’ চোৱাৰ পাছত সঁচাকৈয়ে ভয়ৰ ভূত মোৰ কান্ধত উঠি বহিল। বাংকত উবুৰি হৈ শুই শুই মই কেৱল পৰিয়ালৰ কথাই চিন্তা কৰিবলৈ ধৰিলোঁ। বাৰে বাৰে ব্যাঘাত জন্মিল টোপনিত। হাত দুখন ভাঁজ কৰি তাতে মূৰটো থৈ নীৰৱে শুনি গ'লোঁ সাগৰৰ ঢৌবোৰৰ শব্দ। বাৰে বাৰে আহি মোৰ কাণত বাজি থাকিল কুঠৰিটোৰ নিদ্ৰামগ্ন চল্লিছজন নাৱিকৰ শ্বাস-প্ৰশ্বাসৰ আৱাজ। মোৰ বাংকৰ তলতে প্ৰথম শ্ৰেণীৰ নাৱিক লুই ৰেনগিফোৱে বাঁহীৰ দৰে নাক বজাইছিল। নাজানো তেওঁ কি ধৰণৰ সপোন দেখিছে। যদি তেওঁ জানিলেহেঁতেন আৰু মাত্ৰ আঠটা দিন পাছত সমুদ্ৰত তেওঁৰ মৃত্যু ঘটিব, তেন্তে এনেদৰে তেওঁ কেতিয়াও নিশ্চিতভাৱে শুব নোৱাৰিলেহেঁতেন।
গোটেই সপ্তাহটো ধৰি মোৰ অস্বস্তি থাকিয়ে গ’ল। যাত্ৰাৰ দিনটো যেন ভয়ংকৰভাৱে আগুৱাই আহিছে। আত্মবিশ্বাস ওভতাই অনাৰ বাবে সহকৰ্মীসকলৰ সৈতে গল্প-গুজব আৰম্ভ কৰিলোঁ। বিশেষকৈ পৰিয়াল, ল’ৰা-ছোৱালীয়েই আছিল আমাৰ আলোচনাৰ বিষয়। কলম্বিয়া, আমাৰ প্ৰত্যাৱৰ্তন এইবোৰৰ বিষয়ে সকলোৱে বাৰে বাৰে আলোচনা কৰিছিল। অলেখ উপহাৰেৰে জাহাজ ভৰি পৰিছিল, আমি এই সকলোবোৰেই ঘৰলৈ কঢ়িয়াই লৈ যাম। ৰেডিঅ’, ৰেফ্ৰিজাৰেটৰ, ৱাশ্বিং মেচিন, ষ্টোভ। ময়ো এটা ৰেডিঅ’ কিনিছিলোঁ।
মনৰ উদ্বেগ-অস্থিৰতা দূৰ কৰিব নোৱাৰি মনে মনে সিদ্ধান্ত কৰি পেলালোঁ যে কাৰ্টাজেনাত উপস্থিত হোৱাৰ পাছতে নৌ বাহিনী ত্যাগ কৰি দিম। এৰি দিম কাম। যাত্ৰাৰ আগদিনা ৰাতি মেৰীক বিদায় জনাবলৈ গ'লোঁ। ভাবিলোঁ, তাইক কৈ দিওঁ মোৰ সিদ্ধান্তৰ কথা। কিন্তু কোৱা হৈ নুঠিল, কাৰণ তাইক মই কথা দিছিলোঁ উভতি অহাৰ। তাই মোক মুঠেও বিশ্বাস নকৰিব, যদি কৈয়ে দিওঁ আৰু কোনোদিনে সমুদ্ৰত পাৰি নিদিওঁ। একমাত্ৰ দ্বিতীয় শ্ৰেণীৰ নাৱিক ৰেমন হেৰেৰাকহে কথাটো ক'লোঁ। কিয়নো সিও সেই একেই সিদ্ধান্ত লৈছিল। আমি ভয়ৰ ভাব ভাগ-বাটোৱাৰা কৰি ৰেমন হেৰোৰা আৰু ডিয়েগো ভেলাছকুইছৰ সৈতে আকণ্ঠ হুইস্কি পান কৰিলোঁ আৰু বিদায় জনালোঁ জো পালুকাক।
ভাবিছিলোঁ এবটলেই হুইস্কি খাম, কিন্তু শেষ কৰিলোঁ পাঁচটা বটলত। সকলো বান্ধৱীয়ে জানিছিল আমাৰ বিদায় আসন্ন, তেওঁলোকে আমাক শুভেচ্ছা জনাবলৈ আহিছিল। বহুতে মদ খাই কন্দা—কটাও কৰিলে। ‘বেণ্ড পাৰ্টী’ৰ চছ্মা পৰিহিত গুৰু-গম্ভীৰ যিজন দলপতি আছিল— যাক মুঠেও শিল্পী যেন নালাগে, কেৱল আমাৰ সন্মানাৰ্থেই প্ৰাণঢালি এনেদৰে মেম্বোছ আৰু ট্যাংগো বজালে যেন সেয়া কলম্বিয়াৰহে সুৰ। আমাৰ বান্ধৱীসকলে ফেঁকুৰি উঠিল আৰু ডেৰ ডলাৰ দামৰ বটলৰ হুইস্কি পান কৰাত লাগিল। আমি সেই সপ্তাহটোত দৰমহা পাইছিলোঁ তিনিবাৰ, ঠিক কৰিলোঁ, শেষবাৰৰ বাবে হৈ-হুলস্থূল অলপ হওক। মাতাল হৈ মই ভয়-দুশ্চিন্তাৰ পৰা মুক্ত হ'ব বিচাৰিছিলোঁ, ঠিক ৰেমন হেৰোৰাৰ দৰে— যি অৰজনাৰ মানুহৰ দৰে সদায়ে দিলখুচ ভাবত থাকে। সি সুন্দৰভাৱে ড্ৰাম বজাবলৈ জানিছিল আৰু জানিছিল বিখ্যাত অভিনেতাৰ নকল কৰিবলৈ।
বাৰখনৰ পৰা বিদায় লোৱাৰ আগমুহূৰ্তত উত্তৰ আমেৰিকাৰ এগৰাকী নাৱিক আহি কাষ চাপিল আমাৰ টেবুলৰ। ৰেমন হেৰোৰাৰ বান্ধৱীগৰাকীৰ সৈতে নাচিবলৈ অনুমতি বিচাৰিলে তেওঁ। কিন্তু তাই আছিল এগৰাকী দীৰ্ঘদেহী যুৱতী। সিদিনা যথেষ্ট মদ্যপান কৰিছিল আৰু কেৱল কান্দিছিল। উত্তৰ আমেৰিকাৰ নাৱিকজনে ইংৰাজীতে অনুমতি বিচাৰিলে আৰু ৰেমন হেৰোৰাই তাৰ সৈতে হেণ্ডশ্বেক কৰি বিৰক্তিৰে স্পেনিছতে উত্তৰ দিলে— ‘কি কৈছা একো বুজা নাই, কুত্তাৰ বাচ্ছা।’
ইয়াৰ পৰাই আৰম্ভ হ’ল তাণ্ডৱলীলা। হৈ-হুলস্থূল, মৰামৰি, আহিল ৰেডিঅ' টহলদাৰী পুলিচ, সামৰিক বাহিনী। ৰেমন হেৰোৰাই তাৰ মাজতে কেইবাটাও ঘোচা শোধাইছিল উত্তৰ আমেৰিকান দলক। জাহাজলৈ উভতি আহোঁতে ৰাতি এক বাজিল। সি উভতিল ডেনিয়েল ছেনটোছৰ দৰে গান গাই গাই। সি কৈছিল— এইবাৰ তাৰ অন্তিম বিদেশ যাত্ৰা, আৰু বাস্তৱিকতে সেয়াই সঁচা হ'ল।
ছাব্বিছ তাৰিখৰ ৰাতি তিনি বজাৰ লগে লগে মবিল বন্দৰৰ পৰা কালডাছে লংগৰ তুলিলে। যাত্ৰা আৰম্ভ কৰিলে কাৰ্টাজেনা অভিমুখে। ঘৰলৈ উভতিছোঁ বাবে আমাৰ সকলোৰে বিৰাট স্ফূৰ্তি। সকলোৰে লগত অলেখ উপহাৰ। সবাতোকৈ বেছি আনন্দিত প্ৰধান হিলৈধাৰীৰ সহকৰ্মী মিগুৱেল অৰ্তেগা। মোৰ বিশ্বাস — মিগুৱেলৰ দৰে আৰু কোনো দূৰদৰ্শী নাৱিক নাই। মবিলত সি এক ডলাৰো বাজে কামত খৰচ কৰা নাই। হাতলৈ যিমান টকা আহিছে, সেই টকাৰে কাৰ্টাজেনাতে অপেক্ষা কৰি থকা তাৰ ঘৈণীয়েকলৈ উপহাৰ কিনিছে কেৱল। পুৱা আমি যেতিয়া জাহাজত উঠিলোঁ, অৰ্তেগাই ব্ৰীজৰ ওপৰত থিয় হৈ নিজৰ ল'ৰা-তিৰোতাৰ কথাকে পাতি আছিল। সিহঁতৰ বাবে সি কিনিছে এটা ৰেফ্ৰিজাৰেটৰ, এটা স্বয়ংক্ৰিয় ৱাশ্বাৰ মেচিন, এটা ৰেডিঅ’ আৰু এটা ষ্টোভ। বাৰ ঘণ্টাৰ পাছত অৱশ্যে অৰ্তেগাই বাংকত সমুদ্ৰপীড়াত মৰোঁ মৰোঁ হ’ব আৰু চৌবিছ ঘণ্টাৰ পাছত সমুদ্ৰৰ অতল গৰ্ভত ডুবি মৰিব লাগিব।
মৃত্যুৰ অতিথিসকল
জাহাজৰ লংগৰ তোলাৰ লগে লগে নিৰ্দেশ আহিল — ‘কৰ্মীসকল, প্ৰত্যেকেই নিজৰ নিজৰ ঠাইত অৱস্থান কৰক।’ জাহাজে বন্দৰ ত্যাগ নকৰাপৰ্যন্ত প্ৰত্যেকেই নিজৰ নিজৰ ঠাইত থাকিব লাগিব। টৰ্পেডোৰ নলীৰ সন্মুখত শান্তভাৱে থিয় হৈ মই লক্ষ্য কৰিছিলোঁ মবিলৰ পোহৰ ধীৰে ধীৰে বিলীন হৈ গৈছে কুঁৱলীৰ সৈতে। মোৰ কিন্তু মেৰীলৈ মনত পৰা নাছিল, মনলৈ আহিছিল বাৰে বাৰে সমুদ্ৰৰ কথাহে। মই জানিছিলোঁ যে পিছদিনা আমি মেক্সিকো উপসাগৰত উপস্থিত হ'ম আৰু বছৰৰ এইছোৱা সময়ত সেয়া হ’ব এক বিপদসংকুল যাত্ৰা। পুৱাৰ পৰাই লেফটেনেণ্ট জেম মাৰ্টিনেজক চকুত পৰা নাই মোৰ। তেওঁ জাহাজৰ নেতৃত্ব দিয়া দ্বিতীয়গৰাকী ব্যক্তি, ওখ-পাখ, হৃষ্ট-পুষ্ট স্বল্পভাষী এই মানুহজনক মই মাত্ৰ কেইবাৰমানহে দেখিছোঁ। মই জানো— তেওঁ তলিমাৰৰ বাসিন্দা আৰু চমৎকাৰ ব্যক্তিত্বৰ মানুহ (আৰু তেওঁ হ’ল একমাত্ৰ অফিচাৰ—যিয়ে এই বিপৰ্যয়ত প্ৰাণ দিব লাগিব)।
পুৱা মোৰ সাক্ষাৎ হ’ল প্ৰথম ৱাৰেণ্ট অফিচাৰ হুলিঅ' আমাদোৰ কাৰবালোৰ সৈতে। দীৰ্ঘকায়, সুদৰ্শন চেহেৰা তেওঁৰ। মোৰ কাষেৰে পাৰ হৈ তেওঁ বন্দৰৰ বিলীয়মান পোহৰ চাবলৈ থিয় হ'ল। সম্ভৱতঃ এয়া শেষবাৰৰ বাবে মই তেওঁক জাহাজত দেখিবলৈ পাইছিলোঁ। কালডাছৰ কোনো নাৱিকে সম্ভৱতঃ মুখ্য অভিযন্তা তথা ৱাৰেণ্ট অফিচাৰ এলিয়াছ ছাবোগালৰ দৰে প্ৰত্যাৱৰ্তনক লৈ ইমান আনন্দিত হোৱা নাছিল। তেওঁ আছিল সাগৰৰ কুকুৰনেচীয়া বাঘ। চুটি-চাপৰ এই মানুহজন বৰ স্ফূৰ্তিবাজ। বহুবল্কীও। বয়স তেওঁৰ চল্লিছ, মোৰ ধাৰণা তেওঁৰ জীৱনৰ বেছিভাগ বছৰ গৈছে কথা কওঁতে।
অৱশ্যে তেওঁ ইমান আনন্দ কৰাৰ যুক্তিও আছে। কাৰ্টাজেনাত তেওঁৰ পত্নী অপেক্ষা কৰিছে ছটাকৈ সন্তানৰ সৈতে। ছাবোগালে পাঁচটি সন্তানক দেখিছে, কিন্তু অন্তিম শিশুটিৰ জন্ম যেতিয়া হৈছে, তেতিয়া মবিলৰ বন্দৰত।
পুৱালৈ নিশ্চিত শান্তিৰ যাত্ৰা অব্যাহত থাকিল। এঘণ্টাৰ ভিতৰতে মই এই যাত্ৰাৰ সৈতে নিজকে সহজ কৰি তুলিবলৈ সক্ষম হ'লোঁ। পূবত সূৰ্য উদয় হৈছে। মোৰ কোনো অস্বস্তি নাছিল, ময়ো ক্লান্তি অনুভৱ কৰিছিলোঁ। তৃষ্ণাও লাগিছিল, শৰীৰত আছিল যোৱা ৰাতিৰ হুইস্কিৰ অবাঞ্ছিত হেং অভাৰ।
ঠিক ছয় বজাত নিৰ্দেশ আহিল — ‘সাধাৰণ কৰ্মীসকলৰ ছুটী। জাহাজ চালনাৰ কৰ্মীসকলে নিজৰ নিজৰ স্থানত অৱস্থান কৰক।’ ঘোষণা শুনি মই কুঠৰীলৈ উভতি আহিলোঁ। মোৰ বাংকৰ তলত থকা লুই ৰেনগিফোৱে চকু মোহাৰি উঠি থিয় হ’ল।
‘আমি কলৈ যাব লাগে?’ সি সুধিলে।
বন্দৰ ত্যাগ কৰাৰ কথাটো ক'লোঁ। তাৰ পাছত নিজৰ বাংকত উঠি দীঘল দি পৰিলোঁ।
লুই ৰেনগিফো একেবাৰে হাড়ে-হিমজুৱে নাৱিক। তাৰ জন্ম চেকোত, সমুদ্ৰৰ পৰা বহু দূৰৈত। কিন্তু তাৰ তেজে তেজে সমুদ্ৰ প্ৰবাহিত হৈ আছিল। কালডাছ মেৰামতিৰ বাবে মবিলত থকা সময়ছোৱাত লুই ৰেনগিফো কিন্তু নাৱিকসকলৰ মাজত নাছিল। সি আছিল ৱাশ্বিংটনত। তাতে সি অংকশাস্ত্ৰ বিষয়ত পঢ়া-শুনা কৰিছিল। সি আছিল শান্ত-শিষ্ট, মেধাৱী। স্পেনিছৰ দৰে ইংৰাজীও ক'ব পাৰে। চিভিল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী অৰ্জন কৰিছিল ৱাশ্বিংটনৰ পৰা। তাতে 1952ত ডেমিনিকান ৰিপাব্লিকৰ এজনী ছোৱালীক বিয়াও কৰাইছিল। কালডাছৰ মেৰামতি সম্পূৰ্ণ হোৱাৰ পাছত ৱাশ্বিংটনৰ পৰা আহি সি নাৱিক হিচাপে নিযুক্ত হ’ল। মবিল এৰাৰ মাত্ৰ কেইদিনমান আগতে সি মোক কৈছিল যে কলম্বিয়াত উপস্থিত হোৱাৰ পাছতে তাৰ প্ৰথম কাম হ’ব ঘৈণীয়েকক কাৰটাজেনালৈ লৈ অনা।
লুই ৰেনগিফো দীঘলীয়া সমুদ্ৰ যাত্ৰাৰ অভিজ্ঞতা নাছিল। জানিছিলোঁ, সি সমুদ্ৰ পীড়াত ভুগিব। যাত্ৰাৰ প্ৰথমদিনা পুৱা পোছাক পৰিধান কৰাৰ সময়ত মোক সুধিলে— ‘তোমাৰ অলপো গা বেয়া লগা নাই?’
‘নাই।' মই ক'লোঁ।
‘দুই-তিনি দিনৰ ভিতৰত দেখা পাম, তোমাৰ জিভা ওলাই আহিছে।’
‘ঠিক তোমাৰ যি হৈছে!’
‘মই যিদিনা অসুস্থ হ’ম’, সি ক'লে— ‘সিদিনা সমুদ্ৰও বেমাৰত পৰিব।’
বাংকত শুই টোপনিওৱাৰ চেষ্টা কৰোঁতে সেই ধুমুহাৰ কথা মনত পৰিল। সিদিনা ৰাতি পুনৰ মোৰ মনত ভয় ভাবৰ সঞ্চাৰ হ’ল। দুশ্চিন্তাত মই লুই ৰেনগিফোৰ কাষলৈ উভতি আহিলোঁ। সি তেতিয়া কাপোৰ পিন্ধি সাজু। মই ক'লোঁ— ‘এতিয়াৰে পৰা সাৱধান হ’বা, তোমাৰ জিভাই যাতে তোমাক শাস্তি নিদিয়ে।’
দুই
জাহাজত আমাৰ অন্তিম মুহূৰ্তবোৰ
২৬ ফেব্ৰুৱাৰী। প্ৰীতি ভোজনৰ সময়ত এজন সহকৰ্মীয়ে ক'লে— 'আমি এতিয়া উপসাগৰৰ ওপৰত।’ আগদিনা মই মেক্সিকো উপসাগৰৰ বতৰক লৈ চিন্তিত আছিলোঁ। কিন্তু আমাৰ ডেষ্ট্ৰয়াৰ সামান্য দুলিলেও আগবাঢ়িছিল শান্তভাৱে। মোৰ ভালেই লাগিছিল। ভয়ৰ কোনো কাৰণ নাই। ডেকলৈ গৈ থিয় হ'লোঁ মই। উপকূল দিগন্তত বিলীন হৈ পৰিছে। কেৱল সেউজ সমুদ্ৰ আৰু নীলা আকাশ। ইয়াৰ পাছতো কিন্তু মিগুৱেল ওৰতেগাই শেঁতা ৰুগ্ন চেহেৰাৰে ডেকৰ মাজতে বহি সমুদ্ৰ পীড়াৰ সৈতে যুঁজ দিছে যদিও সি নতুন নাৱিক নহয়, তথাপি যোৱা চৌবিছ ঘণ্টা সি থিয় হ’বই পৰা নাই।
ওৰতেগাই কাম কৰিছিল কোৰিয়াত। আল মিৰান্তে পাদিল্লা জাহাজত। সি বহু ঠাইত ঘূৰিছে, সমুদ্ৰক ভালদৰেই চিনি পায়। যদিও সাগৰ শান্ত, তথাপি নিৰীক্ষণৰ কাম শেষ হোৱাৰ পাছত ওৰতেগাক ওভতাই অনাত সহায় কৰিবলগা হ'ল। সি যন্ত্ৰণাত কাতৰ, খাদ্যবস্তু সহ্য কৰিব পৰা নাছিল। নিৰীক্ষণৰ কামত ব্যস্ত অন্যান্য সহকৰ্মীসকলে বাংকলৈ উভতি যোৱাৰ নিৰ্দেশ নহাপৰ্যন্ত তাক ধৰি ৰাখিবলৈ চেষ্টা কৰিছিল। কিন্তু সি শুই পৰিল, মুখ গুঁজি মূৰটো একাতি কৰি বমি অহালৈ অপেক্ষা কৰিবলৈ ধৰিলে।
ৰেমন হেৰোৰাই ছাব্বিছ তাৰিখে ৰাতি যেন মোক কৈছিল— (কেৰিবিয়ানত প্ৰৱেশ কৰিলে অৱস্থা বেয়াৰ পিনে ঢাল খাব। মোৰ হিচাপ অনুসৰি মাজৰাতিৰ পাছত মেক্সিকো উপসাগৰ অতিক্ৰম কৰিম। টৰ্পেডোৰ নলৰ ওচৰত নিজৰ নিৰীক্ষণ কৰা ঠাইত থিয় হৈ মই বৰ আশান্বিত হৈ পৰিছিলোঁ। মনলৈ আহিছিল কেৱল কাৰটাজেনাৰ কথা। ৰাতিৰ পৰিষ্কাৰ আকাশ, আকাশত তৰা। নৌ বাহিনীত যোগদান কৰাৰ পাছৰে পৰা তৰা লেখাটো মোৰ অভ্যাসত পৰিণত হৈছে। সিদিনা ৰাতিও যেতিয়া কালডাছ ধীৰ গতিৰে কেৰিবিয়ানৰ পিনে ধাৱমান হৈছিল, মই আৰম্ভ কৰিছিলোঁ তৰা লেখিবলৈ।
সমগ্ৰ পৃথিৱী ভ্ৰমণ কৰা এজন নাৱিকে জাহাজৰ গতি দেখিয়েই ক’ব পাৰে সেইখন কোন সমুদ্ৰৰে আগুৱাইছে। যি টুকুৰা ঠাইত মই প্ৰথমবাৰৰ বাবে জাহাজত ভাঁহি আছোঁ, সেই অভিজ্ঞতাৰ পৰাই মোৰ ধাৰণা হ’ল, কেৰিবিয়ানত আহি উপস্থিত হৈছোঁ। ঘড়ীটোলৈ চালোঁ। ২৭ ফেব্ৰুৱাৰীৰ মাজৰাতি তেতিয়া, কিছু সময় পাছতে ৰাতি পুৱাব। জাহাজ বেছি দোলা নাছিল, তথাপি বুজিব পাৰিছিলোঁ, কেৰিবিয়ানতে আছোঁ। কিন্তু সকলো ওলট-পালট হৈ গ'ল। এক অদ্ভুত আশংকাই মোক ঘেৰি ধৰিলে। কিন্তু কিয় বুজিব পৰা নাছিলোঁ। তলৰ বাংকত থকা ওৰতেগাৰ কথা মনলৈ আহিল।
পুৱা ৬ বজাত ডেষ্ট্ৰয়াৰ ভয়ংকৰভাৱে নাচিব ধৰিলে। লুই ৰেনগিফোৰ নিদ্ৰা ভংগ হৈছিল, সি বমি কৰিবলৈ ধৰিছিল।
‘ফাতছোঁ!’, সি মোক সুধিলে— 'তোমাৰ এতিয়াও গা বেয়া লগা নাইনে?’
মই লগা নাই বুলি ক'লোঁ। কিন্তু তাক জনালোঁ যে মই বৰ চিন্তিত। আগতেই কৈছোঁ— ৰেনগিফো এজন অভিযন্তা, মেধাৱী ল’ৰা, ভাল নাৱিক। সি মোক বুজাইছিল, কিয় কেৰিবিয়ানত কালডাছৰ দৰে জাহাজৰ একো ক্ষয়-ক্ষতি হ’ব নোৱাৰে। সি ক'লে—‘এই জাহাজখন কুকুৰনেচীয়া বাঘৰ দৰে।’ মোৰ মনত পৰিল— যুদ্ধৰ সময়ত এনে এখন ডেষ্ট্ৰয়াৰেই এই এলেকাত এখন জাৰ্মান ছাবমেৰিনক ধ্বংস কৰিছিল।
‘এইখন নিৰাপদ জাহাজ।'— লুই ৰেনগিফোই পুনৰ ক'লে। মই মোৰ বাংকত দীঘল দি শুবলৈ যত্ন কৰিছিলোঁ যদিও জাহাজৰ দোলনত শুব পৰা নাছিলোঁ, তথাপি ৰেনগিফোৰ কথাই মোক আশ্বস্ত কৰিলে। ধীৰে ধীৰে বতাহ আৰু অধিক বেগেৰে বলিবলৈ ধৰিলে। মই কল্পনা কৰিবলৈ ধৰিলোঁ— ‘ভয়ংকৰ ঢৌৰ মুখত কালডাছৰ কি
গোটেই দিনটো বতাহৰ কোনো পৰিৱৰ্তন নহ'ল। আমাৰ যাত্ৰাও অব্যাহত থাকিল। নিৰীক্ষণৰ ডিউটী শেষ কৰি উঠি কাৰটাগেনালৈ গৈ কি কৰিম তাকে ভাবিবলৈ ধৰিলোঁ। প্ৰথমেই মেৰীলৈ চিঠি লিখিম। ঠিক কৰিলোঁ, তাইলৈ সপ্তাহত দুখন চিঠি লিখিম। চিঠি লিখাৰ ক্ষেত্ৰত মোৰ কোনো এলাহ নাই। নৌ বাহিনীত যোগ দিয়াৰ পাছৰ পৰা প্ৰতি সপ্তাহত বোগোটাৰ ঘৰলৈ নিয়মিত চিঠি লিখি আহিছোঁ। মোৰ প্ৰতিবেশী এলেকা ওলেৱাত থকা বন্ধু-বান্ধৱলৈকো নিয়মিত লিখিছোঁ। মেৰীলৈ লিখিম কাৰটাজেনাত উপস্থিত হৈ। মই হিচাপ কৰি দেখিলোঁ আৰু কিমান সময়ৰ প্ৰয়োজন হ’ব— ছাব্বিছ ঘণ্টা। এয়াই মোৰ শেষবাৰৰ বাবে ঘড়ী চোৱা।
ৰেমন হেৰোৰাই মিগুৱেল ওৰতেগাক বাংকলৈ ওভতাই অনাত সহায় কৰিলে। তাৰ অৱস্থা আৰু অধিক শোচনীয় হৈছে। মবিল এৰি অহাৰ পাছত তিনিটা দিন একো এটা মুখত দিয়া নাই। কোনো প্ৰকাৰেহে কথা-বতৰা পাতিব পাৰিছে। মানুহজন তেনেই শেঁতা পৰি গৈছে। আৰু এতিয়া সাগৰীয় ধুমুহাত বিপৰ্যস্ত।
নৃত্য আৰম্ভ হ'ল
ঠিক দহ বজাৰ লগে লগে নৃত্য আৰম্ভ হ'ল। কালডাছ দুলিছিল গোটেই দিনটো, কিন্তু ২৭ তাৰিখৰ ৰাতি জাহাজৰ এই দোলন মাৰাত্মক ৰূপ ল’লে। বাংকত জাগি থাকি বাগৰ দি আছোঁ, নিৰীক্ষণৰ ডিউটী থকাসকলৰ কথা ভাবি চিন্তিত হৈছোঁ। কিন্তু আমি বাংকত থকাসকলেও শুব পৰা নাই। মাজনিশা এবাৰ তলৰ বাংকত থকা লুই ৰেনগিফোক সুধিলোঁ— ‘তুমি ঠিকে-ঠাকে আছাতো?’
ঠিকেই ভাবিছিলোঁ— ৰেনগিফোয়ো শুব পৰা নাই। জাহাজৰ দোলন সত্ত্বেও ৰসিকতা কৰিবলৈ এৰা নাছিল— ‘মই তোমাক কৈছিলোঁ নহয়, সিদিনাই মোৰ অসুখ হ’ব, যিদিনা সাগৰখনৰো অসুখ হ’ব।’ কিন্তু সিদিনা সেই ৰাতি তাৰ কথাবোৰ সম্পূৰ্ণ হ’বলৈ নাপালে।
মই আগতেই কৈছোঁ, নিজৰ অস্বস্তিৰ কথা। মনত অবুজ ভয়ৰ সঞ্চাৰ হৈছে। লাউড স্পীকাৰত নিৰ্দেশ আহিল— ‘সকলো কৰ্মীয়ে ‘পোৰ্ট ছাইড’ৰ কাষত আহি থিয় হওক।’
মই বুজি পালোঁ— এই নিৰ্দেশৰ অৰ্থ কি। জাহাজ বিপজ্জনকভাৱে ষ্টাৰ ৰোডৰ পিনে হাওলি গৈছিল। সকলোৱে পোৰ্ট ছাইডৰ ফালে গৈ নিজৰ দেহৰ ভাৰেৰে জাহাজখনক পোন কৰিব লাগিব। দুবছৰ ধৰি কৰা সমুদ্ৰযাত্ৰাৰ পাছত এই প্ৰথম সমুদ্ৰলৈ ভয় কৰিলোঁ। ডেকৰ ওপৰত বতাহৰ প্ৰচণ্ড শব্দ, সকলো নাৱিকে পানীত তিতি জুৰুলি-জুপুৰি হৈছে আৰু ঠাণ্ডাত কঁপিছে।
নিৰ্দেশটো শুনাৰ লগে লগে মই বাংকৰ পৰা জাঁপ মাৰি নামিলোঁ। লুই ৰেনগিফো শান্তভাৱে উঠি পোৰ্ট ছাইডৰ পিনে এটা বাংকলৈ গ'ল। সেইটো উদং আছিল, তাৰে নাৱিকজন তেতিয়া নিৰীক্ষণৰ কামত ব্যস্ত। আন বাংকবোৰত ধৰি খুপি খুপি আগুৱাবলৈচেষ্টা কৰিলোঁ আৰু তেতিয়াই মনত পৰিল মিগুৱেল ওৰতেগালৈ।
সি লৰচৰ কৰিব পৰা নাছিল। নিৰ্দেশ শুনি উঠিবলৈ চেষ্টা কৰোঁতেই বাংকত পৰি গ’ল। ক্লান্তি আৰু সমুদ্ৰপীড়াই তাক জঠৰ কৰি পেলাইছিল। মই তাক তুলিবলৈ যত্ন কৰিলোঁ। পোৰ্ট ছাইডৰ পিনে থকা এটা বাংকলৈ লৈ গৈ তাক আশ্বস্ত কৰিলোঁ। ম্লান স্বৰত সি মোক ক'লে— সি অসুস্থ।
মই ক'লোঁ— ‘জানো। মোক কিবা এটা ব্যৱস্থা কৰিবলৈ দিয়া— যাতে তুমি নিৰীক্ষণৰ ডিউটীলৈ যাব নালাগে।’
এয়া মোৰ নিৰ্মম ৰসিকতা যেনহে লাগিল। কিন্তু যদি মিগুৱেল বাংকতে থাকিলেহেঁতেন, সি নিশ্চয় বাচি গ'লহেঁতেন। ২৮ তাৰিখে ৪ বজাৰ লগে লগে পুনৰ নিৰ্দেশ আহিল। এটা মিনিটো সময় নষ্ট নকৰি আমি ছজন ডেকলৈ আহিলোঁ। আমাৰ মাজত আছিল মোৰ সকলো সময়ৰ সংগী ৰেমন হেৰোৰা আৰু নিৰীক্ষণ অফিচাৰ গিলাৰমো ৰোজো৷ আমাৰ জাহাজত এয়াই আছিল আমাৰ অন্তিম ডিউটী। জানিছিলোঁ যে দুপৰীয়া দুই বজাৰ ভিতৰত কাৰটাজেনাত উপস্থিত হ’ব। ডিউটী শেষ হ'লেই আকৌ শুবলৈ যাম— যাতে আঠ মাহৰ অন্তত দেশৰ মাটিত উপস্থিত হৈ মনৰ ইচ্ছাৰে ফুৰা-চকা কৰিব পাৰোঁ— প্ৰাণভৰি উপভোগ কৰিব পাৰোঁ সকলো। চাৰে পাঁচমান বজাত কেবিন কৰ্মী এজনক লগত লৈ ডেকৰ তল পৰীক্ষা কৰিবলৈ গ'লোঁ। যিসকলে ইমানপৰে ফুল ডিউটীত আছিল, প্ৰাতঃভোজনৰ বাবে ৭ বজাত তেওঁলোকক ছুটী দিয়া হ’ল। আঠ বজাত তেওঁলোক উভতি অহাৰ পাছত আমি ৰেহাই পালোঁ। এয়াই মোৰ শেষ নিৰীক্ষণ। অস্বাভাৱিক একো ঘটা নাই, যদিও বতাহৰ কোপ ক্ৰমান্বয়ে বাঢ়িছে আৰু সাগৰৰ ঢৌ আৰু অধিক বিশালতৰ ৰূপ লৈছে। জাহাজৰ মাস্তুলত ঠেকা খাইছে, পানীৰে ভৰি পৰিছে ডেক।
ৰেমন হেৰোৰা জাহাজৰ শেষ প্ৰান্তত আৰু তাত লুই ৰেনগিফো ব্যস্ত জীৱন ৰক্ষক হিচাপে হেডফোন লৈ। ডেকৰ সোঁমাজত মিগুৱেল ওৰতেগা শুই পৰিছে, যন্ত্ৰণা আৰু সমুদ্ৰ-ৰোগত। জাহাজৰ এইখিনি ঠাই সকলোতকৈ শান্ত। মই যোগান বিভাগৰ দ্বিতীয় শ্ৰেণীৰ নাৱিক এডোৱাৰ্ডো কাষ্টিলোৰ সৈতে কিছু কথা পাতিলোঁ। তাক বেছ শান্ত যেন দেখা গৈছিল। বোগাতাৰ স্নাতক সি। মনত নাই তাৰ স’তে কি কথা পাতিছিলোঁ। মনত আছে কেৱল পাছত আৰু তাৰ সৈতে কেতিয়াও দেখা নহ'ল। এঘণ্টামান পাছত সি জাঁপ দিছিল সমুদ্ৰৰ বুকুত।
গা ঢাকি শুবৰ বাবে ৰেমন হেৰোৰাই অলপ পিচবোৰ্ড যোগাৰ কৰি গৈছিল। জাহাজৰ এই দোলনত কুঠৰীত শোৱাটো আমাৰ বাবে অসম্ভৱ আছিল। ঢৌবোৰ দীঘলীয়া হৈছিল, শক্তিও আছিল প্ৰবল, বাৰে বাৰে আছাৰ খাই পৰিছে ডেকত। জাহাজৰ পিছ অংশত থকা ৰেফ্ৰিজাৰেটৰ, ৱাচিং মেচিন, ষ্টোভৰ মাজতে মই আৰু ৰেমন হেৰাৰাই বাগৰ দিছোঁ। সতৰ্ক হৈ যাতে ঢৌৰ খুন্দাত উটি নাযাওঁ। আকাশলৈ চালোঁ মই। কিছু যেন নিশ্চয়তা পালোঁ— এনে লাগিছিল, এনেদৰে আৰু কেইঘণ্টামান পাৰ কৰিব পাৰিলেই কাটাজেনাৰ উপসাগৰত উপস্থিত হ’ব পাৰিম।
এক মুহূৰ্তৰ নীৰৱতা
‘কেইটা বাজিছে?’— লুই ৰেনগিফোৱে সুধিলে। সেই মুহূৰ্তত ঘড়ীত চাৰে এঘাৰ বজাৰ সংকেত। জাহাজখন বিপজ্জনকভাৱে ষ্টাৰবোৰ্ডৰ পিনে হাওলি পৰাৰ সেই ঘটনা ঘটাৰ এটা ঘণ্টা অতিক্ৰম কৰিছে। হঠাৎ লাউড স্পীকাৰত পুনৰ যোৱা নিশাৰ নিৰ্দেশটো বাজি উঠিল— ‘সকলো কৰ্মী পোৰ্ট ছাইডৰ পিনে আহি থিয় হওক।’ মই আৰু ৰেমন হেৰোৰাই লৰচৰ নকৰিলোঁ, কিয়নো আমি যথাস্থানতে আছিলোঁ।
মনলৈ আহিল মিগুৱেল ওৰতেগাৰ কথা। তাক মই ষ্টাৰবোৰ্ডৰ পিনে দেখিলোঁ। সমুদ্ৰ-ৰোগ যন্ত্ৰণা সহিব নোৱাৰি মোৰ কাষেৰে ঘূৰি সি পোৰ্ট ছাইডৰ পিনে আঁতৰি গ’ল। ঠিক সেই মুহূৰ্ততে জাহাজখন মাৰাত্মকভাৱে হাওলি গ'ল। চকুৰ সন্মুখৰ পৰা অদৃশ্য হৈ পৰিল মিগুৱেল। মোৰ শ্বাস-প্ৰশ্বাস বন্ধ হোৱাৰ উপক্ৰম ঘটিল। এটা বিশাল ঢৌ আছাৰ খাই পৰিল মোৰ গাত। সম্পূৰ্ণ তিতি গ'লোঁ। যেন সমুদ্ৰৰ পৰাহে উঠি আহিছোঁ। ধীৰে ধীৰে জাহাজখন সোঁদিশে হাওলিবলৈ ধৰিলে। লুই ৰেনগিফো ভয়ত একেবাৰে শেঁতা পৰি গৈছে, বিব্ৰতকণ্ঠে সি ক'লে— ‘হে ভগৱান জাহাজ ডুবিব এতিয়া, কি কৰোঁ?’
এই প্ৰথম লুই ৰেনগিফোক ভয় খোৱা দেখিলোঁ। মোৰ কাষতে ৰেমন হেৰোৰা চিন্তামগ্ন, পানীৰে তিতি গৈছে সিও। আমাৰ মাজত নিস্তব্ধতা। ৰেমনে প্ৰথমে মাত দিলে— ‘যেতিয়া ৰছী কাটি মালবোৰ সাগৰত পেলাই দিয়াৰ নিৰ্দেশ আহিব, প্ৰথমে মই যাম।’
এঘাৰ বাজি পঞ্চাছ মিনিট। ভাবিছিলোঁ— ৰছী কটাৰ নিৰ্দেশ আহিব। ৰছী কটাৰ অৰ্থ হ’ল ডেকক ভাৰমুক্ত কৰা। নিৰ্দেশ দিয়াৰ লগে লগেই ৰেডিঅ’, ৰেফ্ৰিজাৰেটৰ, ষ্টোভ— সকলো উটি যাব সমুদ্ৰত। তেতিয়া আমি তলৰ কুঠৰিত আশ্ৰয় ল’ব লাগিব। কাৰণ ৰেফ্ৰিজাৰেটৰ আৰু ষ্টোভৰ আঁৰতেই আমি আশ্ৰয় লৈ আছোঁ। সেইবোৰ সাগৰত পেলাবলগীয়া হ’লৈ আমাকো ঢৌৱে উটুৱাই নিব।
ঢৌৰ বিৰুদ্ধে তীব্ৰ যুঁজ অব্যাহত আছে জাহাজখনৰ। বেছি হৈছে দোলন। ৰেমন হেৰোৰাই তাৰপোলিন এখনেৰে নিজক ঢাকি ৰখাৰ চেষ্টা চলাইছে। তেতিয়াই আমাৰ ওপৰত আছাৰ খাই পৰিল এটা বিশাল ঢৌ। কেনভাছ এখনেৰে মই আত্মৰক্ষাৰ চেষ্টা কৰিলোঁ। মূৰৰ ওপৰত হাত তুলি ৰৈ আছোঁ। ঢৌ আঁতৰি গ'ল। আধা মিনিট পাছত লাউড স্পীকাৰত মাত শুনা গ'ল। শান্ত অথচ দৃঢ় কণ্ঠ— ‘ডেকৰ কৰ্মীসকলে লাইফ জেকেট পিন্ধি লওক।’
লুই ৰেনগিফোৱে শান্তভাৱে এহাতেৰে হেডফোন, আনখন হাতেৰে জেকেটটো পিন্ধি ল’লে। প্ৰথমে মোৰ সকলো অলীক যেন লাগিছিল। ৰৈ ৰৈ ঢৌ আহিছে। লুই ৰেনগিফোৰ পিনে চালোঁ। হেডফোনটো খুলি পেলাইছে। চকুহাল মুদি দিলোঁ মই— ঘড়ীৰ টিক্ টিক্ শব্দ কাণত পৰিল।
প্ৰায় এটা মিনিট ধৰি কাণত বাজি থাকিল সেই শব্দ। ৰেমন হেৰোৰাৰ সাৰসুৰ নাই। মনত সময়ৰ লেখ ল’বলৈ চেষ্টা কৰিলোঁ— নিশ্চয় বাৰমান বাজিছে। কাৰটাগেনা পাবলৈ এতিয়াও দুঘণ্টা বাকী। হঠাৎ মুহূৰ্তৰ ভিতৰতে জাহাজখন শূন্যলৈ উঠি গ'ল। মই হাত তুলি ঘড়ীটো চাবলৈ যত্ন কৰিলোঁ। হাতো চকুত নপৰিল, ঘড়ীও। ঢৌটোও দৃষ্টিগোচৰ হোৱা নাছিল। জাহাজখনে যেন আশা আৰু উদ্যম হেৰুৱাই পেলাইছে। আমি আঁৰ হৈ আশ্ৰয় লৈ থকা সমস্ত মালপত্ৰ ঢৌত উটি গ'ল। কোনো প্ৰকাৰে থিয় হ'লোঁ— মোৰ ডিঙিলৈ পানী। চকুত পৰিল লুই ৰেনগিফোক, চকু দুটা ডাঙৰ হৈ পৰিছে, কিন্তু শান্ত— পানীত ভাঁহি থাকিবলৈ চেষ্টা চলাই গৈছে, হেডফোন শূন্যত। মই ডুবিবলৈ ধৰিলোঁ, সাঁতুৰি প্ৰাণৰক্ষাৰ বাবে চেষ্টা চলালোঁ।
এক, দুই, তিনি ছেকেণ্ড। পানীৰ ওপৰলৈ উঠি আহিলোঁ, পানীৰ ওপৰ পাবই লাগিব। মোক বতাহ লাগে। উশাহ বন্ধ হৈ যাব খুজিছে মোৰ। বয়-বস্তু ক’ৰবাত ধৰিবলৈ খেপিয়াই চালোঁ। কিন্তু ক’তো একো নাই— সকলো উটি গৈছে। একোৱেই নাই মোৰ কাষত। এশ মিটাৰ দূৰৈত ঢৌৰ মাজত ছিটিকি আহিছোঁ বাহিৰলৈ।
তিনি
চাৰি বন্ধুৰ সলিল সমাধি
প্ৰথমেই মোৰ ধাৰণা হ'ল — মই যেন ভয়ংকৰভাৱে অকলশৰীয়া হৈ পৰিছোঁ। পানীত ওপঙি থাকিবলৈ চেষ্টা কৰি থাকোঁতেই আৰু এটা বিশাল ঢৌ ডেষ্ট্ৰয়াৰৰ ওপৰত জঁপিয়াই পৰিল। জাহাজখন দুশ মিটাৰ দূৰত পাক খাই পানীত পৰিল। তাৰ পাছত চকুৰ সন্মুখত অদৃশ্য হৈ গ'ল। হয়তো ডুব গ’ল সাগৰত। এক মুহূৰ্তৰ পাছতে যি ভাবিছিলোঁ, সেয়াই ঘটা দেখিবলৈ পালোঁ। যিমানবোৰ মালপত্ৰ জাহাজত তোলা হৈছিল, সকলো ওপঙি উঠিছে সাগৰৰ পানীত। এটা এটাকৈ আগুৱাই আহিছে মোৰ ওচৰলৈ। চাৰিওকাষে ঢৌৰ কোবত নাচি-বাগি ভাঁহি ভাঁহি উঠিছে কাপোৰৰ বাকচ, ৰেফ্ৰিজাৰেটৰকে আদি কৰি সমস্ত ঘৰুৱা আচবাব। মই সেইবোৰ খামুচি ধৰি ওপঙি থাকিবলৈ চেষ্টা কৰিলোঁ। এইবোৰ কি ঘটিব ধৰিছে মই যেন একো তত্ ধৰিব পৰা নাছিলোঁ। ভাসমান এটা বাকচত সাবটি ধৰি হতভম্ব হৈ চাই ৰ'লোঁ সাগৰৰ এই উত্তাল ৰূপ। দিনটো পৰিষ্কাৰ আছিল। মাথোঁ বিশৃংখল কোবাল বতাহ আৰু ঢৌ। সাগৰৰ বুকুত সিঁচৰতি হোৱা ভাসমান বয়-বস্তুবোৰৰ বাদে আৰু ক’তো একো চিন-চাব নাছিল।
হঠাতে ওচৰত যেন কাৰোবাৰ চিৎকাৰ শুনিবলৈ পালোঁ। বতাহৰ তীব্ৰ সোঁ-সোঁৱনিৰ মাজত মই কণ্ঠস্বৰ চিনি পালোঁ— সেয়া প্ৰথম ৱাৰেণ্ট বিষয়া হুলিও আমাডোৰ কাৰবালোৰ মাত। তেওঁ যেন কাৰোবাক নিৰ্দেশ দিছে— ‘লাইফবেল্টৰ তলত খামুচি ধৰি থাকা।’ মই যেন এক মুহূৰ্তৰ গভীৰ নিদ্ৰাৰ পৰা জাগি উঠিলোঁ। সমুদ্ৰত তেন্তে মই অকলশৰীয়া নহয়। মাত্ৰ কেইমিটাৰমান আঁতৰত মোৰ সহকৰ্মীসকলে পৰস্পৰক উদ্দেশ্য কৰি চিঞৰ-বাখৰ কৰিছে— সকলোৱে চেষ্টা কৰিছে ওপঙি থাকিবলৈ। বুজি উঠিছোঁ— কোনো এটা নিৰ্দিষ্ট দিশলৈ সাঁতোৰ কটোৱা সম্ভৱ নহয়।কাৰটাজেনা এতিয়াও আৰু পঞ্চাছ মাইল দূৰত। তেতিয়াও মোৰ মনত ভয়ৰ সঞ্চাৰ হোৱা নাই। এনে লাগিছিল যেন অনন্ত কাললৈ এই বাকচটোত ধৰিয়েই কটাব পাৰিম, অন্ততঃ যেতিয়ালৈ উদ্ধাৰকাৰী আহি নাপায়। চতুৰ্দিশৰ অন্য নাৱিকসকলৰো একেই দুৰৱস্থা দেখি মোৰ আস্থা উভতি আহিছিল। ঠিক সেই মুহূৰ্ততে চকুত পৰিল পানীত উটি অহা এখন লাইফ বোট।
দুখন বোট ভাঁহি আহিছে, সাত-আঠ মিটাৰ ওচৰা-উচৰিকৈ। ঢৌৰ খুন্দাত ভাঁহি উঠিছে বোট দুখন, দৃশ্যটো মোৰ বাবে আছিল অকল্পনীয়। ওচৰতে মোৰ সহকৰ্মীসকলে চিৎকাৰ কৰিছে। আশ্চৰ্যকৰ কথা এয়ে যে সেই লাইফ বোটখন কোনেও ধৰিব পৰা নাছিল। হঠাৎ এখন বোট পানীত ডুবি গ'ল। মই ঠিক কৰিব পৰা নাছিলোঁ— সাঁতুৰি গৈ বোটখন ধৰিবলৈ চেষ্টা কৰিম নে এনেদৰে বাকচটোকে খামোচ মাৰি ধৰি থাকিম। মৰণত শৰণ দি মই বোটখন ধৰিবলৈ সাঁতুৰিবলৈ ধৰিলোঁ, কিন্তু সেইখন যেন মোৰ পৰা ক্ৰমশঃ আঁতৰিহে যাবলৈ ধৰিছে। প্ৰায় তিনি মিনিট ধৰি সাঁতুৰি থাকিলোঁ। মোৰ চকুৰ সন্মুখৰ পৰা যেন বোটখন অদৃশ্য হৈ পৰিছে। কিন্তু মই মন বান্ধি ল'লোঁ— লক্ষ্য মই হেৰুৱাব নোৱাৰোঁ। বোটখন পাবই লাগিব। হঠাৎ এটা বিৰাট ঢৌৱে বোটখন মোৰ কাষলৈ ঠেলি লৈ আনিলে। এখন বিশাল উদং বোট। জঁপিয়াই উঠাৰ চেষ্টা চলালোঁ যদিও বাৰে বাৰে ব্যৰ্থ হ'লোঁ।অৱশেষত উঠিবলৈ সক্ষম হ'লোঁ মই। ফোঁপাই ফোঁপাই বোটত খামোচ মাৰি ধৰি থাকিলোঁ, বতাহৰ বেগ তেতিয়াও তীব্ৰ। ঠাণ্ডাত গোটেই শৰীৰ কঁপিছে। বহি থকাও অসম্ভৱ। দেখিবলৈ পালোঁ— মোৰ তিনিজন সহকৰ্মী বোটৰ ওচৰলৈ অহাৰ চেষ্টা চলাইছে।
চিনি পালোঁ তেওঁলোকক — কোৱাৰ্টাৰ মাষ্টাৰ এডোৱাৰ্ড কাস্তিলো, হুলিঅ' আমাডোৰ কাৰাবালো আৰু লুই ৰেনগিফো। এডোৱাৰ্ড কাস্তিলোই কাৰবালোৰ কান্ধত সজোৰে খামুচি ধৰিছিল। দুৰ্ঘটনাটো ঘটাৰ সময়ত কাৰবালো আছিল নিৰীক্ষণৰ দায়িত্বত। জীৱন ৰক্ষাৰ জেকেটো পিন্ধি আছিল তেওঁ।
‘কাস্তিলো, টানকৈ ধৰি থাকা।’— চিৎকাৰ কৰি উঠিল তেওঁ। কমেও দহ মিটাৰ দূৰত জাহাজৰ বয়-বস্তুবোৰ ওপঙি আছে।
ইফালে লুই ৰেনগিফো, মাত্ৰ কিছু সময় আগতে তাক ডেষ্ট্ৰয়াৰত দেখিছিলোঁ, সোঁহাত শূন্যলৈ তুলিছে হেডফোনটো বচোৱাৰ চেষ্টাৰে। তাৰ স্বভাৱসুলভ সুস্থিৰতা আৰু অভিজ্ঞ নাৱিকৰ আত্মবিশ্বাসৰ বাবেই হয়তো ক’ব পাৰিছিল যে তাৰ অসুস্থতাৰ আগতেই অসুস্থ হৈ পৰিব সমুদ্ৰ।সাঁতুৰিবলৈ যাতে অসুবিধা নহয়, সেইবাবে সি পিন্ধি থকা কাপোৰ-কানিও ফালি পেলাইছিল— কিন্তু হেৰুৱাই পেলাইছিল জীৱন ৰক্ষাৰ জেকেটটো। মই তাক দেখিবলৈ নাপালেও তাৰ কণ্ঠস্বৰ কাণত পৰিছিল। সি কৈছিল— ‘এইফালে ভৰি মাৰা।’
লৰালৰিকৈ ব’ঠাপাট তুলি ল'লোঁ। কাষ চাপিবলৈ চেষ্টা কৰিলোঁ সিহঁতৰ। হুলিঅ’ আমাডোৰৰ কান্ধত ধৰি আছে এডোৱাৰ্ড কাস্তিলো। সিহঁত বোটৰ কাষ পাইছে। কিছু দূৰত মোৰ চতুৰ্থ সহকৰ্মী ৰেমন হেৰোৰা। নিসংগ আৰু ক্ষুদ্ৰ যেন দেখাইছে তাক— এটা বাকচৰ ওপৰত উঠি উন্মাদৰ দৰে হাত জোকাৰি মাতিছে মোক।
মাত্ৰ তিনি মিটাৰ
সিদ্ধান্ত লোৱা কঠিন— প্ৰথমে ঠিক কোনজন সহকৰ্মীৰ ওচৰলৈ যাম। আৰজোনাৰ উচ্ছ্বল ডেকা-মবিলৰ স্ফূৰ্তিৱান ৰেমন হেৰোৰাই মাত্ৰ কিছুপৰ আগলৈকে মোৰ সৈতে ডিউটীত ব্যস্ত আছিল। সৰ্বশক্তি প্ৰয়োগ কৰি প্ৰথমে তাৰ দিশেই আগুৱাবলৈ চেষ্টা কৰিলোঁ। লাইফ বোটখনো প্ৰায় দুই মিটাৰ দীঘল। বতাহৰ তীব্ৰ সোঁতৰ বিপৰীতে নাও এখন চলাই নিয়াটো মোৰ বাবে একপ্ৰকাৰ দুঃসাধ্য হৈ পৰিছিল। কেৱল লুই ৰেনগিফো আত্মবিশ্বাসেৰে বোটৰ ওচৰলৈ সাঁতুৰি আগুৱাই আহিবলৈ ধৰিছে। মই নিশ্চিত, সি পাৰিব। মোৰ বাংকৰ তলত তাৰ টোপনি সদায়ে গভীৰ।সমুদ্ৰতকৈও আছিল কঠিন তাৰ মন।
ইফালে হুলিঅ’ আমাডোৰৱে আপ্ৰাণ চেষ্টাৰে আগুৱাই আহিছে, এডোৱাৰ্ড কাস্তিলোক লগত লৈ। সিহঁতো মাত্ৰ তিনি মিটাৰ আঁতৰত। ঠিক কৰিলোঁ, সিহঁত আৰু অলপ কাষ চাপিলেই ব’ঠাপাট আগুৱাই দিম। ঠিক সেই মুহূৰ্ততে এই বিশাল ঢৌৱে বোটখনক আছাৰ মাৰি দিলে। সেই ঢৌৰ ওপৰত উঠি শূন্যলৈ উঠি যাওঁতেই ক্ৰমশঃ দূৰলৈ আঁতৰি যোৱা ডেষ্ট্ৰয়াৰৰ মাস্তুল দেখিবলৈ পালোঁ। পুনৰ আৰু এটা ঢৌৰ খুন্দাত নামি আহিলোঁ তললৈ। দেখিলোঁ— পানীৰ বুকুৰ পৰা অদৃশ্য হৈ গৈছে এডোৱাৰ্ড কাস্তিলোঁ আৰু হুলিঅ' আমাডোৰ। মাথোঁ দুই মিটাৰ দূৰত তেতিয়াও শান্তভাৱে মোৰ বোটৰ দিশলৈ সাঁতুৰি আছে লুই ৰেনগিফো।
এটা কাম কিয় নকৰিলোঁ নাজানিলোঁ। আগুৱাবলৈ নোৱাৰোঁ বুলি জানিও মই ব’ঠাপাট পানীত ৰাখিলোঁ। বোটখনক লৰচৰ হ’বলৈ নিদিওঁ — যেন লংগৰ পেলাই ৰাখিম। লুই ৰেনগিফো একেবাৰে বিধ্বস্ত। সি অলপ ৰ'ল। হাতখন ওপৰত তুলি ধৰিলে, যিদৰে সি জাহাজত হেডফোনটো তুলি ধৰিছিল। চিৎকাৰ কৰি ক'লে— ‘এইফালে বাই আনা।’
তাৰ দিশৰ পৰাই বতাহ বলিছিল। মই চিঞৰি চিঞৰি তাক ক'লোঁ যে বতাহক নেওচি আগুৱাবলৈ কষ্ট হৈছে। ভাব হ’ল, মোৰ কথাখিনি তাৰ কাণত নপৰিল। মাল বোজাই বাকচবোৰ ইতিমধ্যে অদৃশ্য হৈ পৰিছে। ঢৌৰ খুন্দাত ইফালে-সিফালে দুলিছে বোটখন। হঠাৎ লুই ৰেনগিফোৰ পৰা মই কমেও পাঁচ মিটাৰ দূৰলৈ আঁতৰি গ'লোঁ। সিও চকুৰ আঁৰ হৈ পৰিল। হঠাৎ পুনৰ অন্য এটা দিশত ভাঁহি উঠিল, কিন্তু তেতিয়াও ভীতিগ্ৰস্ত হোৱা নাই। প্ৰাণ-পণ চেষ্টাৰে ওপঙি থাকিবলৈ চেষ্টা কৰিছে। মই ব’ঠাপাট আগুৱাই দিলোঁ। দেখিলোঁ, সি ক্লান্ত হৈ পৰিছে, উশাহ লোৱাৰো শক্তি নাই। ডুবোঁ ডুবোঁ অৱস্থাৰ মাজতে সি চিঞৰিলে— ‘ফাতছোঁ, ফাতছোঁ।’
কোনোপধ্যেই মই ব’ঠাপাট তালৈ আগুৱাই দিব পৰা নাই, চেষ্টা চলালোঁ শেষবাৰৰ বাবে— যাতে লুই ৰেনগিফোৱে খামুচি ধৰিব পাৰে। পানীৰ তলৰ পৰা হাত দুখন তুলি ধৰিছে, কিছু আগতেও এই হাত দুখনেৰে পানীৰ পৰা বচাবলৈ হেডফোনটো তুলি ধৰি আছিল। লাহে লাহে মোৰ চকুৰ সন্মুখতে সেই হাত দুখন পানীৰ তলত ডুব গ'ল। ঘটনাটো ঘটিল ব’ঠাৰ পৰা মাত্ৰ দুই মিটাৰ আঁতৰত। কিমান সময় মই তেনেদৰে জঠৰ হৈ ৰ'লোঁ ক'ব নোৱাৰোঁ। লাইফ বোটখনৰ ভাৰসাম্য বজাই ৰাখি উঠি ব’ঠাপাট থৈ পানীলৈ সন্ধানী দৃষ্টিৰে চালোঁ। কোনোবা যদি ভাঁহি উঠে। সমুদ্ৰ পৰিষ্কাৰ, কিন্তু বতাহৰ বেগ বাঢ়িছে। মোৰ গাৰ পোছাক বতাহত কঁপি কুকুৰৰ গেঙনিৰ দৰে শব্দ হৈছে। মাল-পত্ৰ সকলো ডুব গ'ল। হঠাৎ মাস্তুলটো চকুত পৰিল— তাৰ মানে ডেষ্ট্ৰয়াৰ এতিয়াও ডুব যোৱা নাই। কি যেন এক অদ্ভুত শান্ত পৰিৱেশ। ভাব হৈছিল, কিছু সময়ৰ পাছতে যেন মোক বিচাৰি আহিব উদ্ধাৰকাৰীৰ দল। অন্য সহকৰ্মীৰ কোনোবা নিশ্চয় বেলেগ লাইফ বোটত উঠিব পাৰিছে।
বাকীসকলে উঠিব নোৱৰাৰো কোনো কাৰণ নাই। বোটবোৰত খাদ্যবস্তু জমা নাছিল, যন্ত্ৰ-পাতিৰো ব্যৱস্থা বেয়া।
কিছু সময়ৰ পাছতে সূৰ্যৰ উপস্থিতি অনুভৱ কৰিলোঁ। ভৰ দুপৰীয়াৰ সূৰ্য তপত ধাতুৰ দৰে। মই তেতিয়াও একেবাৰে প্ৰকৃতিস্থ হ’ব পৰা নাই। ঘড়ীলৈ চালোঁ— কাঁটাত মাজ দুপৰীয়াৰ ইংগিত।
অকলে
ডেষ্ট্ৰয়াৰত শেষবাৰৰ বাবে লুই ৰেনগিফোৱে মোক যেতিয়া সময়ৰ কথা সুধিছিল, তেতিয়া ১১ বাজি ৩০ মিনিট। পাছত মই এবাৰ ঘড়ী চাওঁতে দেখিছিলোঁ ১১.৫০ মিনিট। তেতিয়াও দুৰ্যোগ আৰম্ভ হোৱা নাই। এতিয়া লাইফ বোটত সময় বাৰ বাজিছে। মাত্ৰ দহ মিনিটৰ ভিতৰতে সকলো তচনচ হৈ। গ'ল লাইফ বোটত উঠা সহকৰ্মীসকলক বচোৱাৰ চেষ্টা কৰা, নিৰ্বাক হৈ বোটত বহি থকা, শূন্য সমুদ্ৰত সন্ধান কৰা, বতাহৰ গৰ্জন শূন্য— দহ মিনিটৰ ঘটনাক্ৰম এয়া। হয়তো উদ্ধাৰকাৰীৰ দল আহি পাবলৈ কমেও দুই-তিনি ঘণ্টা লাগিব।
দুই বা তিনি ঘণ্টা। ভাব হ’ল এই বিশাল সমুদ্ৰৰ নিসংগতাৰ মাজত অসম্ভৱ দীঘলীয়া সময়। কিন্তু অপেক্ষাতো কৰিবই লাগিব। পানী নাই, খাদ্য নাই। আবেলি তিনি বজাৰ পাছত নিশ্চয় পিয়াহত কণ্ঠ শুকাই যাব। সূৰ্যৰ তীক্ষ্ণ ৰ'দত মোৰ দেহ পুৰিবলৈ আৰম্ভ কৰিছে। টুপীটোও হেৰাই গ'ল। মূৰটো পানীৰে তিয়াই লৈ বোটৰ একাষে বহি ৰ'লোঁ। অপেক্ষা মাথোঁ উদ্ধাৰৰ।
ঠিক তেনে সময়তে সোঁ আঁঠুত বিষ এটা অনুভৱ কৰিলোঁ। পানীৰে তিতা পেণ্টটো কোঁচাবলৈ কষ্ট হ’ল। দেখিলোঁ আঁঠুৰ তলতে অৰ্ধচন্দ্ৰৰ দৰে এটুকুৰা গভীৰ ঘা। সম্ভৱতঃ জাহাজৰ ক'ৰবাত খুন্দা খাইছিলোঁ। তেজ ওলোৱা নাছিল। আঘাতটোনো লাগিল কেতিয়া, জাহাজৰ ক'ৰবাত খুন্দা খাই নে পানীত পৰাৰ পাছত? লাইফ বোটত বহাৰ আগতে বিষৰ উমানে পোৱা নাছিলোঁ।
কি কৰিম, নকৰিম বুজিব নোৱাৰি মোৰ আচবাববোৰকে বিচৰাত লাগিলোঁ। সমুদ্ৰৰ এই নিসংগতাৰ মাজত কি আছে মোৰ। প্ৰথমেই ঘড়ীটোৰ কথা ভাবিলোঁ। এইটোক নিৰ্ভৰ কৰা যায়, এতিয়াও সঠিক সময় দি আছে। প্ৰতি দুই-তিনি মিনিটৰ মূৰে মূৰে ঘড়ীটোলৈ লক্ষ্য কৰিছোঁ। তাৰ পাছত মোৰ সোণৰ আঙঠি। কাৰটাজেনাত যোৱা বছৰ কিনিছিলোঁ। আৰু এডাল হাৰ, ভাৰ্জিল অৱ কাৰমেনৰ মেডেল এটা ওলোমোৱা আছে।এইডালো কাৰটাজেনাত পঁয়ত্ৰিছ পেগ্ৰোত এজন নাৱিকৰ পৰা কিনা। জেপত মাথোঁ ডেষ্ট্ৰয়াৰৰ মোৰ লকাৰৰ চাবি আৰু তিনিখন ব্যৱসায়িক কাৰ্ড— ( মেৰীৰ সৈতে বজাৰ-সমাৰ কৰোঁতে ) মবিলৰ এজন দোকানীয়ে দিছিল মোক। কৰিবলৈ একোৱেই নাই, সেয়ে বাৰে বাবে কাৰ্ডকেইখনকে পঢ়িলোঁ। এয়াই নিজকে ব্যস্ত ৰখাৰ উপায়, যেতিয়ালৈ কোনেও মোক উদ্ধাৰ নকৰে। কিয় জানো ভাব হ’ল— জাহাজ ডুবিলে নাৱিকে বটলত ভৰাই যি বাৰ্তা উটুৱাই দিয়ে, এই কাৰ্ডবোৰো যেন সেয়াই। এটা বটল পোৱাহেঁতেন, ময়ো এই কাৰ্ডবোৰ ভৰাই সাগৰৰ পানীত উটুৱাই দিলোহেঁতেন। কাৰটাগেনাত লগ-সংগবোৰক ক’বলৈ এইটো নিশ্চয় ৰসাল ঘটনা।
চাৰি
কেৰিবিয়ানত অকলে প্ৰথমটো ৰাতি
আবেলি ঠিক চাৰিমান বজাত ধুমুহা শাম কাটিল। সৰ্বত্ৰ পানী আৰু আকাশ—চকুত পৰিবলৈ আৰু আন একো নাই। কৰিবলৈকো নাই একো। দুঘণ্টা পাৰ হ’ল, এতিয়া বুজিছোঁ, বোটখন উটি গৈ আছে বতাহৰ সৈতে। ব’ঠাৰে ইয়াক নিয়ন্ত্ৰণ কৰাটো অসম্ভৱ। কোন দিশলৈ গৈছোঁ, ক’ত আছোঁ— একোৱেই বুজিব পৰা নাই। বোটখন পাৰলৈকে গৈছে নে মাজসাগৰলৈকে গৈছে, সেয়াও বুজিব পৰা নাই। হয়তো পাছৰটোৱেই ঘটিব ধৰিছে, কিয়নো পঞ্চাছ মাইল দূৰৰ কোনো বস্তু সমুদ্ৰৰ খুন্দাত পাৰ পোৱা সম্ভৱ নহয়। বিশেষকৈ মানুহৰ দৰে ভাৰী বস্তুসহ এখন বোট।
পাছৰ দুঘণ্টা ডেষ্ট্ৰয়াৰৰ এই যাত্ৰাৰ সমগ্ৰ ঘটনাটো একোটা মিনিটত ভাগ কৰি সজাবলৈ ধৰিলোঁ। মই নিজকে বুজালোঁ, যদি ৰেডিঅ’ অপাৰেটৰজনে কাৰটাজেনাৰ সৈতে সম্পৰ্ক স্থাপন কৰিৰলৈ সক্ষম হৈছিল, তেন্তে নিশ্চয় দুৰ্ঘটনাৰ কথা জনাব পৰা গৈছিল, সেই হিচাপত কিছু সময় পাছতে বিমান আৰু হেলিকপ্টাৰ আহি পোৱাৰ কথা।
দুপৰীয়া এক বজাত মই বোটৰ ওপৰত বহি দুচকুৰে দিগন্তৰ সন্ধান চলালোঁ। তিনিপাট ব’ঠা সাজু কৰি থ'লোঁ। যিপিনে বিমান দেখিবলৈ পাওঁ, সেইফালেই ব’ঠা মাৰিম। মিনিটবোৰ দীঘল আৰু উত্তেজনাপূৰ্ণ। বেলিৰ প্ৰখৰ ৰ’দে মোৰ দেহ পুৰি পেলাইছে। সাগৰৰ লুণীয়া বতাহত মোৰ ওঁঠ ছিৰাছিৰ হৈছে। কিন্তু ভোক বা তৃষ্ণা অনুভৱ কৰা নাছিলোঁ। মই কেৱল ঈশ্বৰক প্ৰাৰ্থনা কৰিছিলোঁ— এখন যেন বিমান উৰি আহে। যদি বিমানখন আহি পায়, মই বোটত থিয় হ’ম, কামিজটো উৰুৱাই সংকেত দিম— যাতে এটা মুহূৰ্তও নষ্ট নহয়, প্ৰথমৰ পৰাই সাজু হৈ থাকিব পাৰোঁ, সেয়ে খুলি থ'লোঁ কামিজৰ বুটাম। তাৰ পাছত বোটৰ একোণত বহি দিগন্তৰ চতুৰ্দিশে কেৱল নিৰীক্ষণ কৰি গ'লোঁ। নাজানো কোন দিশেৰে আহিব বিমান।
দুই বাজিল। বতাহে গৰ্জি আছে। বতাহৰ সেই গৰ্জনৰ মাজতো লুই ৰেনগিফোৰ কণ্ঠস্বৰ শুনিবলৈ পালোঁ। ‘ফাতছোঁ, এইফালে বাই লৈ আহা।’ তাৰ স্পষ্ট কণ্ঠস্বৰ মোৰ কাণত বাজি উঠিল। যেন সি ইয়াতে আছে। মাত্ৰ দুই মিটাৰ আঁতৰত, ব’ঠাপাটৰ কাষ চাপিবলৈ চেষ্টা কৰিছে। সমুদ্ৰৰ বতাহৰ কান্দোনত, ঢৌৰ আছাৰবোৰত, স্মৃতিৰ ভিতৰত, সকলোতে তাৰ কণ্ঠস্বৰ বাজি উঠিছে। ‘এইফালে বাই আনা।’— তাৰ এই উন্মত্ত অস্থিৰ আৱাজে মোক যেন পাগল কৰি দিব।
তিনি বজাৰ পাছত ধৈৰ্য হেৰুৱাই পেলালোঁ মই। এইখিনি সময়তে ডেষ্ট্ৰয়াৰে কাৰটাজেনাত উপস্থিত হোৱাৰ কথা আছিল। বন্ধুবোৰে চাগে’ আমি উভতিলোঁ বুলি গোটেই চহৰত আনন্দ কৰিছে। সকলোৱে আমাৰ কথাই ভাবিছে নিশ্চয়। এইবোৰ চিন্তাই মোৰ শক্তি আৰু ধৈৰ্য যোগালে আবেলি চাৰিটালৈ। যদি সিহঁতক ৰেডিঅ’যোগে খবৰ দিব পৰা যায়ো, এতিয়ালৈ যিহেতু বন্দৰত উপস্থিত হ’ব পৰা নাই, গতিকে সকলোৱে নিশ্চয় বুজিছে, কিবা এটা অঘটন ঘটিছে। সিহঁত নিশ্চয় সতৰ্ক হৈছে।
বিমানৰ যদি উৰণত পলম কৰিছে, তথাপি আধা ঘণ্টাৰ ভিতৰত আহি পোৱাৰ কথা। চাৰি বজাত বা খুব বেছি চাৰি বাজি পোন্ধৰ মিনিটৰ ভিতৰত মোৰ মূৰৰ ওপৰত বিমান ঘূৰা-পকা কৰিব।
দিগন্তলৈ চকু ফুৰালোঁ আকৌ। এক অন্তহীন নিস্তব্ধতাৰে ঢাক খাই গ'লোঁ মই।
তাৰ পাছত আৰু লুই ৰেনগিফোৰ আৰ্তনাদ মোৰ কাণত নপৰিল।
সুদীৰ্ঘ নিশাটো
প্ৰথম তিনি ঘণ্টা অকলে সমুদ্ৰত অসহ্য লাগিছিল। পাঁচ ঘণ্টা পাৰ হৈ গৈছে। ভাব হৈছে আৰু এঘণ্টা অপেক্ষা কৰিব লাগিব। ধীৰে ধীৰে বেলিটো পশ্চিমত মাৰ যাবলৈ ধৰিছে। টিকটিকীয়া ৰঙা বেলি। মই সহজ হ’বলৈ চেষ্টা কৰিলোঁ। সূৰ্য বাওঁফালে, এইবাৰ বুজিছোঁ বিমান আহিব কোন দিশৰ পৰা। সেই দিশলৈ নিশ্চল ভংগিমাত দৃষ্টি স্থিৰ কৰি ৰাখিছোঁ। ভয় হৈছে, কিন্তু চকু মুদা নাই। সেইফালেই নিশ্চয় কাৰটাজেনা। ছয় বাজে মানে চকু বিষাবলৈ ধৰিলে। তথাপি মই আশা এৰা নাই। আন্ধাৰ হ’বলৈ ধৰিছে। তথাপি ধৈৰ্য হেৰুওৱা নাই। ইঞ্জিনৰ শব্দ শুনাৰ আগতে প্ৰথমে বিমানৰ ৰঙা আৰু সেউজীয়া পোহৰ দেখিবলৈ পাম। কিন্তু মোৰ মুঠেও ভাব হোৱা নাছিল যে মই বিমানৰ পোহৰ দেখিলেও সিহঁতে মোক দেখা নাপাব।
ইতিমধ্যে আকাশে ৰক্তিম বৰণ ধৰিলে। তেতিয়াও মোৰ দৃষ্টি দিগন্তত। অলপ পাছতে গভীৰ বেঙুনীয়া ৰং ধাৰণ কৰিলে আকাশে। মই মাথোঁ চাই আছোঁ। লাইফ বোটৰ এচুকত বহি দেখিছোঁ হুইস্কি বৰণৰ আকাশৰ বুকুত হালধীয়া হীৰাৰ দৰে প্ৰথম তৰাটো ফুটি উঠিল। নিশ্চল, নিখুঁত। যেন কিবা সংকেত দিছে। তাৰ পাছতে ৰাত্ৰি নামি আহিল। গভীৰ আন্ধাৰত ডুব গ'লোঁ মই। ইমান আন্ধাৰ যে নিজৰ হাতৰ পতাপৰ্যন্ত দেখা পোৱা নাযায়। ভয়-আতংকত মই জঠৰ হৈ পৰিলোঁ। লাইফ বোটত ঢৌৰ খুন্দাত বুজিছিলোঁ সাগৰৰ বুকুৰে ভাঁহি গৈ আছোঁ। ধীৰে ধীৰে, বাধাহীনভাৱে। আন্ধাৰৰ মাজত ডুব গৈ ভাব হ’ল দিনৰ পোহৰত নিজকে ইমান নিসংগ অনুভৱ কৰা নাছিলোঁ। কিন্তু এই অন্ধকাৰত, লাইফ বোটত এই নিঃশব্দতা অতি ভয়ংকৰ। একো এটা দেখা নাই, কিন্তু ভাঁহি ভাঁহি আগুৱাইছোঁ। অদ্ভুত প্ৰাণীৰে ভৰা এই সমুদ্ৰ। একাকীত্ব দুৰ কৰিবলৈ ঘড়ীলৈ চালোঁ, সাত বাজিবলৈ দহ মিনিট। মিনিটবোৰ যে অনন্ত দীঘল হৈ পৰিছে। সাত বজাৰ ভিতৰত তৰাৰে আকাশ ভৰি গ'ল। মই উদ্ভ্ৰান্তৰ দৰে বিমানৰ কথাই চিন্তা কৰিবলৈ ধৰিলোঁ।
ঠাণ্ডা লাগিছে। এইধৰণৰ বোটত এটা মুহূৰ্তও গাত পানী নলগাকৈ থাকিব নোৱাৰি। ওপৰত বহিলেও শৰীৰৰ অৰ্ধেক পানীৰ তলতে থাকে, কিয়নো তলভাগ খৰাহিৰ দৰে। আধা মিটাৰ পানীৰ তলত। আঠমান বজালৈ পানীৰ উষ্ণতা বতাহতকৈ বৃদ্ধি পালে। সামুদ্ৰিক প্ৰাণীৰ পৰা ৰক্ষা পাবলৈ হ'লে এতিয়া বোটৰ তলৰ ফালেই থাকিব লাগিব। তলত ৰছীৰে জাল দিয়া আছে। স্কুলতেই শিকিছিলোঁ— এনে জালেৰে নিজক কিদৰে সামুদ্ৰিক প্ৰাণীৰ পৰা বচাব লাগে। দিনৰ দুই বজাত শিক্ষকে যেতিয়া লাইফ বোটৰ এটা মডেল লৈ চল্লিছজন ছাত্ৰক এইবোৰ শিকায়, নিশা আঠ বজাত সমুদ্ৰৰ বুকুত অকলে উদ্ধাৰৰ কোনো আশা নথকাৰ সময়ত এইবোৰ কথাৰ কোনো মূল্য নাথাকে। শিক্ষকৰ মতে বোটৰ ওপৰ অংশটোৱেই সবাতোকৈ কম নিৰাপদ। তথাপি সকলো জানি-বুজিও ভাব হৈছিল— এই ঠাইখিনিয়েই সামুদ্ৰিক প্ৰাণীৰ পৰা বেছি দূৰৈত। উমান পাইছোঁ, বিশাল অজান প্ৰাণীবোৰ বোটৰ ওচৰেৰে পিয়াপি দিছে।
সিদিনা ৰাতি অগণন তৰাৰ মাজত হেৰাই যোৱা সপ্তৰ্ষি মণ্ডলক বিচাৰি উলিওৱাতো মোৰ বাবে অসুবিধা হৈছিল। ইমানবোৰ তৰা মই কোনোদিন দেখা নাই। সপ্তৰ্ষি মণ্ডলক বিচাৰি পোৱাৰ পাছত আৰু কোনোফালে চাবলৈ ইচ্ছা নহ'ল। কিয় নাজানো, সেইফালে চাই মোৰ নিসংগতা সামান্য হলেও যেন দূৰ হৈছিল।
কাৰটাজেনাত যেতিয়া বন্দৰত অৱসৰৰ দিনবোৰ কটাইছিলোঁ, প্ৰায়ে আমি সকলোৱে মিলিত হৈছিলোঁ মাংগা সাঁকোৰ তলত। ৰেমন হেৰোৰাই ডেনিয়েল ছাণ্টোছৰ কণ্ঠ নকল কৰি গান গাইছিল। কোনোবাই তাৰ কণ্ঠৰ সৈতে তাল মিলাই বজাইছিল গীটাৰ ৷ শিলৰ সেই সাঁকোৰ দেৱালত বহি মই দেখিছিলোঁ— সপ্তৰ্ষি ওলাইছে ছেৰো ডা লা পোপাৰ ফালে। আজি ৰাতি বোটৰ ওপৰত বহি এক মুহূৰ্তৰ বাবে যেন ভাব হল, মই মাংগা সাঁকোলৈ পুনৰ উভতি আহিছোঁ। কাষত ৰেমন হেৰোৰাই গীত জুৰিছে গীটাৰৰ মূৰ্ছনাৰ তালে তালে। সপ্তৰ্ষি যেন পৃথিৱীৰ পৰা দুশ মাইলৰ অধিক নহয়।
কলম্বিয়ান নৌ বাহিনীৰ ডেষ্ট্ৰয়াৰ কালডাছ : যাত্ৰাৰ আগমুহূৰ্তত
ছেৰো ডা লা পোপাৰ মূৰৰ ওপৰত আছে। মই কল্পনা কৰিলোঁ, হয়তো কাৰটাজেনাত কোনোবাই এতিয়া চাই আছে সপ্তৰ্ষিলৈ। মই চাই আছোঁ সমুদ্ৰৰ বুকুৰ পৰা। মই যেন এতিয়া আৰু নিসংগ নহয়। সমুদ্ৰৰ প্ৰথম ৰাতিটো আছিল বৰ দীঘলীয়া, কিয়নো সিদিনা একোৱেই নঘটিল। ঘটনাহীন সেই ৰাতিৰ বৰ্ণনা দিয়াটোও মোৰ সম্ভৱ নহয়। মোৰ ভয় হৈছিল কেৱল সাগৰীয় প্ৰাণীবোৰলৈ। হাতত কেৱল ঘড়ীৰ ডায়েলখন চিকমিক কৰিছে। প্ৰতি মিনিটৰ অন্তৰে অন্তৰে মই ঘড়ীটোলৈ চাইছোঁ। ফেব্ৰুৱাৰীৰ ২৮ তাৰিখ। সমুদ্ৰত মোৰ প্ৰথম ৰাতি। প্ৰতিজ্ঞা কৰিলোঁ আৰু ঘড়ী নাচাওঁ। ঘড়ীটো জেপত ভৰাই থ'ম— যাতে সময়ৰ ওপৰত অধিক নিৰ্ভৰশীল হ’বলগীয়া নহয়। ন বাজিবলৈ কুৰি মিনিট থকালৈ মই নিজক ধৈৰ্য ধৰি ৰাখিলোঁ, তেতিয়া মোৰ ভোক-পিয়াহৰ অনুভৱ অহা নাই। মই মনটো বান্ধি ল'লোঁ— পাৰিম, নিশ্চয় পাৰিম, পিছদিনা পুৱাই বিমান আহি পাব। কিন্তু ঘড়ীটোৱে যেন মোক পাগল কৰি দিব। বৰং এইটো সাগৰৰ পানীত দলিয়াই দিয়াই ভাল হ’ব। কিন্তু হঠাৎ ভয় হ’ল— ঘড়ীটো অবিহনে মই আৰু অধিক নিসংগ হৈ পৰিম। পুনৰ মণিবন্ধনত ঘড়ীটো পিন্ধি ল'লোঁ। পুনৰ মই চাবলৈ ধৰিলোঁ ঘড়ীৰ কাঁটালৈ, প্ৰতি মিনিটৰ অন্তৰে অন্তৰে। মাজে মাজে দিগন্তলৈ দৃষ্টি দিলোঁ বিমানৰ আশাত। মই চাই ৰ'লোঁ চকু নিবিষোৱাপৰ্যন্ত।
মাজনিশা মোৰ চিঞৰি চিঞৰি কান্দিবৰ মন গ'ল। এটা মুহূৰ্তও টোপনি মৰা নাই। টোপনিৰ ভাবো অহা নাছিল মোৰ। পুৱা যি আশাৰে বিমানলৈ অপেক্ষা কৰিছিলোঁ, সেই একেই আশাৰে এতিয়াও বাট চাই আছোঁ। জাহাজৰ পোহৰো বিচাৰিছোঁ। ঘণ্টাৰ পাছত ঘণ্টা কেৱল দৃষ্টি দিছোঁ শান্ত, গভীৰ, নিস্তব্ধ সমুদ্ৰৰ বুকুলৈ। আকাশৰ নক্ষত্ৰৰ বাদে আৰু ক'তো একো পোহৰৰ চিন নাই।
পুৱা সাগৰত শীত অলপ বেছি হয়। শৰীৰত ক্লান্তি নামিছে। দিনটোৰ সূৰ্যৰ সমস্ত তাপ জমা লাগি আছে গাৰ ছালৰ তলত। শীত বঢ়াৰ লগে লগে জ্বলন অনুভৱ কৰিছোঁ। মাজনিশাৰ পৰা আঁঠুৰ বিষটোও বাঢ়িব ধৰিছে। এনে লাগিছে যেন হাড়ৰ ভিতৰলৈহে পানী সোমাই গৈছে। কিন্তু ইয়াৰ পাছতো মই এনেদৰে চিৎকাৰ কৰিব পাৰিম, যদি জাহাজৰ এটি পোহৰৰ ৰেশ দেখিবলৈ পাওঁ। নিশাৰ সমুদ্ৰৰ অন্তহীন এই শব্দৰ মাজতো মোৰ সেই চিৎকাৰ বহু দূৰণিলৈ শুনিবলৈ পোৱা যাব।
প্ৰত্যুষৰ পোহৰ
ধীৰে ধীৰে সমুদ্ৰ আলোকিত হৈ উঠিল। কিন্তু উপকূলৰ দৰে নহয়। প্ৰথমে বিৱৰ্ণ হ’ল আকাশ, তৰাবোৰ এটি এটিকৈ আঁতৰি গ'ল। ঘড়ীলৈ চালোঁ, তাৰ পাছতে চালোঁ দিগন্তলৈ। সমুদ্ৰৰ বিশাল ৰূপ দৃশ্যমান হৈ পৰিল। বাৰটা ঘণ্টা পাৰ হ’ল। দিনতকৈও দীঘল এই ৰাতিটোৰ সমাপ্তিৰ পাছত আৰম্ভ হ'ল এটা নতুন দিন।
ৰাতি পুৱাল। কিন্তু কি হ’ব? খোৱাৰ ইচ্ছা নাই। বতাহৰ উষ্ণতা সামান্য বৃদ্ধি পাইছে। সমুদ্ৰ শান্ত, সোণালী বৰণ ধৰিছে। যোৱা ৰাতি অলপো শোৱা নাই৷ তথাপি এনে লাগিছিল যে এইমাত্ৰহে নিদ্ৰাৰ পৰা উঠিলোঁ। বোটত শৰীৰটো এৰি দিলোঁ। হাড়ে হাড়ে বিষ, দেহৰ ছালত জ্বলন।
ফৰকাল বতৰ, উমাল বতাহ বলিছে। বতৰটোৱে যেন মোক অপেক্ষা কৰিবলৈ শক্তি যোগাইছে। নিজকে বেছ স্বাভাৱিক যেন অনুভৱ কৰিলোঁ। কুৰি বছৰৰ জীৱনত এই প্ৰথম নিজকে সুখী যেন লাগিল। বোটখন সমুখলৈ আগুৱাইছে। গোটেই ৰাতিটো কিমান দূৰত্ব আগবাঢ়িল বুজিব নোৱাৰিলোঁ। কিন্তু দিগন্ত এতিয়াও অপৰিৱৰ্তিত। যেন মই একে ঠাইতে স্থিৰ হৈ আছোঁ। সাত বজাত ডেষ্ট্ৰয়াৰৰ কথা মনত পৰি গ'ল মোৰ।প্ৰাতঃভোজনৰ সময় এতিয়া। মোৰ সহকৰ্মীসকলে খোৱা মেজৰ চাৰিওফালে বহি আপেল খাইছে। অলপ পাছতে আহিব কণী, মাংস, পাওৰুটী আৰু ক'ফী। মোৰ জিভালৈ পানী আহি গ'ল। পেটৰ ভিতৰত খলখলাই উঠিল। ভোক পাহৰিবলৈ চেষ্টা কৰিলোঁ। বোটৰ তলৰ ফালে দেহটো আগুৱাই দিলোঁ, ৰ’দে পোৰা পিঠিত শীতল পানীৰ স্পৰ্শত বৰ আৰাম পালোঁ। ঘূৰাই পালোঁ শৰীৰৰ শক্তি। শুই শুই ভাবিবলৈ চেষ্টা কৰিলোঁ ৰেমন হেৰোৰাৰ সৈতে কিয় বাৰু ডেকত থিয় হ’বলৈ গৈছিলোঁ? কিয় নিজৰ বাংকত আহি শোৱা নাছিলোঁ। প্ৰতিটো মুহূৰ্তৰ সেই ভয়ংকৰ ঘটনাটোক স্মৰণ কৰিবলৈ চেষ্টা চলালোঁ। কোনো কাৰণেই নাছিল এই দুৰ্ঘটনাত পতিত হোৱাৰ। নিৰীক্ষণৰ দায়িত্বত নাছিলোঁ, যেতিয়া ডেকলৈ আহি থিয় হোৱাৰো দৰকাৰ নাছিল। যি ঘটিল সেয়া মোৰ ভাগ্যৰ দোষ। ঘড়ীটোলৈ চাই নিজকে বুজনি দিয়াৰ চেষ্টা চলালোঁ। দ্ৰুততাৰে পাৰ হ'বলৈ ধৰিছে দিনটো। এতিয়া চাৰে এঘাৰ বাজিল।
দিগন্ত এটা ক'লা বিন্দু
দিনটো যিমানে গাঢ় হ’বলৈ ধৰিলে, মই পুনৰ কাৰটাজেনাৰ কথা ভাবিবলৈ ধৰিলোঁ। অনুশোচনা হৈছিল, কিয়নো উঠিলোঁ এই লাইফ বোটত? মোৰ বাকী সহকৰ্মীসকল নিশ্চয় ইতিমধ্যে উদ্ধাৰ পৰিছে। বোটখনেহে মোক ক'ৰবালৈ উটুৱাই আনিলে। ভাগ্য বেয়া বাবেহে মই এতিয়াও এই লাইফ বোটত।
কথাটো ভাবি থাকোতে চকুত পৰিল দিগন্তত এটি ক’লা বিন্দু। বিন্দুটো ক্ৰমান্বয়ে আগুৱাই আহিছে মোৰ পিনে। স্থিৰ নিষ্পলক দৃষ্টিৰে চাই ৰ'লোঁ মই। সমস্ত আকাশখন চকুৰ ভিতৰত জলমলাই উঠিল। ক’লা বিন্দুটো ধীৰে ধীৰে মোৰ বোটৰ পিনেই আগুৱাই আহিছে। কেইটামান মুহূৰ্তৰ পাছত অৱয়ৱ এটা জিলিকি উঠিল। সেই জিলিকনি ধাতৱ অৱয়ৱৰ। কান্ধত বিষ, চকুৱে সহিব পৰা নাই আকাশৰ বিশালতা। তথাপি চাই আছোঁ। দ্ৰুততাৰে আগুৱাই আহিছে বোটৰ পিনে। মই আনন্দত অধীৰ হোৱা নাই, আৱেগত উথলিও উঠা নাই। শান্তভাৱে বোটৰ ওপৰত থিয় হৈ আছোঁ। বিমানখন আগুৱাই আহিছে। মই কামিজটো খুলি পেলালোঁ। মই সংকেত দিব লাগিব। এক মিনিট, দুই মিনিট— হাতত কামিজটো, অপেক্ষা কৰিছোঁ আৰু কাষ চাপি আহক বিমানখন। পোনে পোনে বোটৰ পিনে আগুৱাই আহিল, ময়ো কামিজটো তুলি জোকাৰিবলৈ ধৰিলোঁ। ঢৌৰ শব্দৰ মাজতো শুনিবলৈ পালোঁ বিমানৰ ইঞ্জিনৰ শব্দ।
পাঁচ
লাইফ বোটত আৰু এজন সংগী
পাঁচ মিনিট ধৰি কামিজটো উৰুওৱাৰ পাছত হঠাৎ বুজিলোঁ, মই ভুল কৰিছোঁ। বিমানখন বোটৰ ফালে অহাই নাই। মই ক'লা বিন্দুটোলৈ লক্ষ্য কৰি আছিলোঁ, ক্ৰমান্বয়ে বিন্দু ডাঙৰ হৈছিল। এনে লাগিছিল যেন বিমানখন মূৰৰ ওপৰেৰে যাব। কিন্তু সেইখন আছিল বহু দূৰৈত আৰু বহু ওপৰেৰে পাৰ হৈ গ'ল। বোটৰ ওপৰত থিয় হৈ জ্বলন্ত বেলিটোৰ তলত মই মাথোঁ ক'লা চিহ্নটোলৈ চাই ৰ'লোঁ। ধীৰে ধীৰে সেইটো দিগন্তত বিলীন হৈ গ'ল। পুনৰ বহি পৰিলোঁ মই। ভাগি পৰিছোঁ, কিন্তু আশা হেৰুওৱা নাই। সূৰ্যৰ পৰা নিজকে বচাবলৈ কিবা এটা কৰিব লাগিব।
বোটত চৌবিছ ঘণ্টা পাৰ হ'ল। মুখমণ্ডলত পানীৰে তিওৱা কামিজটো দি এইবাৰ বোটৰ একাষে বাগৰ দিলোঁ। টোপনিওৱাৰ আগ্ৰহ নাই, কাৰণ তেনে কৰিলে কি বিপদ হ'ব জানো। বিমানখনৰ কথা পুনৰ মনলৈ আহিল। মই নিশ্চিত নহয় যে সিহঁতে মোকেই বিচাৰি আহিছিল। আৰু সেইখননো কি বিমান মই ভালদৰে চিনাক্তও কৰিব পৰা নাছিলোঁ।
বোটৰ ওপৰত শুই থাকোঁতে তৃষ্ণাৰ যন্ত্ৰণা অনুভূত হ'ল। মুখৰ থু গধুৰ হৈ পৰিছে, ডিঙি শুকাই কাঠত পৰিণত হৈছে। ইচ্ছা হ’ল, সাগৰৰ পানীকে খাওঁ, কিন্তু নিজক সম্বৰণ কৰিলোঁ, জানো সাগৰৰ পানীয়ে ক্ষতি কৰিব। যদি প্ৰয়োজন হয়, পাছতো খাব পাৰিম। হঠাৎ পিয়াহৰ কথা পাহৰি পেলালোঁ। ঢৌৰ শব্দ তল পেলাই আকাশত পুনৰ বিমান আগমনৰ আৱাজ।
পুনৰ উত্তেজনা জাগি উঠিল মোৰ। প্ৰথম বিমানখন যি দিশৰ পৰা আহিছিল, সেই দিশৰ পৰাই আহিছে। আহিছে বোটৰ ফালেই। মূৰৰ ওপৰ পোৱাৰ আগতেই মই পুনৰ কামিজটো উৰুৱাবলৈ ধৰিলোঁ। কিন্তু বিমানখন বহু আঁতৰেৰে, বহু ওপৰেৰে পাৰ হৈ গুচি গ'ল। বিলীন হৈ গ'ল আকাশৰ শূন্যতাত। কিন্তু খন্তেক পাছতে সচকিত হৈ পৰিলোঁ মই, বিমানখন পুনৰ উভতি আহিছে। সিহঁতে নিশ্চিতভাৱে মোকেই বিচাৰিছে। বোটৰ ওপৰত থিয় দি কামিজটো হাতত লৈ পুনৰ অপেক্ষা কৰিবলৈ ধৰিলোঁ। এটা কথা স্পষ্ট— বিমানকেইখনৰ অহা-যোৱাৰ দিশতে আছে মাটি। মই জানো এতিয়া কি কৰা উচিত। কিন্তু কেনেকৈ? নিশা যদিও বোটখন বহুদূৰ আগুৱাই আহিছে, তথাপি এতিয়াও মাটিৰ পৰা বহু দূৰৈত। পাৰ পাবলৈ কিমান ব’ঠা মাৰিব লাগিব নাজানো। ৰ'দৰ তাপে মোৰ ছাল শুকুৱাই পেলাইছে। ঠিক মুৰ্গীৰ ছালৰ দৰে। পেটত ক্ষুধাৰ দহন। আৰু এই সকলোকে অতিক্ৰমি তৃষ্ণাৰ যন্ত্ৰণা। আনকি হুমুনিয়াহ এৰাৰো শক্তি নাই মোৰ।
১২.৩০ মিনিটত, সঠিক সময়টো কিমান চোৱা নাই, দেখিলোঁ পানীত অৱতৰণ কৰিব পৰা এখন বিৰাট ক’লা বিমান পোনে পোনে মূৰৰ ওপৰলৈ উৰি আহিছে। স্পষ্টকৈ দেখিবলৈ পালোঁ সেইখন। দিনটো ইমান ফৰকাল যে মই দেখিবলৈ পালোঁ এজনে কক্পিটৰ পৰা হাওলি বাইন’কুলাৰেৰে সমুদ্ৰৰ বুকুত তালাচ কৰিছে। বিমানখন ইমান তলেৰে মোৰ কাষেৰে উৰি গ'ল যে ইঞ্জিনৰ বতাহ আহি মোৰ মুখত লাগিল। বিমানখনৰ গাত লিখা আখৰবোৰ পঢ়িবলৈ সক্ষম হ'লোঁ। কানাল এলেকাৰ উপকূলৰক্ষীৰ বিমান এইখন।
বিমানখন যেতিয়া কেৰিবিয়ানৰ মাজেৰে উভতি গ’ল, মোৰ আৰু কোনো সন্দেহ নাথাকিল। সিহঁতে মোক দেখা নাপালে। কিন্তু মই অবিৰত কামিজটো জোকাৰি গৈছোঁ আৰু চিঞৰিছোঁ— ‘সিহঁতে মোক বিচাৰি আহিছে।’ উত্তেজনাত উন্মাদৰ দৰে মই বোটৰ ওপৰত জঁপিয়াবলৈ ধৰিলোঁ।
মোৰ সন্ধান পালে
পাঁচ মিনিটৰ ভিতৰত ক’লা বিমানখন বিপৰীত দিশৰ পৰা পুনৰ উভতি আহিল। পূৰ্বৰ দৰে সেই একেই উচ্চতাৰে বাওঁফালে মোৰ ল'লে। সেইফালৰ খিৰিকীত দেখিবলৈ পালোঁ— মানুহ এজনে বাইন’কুলাৰ লৈ সমুদ্ৰ নিৰীক্ষণ কৰিছে। মই পুনৰ কামিজটো জোকাৰিলোঁ। এইবাৰ ধীৰে-সুস্থিৰে। যেন সাহায্য বিচৰা নাই, কেৱল ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ মোৰ উদ্ধাৰকাৰীসকলক।
বিমানখন আগুৱাই আহিছে। যেন ভাৰসাম্য হেৰুৱাইহে নামি আহিছে তললৈ। যেন একেবাৰে সাগৰৰ পানীৰ ওপৰেৰে উৰি যাব। ভাব হ’ল পানীত অৱতৰণে কৰিব চাগে'। মই সাজু হ'ম। বিমানখন য’ত নামিব, মই তালৈকে ব’ঠা মাৰিম। কিন্তু পিছমুহূৰ্ততে বিমানখন পুনৰ ওপৰলৈ উঠি গ'ল। এপাক দি মূৰৰ ওপৰত অৱস্থান কৰিলে। কামিজটো আৰু জোকাৰিবলৈ বাদ দিলোঁ, অপেক্ষা কৰিলোঁ তললৈ নামি অহালৈ। কিন্তু ওলোটাটোহে ঘটিল— যি দিশৰ পৰা আহিছিল সেই দিশলৈ উভতি গ’ল বিমানখন। যি নহওক মোৰ দুশ্চিন্তাৰ কাৰণ নাই— মই নিশ্চিত, সিহঁতে মোক দেখিছে। ইমান তললৈ আহি, বোটৰ ওপৰেৰে উৰি যোৱাৰ পাছতো মোক নেদেখাকৈ কেতিয়াও থাকিব নোৱাৰে। এইবাৰ মোৰ দুশ্চিন্তা আঁতৰিল, গভীৰ আস্থাৰে, আনন্দমনে বোটত বহি অপেক্ষা কৰিবলৈ ধৰিলোঁ।
এঘণ্টা পাৰ হৈ গ'ল। এটি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ পেলালোঁ মই। বিমানকেইখন যি দিশৰ পৰা আহিছিল, সেইফালেই নিশ্চয় কাৰটাজেনা। ক'লা ৰঙৰ বিমানখন যিফালে নোহোৱা হ'ল, সেইফালে নিশ্চয় পানামা। মই হিচাপ কৰি দেখিলোঁ। পোনে পোনে ব’ঠা মাৰি আৰু বতাহৰ শক্তিক কামত লগাই যদি আগুৱাই যাওঁ, তেন্তে নিশ্চয় তোলুত উপস্থিত হ'ব পাৰিম। তোলু পৰ্যটকৰ অৱসৰ বিনোদনৰ ঠাই। সেই দুয়ো এলেকাৰ মাজভাগতেই তোলু।
কিন্তু ভাব হ'ল এঘণ্টাৰ ভিতৰত আহি পাব আচল উদ্ধাৰকাৰীৰ দল। কিন্তু এঘণ্টা পাৰ হৈ গ'ল। পৰিষ্কাৰ প্ৰশান্ত সমুদ্ৰ। কিন্তু কোনো আশাৰ ঘটনা নঘটিল। তাৰ পাছত পাৰ হৈ গ'ল দুঘণ্টা, তাৰ পাছত আৰু এঘণ্টা আৰু এঘণ্টা। এটা মুহূৰ্তও লৰচৰৰ নকৰাকৈ বোটত বহি ৰ'লোঁ একেৰাহে। উত্তেজনাত অস্থিৰ হৈ দিগন্তলৈ চাই আছোঁ নিষ্পলক দৃষ্টিৰে। পাঁচ বজাৰ লগে লগে সূৰ্য অস্ত যাবলৈ ধৰিছে, কিন্তু মই আশা এৰি দিয়া নাই। মাথোঁ বাঢ়ি আহিছে অস্বস্তি-অস্থিৰতা। মই নিশ্চিত ক'লা ৰঙৰ সেই বিমানখনৰ পৰা মোক দেখিছে। কিন্তু উদ্ধাৰকাৰীৰ দল আহিবলৈ ইমান সময় লাগিছে কিয়? ডিঙি শুকাই গৈছে। ভীষণ কষ্ট হৈছে উশাহ-নিশাহ ল’বলৈ। দৃষ্টি মাথোঁ দিগন্তৰ
ডেষ্ট্ৰয়াৰ কালডাছ
হাঙৰবোৰ আহে পাঁচ বজাত
সমুদ্ৰৰ বুকুত ত্ৰিছটা ঘণ্টা অতিবাহিত কৰাৰ পাছত এই প্ৰথম কোনো এটা জীৱৰ সৈতে মোৰ এই মুখামুখি। হাঙৰৰ ফিচাই আতংক যোগায়, কিয়নো এইটো হৈছে মাৰাত্মক জীৱ। প্ৰকৃততে ফিচাৰ সমান নিৰীহ একো অংগ নাই। দেখিলে ভাব হয়, কোনো ভয়াৱহ জন্তুৰ অংগ। সেউজীয়া আৰু ৰুক্ষ গছৰ বাকলিৰ দৰে দেখিবলৈ। বোটৰ কাষেৰে পাৰ হৈ যোৱাৰ সময়ত ভাব হ'ল প্ৰাণীটোৰ সজীৱ গোন্ধ এটাও আছে।
পাঁচ বাজিল। আবেলিৰ শান্ত সমুদ্ৰ। ধীৰে ধীৰে আৰু কেইবাটাও হাঙৰ আগুৱাই আহিছে। বোটৰ চতুৰ্দিশে পিয়াপি দিবলৈ ধৰিলে। তাৰ পাছত পোহৰ একেবাৰে শেষ হ'ল। কিন্তু স্পষ্ট উমান পাইছোঁ সিহঁত এতিয়াও ঘূৰা-পকা কৰি আছে। শান্ত পানীত ফিচাৰে খলকনি তুলিছে।
পৰৱৰ্তী দিনসমূহত মই পাঁচ বজাৰ পাছত বোটৰ ওপৰত বহাটো বন্ধ কৰি দিছিলোঁ। পাছৰ দিনবোৰত বুজি উঠিছিলোঁ যে হাঙৰে সময় মানি চলা জন্তু। ঠিক পাঁচটাৰ পাছতে সিহঁত আহি ওলায়, আন্ধাৰ নামিলেই আঁতৰি যায়।
আবেলি পৰিষ্কাৰ সমুদ্ৰত দেখা গ'ল এক অপূৰ্ব দৃশ্য। বোটৰ কাষলৈ আগুৱাই আহিছে অজস্ৰ ৰঙীণ মাছ। হালধীয়া, সেউজীয়া, নীলা, ৰঙা, পটি থকা, গোলাকাৰ, সৰু মাছ। ৰাতি নোহোৱালৈকে সিহঁতৰ বোটৰ কাষে কাষে সাঁতুৰি থাকিল। মাজে মাজে দেখা গ'ল সিহঁতৰ উজ্জ্বল জিলিকনি। তাৰ মাজতে দেখা গ'ল তেজৰ সোঁত। পানীত মিহলি হ’বলৈ ধৰিছে। হাঙৰৰ কামোৰত টুকুৰা-টুকুৰ হোৱা মাছৰ টুকুৰাবোৰ ভাঁহি গৈছে। দেখি মোৰ মন বিষাদময় হৈ পৰিল।
ক্ষুধা, তৃষ্ণা আৰু অস্থিৰতাৰ মাজত সমুদ্ৰত দ্বিতীয় ৰাতি। মই যেন পৰিত্যক্ত মানুহ। তথাপি মনত আশা লৈ আছোঁ। কোনোবা আহি উদ্ধাৰ কৰিব। সেই ৰাতিয়ে সংকল্প বান্ধি ল'লোঁ – মনোবল আৰু শৰীৰত অৱশিষ্ট শক্তিৰ ওপৰতে মই জীয়াই থাকিব লাগিব।
এটা কথাত মই অবাক হৈছোঁ— দুৰ্বল হলেও মই কিন্তু ভাগি পৰা নাই। চল্লিছটা ঘণ্টা কটাইছোঁ অনাহাৰে। দুদিন-দুই ৰাতি শোৱা নাই। দুৰ্ঘটনাৰ আগৰাতিও জাগি আছিলোঁ। তাৰ পাছতো মই ব’ঠা মাৰিবলৈ সক্ষম।
পুনৰ আকাশলৈ দৃষ্টি দিলোঁ সপ্তৰ্ষি বিচাৰি। সেইপিনে চকু থৈ মই ব’ঠা মাৰি গ'লোঁ। কোমল বতাহ বলিছে। পানীৰ আৱাজত বুজিছোঁ— মই আগুৱাই গৈ আছোঁ। বঠা মাৰি মাৰি অৱশেষত ভাগৰি পৰিলোঁ, বিশ্ৰাম ল’বলৈ ইচ্ছা গ'ল। কিন্তু নাই, পুনৰ সজোৰে মুঠা মাৰি ধৰিলোঁ ব’ঠাত, পৰম আশাৰে। পাৰ মই পাবই লাগিব। এতিয়া মাজনিশা। তথাপি মাৰি গৈ আছোঁ ব’ঠা।
এজন সংগী
দুপৰ নিশা। ঠিক দুই বজাৰ পাছত মই একেবাৰেই বিপৰ্যস্ত হৈ পৰিলোঁ। ব’ঠা দুপাট দেহৰ ওপৰত থৈ শুবলৈ চেষ্টা কৰিলোঁ। পিয়াহত মই কাহিল হৈ পৰিছোঁ। মই ইমানে ক্লান্ত যে মূৰটো ব’ঠাৰ ওপৰত থৈ যেন মৰিবলৈহে নিজকে এৰি দিলোঁ আৰু ঠিক তেতিয়াই দেখিবলৈ পালোঁ জেম মাঞ্জাৰাৰ্ছক। ডেষ্ট্ৰয়াৰৰ ডেকত বহি বন্দৰৰ পিনে আঙুলিয়াই দেখুৱাইছে। বোগোটাৰ জেম নৌবাহিনীৰ সকলোতকৈ পুৰণি বন্ধু। মোৰ আনবোৰ বন্ধুলৈকো মনত পৰিল। সিহঁতৰ বা কি হ’ল? বোটত উঠিবলৈ সক্ষম হ’ল নে নাই? ইমান সময়লৈ মোৰ কেতিয়াও জেমৰ কথা মনলৈ অহা নাছিল। কিন্তু তাক এতিয়া চকু মুদি দেখিবলৈ পালোঁ। সি হাঁহিছে। বন্দৰলৈ আঙুলিয়াইছে। জাহাজৰ ডাইনিং হলত বহি আছে মোৰ মুখামুখিকৈ। হাতত প্লেটভৰ্তি ফল আৰু কণীভজা।
আঃ মই সপোন দেখিছোঁ নেকি? কিন্তু চকু মেলিলেই সকলো নোহোৱা হৈ যায়, মুদিলেই পুনৰ দেখিবলৈ পাওঁ জেমক। হুবহু সেই দৃশ্য। ঠিক কৰিলোঁ, তাৰ সৈতে কথা পাতিম। প্ৰথমে কি সুধিলোঁ মনত নাই। সিনো কি উত্তৰ দিলে সেয়াও মনত নাই। আমি যেন দুয়ো ডেকৰ ওপৰত বহি কথা পাতিছোঁ। তাৰ পাছত হঠাৎ ঢৌৰ প্ৰচণ্ড খুন্দা। এঘাৰ পঞ্চাছৰ পৰা সেই সৰ্বনাশী ঢৌ। মই জাঁপ মাৰি থিয় হ'লোঁ। সমস্ত শক্তিৰে চেষ্টা চলালোঁ— যাতে পৰি নাযাওঁ। আকাশখন ক’লা গৈছে। ইমানে ক্লান্ত যে শুবও পৰা নাই। অন্ধকাৰে মোক আৱৰি ধৰিছে। বোটৰ আনটো মূৰৰ পিনে যোৱাৰো ইচ্ছা নহ'ল মোৰ। সপোনৰ আৱেশত মই তেতিয়াও ডুবি আছোঁ। জেমক দেখিবলৈ পালোঁ। নীলা পেণ্ট আৰু কামিজ, মূৰত কাণৰ পিনে হেলনীয়াকৈ পিন্ধা টুপী— য'ত লিখা আছে — ‘এ আৰ চি কালডাছ।’
‘হেল্লো?’, ভূমিকা নোহোৱাকৈ সুধিলোঁ— 'তুমি পানী ঠিকমতে খাইছানে?’ সি সুধিলে।
‘আমি দেখোন কাৰটাজেনা পালোঁহি আৰু।’ উত্তৰ দিলোঁ মই— ‘মই ৰেমন হেৰোৰাৰ সৈতে ষ্টাৰ্ন ডেকত বিশ্ৰাম লৈছিলোঁ।’
এয়া কোনো ভৌতিক কাণ্ড নহয়। মই ভয়ো খোৱা নাই। মোৰ নিজকে অদ্ভুত লাগিছিল অকলে অকলে। গমেই পোৱা নাছিলোঁ যে ইমানপৰে বোটত আৰু এজন নাৱিক আছে।
‘তুমি খোৱা নাই কিয়?' জেম মাঞ্জাৰাৰ্ছে মোক সুধিলে।
‘সিহঁতে মোক খাবলৈ দিব খোজা নাই। মই আপেল আৰু আইচক্ৰীম খুজিছিলোঁ। নিদিলে। নাজানো ক’ত লুকুৱাই থৈছে সেইবোৰ।’
জেম মাঞ্জাৰাৰ্ছে উত্তৰ নিদিলে। এক মুহূৰ্তৰ বাবে মৌনতা। সি ঘুৰি গৈ পুনৰ কাৰটাজেনাৰ দিশে আঙুলিয়াই দেখুৱালে। পাৰত যেন পোহৰৰ তিৰবিৰণি দেখিবলৈ পালোঁ।
‘আমি পালোঁহি।’ স্বগতোক্তিৰ দৰে মুখেৰে নিগৰি পৰিল কথাখিনি। এক দৃষ্টিৰে চাই ৰৈছোঁ। পাৰৰ পোহৰলৈ কোনো আৱেগ অবিহনেই, কোনো আনন্দ অবিহনেই, যেন এটি স্বাভাৱিক সমুদ্ৰ যাত্ৰাৰ ওৰ পেলাই উভতি আহিছোঁ। মই জেমক ক'লোঁ— ‘আৰু কিছুপৰ ব’ঠা মাৰিব লাগিব।’ কিন্তু এইবাৰ সি কাষত নাই। বোটত মই অকলে। বন্দৰৰ পোহৰ কণাবোৰ ৰশ্মিলৈ পৰিৱৰ্তন হ’ল। সমুদ্ৰত নিসংগতাৰ তৃতীয়দিনা এয়া প্ৰথম সূৰ্যৰ পোহৰ।
ছয়
উদ্ধাৰকাৰী জাহাজ
আৰু নৰভক্ষীৰ দ্বীপ
প্ৰথমে মই দিনবোৰ ঘটনাবোৰৰ ওপৰত আধাৰ কৰি হিচাপ কৰিছিলোঁ, ২৮ ফেব্ৰুৱাৰী দুৰ্ঘটনাৰ দিন। দ্বিতীয় দিনটো উৰাজাহাজবোৰৰ। তৃতীয় দিন সবাতোকৈ কঠিন, বিশেষ একোৱেই নঘটিল। বোটখন বতাহত আগুৱাইছে। থিয় হোৱাৰো মোৰ শক্তি নাই। আকাশ মেঘেৰে আৱৰা। শীতো পৰিছে। অধৈৰ্য হৈ পৰিছোঁ মই। সূৰ্যৰ দেখাদেখি নাই। যদি উদ্ধাৰকাৰী বিমান আহে, মই উমানেই নাপাম কোন দিশৰ পৰা আহিছে।
বোটখনৰ আগো নাছিল, গুৰিও নাছিল। ঠিক চতুৰ্ভুজৰ দৰে, কোন পিনেৰে চলে বুজিব নোৱাৰি। যিহেতু দশোদিশে কেৱল পানী, পিছ পেলাই আহিবলৈ একো দিকচিহ্ন নাই। গতিকে বুজা নাযায়, আগেই বাঢ়িছোঁ নে পিছুৱাই আহি আছোঁ। এয়াও বুজা নাই, বোটখন সৰলৰৈখিকভাৱে আগবাঢ়িছে নে বক্ৰাকাৰে গতি কৰিছে। তৃতীয় দিনটোৰ পাছত সময় লৈও একেই সমস্যা হ’ল।
দুপৰীয়া মই এটা কাম কৰিলোঁ। প্ৰথমতে এপাট ব’ঠা আঁতৰাই দিলোঁ। দ্বিতীয়তে বোটৰ ওপৰত চাবিপাটেৰে আঁচ টানি দিনবোৰ চিহ্নিত কৰিলোঁ। প্ৰথম আঁচটোৰ নাম ২৮, দ্বিতীয় আঁচৰ নাম ২৯। তাৰ পাছত ৩০। কিন্তু মোৰ ভুল হৈ গ'ল। মই ভাবিছিলোঁ এইটো ৩০ মাৰ্চৰ দিন, কিন্তু ২য় মাৰ্চহে। চতুৰ্থদিনাহে ভুলটো ধৰিব পাৰিলোঁ। সৰু ভুল, কিন্তু এই ভুলটোৱে মোক সময় সম্পৰ্কত বিভ্ৰান্তিৰ মুখলৈ ঠেলি দিলে। চতুৰ্থদিনা মোৰ আউল লাগিল— আচলতে মই সমুদ্ৰত কিমান দিন কটালোঁ। তিনি দিন? চাৰি দিন? নে পাঁচ দিন? মোৰ চিহ্ন অনুযায়ী তিনি দিন। এইটো ফেব্ৰুৱাৰী নে মাৰ্চ মোৰ একো আহে নাযায়।
এতিয়াও পেটত খুদকণ এটাও পৰা নাই। পানীৰ টোপাল এটাও পোৱা নাই খাবলৈ। ৰ’দত গাৰ ছাল ডেই গৈছে। পানীজোলা ফুটিছে। নৌ কেন্দ্ৰৰ প্ৰশিক্ষকে পৰামৰ্শ দিছিল যাতে কোনো কাৰণতে হাঁওফাওত সূৰ্যৰ ৰশ্মিয়ে আঘাত নকৰে। মই তিতা কামিজটো খুলি থৈছোঁ, বান্ধি লৈছোঁ কঁকালত। তিনি দিন ধৰি পানী খাবলৈ পোৱা নাই। সেইবাবে ঘামো বিৰিঙিব পৰা নাছিল দেহৰ পৰা। ডিঙি, বুকু, কান্ধৰ হাড়ত বিষ অনুভৱ কৰিছোঁ। চতুৰ্থ দিনা সাগৰৰ সামান্য পানীৰে ডিঙিটো তিয়াই ল’লোঁ। তৃষ্ণা নমৰে, তথাপি তৃপ্তি পালোঁ। ইমান সময় ধৰি মই পানী এইবাবেই নোখোৱাকৈ আছিলোঁ— যাতে দ্বিতীয়বাৰ মই আৰু কমকৈ খাওঁ। তাকো কেইবাঘণ্টাৰ মূৰকত।
মোক অবাক কৰি দি প্ৰতিদিনে ঠিক পাঁচ বজাৰ লগে লগে হাঙৰবোৰ আহি ওলায়। বোটৰ চৌপাশে ভোজসভা আৰম্ভ হৈ যায়। বিয়াগোম একোটা মাছ শূন্যলৈ উঠি আহে। খন্তেক পাছতে দেখা যায় সিহঁতৰ দেহৰ খণ্ডিত টুকুৰাবোৰ। ক্ষিপ্ত হাঙৰবোৰে নিঃশব্দে ৰক্তাক্ত পানীৰ ওপৰত ভাঁহি উঠে। ভাগ্য ভাল, এতিয়াও সিহঁতে বোটখনক আক্ৰমণ কৰা নাই, চেষ্টা কৰা নাই ভাঙি পেলোৱাৰ। কিন্তু সিহঁতক বোটৰ শুভ্ৰ ৰংটোৱে নিশ্চয়কৈ আকৰ্ষণ কৰিছে। সকলোৰে বিশ্বাস যে বগাৰঙী বস্তু দেখিলেই হাঙৰ হিংস্ৰ হৈ উঠে। হাঙৰৰ দৃষ্টি উজ্জ্বল নহয়। সিহঁতে বগা আৰু জিকমিকাই থকা বস্তুহে ভালদৰে দেখা পায়। মোৰ মনত পৰিল, প্ৰশিক্ষকে কৈছিল— ‘হাঙৰৰ চকুত যাতে নপৰে, সকলো উজ্জ্বল বস্তু লুকুৱাই ৰাখিবা।’
মোৰ অৱশ্যে তেনে একো বস্তু লগত নাই। ঘড়ীটো ক’লা। ডায়েলখনো ক’লা। যদি মোৰ সৈতে কিবা বগা বস্তু থাকিলহেঁতেন, বৰ ভাল হ’লহেঁতেন। হাঙৰে বোটত উঠিবলৈ চেষ্টা কৰিলে মই তাক খুন্দিয়াই দূৰলৈ ঠেলি পঠালোহেঁতেন। চতুৰ্থদিনাৰ পাছত, প্ৰতি সন্ধিয়া পাঁচ বজাৰ পাছত হাতত ব’ঠা সাজু হৈ থাকো— যাতে আত্মৰক্ষা কৰিব পৰা যায় হাঙৰৰ আক্ৰমণৰ পৰা।
জাহাজ এখন দেখা গৈছে
নিশা বোটৰ ওপৰত এপাট ব’ঠা থৈ টোপনিওৱাৰ চেষ্টা কৰিলোঁ। চকু মুদিলেই কিয় জানো বাৰে বাৰে জেমক দেখিবলৈ পাওঁ। তেতিয়া প্ৰায়ে তাৰ সৈতে কথা পাতোঁ। তাৰ পাছত সি অদৃশ্য হৈ যায়। তাৰ এই অশৰীৰী উপস্থিতিত মই লাহে লাহে অভ্যস্ত হৈ পৰিলোঁ।
দিনত সূৰ্যটো থাকিলে ভাব হয় মই কিজানি টোপনিৰ নিচাত সপোন দেখিছোঁ, কিন্তু ৰাতি তেনে কোনো সন্দেহ নহয়। ভাব হয়, জেম মোৰ সৈতে বোটতে আছে। পঞ্চমদিনা সিও শুবলৈ চেষ্টা কৰিছিল। চুপে চাপে বিশ্ৰাম লৈছিল আনপাট ব’ঠাত মূৰ থৈ। হঠাৎ সাগৰৰ বুকুত সি কিবা এটা বিচাৰিবলৈ ধৰিলে। ক’লে— ‘চোৱা, চোৱা।’ মই চালোঁ। বোটৰ পৰা কমেও ত্ৰিছ কিলোমিটাৰ দূৰত বতাহ বলা দিশত লাইটৰ ঢিমিক-ঢামাক পোহৰ। জাহাজৰ পোহৰ। যি নহওক, এতিয়া দেহত কিছু শক্তি আছে আৰু কেইঘণ্টামান একেৰাহে ব’ঠা মাৰিব পাৰিম। পোহৰলৈ লক্ষ্য কৰি নিজক আত্মবিশ্বাসী কৰি তুলি ব’ঠা মাৰিবলৈ আৰম্ভ কৰি দিলোঁ। জাহাজখনো লাহে লাহে আগুৱাই আহিছে। এটা মুহূৰ্তৰ বাবে মই মাস্তুলৰ ছাঁও দেখিবলৈ পালোঁ। দেখিলোঁ পুৱাৰ প্ৰথম পোহৰত চলমান জাহাজখনৰ চলমান ছায়াময় ৰূপ।
বতাহে মোক বাৰে বাৰে বাধা দিছে। সৰ্বশক্তিৰে মই ব’ঠা মাৰিছোঁ। চাৰি দিন অনাহাৰৰ পাছত। কিন্তু মই যেন কোনোমতে আগুৱাব পৰা নাই।
লাহে লাহে পোহৰবোৰ দূৰলৈ আঁতৰি যাবলৈ ধৰিলে। মই ভয়ত ঘামি গ'লোঁ। ভাগি গ'ল মনোবল। বিছ মিনিট পাছত একেবাৰেই অদৃশ্য হৈ গ'ল পোহৰবোৰ। তৰাবোৰো নুমাই গ'ল। আকাশৰ গভীৰত ধূসৰ আভা, মাজসমুদ্ৰত অকলে মই। ব’ঠা দুপাট এৰি দি, শীতল বতাহৰ খোঁচৰ মাজত উন্মাদৰ দৰে মই আৰ্তনাদ কৰিবলৈ ধৰিলোঁ ৷
এটা সময়ত সূৰ্য ওলাল। ব’ঠাত মূৰ থৈ ময়ো বিশ্ৰাম ল’লোঁ। একেবাৰে হতবাক হৈ পৰিছোঁ। উদ্ধাৰৰ হয়তো কোনো আশা নাই। মৃত্যুৰ বাবে অপেক্ষা কৰাৰ বাদে আৰু মোৰ কি আছে। ঠিক তেতিয়াই এটা ভয়ংকৰ চিন্তা মনলৈ আহিল। মই যেন শক্তি ঘূৰাই পালোঁ।
পঞ্চমদিনা পুৱা মই বোটৰ বিপৰীত দিশে নিবলৈ চেষ্টা কৰিলোঁ। ভাব হ’ল বতাহ যি দিশেৰে বলিছে, সেই পথেৰে গ'লে মই নৰভক্ষীসকলৰদ্বীপত গৈ উপস্থিত হ’ম। মবিলত থকা সময়ত কিবা এখন আলোচনীতে পঢ়িছিলোঁ যে এখন ডুব যোৱা জাহাজৰ নাৱিকক নৰভক্ষীসকলে কিদৰে খাই পেলাইছিল। দুবছৰ আগতে মই পঢ়িছিলোঁ, 'The Rene gade Sailor' নামৰ এখন কিতাপ। যুদ্ধৰ সময়ত এখন জাহাজ মাইনত আঘাত কৰাৰ পাছত কোনোমতে সাঁতুৰি গৈ ওচৰৰ এটা দ্বীপত উঠিছিল। তাতে ২৪ ঘণ্টা বনৰীয়া ফল-মূল খাই বাচি আছিল। পাছত নৰখাদকসকলে তেওঁক বিচাৰি পালে। উতলি থকা পানীত পেলাই জীৱন্তে নাৱিকজনক সিহঁতে ৰান্ধিছিল। সেই দ্বীপৰ কাহিনী মোৰ মনৰ মাজত ৰৈ গৈছে। নৰখাদকবোৰৰ দেশৰ কথা বাদ দি মই আৰু কোনো পাৰৰ কথাই মনত পেলাব নোৱৰা হ'লোঁ। অকলে এই পঞ্চমদিনা সমুদ্ৰত মই ভয়ত শেঁতা পৰি গ'লোঁ। সমুদ্ৰকো মই ইমান ভয় কৰা নাই, যিমান কৰিছোঁ সমুদ্ৰ তীৰলৈ।
দুপৰীয়া পোনে দুই বজাত মই তেতিয়া বোটৰ ওপৰত বিশ্ৰাম লৈ আছিলোঁ। সূৰ্যৰ তাপত ভোক-পিয়াহত স্তিমিত হৈ পৰিছোঁ। দিন সময় ধাৰণা কৰিব পৰা শক্তি নোহোৱা হৈছে। নিজৰ শক্তি পৰীক্ষা কৰিবলৈ উঠি থিয় হ'বলৈ চেষ্টা কৰিলোঁ। কিন্তু শৰীৰটো লৰচৰ কৰিব পৰা নাছিলোঁ।
এয়াই সেই সময়। সকলোৰে শেষত ভয়ংকৰ মুহূৰ্ত। শিক্ষকে আমাক আগতে কৈছিল— এনে সময়ত বোটৰ সৈতে নিজকে বান্ধি ল’ব লাগে। এয়াই সেই মুহূৰ্ত— য'ত ক্ষুধাৰো অনুভূতি নাই। তৃষ্ণাৰো অনুভূতি নাই। আনকি সূৰ্যৰ তাপৰ পোৰণিও নাই দেহত। চিন্তাশক্তিও স্তব্ধ হৈ গৈছে। নাই কোনো অনুভূতি। কিন্তু আশা এৰি নিদিওঁ। শেষ চেষ্টা চলাব লাগিব। তলৰ ব’ঠাবোৰ আঁতৰাই বোটৰ সৈতে নিজক বান্ধি পেলাবই লাগিব। যুদ্ধৰ সময়ত এনেধৰণৰ অলেখ মৃতদেহ পোৱা গৈছিল। গেলি-পচি গৈছে। চৰায়ে খাইছে। তথাপি বোটৰ সৈতে বন্ধা আছে শৰীৰ।
নিজক বোটৰ সৈতে বন্ধাৰ আগতে মনত প্ৰত্যয় জন্মিল, মোৰ যেন ৰাতিটোপৰ্যন্ত অপেক্ষা কৰাৰ শক্তি এতিয়াও আছে। কান্ধপৰ্যন্ত তলত ৰাখি আৰু কেইঘণ্টামান নিঃসাৰে পৰি ৰ'লোঁ। ৰ'দৰ তাপ, আঁঠুৰ ঘাই যন্ত্ৰণা দিছে। মই যেন পুনৰ জাগি উঠিলোঁ। দেহৰ এই যন্ত্ৰণাই মোক বাচি থকাৰ নতুন আকাংক্ষা জগাই তুলিছে। পানীৰ শীতল স্পৰ্শত ধীৰে ধীৰে মই শক্তি ওভতাই পালোঁ। ঠিক পেটত এক অসহ্যকৰ আলোড়ন অনুভৱ কৰিলোঁ। অবিৰত গুৰগুৰণি শব্দ, তাৰ পাছত পায়খানাৰ ইচ্ছা হ’ল। চেপি ৰখাৰ চেষ্টা চলালোঁ। কিন্তু নোৱাৰিলোঁ। বহু কষ্টৰে বহিলোঁ, বেল্ট খুলি পেণ্টটো সোলকালো। পাঁচ দিনৰ মূৰকত এই প্ৰথম খালাচ কৰিলোঁ। আৰু এই প্ৰথম মাছবোৰে অস্থিৰভাৱে বোটৰ গাত খুন্দিয়াবলৈ ধৰিলে। শকত ৰছীৰ জালৰ ভিতৰত সোমাবলৈ চেষ্টা কৰিছে মাছবোৰে।
সাতটা গঙাচিলনী
ওচৰতে এটা উজ্জ্বল মাছ দেখি মোৰ ক্ষুধাৰ তাড়না বাঢ়ি গ'ল। বাঢ়ি গ'ল মোৰ অস্থিৰতা। এয়া কাষতেই দেখোন খাদ্য। নিমিষতে মোৰ ক্লান্তি দূৰ হৈ গ'ল। হাতত এপাট ব’ঠা তুলি ল'লোঁ, দেহৰ অৱশিষ্ট শক্তিক সাৰথি কৰি, নাওৰ কাষত জঁপিয়াই থকা এটা খঙাল মাছৰ মূৰটোলৈ লক্ষ্য কৰি সাজু হ'লোঁ। নাজানো কিমানবাৰ লক্ষ্য লৈ আঘাত হানিলোঁ। কিন্তু এনে লাগিল, প্ৰতিবাৰেই দেখোন সঠিক স্থানতে আঘাত লাগিছে। কিন্তু মোৰ পোৰা কপাল। প্ৰতিবাৰে হাঙৰে তুলি লৈ যায় মোৰ সুস্বাদু চিকাৰ।
হাঙৰটোৰ উপস্থিতিৰ বাবে মোৰ লক্ষ্যভ্ৰষ্ট হ’ল। হতাশ হৈ শুই পৰিলোঁ। কিছু সময় পাছত আচৰিত হৈ দেখিলোঁ— বোটৰ ওপৰত সাতটা গঙাচিলনী উৰি ফুৰিছে।
সমুদ্ৰৰ বুকুত পথভ্ৰষ্ট, নিসংগ আৰু ক্ষুধাৰ্ত নাৱিকৰ বাবে এয়া আশাৰ বতৰা। সাধাৰণতে সমুদ্ৰ যাত্ৰাৰ মুহূৰ্তত জাহাজে যেতিয়া বন্দৰ এৰে, কমেও দুদিনলৈ জাহাজৰ সৈতে একেলগে গঙাচিলনী উৰা দেখা যায়। এই সাতটা গঙাচিলনী একেলগে দেখি ভাব হ’ল, নিশ্চয় ওচৰতে মাটি আছে।
যদি শক্তি থাকিলহেঁতেন, তেন্তে নিশ্চয় মই ব’ঠা মাৰিলোহেঁতেন। কিন্তু ভীষণ দুৰ্বল মই। ভৰিত ভৰ দি থিয় হোৱাৰ শক্তি মোৰ নাই। মই নিশ্চিত, পাৰৰ পৰা অন্ততঃ দুটা দিনৰ আঁতৰত আছোঁ। হাতৰ চলুত লৈ পুনৰ সমুদ্ৰৰ পানী খালোঁ। তাৰ পাছত দেহটো এৰি দিলোঁ বোটত। এনেদৰে শুলোঁ— যাতে সূৰ্যৰ তাপে হাঁওফাওৰ ক্ষতি কৰিব নোৱাৰে। কামিজটোৰে কিন্তু মুখ ঢাকিব নুখুজিলোঁ। কিয়নো মই গঙাচিলনীবোৰ চাই থাকিব বিচাৰোঁ। পঞ্চমটো দিনৰ দুপৰৰ ঘটনা এয়া। দেখিলোঁ মোৰ মূৰৰ ওপৰত ঘূৰি ঘূৰি অৱশেষত বিপৰীত দিশে বোটৰ মূৰটোত বহি আছে সৰু চিলনী এটা। মোৰ শুকান জিভালৈ পানী আহি গ'ল। চৰাইটো ধৰিবলৈ একো হাতিয়াৰ নাই। আছে কেৱল মোৰ হাত আৰু ধূৰ্ত বুদ্ধি। ক্ষুধাৰ যন্ত্ৰণাই যাক আৰু অধিক তীক্ষ্ণ কৰি তুলিছে। বাকীবোৰ চৰাই আঁতৰি গৈছে, মাথোঁ এই বাদামী ৰঙৰ উজ্জ্বল পাখিৰে এই চৰাইটো বোটৰ ওপৰত উৰি ফুৰিছে।
মই নিঃসাৰে পৰি আছোঁ। সম্ভৱতঃ এতিয়া বিয়লি পাঁচ বাজিছে। হাঙৰ নিশ্চয় আহি উপস্থিত হৈছে। মোৰ কাষতে চোপ লৈ আছে। কিন্তু মই ৰিস্ক ল’বই লাগিব। চৰাইটোৰ ফালে চোৱা নাই। কিজানি মূৰ লৰালে সি ভয় খাই আঁতৰি যায়। মোৰ গাৰ একেবাৰে ওচৰলৈ উৰি আহিছে। তাৰ পাছত হঠাৎ শূন্যলৈ উৰি আকাশত অদৃশ্য হৈ গ’ল। কিন্তু মই আশা এৰি দিব নুখুজিলোঁ। মই ক্ষুধাৰ্ত। যদি শান্তভাৱে বহি থাকো, চৰাইটো আকৌ আহিব।
কমেও আধা ঘণ্টা অপেক্ষা কৰিলোঁ। অৱশেষত চৰাইটো উভতি আহিল। কিন্তু আকৌ আঁতৰি গ'ল। কেইবাবাৰো ঘটিল এই ঘটনা। ওচৰলৈ আহিল আৰু আঁতৰি গ’ল। এবাৰ এনে লাগিল যে মূৰৰ ওপৰতে হাঙৰ এটাই কিবা বিচাৰিছে। হাঙৰবোৰে মাছবোৰ টুকুৰা-টুকুৰ কৰি খাইছে। কিন্তু মোৰ মনৰ ভয়তকৈ ক্ষুধাৰ তাড়না বেছি। চৰাইটোৱে বোটৰ ওপৰত পুনৰ বহি পৰিল। ইতিমধ্যে সন্ধিয়া হ’বলৈ ধৰিছে। পাঁচ দিন পাৰ হ’ব, কিন্তু পেটত একো পৰা নাই। সমস্ত আৱেগ আৰু বুকুৰ ভিতৰত হৃদপিণ্ডৰ ধপ্ধপনিৰ পাছতো মৃতকৰ দৰে মই শান্ত হৈ পৰি আছোঁ। অপেক্ষা কৰিছোঁ, কেতিয়া গঙাচিলনীটো আৰু ওচৰলৈ আহিব।
বোটৰ ওপৰত পিঠিত ভেঁজা দি বহি আছোঁ উৰুত হাত থৈ। আধা ঘণ্টা ধৰি চকুৰ নিমিষ কঢ়া নাই। চৰাইটোৱে মোৰ জোতা খুঁটিয়াবলৈ ধৰিছে।
আৰু আধা ঘণ্টাৰ উত্তেজনাৰে ভৰা অপেক্ষাৰ অন্তত চৰাইটো আহি মোৰ ভৰিত বহিল। এইবাৰ মোৰ লংপেণ্ট খুঁটিয়াই চাইছে। কিন্তু যেতিয়া মোৰ আঁঠুৰ ঘা টুকুৰাত খুঁটিবলৈ ধৰিলে, যন্ত্ৰণাত চিৎকাৰ ওলাই আহিব খুজিছিল মোৰ মুখৰ পৰা। কিন্তু বহু কষ্টৰে চেপি ধৰি ৰাখিলোঁ। তাৰ পাছত মোৰ সোঁ উৰুত আহি বহিল। মোৰ হাতৰ পৰা পাঁচ-ছয় চেণ্টিমিটাৰ দূৰ মাত্ৰ। মোৰ নিশ্বাস বন্ধ হৈ গ'ল। তীব্ৰ উত্তেজনা। ধীৰে ধীৰে চৰাইটোৱে নেদেখাকৈ হাতখন আগুৱাই নিব ধৰিলোঁ।
সাত
ক্ষুধাৰ্ত মানুহৰ বেপৰোৱা চেষ্টা
গঙাচিলনী ধৰা সহজ কথা নহয়। কোনো এখন গাঁৱৰ পথাৰত শুই কোনোবাই যদি এনেদৰে গঙাচিলনী এটা ধৰিবলৈ চেষ্টা কৰে, ওৰে জীৱন পাৰ কৰিলেও সফল হ’ব নোৱাৰিব। কিন্তু পাৰৰ পৰা কেইবাশ মাইল দূৰৰ কথাটো বেলেগ। মাটিত গঙাচিলনী আত্মৰক্ষাৰ ক্ষেত্ৰত ইন্দ্ৰিয় অতি সজাগ, কিন্তু সমুদ্ৰত সিহঁত ইমান সতৰ্ক নহয়।
মই এনেদৰে পৰি ৰৈছিলোঁ যে চৰাইটোৱে খেলৰ ছলেৰেহে যেন উৰুলৈ উঠি আহিল। হয়তো ভাবিছিল, মই মৃত। মোৰ পেণ্টত খুঁটিয়াইছিল, কিন্তু দুখ পোৱা নাছিলোঁ। মই হাতখন আগুৱাই নি থাকিলোঁ। হঠাৎ চৰাইটোৱে বিপদৰ উমান পালে আৰু উৰিবলৈ তৎপৰ হ’ল। কিন্তু তাৰ আগতেই তাৰ ডেউকাখনত খামোচ মাৰি ধৰিলোঁ। চৰাইটোক ধৰি বোটৰ মাজলৈ লৈ আনিলোঁ। তাক এইবাৰ কেঁচাই কেঁচাই খাম। পাখিবোৰো বাদ নিদিওঁ। মই ক্ষুধাৰ্ত, চৰাইটোৰ তেজৰ কথা ভাবিও মোৰ পিয়াহ জাগিছে। কিন্তু যেতিয়া তাৰ দেহৰ উত্তাপ মই অনুভৱ কৰিলোঁ, মোৰ হাতৰ মুঠিৰ মাজত ধপধপাবলৈ ধৰিলে— তাৰ উজ্জ্বল চকুকেইটা দেখি দ্বিধাগ্ৰস্ত হৈ পৰিলোঁ।
এবাৰ মই ডেকৰ ওপৰৰ পৰা উৰি অহা চিলনী এটা ৰাইফলেৰে মাৰিব খুজিছিলোঁ, কিন্তু ডেষ্ট্ৰয়াৰৰ বিষয়া তথা অভিজ্ঞ নাৱিক এজনে মোক ককৰ্থনা কৰি কৈছিল— ‘হতভগাৰ দৰে কাম নকৰিবি। এজন নাৱিকৰ বাবে গঙা চিলনী মাটিৰ সংকেত। সিহঁতক কেতিয়াও হত্যা কৰা উচিত নহয়।’
চৰাইটোৰ পাখিবোৰ আঁতৰাই টুকুৰা-টুকুৰ কৰাৰ সময়ত বিষয়াজনৰ কথাই বাৰে বাৰে মোক অস্বস্তি দিলে। পাঁচ দিন অনাহাৰে আছোঁ, তথাপি মোৰ কাণত কথাবোৰ ভাঁহি থাকিল। যেন নতুনকৈ আকৌ শুনিবলৈ পাইছোঁ। কিন্তু পেটৰ ক্ষুধা আন সকলোতকৈ তীব্ৰ। মই চৰাইটোক টান কৰি ধৰি কুকুৰা এটাৰ দৰে ডিঙি মুচৰি মাৰিবলৈ চেষ্টা কৰিলোঁ।
কামটো বৰ সূক্ষ্ম। প্ৰথম চেষ্টাতে ডিঙিৰ হাড় ভাঙি গ'ল। দ্বিতীয়বাৰ মোচৰটো দিওঁতে ঠোঁটেৰে তপ্ত এসোঁতা তেজ নিগৰি আহি মোৰ আঙুলিৰ ফাকেৰে বৈ গ'ল।
সতীৰ্থ নাৱিকৰ সৈতে ভেলাস্কো
দুখ লাগিল। এনে লাগিল যে এটা নিৰ্মম হত্যাকাণ্ড। মূৰটো তাৰ কঁপিছে। ছটফটাইছে— মোৰ হাতৰ মাজত তাৰ ধপ্ধপনি অনুভৱ কৰিছোঁ।
চৰাইটোৰ এই তেজবোৰেই মাছবোৰক উন্মাদ কৰি তুলিলে। বোটৰ চৌপাশে হাঙৰ এটাই তেতিয়াও চলা-ফিৰা কৰি আছে। তেজৰ গোন্ধ পালেই সি বোটৰ এই ইস্পাতৰ পাটো কামুৰি ছিৰাছিৰ কৰিব। সিহঁতৰ দাঁতবোৰ তলৰ ফালে থাকে, সেয়ে চিকাৰ ধৰিলেই সিহঁত লুটি মাৰে। ভাব হ’ল, এটা হাঙৰে বোটখনক আক্ৰমণৰ চেষ্টা চলাইছে। ভয় খাই মই চৰাইৰ মূৰটো হাঙৰটোলৈ মাৰি পঠিয়ালোঁ। বোটৰ পৰা মাত্ৰ কেই চেণ্টিমিটাৰমান আঁতৰত সিহঁতৰ মহাৰণ আৰম্ভ হৈ গ'ল। এটা কণীতকৈ সৰু চৰাইৰ মূৰটো। তথাপি সিহঁতৰ খোৱা-কামোৰা।
চৰাইটোৰ হাড়বোৰ ইমানেই ঠুনুকা যে আঙুলিৰে চাপ দিয়েই ভাঙিব পাৰি। পাখিবোৰ আঁতৰাবলৈ চেষ্টা কৰিলোঁ। বগা কোমল ছালত লাগি আছে পাখিবোৰ। তেজসিক্ত মাংসও ওলাই আহিছে পাখিৰ সৈতে। পাঁচ দিনৰ অনাহাৰৰ পাছত সন্মুখত পোৱা যিকোনো খাদ্যই গোগ্ৰাসে খাই পেলাব পাৰি। কিন্তু চৰাইটোৰ কেঁচা তেজ-মাংসৰ গোন্ধত মোৰ বমিৰ ভাব আহিল। তথাপি উপায় নাই, সতৰ্ক হৈ ডেউকাৰ পাখিবোৰ গুচাবলৈ চেষ্টা কৰিলোঁ। কিন্তু ছালখন ইমান কোমল যে পাখিবোৰ গুচাবলৈ অসুবিধা হৈছিল। বোটৰ ভিতৰত থকা পানীৰে ধুই পাখি গুচোৱা চৰাইটো দুটুকুৰা কৰিলোঁ। গোলাপী পাকস্থলী আৰু নীলা সিৰাবোৰে মোৰ ভোকটো আকৌ জগাই তুলিলে। ভৰিৰ টুকুৰা এটা মুখত ভৰালোঁ, কিন্তু গিলিব নোৱাৰিলোঁ। ভীষণ কষ্টদায়ক, যেন কেঁচাই কেঁচাই বেং এটাহে চোবাইছোঁ। ঘৃণাত মাংসটুকুৰা ওকালি পেলাই দিলোঁ। বেছ কিছু সময় চুপ হৈ বহি ৰ'লোঁ। হাতত ৰক্তাক্ত মাংসৰ টুকুৰাবোৰ।
মনত এটা ভাব খেলালে — যিখিনি খাব নোৱাৰোঁ সেইখিনি মাছৰ টোপ হিচাপে ব্যৱহাৰ কৰিব পাৰিম। কিন্তু মাছ ধৰিবলৈ হাতিয়াৰ ক'ত? আছে মাথোঁ এটা পিন। এডাল তাঁৰজাতীয় কিবা এটা থাকিলে হয়তো কাম চলিলেহেঁতেন। লগত আছে কেৱল চাবি, ঘড়ী, আঙঠি আৰু মবিলৰ তিনিখন দোকানৰ কাৰ্ড।
বেল্টডালৰ কথা মনলৈ আহিল। বকলেছটোকে হয়তো বৰশী হিচাপে ব্যৱহাৰ কৰিব পৰা যাব পাৰে। কিন্তু সকলো চেষ্টাই ব্যৰ্থ। অন্ধকাৰ নামি আহিছে। মাছবোৰে তেজৰ গোন্ধ পাই উন্মত্ত হৈ পৰিছে। আন্ধাৰ একেবাৰে নামি অহাৰ পাছত মই গঙাচিলনীটোৰ বাকী অংশবোৰ সাগৰলৈ দলিয়াই দি শুই পৰিলোঁ। ব’ঠাপাট আঁতৰাবলৈ গৈ বুজিলোঁ— মই খাব নোৱৰা টুকুৰাবোৰ লৈ মাছবোৰে খোৱা-কামোৰা কৰিছে।
ক্লান্ত আৰু আশাহত মনত মোৰ ভাব জন্মিল যেন আজি ৰাতিয়েই মই মৰি যাম। এছাটি বেগেৰে বলা বতাহে বোটখন কঁপাই দিলে। মোৰ খেয়ালেই নহ'ল যে আগতীয়াকৈ আত্মৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত। ৰছীৰে বোটৰ সৈতে নিজকে বান্ধি লোৱাৰ আৱশ্যক। সেইবোৰ একোৱেই কৰা নহ'ল। দেহত অনন্ত ক্লান্তি। বোটৰ তলৰ পিনে মূৰ থৈ আৰু ভৰি দুখন পানীৰ পৰা সামান্য ওপৰত থৈ শুবলৈ যত্ন কৰিলোঁ।
মাজনিশা অস্থিৰতাৰ শাম কাটিল। আকাশত জোন ওলাল। দুৰ্ঘটনাৰ পাছত এই প্ৰথম জোন দেখিলোঁ। নীলাভ হৈ পৰা ৰাতিৰ সমুদ্ৰ মায়াৱী হৈ উঠিল। কিন্তু সিদিনা জেম নাছিল, মই অকলে। ভাগ্যৰ ওপৰত নিজকে সঁপি দিছোঁ।
যিমানবাৰ মোৰ উদ্যম ভাগি পৰিছে, সিমানবাৰেই কিবা নহয় কিবা এটা ঘটিছে মনত আশা যোগাবলৈ। সিদিনা ৰাতিও ঢৌৰ ওপৰত ওপঙি পৰা জোনাকৰ আলোকে মোক আশান্বিত কৰি তুলিছে। দুদিন আগলৈ মোৰ বিশ্বাস দৃঢ় হৈ আছিল যে উদ্ধাৰকাৰী জাহাজ আহিবই। এতিয়া সেই আশা এৰি দিছোঁ। কিন্তু ষষ্ঠ দিনৰ নিশা জোনাকৰ পোহৰত উন্মাদৰ দৰে পুনৰ দিগন্ত বিচাৰিবলৈ ধৰিলোঁ প্ৰথম ৰাতিটোৰ দৰেই ব্যাকুল হৈ তীক্ষ্ণ দৃষ্টিৰে। আজিও যদি সেই অৱস্থা হয়, মই আশা ভংগৰ দুখতে মৰি যাব লাগিব। এতিয়াহে যেন বুজি উঠিলোঁ, মোৰ বোট যি পথেৰে আগুৱাইছে, সেই পথেৰে কোনো জাহাজ চলাচল নকৰে।
মই এজন মৃতক
পিছদিনা পুৱাৰ কথা একোৱেই মনত নাই। অসংলগ্নভাৱে কেৱল এটাই মনত আছে যে গোটেই পুৱাটো বোটত শুই আছিলোঁ। শুই আছিলোঁ জীৱন আৰু মৃত্যুৰ মাজত ওলমি। ঘৰলৈ মনত পৰিছিল। পাছতহে জানিছিলোঁ মোৰ অনুপস্থিতিত সিহঁতে কি কৰিছিল। মোৰ শ্ৰাদ্ধও পাতি পেলাইছিল। শুনি আচৰিত হোৱা নাই। সমুদ্ৰত থাকোতে মোৰ ভাব হৈছিল— এনেধৰণৰ ঘটনাই নিশ্চয় ঘটিছে। পৰিয়ালৰ মানুহক মোৰ নিৰুদ্দেশৰ খবৰ দিয়া হৈছিল। বিমান আৰু উৰি নাহিল মোক বিচাৰি। ইয়াৰ অৰ্থ মোক বিচৰাটো সিহঁতে অৰ্থহীন বুলি ভাবিছে। ধৰিয়েই লৈছে যে মোৰ মৃত্যু ঘটিছে।
সকলো কথাই সম্ভৱ। কিন্তু সকলোৰে একোটা সীমাও থাকে। প্ৰতি মুহূৰ্ত মই নিজক ৰক্ষা কৰাৰ চেষ্টা চলাই গৈছোঁ, বিচাৰি ফুৰিছোঁ জীয়াই থকাৰ ৰাস্তা। কিন্তু ষষ্ঠ দিনটোত মোৰ ওচৰত একো আশাই বাচি নাথাকিল। বোটৰ ওপৰত পৰি থকা মই যেন এটি মৃতক। আবেলি ভাবিবলৈ ধৰিলোঁ কেতিয়া পাঁচ বাজিব, কেতিয়া আহিব হাঙৰা বোটৰ দাঁতিৰ পৰা আঁতৰি বহি পৰিলোঁ। দুবছৰ আগতে কাটাজেনাত হাঙৰে খোৱা মানুহৰ মৃতদেহ এটা দেখিছিলোঁ। এনেদৰে মই মৰিব নিবিচাৰোঁ। এই হিংস্ৰ প্ৰাণীবোৰৰ এবাৰ কবলত পৰিব লাগিলে টুকুৰা-টুকুৰ হ’ব লাগিব।
পাঁচ বাজিল। হাঙৰবোৰ আহিছে। চাৰিওফালে পিয়াপি দিছে। শীতো পৰিছে সামান্য। পিছে সমুদ্ৰ শান্ত। শৰীৰত অলপ শক্তি অনুভৱ কৰিলোঁ। কালি চিলনীবোৰ দেখাৰ পাছত মই নতুন উদ্যম অনুভৱ কৰিছোঁ।
এই মুহূৰ্তত হাতত মই যি পাম তাকেই খাম। ক্ষুধাই মোক শেষ কৰি দিছে। ইমানদিনে একো চোবাবলৈ নোপোৱা বাবে ডিঙি আৰু হনুত বিষ অনুভৱ কৰিছিলোঁ। কিবা এটা চোবোৱাৰ প্ৰয়োজন। জোতাৰ তলিখন এৰুৱাবলৈ চেষ্টা কৰিলোঁ, কিন্তু নোৱাৰিলোঁ। মনত পৰিল মোৰ হাতত এতিয়া মবিলৰ দোকানৰ কাৰ্ডকেইখন আছে।
পেণ্টৰ জেপত কাৰ্ডবোৰ আছিল। তিতি প্ৰায় ফালি-ছিৰি গৈছে। উলিয়াই মই মুখত ভৰালোঁ আৰু চোবাবলৈ ধৰিলোঁ। এই চেষ্টাই আচৰিতধৰণে কাম দিলে। ডিঙিটো আৰাম পালোঁ, মুখলৈকো সতেজতা ঘূৰি আহিল। চুয়িংগামৰ দৰে লাহে লাহে চোবাই গ'লোঁ। অৱশ্যে প্ৰথম কামোৰটোত হনুত বিষ অনুভৱ কৰিছিলোঁ। মবিলত মেৰীৰ সৈতে বজাৰ-সমাৰ কৰোঁতে এই কাৰ্ডবোৰ পাইছিলোঁ, থাকি গৈছিল বিশেষ একো কাৰণ নোহোৱাকৈ। যি নহওক আজি কামত লাগিল। শক্তি অলপ ঘূৰাই পালোঁ। কিছু আশাৰো সঞ্চাৰ হ'ল। এনে লাগিছিল যেন হনুৰ বিষ কমাবলৈ মই এনেদৰে কাৰ্ডবোৰ অনন্ত কাল ধৰি চোবাই থাকিম পাৰিম। যদি এইবোৰ পেলাই দিলোহেঁতেন, কিয়েই যে ক্ষতি নহ'লহেঁতেন। কাৰ্ডবোৰ মোৰ পাকস্থলী পালেগৈ। কিয় জানো ভাব হ’ল, বাচি যাম মই। হাঙৰে মোক শেষ কৰি দিব নোৱাৰে।
জোতাৰ সোৱাদ কেনে?
কাৰ্ডবোৰ চোবাই যি তৃপ্তি পালোঁ— সিয়ে মোৰ ক্ষুধা আৰু অধিক বঢ়াইহে তুলিলে। এতিয়া আকৌ কি খাব পৰা যায়? ছুৰী এখন থকা হ'লে জোতাৰ ৰবৰৰ শ্বোলটো এৰুৱাই টুকুৰা-টুকুৰকৈ কাটি তাকেই চোবালোহেঁতেন। ওচৰতে আছে জোতাপাট। চাবিপাটেৰে পৰিষ্কাৰ বগা শ্বোলটো খুলিবলৈ চেষ্টা কৰিলোঁ। কিন্তু কোনোমতেই সফল নহ'লোঁ। টানকৈ আঠা লগোৱা আছে।
পাগলৰ দৰে এইবাৰ বেল্টডালকে চোবাবলৈ ধৰিলোঁ। চোবাবলৈ গৈ দাঁতত বিষ উঠিল। এটা টুকুৰাও ছিঙি উলিয়াব নোৱাৰিলোঁ। মোক নিশ্চয় ৰাক্ষসৰ দৰে দেখা গৈছে। জোতা, বেল্ট, চোলা একোৱেই বাদ দিয়া নাই খাবলৈ। সন্ধিয়া নমাৰ সময়তে মই ইমান ঘামিবলৈ ধৰিলোঁ যে লংপেণ্টটো খুলি পেলাবলগীয়া হ'ল। পিন্ধি ৰ'লোঁ হাফ পেণ্টটোকে। নাজানো হয়তো কাৰ্ডবোৰ খোৱাৰে পৰিণতি। প্ৰচণ্ড টোপনিয়ে মোক হেঁচা মাৰি ধৰিলে। মই বোটৰ সমস্যাবোৰৰ সৈতে নিজকে খাপ খুৱাই ল’বলৈ ইতিমধ্যে শিকি পেলাইছোঁ। ছটাকৈ নিশা সতৰ্ক হৈ থকাৰ পাছত এতিয়া ইমানে ক্লান্ত হৈ পৰিছোঁ যে কেতিয়ানো টোপনিত ঢলি পৰিলোঁ, কিমান সময়নো শুলোঁ একো টলকিবই নোৱাৰিলোঁ। মাজতে হয়তো ঢৌৰ খুন্দাত সাৰ পাই গৈছোঁ, ভয়ত চঁক খাই উঠিছোঁ। কিন্তু পিছ মুহূৰ্ততে পুনৰ ঢলি পৰিছোঁ টোপনিত।
যেতিয়া টোপনি ভাগিল, সমুদ্ৰত মোৰ সপ্তম দিনটো আৰম্ভ হৈ গৈছে। কিয় জানো ভাব হৈছে এইটোও মোৰ শেষ দিনটো নহয়। সমুদ্ৰ শান্ত, মেঘময় আকাশ। আঠ বজাত সূৰ্যটো দেখা গ'ল আকাশত। যোৱা নিশা গভীৰ নিদ্ৰাৰ পাছত আজি কিছু সতেজ অনুভৱ হৈছে। মনৰ মাজত আশা এটাও সুৰসুৰাই উঠিছে। বোটৰ কাষলৈ ওলমি পৰা আকাশৰ বুকুত সাতটা গঙাচিলনী উৰিছে। উৰিছে ঠিক মোৰ বোটখনৰ ওপৰত।
দুদিন আগতে সিহঁতক দেখি উল্লসিত হৈ পৰিছিলোঁ। কিন্তু তৃতীয়বাৰ সিহঁতক পুনৰ দেখিবলৈ পাই ভয় খাই গ'লোঁ। সম্ভৱতঃ সিহঁত সমুদ্ৰত জাকৰ পৰা পথ হেৰোৱা চৰাই। সকলো নাৱিকেই জানে, মাজে মাজে গঙাচিলনীবোৰ লক্ষভ্ৰষ্ট হৈ হেৰাই যায় সমুদ্ৰত। দিনৰ পাছত দিন উৰি থাকে সিহঁত, যেতিয়ালৈ আশ্ৰয়ৰ বাবে কোনো জাহাজ বিচাৰি নাপায়। জাহাজেই সিহঁতক পাৰ দেখুৱায়। তিনি দিন ধৰি দেখা এইবোৰ সম্ভৱতঃ পথভ্ৰষ্ট চিলনী। তাৰ মানে মোৰ বোট পাৰৰ পৰা নিশ্চয় বহু দূৰলৈ আঁতৰি গৈছে।
আঠ
এটা মাছৰ বাবে
হাঙৰৰ সৈতে যুদ্ধ
বিগত সাতটা দিন পাৰৰ ফালে নগৈ সমুদ্ৰৰ মাজলৈ আঁতৰি গৈ আছোঁ— এই দুশ্চিন্তাই মোৰ যুঁজ দিয়াৰ শক্তি নোহোৱা কৰি পেলালে। কিন্তু মৃত্যু কাষলৈ আহিলে হেনো আত্মৰক্ষাৰ প্ৰবৃত্তি বাঢ়ি যায়। সম্ভৱতঃ শেষত মোৰো সেয়ে হ’ল। বহুকেইটা কাৰণত আজিৰ দিনটো বাকী দিনবোৰৰ তুলনাত বেলেগ আছিল। সমুদ্ৰ শান্ত, সূৰ্যৰ পোহৰো উজ্জ্বল আৰু পৰিষ্কাৰ। মৃদু বতাহে বোটখনক ধীৰে ধীৰে আগুৱাই নিছে। সূৰ্যৰ তাপো উপভোগ্য হৈ উঠিছে।
আজি মাছবোৰেও যেন অন্য ৰূপ লৈছে। পুৱাৰে পৰাই সিহঁত বোটৰ কাষে কাষে সাঁতুৰি ফুৰিছে। স্পষ্টকৈ দেখিবলৈ পাইছোঁ— নীলা, ৰঙা, বাদামী সকলো ৰঙৰ, সকলো আকৃতিৰ মাছ। এনে লাগিল যেন বোটখন এটা একুয়াৰিয়ামৰ ভিতৰতহে ভাঁহি ফুৰিছে।
নাজানো— সাত দিন ধৰি অনাহাৰে এনেদৰে সমুদ্ৰত থকাৰ পাছত বাচি থাকিবলৈ মানুহ অভ্যস্ত হৈ পৰেনে নাই। মাছবোৰ যেন মোৰ যাত্ৰাৰ সহচৰ, বিশ্বস্ত সংগী। মোৰ সাদিনীয়া পুৰণি বন্ধু।
আজিৰ এই পুৱা আকৌ চিন্তা কৰিলোঁ যিকোনো প্ৰকাৰে লক্ষ্যত উপনীত হ’বই লাগিব। যদিও মই নিশ্চিত, বোটখন য'ত আহি উপস্থিত হৈছে, সেই ঠাইত কোনো জাহাজ নাই। আনকি গঙাচিলনীবোৰো দিশহাৰা।
তথাপি ভাব হ’ল সাতটাকৈ দিন এনেদৰে দিক্বিদিক হেৰুৱাই উটি-ভাঁহি ফুৰাৰ পাছত সমুদ্ৰত অভ্যস্ত হৈ পৰিছোঁ মই। মৃত্যুভয়ৰ সৈতে অভ্যস্ত হৈ পৰিছোঁ। জীয়াই থাকিবলৈ মোৰ আৰু কোনো ব্যাকুলতা নাই। এটা সপ্তাহ প্ৰবল ঢৌ আৰু বতাহৰ মাজত জীৱন পাৰ কৰি দিছোঁ। গোটেই জীৱনটো এই বোটতে অতিবাহিত কৰা অসম্ভৱ নেকি?
মাছবোৰে পানীৰ ওপৰভাগত সাঁতুৰি ফুৰিছে। সমুদ্ৰ এতিয়াও পৰিষ্কাৰ আৰু শান্ত। চাৰিওফালে ইমান সুন্দৰ আৰু লোভনীয় মাছ— যেন হাত আগবঢ়ালেই ধৰিব পাৰি। ক’তো হাঙৰ চকুত পৰা নাই। পানীত ভাঁহি আছে এটা উজ্জ্বল নীল বৰণীয়া মাছ, কমেও ২০ চেণ্টিমিটাৰ দীঘল, বক্ৰাকাৰ দেহ। মাছটো ধৰিবলৈ সতৰ্কতাৰে হাতখন আগবঢ়াই দিলোঁ। লগে লগে পানীত আলোড়ন তুলি অদৃশ্য হৈ গ'ল মাছবোৰ। কিন্তু খন্তেক পাছত পুনৰ ভাঁহি উঠিল। হাতেৰে মাছ ধৰাটো প্ৰায় দুঃসাধ্য কাম। অতি ক্ষিপ্ৰ হ’ব নোৱাৰিলে সফল হোৱা নাযাব। পানীৰ তলত হাতৰ শক্তি কমি যায়। ক্ষিপ্ৰতাও নাথাকে। জাকৰ মাজত নিৰ্দিষ্টকৈ এটা মাছক বাছি ল'লোঁ। পুনৰ চেষ্টা চলালোঁ ধৰিবলৈ। আৰু ধৰিবলৈ সক্ষম হ'লোঁ। কিন্তু অকল্পনীয় তড়িৎ গতিৰে সি হাতৰ পৰা সৰকি গ'ল। মই ধৈৰ্যসহকাৰে পুনৰ অপেক্ষা কৰাত লাগিলোঁ।
আন্দাজ কৰিব পৰা নাই যে ইয়াত হাঙৰ থাকিব পাৰে। কিলাকুটিপৰ্যন্ত সুমুৱাৰ পাছত ভাব হ’ল, যদি হাঙৰ থাকে, তেন্তে একে কামোৰত হাতখন ছিগি লৈ যাব পাৰে। পুৱা দহ বজালৈ মাছ ধৰাৰ চেষ্টা অব্যাহত ৰাখিলোঁ। কিন্তু একেবাৰেই ব্যৰ্থ। মাছবোৰে মোৰ আঙুলিত খুঁটিবলৈ ধৰিছিল। এটা স্বচ্ছ ৰূপালী মাছ। কমেও ডেৰ ফুট দীঘল, ক্ষুদ্ৰ ক্ষুদ্ৰ চোকা দাঁত। হঠাৎ কামোৰ মাৰি দিলে মোৰ আঙুলিত। ওলাই আহিল তেজ।
বোটৰ ওপৰত হাঙৰ
হয়তো মোৰ আঙুলিৰ পৰা ওলোৱা তেজৰ গোন্ধৰ বাবেই আহি ওলাল হাঙৰবোৰ। মুহূৰ্তৰ ভিতৰত সিহঁতে পৰস্পৰৰ মাজত ‘যুঁজ’ আৰম্ভ কৰি দিলে। ইমানবোৰ হাঙৰ একেলগে কেতিয়াও দেখা নাছিলোঁ মই। ডলফিনৰ দৰে লফিয়াইছে, মাছবোৰ খেদি ফুৰিছে আৰু গিলিছে গোটে গোটে। ভয় খাই মই বোটৰ মাজলৈ আহি সিহঁতৰ এই ধ্বংসলীলা চাবলৈ ধৰিলোঁ।
হঠাৎ এটা হাঙৰে পানীৰ ওপৰপৃষ্ঠলৈ উঠি আহি ফিচাৰে এনেদৰে কোব মাৰিলে যে বোটখন কঁপি উঠিল। পানীত এসোঁতা যেন তুলি পুনৰ অদৃশ্য হৈ পৰিল হাঙৰটো। এটা বিশাল ঢৌ আছাৰ খাই পৰিল বোটৰ ওপৰত। মই হাতত তুলি ল'লোঁ ব’ঠা এপাট। তেনেতে হাঙৰৰ খেদা খাই বোটৰ ওপৰত জঁপিয়াই উঠি আহিল এটা সেউজীয়া বৰণৰ মাছ। দীঘলে প্ৰায় আধা মিটাৰ। দেহৰ সমস্ত শক্তিৰে মই তাৰ মূৰত সজোৰে আঘাত কৰিলোঁ।
এনেধৰণে বোটৰ ভিতৰত মাছ মৰা মামুলি কথা নহয়। বোটখন দুলিবলৈ ধৰিলে। আৰু অলপ বেছি হ’লেই হয়তো লুটি খাই গ'লহেঁতেন। বিপজ্জনক পৰিস্থিতি। বুদ্ধিভ্ৰষ্ট হ’লে নহ’ব। যদি অন্ধৰ দৰে কাম কৰিবলৈ লওঁ, নিমিষতে বোটখন ডুব যাব পানীত।ক্ষুধাৰ্ত হাঙৰেৰে ভৰ্তি পানীত এবাৰ পৰিব লাগিলে নিস্তাৰ নাই। আৰু ইফালে লক্ষ্য যদি ঠিক নহয়, চিকাৰ ধৰা অসম্ভৱ। পলাই পত্ৰং দিব মাছবোৰ আৰু সফল হ'লেই লাভ কৰিম কমেও চাৰি পাউণ্ডৰ এটা সতেজ মাছ। সাত দিনৰ ক্ষুধা নিবৃত্তি হ'ব। বোটৰ ওপৰত বহি দ্বিতীয় কোবটো শোধালোঁ। মূৰত ঠিক আঘাত পৰিছে। বোটখন কঁপি উঠিল। বোটৰ তলেৰে পানীত হাঙৰবোৰ অহা-যোৱা কৰি আছে। মই বোটৰ একোণত বহি নিজক চম্ভালি ল'লোঁ। অৱশেষত বোটখন সুস্থিৰ হ’ল। মাছটো এতিয়াও জীৱিত। ছট্ফটাইছে সি।
আঘাতপ্ৰাপ্ত মাছৰ ছট্ফটনি বহু বেছি। তেতিয়া জঁপিয়াবও পাৰে বহুত। যদি কোবটো ঠিকমতে নপৰে, তেন্তে হাতচাৰা কৰিব লাগিব মাছটো। মাছৰ ওচৰলৈ অলপ আগুৱাই গ'লোঁ, ভাব হ’ল তাক গঁবা মাৰি ধৰাই ভাল হ’ব। দৰকাৰ হলে দুভৰিৰে চেপি ধৰিম আঁঠু দুটাৰ মাজত সুমুৱাই অথবা দাঁতেৰে কামুৰি ধৰিম। বোটৰ মজিয়াত সুবিধাজনক ঠাই এটুকুৰা বাছি ল'লোঁ। যেন ভুল নহয়, এইবাৰৰ আঘাতটোৰ ওপৰতে নিৰ্ভৰ কৰিছে মোৰ জীৱন।
সৰ্বশক্তি প্ৰয়োগ কৰি মূৰতে কোবটো মাৰিলোঁ। জঠৰ হৈ পৰিল মাছটো। বোটৰ ভিতৰত থকা পানীখিনি ৰক্তাক্ত হৈ পৰিল। কেঁচা তেজৰ গোন্ধ নাকত লাগিল মোৰ। হয়তো হাঙৰবোৰেও পাইছে সেই গোন্ধ। হাতৰ কাষতে চাৰি পাউণ্ড ওজনৰ মাছটো পাই ভয়ো লাগিল মোৰ। তেজৰ গোন্ধ পাই হাঙৰবোৰে বোটৰ তলিত খুন্দা মাৰিছে। কঁপি উঠিছে বোটখন। যিকোনো মুহূৰ্তত লুটি খাই যাব পাৰে। প্ৰতিটো হাঙৰৰ মুখত লোৰ দৰে কঠিন তিনি পাৰি দাঁত। মোক পালেই ছিৰাছিৰ কৰি পেলাব।
কিন্তু ক্ষুধাৰ যাতনা সকলোতকৈ ঊৰ্ধ্বত। মাছটোক দুয়ো ভৰিৰ চেপাত সুমুৱাই ল’লোঁ। তলত হাঙৰবোৰে বাৰে বাৰে খুন্দিয়াইছে। বাৰে বাৰে চেষ্টা কৰিছোঁ নিজৰ ভাৰসাম্য বজাই ৰাখিবলৈ৷ এনেদৰেই পাৰ হ’ল কেইটামান মিনিট। অৱশেষত যেতিয়া বোটখন শান্ত হ’ল, মই বোটৰ তেজমিশ্ৰিত পানীবোৰ পেলাই দিলোঁ সাগৰত। পানী পৰিষ্কাৰ হ’ল, হাঙৰবোৰো ক্ষান্ত হ’ল। তথাপি মই সতৰ্ক হৈ থাকিব লাগিব। ভয়ংকৰ বিশাল হাঙৰবোৰ। সিহঁতৰ ফিচাবোৰো বিশাল। পানীৰ এক মিটাৰ ওপৰপৰ্যন্ত উঠি আহিছে একো একোবাৰ। এতিয়া শান্তভাৱে সাঁতুৰি আছে। কিন্তু যদি আকৌ তেজৰ গোন্ধ পায়, পুনৰ অস্থিৰ হৈ উঠিব। পুনৰ খুন্দিয়াব বোটত। খুব সাৱধানে মাছটো এইবাৰ কাটিবলৈ চেষ্টা কৰিলোঁ। কঠিন ছাল মাছটোৰ। যেন বৰ্মৰেহে ঢকা আছে। মোৰ হাতৰ ওচৰতো নাই কোনো চোকা অস্ত্ৰ। চেষ্টা চলালোঁ চাবিপাটেৰে, কিন্তু একো লাভ নহ'ল। এনেধৰণৰ মাছ মই কেতিয়াও দেখা নাছিলোঁ। সেউজীয়া ৰঙৰ মাজে মাজ়ে ক’লা পটি। শৈশৱৰ পৰাই মোৰ এক বদ্ধমূল ধাৰণা আছিল যে সেউজীয়া ৰং মানেই যে বিষ। নাজানো এই মাছৰ মাংস বিষাক্ত হয় নে নহয়। জানিবলৈ মোৰ ইচ্ছাও নাই। মোৰ পেট কলমলাই উঠিছে মাছৰ টুকুৰা এটাৰ আশাত।
বেচেৰা শৰীৰ
যেতিয়া খাবলৈ হাতত সঁচাকৈয়ে একো নাথাকে, তেতিয়া ক্ষুধা সহ্য কৰা যায়। কিন্তু যেতিয়া এই সতেজ মাছটো চাবিপাটেৰে কাটিবলৈ চেষ্টা কৰিছোঁ তেতিয়া অসহ্যকৰ হৈ উঠিল ক্ষুধা। বুজিলোঁ, এইটো যদি সঁচাকৈয়ে খাবলৈ বিচাৰোঁ, তেন্তে মই আৰু অধিক দৃঢ় হ'ব লাগিব। লাহেকৈ থিয় দিলোঁ। মাছৰ ফিচাত গচকি ধৰি ফুলেৰে ব’ঠাৰ হাতলপাট সুমুৱাই দিলোঁ। মাছটো তেতিয়াও জীৱিত। মূৰত আৰু এবাৰ কোব এটা শোধালোঁ। ঢাকি ৰখা কঠিন অংশটোকে আঁজুৰি ছিঙি পেলাবলৈ চেষ্টা কৰিলোঁ। আঙুলি তেজেৰে ৰাঙলী হৈ পৰিছিল। মাছৰে তেজ নে মোৰেই তেজ ধৰিবই নোৱাৰিলোঁ। মোৰো হাত কাটিছে। আঙুলিৰ ছাল এৰি গৈছে। মাছটোৰ তেজৰ গোন্ধ পাই পুনৰ অস্থিৰ হৈ পৰিল হাঙৰবোৰ। বিৰক্তিত এবাৰ ভাবিলোঁ— হাঙৰৰ মাজলৈকে দলিয়াই দিওঁ নেকি মাছটো। যিদৰে গঙাচিলনীটো দিছিলোঁ।
মই হতাশ আৰু অসহায়। মাছটোকো কাটিব পৰা নাই।
অৱশেষত মাছটোৰ কোমল ঠাই এটুকুৰা বিচাৰি উলিয়ালোঁ। দুয়ো ফুলৰ মাজত আঙুলি সুমুৱাই ভিতৰৰ অংগবোৰ বাহিৰ কৰি আনিবলৈ চেষ্টা চলালোঁ। ভিতৰৰ অংগবোৰ কোমল। মানুহে কয়, হাঙৰৰ ফিচাত হেঁচুকি দিলে মুখেৰে পেট, পাকস্থলী সকলো ওলাই আহে। মই কাৰ্টাজেনাত দেখিছিলোঁ, ওলোমাই থোৱা হাঙৰৰ মুখৰ পৰা কিদৰে ক’লা ক’লা নাড়ী-ভুৰুবোৰ ওলাই আহিছে।
সৌভাগ্যবশতঃ মাছটোৰ পেটৰ ভিতৰখিনি হাঙৰৰ দৰেই কোমল। আঙুলিৰে খামুচি বাহিৰলৈ টানি উলিয়াবলৈ বেছি সময় নালাগিল। পেটৰ ভিতৰত এসোপা কণী। চাফা কৰি লৈ প্ৰথম কামোৰটো দিলোঁ। ছাল ভেদ কৰিব নোৱাৰিলোঁ। দ্বিতীয়বাৰ কামোৰ দিলোঁ আৰু জোৰেৰে। মুখখন বিষাই উঠিল। লাহে লাহে ঢিলা হ’ল। গোটেই টুকুৰাটো মুখত ভৰাই চোবাবলৈ ধৰিলোঁ।
কিন্তু সোৱাদ অসহ্যকৰ। কেঁচা মাছৰ গোন্ধ এনেই সহ্য কৰিব নোৱাৰি। এই মাছ টুকুৰাৰ গোন্ধ আৰু উৎকট। সামান্য পাথৰৰ দৰে, তেলতেলীয়া। ইয়াৰ আগতে মই কল্পনাও কৰা নাছিলোঁ যে কোনোবাই কেঁচা মাছ খাব পাৰে। কিন্তু মুখৰ ভিতৰত সুমুৱাই মাছ টুকুৰা চোবাই থকাৰ সময়ত মোৰ বিশ্বাস হ’ল যে সঁচাকৈয়ে আজি মই কিবা এটা খাবলৈ পাইছোঁ।
যি নহওক, অৱশেষত খাবলৈ পাই ভালেই লাগিল। আৰু এটুকুৰা চোবাবলৈ ধৰিলোঁ। প্ৰথমে মোৰ ভাব হৈছিল যে এটা সম্পূৰ্ণ হাঙৰকে খাই পেলাব পাৰিম। কিন্তু দুটুকুৰামান খোৱাৰ পাছতে পেট ভৰি গ'ল। এটা মুহূৰ্ততে সাত দিনৰ ভয়ংকৰ ক্ষুধা পূৰ হৈ গ'ল। দেহত বল ঘূৰাই পোৱা যেন লাগিছে এতিয়া। যেন প্ৰথম দিনটোৰ দৰে বলৱান। আগতে জনা নাছিলোঁ যে কেঁচা মাছে পানীৰ তৃষ্ণাও দূৰ কৰে। এতিয়া দেখিলোঁ মাছটোৱে মোৰ ক্ষুধা আৰু তৃষ্ণা দুয়োটাই দূৰ কৰিছে। এতিয়া মোৰ মনত আশাৰো সঞ্চাৰ হ’ব ধৰিছে। বেছ কিছুদিনলৈ খাদ্য সঞ্চিত হ’ল এতিয়া। এই আধা মিটাৰ দীঘল মাছটোত মই মাত্ৰ দুটাহে কামোৰ দিছোঁ।
মাছটোক কামিজটোৰে মেৰিয়াই বোটখনৰ তলৰ ফালে থৈ দিলোঁ— যাতে সতেজ হৈ থাকে। কিন্তু পাছত প্ৰথমে ধুই ল’বলৈ ফিচাত ধৰি বোটৰ একাষলৈ আনিলোঁ। হাঙৰৰ কথা মনলৈ নাহিল। মাছটো সাগৰৰ পানীত নমাই দিয়াৰ লগে লগেই এটা হাঙৰৰ ভয়ংকৰ খুন্দা অনুভৱ কৰিলোঁ। সৰ্বশক্তিৰে মই মাছটো ধৰি থাকিলোঁ। কিন্তু হাঙৰটোৰ খুন্দাত মই পৰি গ'লোঁ বোটৰ ওপৰত। তথাপি মই এৰি দিয়া নাই মাছটো। ধৰি আছোঁ প্ৰাণপণে। সেই মুহূৰ্তত মোৰ অলপো খেয়াল হোৱা নাই যে হাঙৰে এটা কামোৰত মোৰ হাতখনেই ছিঙি লৈ যাব পাৰে।
দুৰ্ভাগ্য! মোৰ হাত খালী কৰি হাঙৰটোৱে চিকাৰ লৈ পলাই গ'ল। খং-হতাশাৰে ব’ঠাপাট লৈ বোটৰ কাষত থকা হাঙৰটোৰ মূৰতে মাৰ এটা শোধাই দিলোঁ। জাপ মাৰি উঠিল সি। নিৰ্ভুল কামোৰ তাৰ— ব’ঠাপাট অনায়াসে ভাঙি খাই পেলালে সি।
বাংকত অৱসৰৰ মুহূৰ্তত সতীৰ্থৰে সৈতে ভেলাস্কো
ন
সলনি হ’ল সমুদ্ৰৰ ৰং
হাঙৰটোৰ ওপৰত মোৰ ইমানেই খং উঠিল যে একপ্ৰকাৰ প্ৰতিশোধৰ মনোবৃত্তিৰেই ভঙা ব’ঠাপাটেৰে পানীত কোবাবলৈ ধৰিলোঁ। মোৰ হাতৰ পৰা হাঙৰটোৱে কাঢ়ি নিছে একমাত্ৰ আহাৰখিনি। এতিয়া পাঁচ বাজিছে। সাগৰৰ বুকুত আজি মোৰ সপ্তম দিন। কিছু মুহূৰ্তৰ পাছতে জাক পাতি হাঙৰবোৰ আহিব। মাছ দুটুকুৰা খোৱাৰ পাছত শৰীৰত সামান্য বল বান্ধিছিল। আৰু এতিয়া মাছটো হেৰুৱাবলগা হোৱা বাবে যি খং জমা হৈছে, তাৰেই মই যুঁজ চলাব পাৰিম। আৰু দুপাট ব’ঠা আছে বোটত। ভঙা ব’ঠাপাট থৈ অন্য এপাট তুলি ল'লোঁ— যাতে এই দস্যুবোৰৰ সৈতে যুঁজ দিব পাৰোঁ। কিন্তু খংবশতঃ আত্মৰক্ষাৰ সুযোগ শেষ কৰি দিব নোৱাৰোঁ। দুপাট ব’ঠা হেৰুৱাব নোৱাৰোঁ মই। কোনে জানে ভৱিষ্যতে মোৰ আৰু কি কামত প্ৰয়োজন হয় এই ব’ঠা দুয়োপাট।
আনদিনাৰ দৰেই সিদিনাও স্বাভাৱিকভাৱে ৰাতি নামি আহিল। দশোদিশে ক্ষুব্ধ সমুদ্ৰ। আজি এনে এক জঘন্য ৰাতি— য'ত হাঙৰবোৰেও শান্তিত থাকিব নোৱাৰে।
ৰাতি ন বজাৰ পাছত চেঁচা বতাহ বলিবলৈ ধৰিলে। শীতৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ বোটৰ তলৰ পিনে গৈ বাগৰ দিলোঁ। পিছে একো লাভ নহ'ল। শীতে মোৰ একেবাৰে হাড়ৰ মজ্জাত বিন্ধিছে। জোতা আৰু কামিজটো পুনৰ পিন্ধি ল'লোঁ। সম্ভৱতঃ হঠাৎ বৰষুণ পৰিব, কিন্তু খাবলৈ বৰষুণৰ পানী ধৰিব নোৱাৰিম। ইতিমধ্যে ঢৌবোৰে বৃহৎ ৰূপ ধাৰণ কৰিছে। যেন ২৮ ফেব্ৰুৱাৰীৰ দুৰ্ঘটনাৰ দিনটোতকৈ ডাঙৰ। কণীৰ খোলাৰ দৰে অশান্ত সমুদ্ৰৰ বুকু তলমল কৰিছে। কোনোপধ্যেই শুব নোৱাৰিলোঁ। শীতত কঁপিছোঁ থক্থককৈ। হাত-ভৰি নচুৱাই গাটো গৰম কৰি ৰাখিবলৈ চেষ্ট চলালোঁ। কিন্তু এইবোৰ কৰিবলৈ দেহত শক্তি নাছিল। বোটৰ এদাঁতিত খামুচি ধৰি আছোঁ— যাতে ঢৌৰ খুন্দাত সমুদ্ৰত পৰি নাযাওঁ। হাঙৰে কামুৰি ভাঙি পেলোৱা ব’ঠাপাটৰ ওপৰত মূৰটো থ'লোঁ। বোটৰ তলত আৰু দুপাট বঠা এতিয়াও মজুত আছে।
মাজনিশা ধুমুহাৰ কোব আৰু একোব বাঢ়িল। আকাশত গভীৰ আন্ধাৰ। বতাহ সেমেকা যদিও এটোপালো বৰষুণ নপৰিল। হঠাৎ বিশাল ঢৌ বোটখনত আছাৰ খাই পৰিল। ঠিক সেই ডেষ্ট্ৰয়াৰৰ দৰে। বোটখন শূন্যলৈ উঠি গ'ল আৰু লুটি খাই গ'ল।
মই পানীত পৰি যোৱাৰ পাছতে ঘটনাৰ আঁত ধৰিব পাৰিলোঁ। সাঁতুৰি বোটখনৰ ওপৰত উঠিবলৈ চেষ্টা কৰিলোঁ। পাগলৰ দৰে সাঁতুৰি পানীত ওপঙি ৰ'লোঁ। এনে লাগিল যেন এইবাৰ নিস্তাৰ নাই। মৃত্যু অৱধাৰিত। বোটখন চকুত পৰা নাই। মূৰৰ ওপৰত কেৱল বিৰাট একোটা ঢৌ। লুই ৰেনগিফোলৈ মনত পৰিল। আটিল চেহেৰা, দক্ষ সাঁতোৰবিদ। তথাপি দুই মিটাৰৰ দূৰত্ব অতিক্ৰম কৰি বোটত উঠিবলৈ সক্ষম নহ'ল। মই দিশহাৰা হৈ পৰিলোঁ। ভুল পথেৰে সাঁতুৰিছোঁ, ভুল দিশলৈ চাইছোঁ। মোৰ পিছফালে মাত্ৰ এক মিটাৰ আঁতৰতে ঢৌত নাচি আছে বোটখনে। মই পাগলৰ দৰে হাত-ভৰি মাৰিবলৈ ধৰিলোঁ। ইমান কাষতে বোটখন, তথাপি এনে লাগিল যে এই দূৰত্ব অনন্ত। ইমানে ভয় খাইছিলোঁ যে একেজাঁপে বোটত উঠি ফোঁপাই ফোঁপাই পৰি ৰ'লোঁ। হৃৎপিণ্ড ধপ্ধপ্ কৰিছে। কষ্ট, নিশ্বাস ল’বলৈ।
মোৰ সৌভাগ্যৰ তৰা
নিজৰ ভাগ্যক লৈ মোৰ কোনো আক্ষেপ-অভিযোগ নাই। বোটখন যদি সন্ধিয়া পাঁচ বজাত লুটি খালেহেঁতেন, হাঙৰবোৰে মোক টুকুৰা-টুকুৰ কৰিহে ক্ষান্ত হ'লহেঁতেন। কিন্তু মাজনিশা সিহঁত শান্ত, বিশেষকৈ সমুদ্ৰ যেতিয়া অস্থিৰ।
হাঙৰে কামুৰি ছিঙা ব’ঠাপাটকে ধৰি বোটৰ ওপৰত বহিলোঁ। সকলো ইমান দ্ৰুততাৰে ঘটি গ'ল যেন ঘটনাটো ভ্ৰমহে। মনত পৰিল, পানীত পৰাৰ সময়ত মোৰ মূৰত ব’ঠা এপাটেৰে খুন্দা লাগিছিল। ডুবাৰ আগমুহূৰ্তত মই সেইপাটকে খামোচ মাৰি ধৰিছিলোঁ। মাত্ৰ সেইপাটহে বাচিল, বাকীবোৰ উটি গ'ল পানীত। হাঙৰটোৱে খোৱা এই ব’ঠাপাট যাতে হেৰুৱাব লগা নহয়, তাৰবাবে মই বোটৰ তলত থকা ৰছীৰে বান্ধি পেলালোঁ। সমুদ্ৰ এতিয়াও উত্তাল। হয়তো মোৰ ভাগ্য ভালেই। কিন্তু যদি আকৌ বোটখন লুটি খায়, হয়তো বোটত আৰু উঠিব নোৱাৰিম। মনলৈ ভাবটো অহাৰ লগে লগে বেল্টডাল খুলি পেলালোঁ আৰু বোটৰ ৰছীৰ সৈতে বান্ধি ল'লোঁ নিজকে।
ঢৌবোৰে বোটত খুন্দিয়াইছে। অস্থিৰ, ক্ষুব্ধ সমুদ্ৰত ডুলি আছে বোটখন। বেল্টেৰে নিজক বন্ধাৰ পাছত মোৰো শৰীৰৰ দোলন কমিছে। হঠাৎ মোৰ জোতা আৰু কামিজটোৰ প্ৰতি খেয়াল হ’ল। এই দুয়োবিধ অলপৰ পৰাহে সাগৰত পৰাৰ পৰা বাচিছে। মোৰ যদি ঠাণ্ডা নালাগিলহেঁতেন, তেন্তে জোতা-কামিজযোৰ নিপিন্ধিলোহেঁতেন। আৰু তেতিয়া নিশ্চিতভাৱেই বোটখন লুটি খোৱাৰ লগে লগে পৰি গ'লহেঁতেন সাগৰত উত্তাল পানীত— যিদৰে পৰি উটি গ'ল ব’ঠা দুপাট।
অশান্ত সমুদ্ৰত বোট এখন সুস্থিৰ হৈ থকা সম্ভৱ নহয়। লুটি খোৱাই স্বাভাৱিক। বোটখন কাঠেৰে তৈয়াৰী, জল নিৰোধক বগা কাপোৰেৰে ঢাক খোৱা। তলিখনো বৰ বিশেষ শক্তিশালী নহয়। কাঠৰ তলিখন এটা ৰডেৰে ওলমি থকা— যাতে পানীত লুটি খালেও পাছমুহূৰ্ততে নিজে নিজে স্বাভাৱিক স্থিতি লয়। এতিয়া নিজক এনেদৰে বান্ধি থৈছোঁ, হেজাৰবাৰ লুটি খালেও চিন্তা নাই মোৰ। কথাটো আগতে আন্দাজ কৰিব পৰা নাছিলোঁ। যি নহওক, পোন্ধৰ মিনিটমান পাছত পুনৰ এটা বিশাল ঢৌ আছাৰ খাই পৰিল বোটত। মই পানীৰ সেই ঢৌৰ মাজত উফৰি গ'লোঁ শূন্যলৈ। চকুৰ সন্মুখতে এই মহাপ্ৰলয়। বোটখন এইবাৰ কোনটো ফালে লুটি খাব অনুমান কৰি ভাৰসাম্য বজাই ৰাখিবলৈ বিপৰীত দিশে অৱস্থান ল'লোঁ। কিন্তু নিজকে বান্ধি থোৱা বাবে কষ্ট হ’ল। বোটখন এইবাৰ সঁচাকৈয়ে লুটি খাই গ'ল। মই পানীৰ তলত কবকাবলৈ ধৰিলোঁ। লৰচৰ কৰাৰো উপায় নাই। উন্মাদৰ দৰে বেল্টৰ বান্ধোন খুলিবলৈ চেষ্টা কৰিলোঁ।
ভয় খাইছোঁ ঠিকেই, কিন্তু বুদ্ধিহাৰা হোৱা নাই। কেনেদৰে বকলেছটো খোলোঁ? শৰীৰ ভালে থাকিলে পানীৰ তলত মই কমেও আশী ছেকেণ্ড থাকিব পাৰোঁ। পানীৰ তলত মোৰ এতিয়া অন্ততঃ পাঁচটা ছেকেণ্ডহে গৈছে। খেপিয়াই খেপিয়াই কঁকালৰ বেল্টডাল বিচাৰি পালোঁ। বকলেছটোও পাবলৈ বেছি পৰ নালাগিল। কিন্তু বকলেছটো খুলি বেল্টৰ বান্ধোনৰ পৰা নিজকে মুক্ত কৰিবলৈ বেছ কিছু ক্ষণ লাগিল। পানীও খাব লগা হ'ল। একেবাৰে দম বন্ধ হোৱাৰ অৱস্থা। কোনো প্ৰকাৰে পানীৰ তলৰ পৰা ওলাই আহিলোঁ। বোটখন হাতচাৰা হ’বলৈ দিব নোৱাৰোঁ। পানীৰ ওপৰলৈ উঠি আহি নিশ্বাস ল'লোঁ। ভীষণ ক্লান্তি অনুভৱ কৰিছোঁ। আনকি বোটখনৰ ওপৰত উঠাৰো শক্তি নাই। অলপ আগলৈকে হাঙৰেৰে ভৰা এই পানীয়েই আছিল মোৰ আতংক। সম্ভৱতঃ এইবাৰেই মোৰ জীৱন ৰক্ষাৰ শেষ চেষ্টা। সৰ্বশক্তি প্ৰয়োগ কৰি বোটত জঁপিয়াই উঠিলোঁ। বিধ্বস্ত মানুহৰ দৰে পৰি গ'লোঁ বোটত।
নাজানো কিমানপৰ এনেদৰে উবুৰি খাই পৰি আছিলোঁ। ডিঙি পুৰিছে পিয়াহত। আঙুলিৰ কটা ঘাত তীব্ৰ বিষ। এটাই মোৰ কামনা, আৰু যেন বোটখন লুটি নামাৰে।
পুৱাৰ সূৰ্য
এনেকৈয়ে সমুদ্ৰত পাৰ হৈ গ'ল মোৰ অষ্টমটো দিন। পাছদিনা পুৱাও বতাহ তীব্ৰ। যদি এতিয়া বৰষুণো পৰে, হয়তো ধৰি খাবলৈকো মোৰ শক্তি নহ'ব। শৰীৰ তেতিয়া অৱশ, টোপনিৰ অতল গহ্বৰত যেন মই সোমাই পৰিব খুজিছোঁ। বৰষুণ যদি আহে জাগিবলৈ চেষ্টা কৰিম। কিন্তু এটোপালো বৰষুণ নাহিল। বতাহ অৱশ্যে সেমেকা, যেন বৃষ্টিৰ পূৰ্বাভাস।
সমুদ্ৰ যেন সমাগত। বোটত একাটি হৈ শুই সমুদ্ৰৰ এচলু পানী খালোঁ। আশা কৰোঁ, শৰীৰৰ ক্ষতি নকৰিব। পানীখিনি খাই কিছু শক্তি পোৱা যেন লাগিল। ধুমুহা একেবাৰে যেতিয়া শাম কাটিল, সমুদ্ৰ ছবিৰ দৰে পৰিষ্কাৰ নীলা হৈ পৰিল। পানীৰ ৰঙো সলনি হ’ল। তাৰ মাজতে বোটখন ভাঁহি গৈ থাকিল। উষ্ম বতাহে মোৰ শৰীৰ আৰু মনত সামান্য শক্তিৰ সঞ্চাৰ কৰিলে।
পূৰ্বৰ তুলনাত ডাঙৰ আৰু এজনী বুঢ়া গঙাচিলনী বোটৰ ওপৰত উৰিবলৈ ধৰিছে। এইবাৰ নিশ্চয়কৈ সমুদ্ৰৰ পাৰ আহি পাইছোঁ। কিছুদিন আগতে ধৰা চিলনীটো আছিল কম বয়সীয়া। তেনে এটা বয়সত সিহঁতে বহু দূৰপৰ্যন্ত উৰিব পাৰে। কিন্তু আজিৰ এই বুঢ়া চিলনীজনীৰ বিশাল ডেউকা, ওজনো নিশ্চয় কম নহ'ব। এনে এটা চৰায়ে এশ মাইল দূৰলৈ উৰি ফুৰাটো সম্ভৱ নহয়। কথাটো ভাবি মনত সাহস পালোঁ। প্ৰথম দিনবোৰৰ দৰে মই আকৌ ব্যাকুল হৈ দিগন্ত বিচাৰিবলৈ ধৰিলোঁ। দেখিলোঁ চাৰিওফালৰ পৰা অলেখ চিলনী উৰি আহিবলৈ ধৰিছে।
যি নহওক, অৱশেষত মই এটা সংগী পালোঁ, তাতেই সুখী। কেইবাবাৰো সমুদ্ৰৰ পানী খালোঁ। মূৰৰ ওপৰত চিলনীবোৰ উৰিছে। মই আৰু এতিয়া অকলশৰীয়া নহয়। মেৰী এড্ৰেছৰ কথা মনত পৰিল। তাইৰ বা এতিয়া কি খবৰ? তাইৰ মাত-কথাবোৰ মোৰ কাণত যেন বাজি উঠিল। চিনেমা চাবলৈ গ'লে তাইক সংলাপবোৰ ভাঙনি কৰি দিব লাগিছিল। আচলতে কেৱল আজিৰ এই দিনটোতে, অকাৰণতে হঠাৎ মেৰীৰ কথা মনত পৰিল। হয়তো সিদিনা মেৰীয়ে মবিলৰ গিৰ্জাত মোৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰিছে। কাৰটেজেনালৈ পঠিওৱা চিঠিত পাছলৈ মেৰীয়ে মোক জনাইছিল যে সেই উপাসনাৰ আয়োজন হৈছিল মই হেৰাই যোৱাৰ অষ্টম দিনটোত। কেৱল মোৰ আত্মাৰ বাবেই নহয়, শৰীৰৰ শান্তিৰ বাবেও। সিদিনা পুৱা কেৱল মেৰীৰ কথাই ভাবিছিলোঁ। যেতিয়া তাই প্ৰাৰ্থনাত নিমগ্ন, তেতিয়া মই সমুদ্ৰৰ চিলনীবোৰ দৰ্শন কৰি উপকূলৰ সপোন দেখিছিলোঁ।
গোটেই দিনটো কেৱল পাৰৰে সন্ধান কৰিলোঁ। দিনটো আছিল উজ্জ্বল। মই নিশ্চিত হৈছিলোঁ যে অন্ততঃ পঞ্চাছ মাইল দূৰত্বৰ ভিতৰত দিগন্ত ৰেখা জিলিকি উঠিছে। বোটখনো আগুৱাইছে তীব্ৰ বেগেৰে। দুজন মানুহে ৰছী লগাই টানিলেও ইমান বেগেৰে আগুৱাব নোৱাৰিলেহেঁতেন। শান্ত নীলাভ পানীৰ বুকুৰে বোটৰ পোন-মসৃণ গতি, যেন মটৰহে লগোৱা আছে।
সাতটা দিন কটালে সমুদ্ৰৰ পানীৰ ৰং কিদৰে সলনি হয়, অনুমান কৰিব পৰা যায়। ৭ মাৰ্চৰ আবেলি ৩.৩০ বজাৰ ভিতৰত বোটখন আহি য'ত উপস্থিত হ’ল, তাত পানীৰ ৰং আৰু নীলা হৈ থকা নাই। ঘন সেউজীয়া। নিৰ্দিষ্ট এডাল সীমাৰেখাহে যেন। যোৱা সাতটা দিনে যি দেখিলোঁ সেয়া নীলা পানীহে। এতিয়া এয়া সেউজীয়া, ঘনত্বও যেন বেছি।
মূৰৰ ওপৰত চিলনীৰে ভৰা আকাশ। খুব কাষেৰেই উৰিছে। সিহঁতৰ ডেউকা কোবোৱাৰ শব্দ শুনিবলৈ পাইছোঁ। এই লক্ষণবোৰক ভিত্তি কৰি মোৰ যি অনুমান, ভুল হ'ব নালাগে। সমুদ্ৰৰ পানীৰ ৰং সলনি হৈছে, আকাশত অসংখ্য চিলনীয়ে ভিৰ বান্ধিছে, এইবোৰে সঘনাই যেন মোক সোঁৱৰাই দিছে— ৰাতি সজাগ হৈ থাকিব লাগিব, সতৰ্ক হৈ থাকিব লাগিব তীৰৰ প্ৰথম পোহৰ চাবৰ বাবে।
দহ
আশা এৰি দিলোঁ
কেৱল মৃত্যুৰ অপেক্ষা
অষ্টম নিশা সমুদ্ৰত নিদ্ৰাৰ কোনো সুযোগ নহ'ল। ন বজাত বুঢ়া চিলনীটো আহি বোটত বহিল। গোটেই ৰাতিটো তাতেই পৰি থাকিল৷ ময়ো ব’ঠা এপাটত মূৰ থৈ শুই ৰ'লোঁ। শান্ত ৰাতি। বোটখন আগুৱাইছে অবিৰাম। কিন্তু ক লৈ? নিজকে প্ৰশ্ন কৰিলোঁ। লক্ষণবোৰ দেখি মোৰ এনে লাগিছে যে মই সোনকালেই পাৰ পাবগৈ পাৰিম, যদিও মোৰ কোনো স্পষ্ট ধাৰণা নাই, বোটখন আচলতে ক'ত উপস্থিত হ’ব। মই এয়াও নিশ্চিত নহয়, আচলতে বোটখন ইমানদিনে একেটা পথেৰে গৈ আছে নে নাই? বিমানবোৰ যি পথেৰে আহিছিল, সেই পথেৰে আগুৱালে নিশ্চয় কলম্বিয়া পাবগৈ পাৰিম। কিন্তু কম্পাছ অবিহনে দিশ বুজা সম্ভৱ নহয়। যদি পোন পথেৰে আগুৱাই গৈ থাকো, নিসন্দেহে কলম্বিয়াৰ কেৰিবিয়ান উপকূলত উপস্থিত হ’ম। হয়তো এনেও হ’ব পাৰে, বোটখন আগুৱাইছে উত্তৰ দিশেৰে। যদি সেয়ে হয়, মইনো এতিয়া ক’ত, বুজাৰ সাধ্য নাই।
মাজনিশা গভীৰ টোপনিৰ পৰা হঠাৎ সাৰ পাই গ'লোঁ। বৃদ্ধ চিলনীয়ে মোৰ মূৰত ঠোঁটেৰে খুঁটিয়াবলৈ ধৰিছে। মই দুখ পোৱা নাই। এনেদৰে খুঁটিয়াইছে যেন মৰমহে কৰিছে। মনত পৰিল, ডেষ্ট্ৰয়াৰৰ সেই সেনা বিষয়াজনৰ কথা। তেওঁ কৈছিল—গঙাচিলনী হত্যা কৰাটো এজন নাৱিকৰ বাবে কাপুৰুষালিৰ বাদে একো নহয়। ইয়াৰ আগতে সৰু চিলনীজনীক হত্যা কৰা বাবে অনুশোচনা জাগিল।
শোৱা আৰু নহ’ল। দুচকুৰে পাৰৰ সন্ধান কৰি থাকোঁতে ৰাতি পুৱাল। নিশাটো বৰ ঠাণ্ডা নাছিল। দূৰ-দূৰণিলৈ ক'তো একো পোহৰৰ চিহ্ন নাই। আকাশৰ তৰাবোৰ বাদ দি। সমুদ্ৰ শান্ত, নিঃশব্দে আগুৱাইছে বোট। ময়ো শান্ত হৈ বহি আছোঁ। কিন্তু এইবাৰ শুই পৰিছে চিলনীজনী। বোটৰ একাষে মূৰ তল কৰি। বহুপৰ ধৰি কোনো সাৰ-সুৰ নাই তাইৰ। কিন্তু মই সামান্য লৰচৰ কৰি উঠিলেই তাই মোৰ মূৰত খুঁটিবলৈ আৰম্ভ কৰে।
পুৱা মই মোৰ অৱস্থাৰ সলনি কৰিলোঁ। গঙাচিলনীজনী এতিয়া ভৰিৰ কাষত। এইবাৰ তাই মোৰ জোতা খুঁটিয়াবলৈ ধৰিছে। লৰচৰ কৰিছে জোতা। মই স্থিৰ হৈ ৰ’লে তায়ো স্থিৰ হৈ থাকে। ধীৰে ধীৰে পুনৰ মোৰ মূৰ শিতানলৈ আহিল। পুনৰ মূৰত খুঁটিয়াবলৈ ধৰিলে। কিন্তু শান্তভাৱে। মই আপত্তি প্ৰকাশ কৰিবলৈ মূৰটো জোকাৰি দিয়াত তাই এইবাৰ চুলিত খুঁটিয়ালে— যেন মোৰ স'তে খেলিছেহে তাই। বাৰে বাবে অৱস্থান সলনি কৰিলোঁ। পিছে তায়ো কম নহয়, যেন মোক কোনোমতেই ৰেহাই নিদিব। বাৰে বাৰে তায়ো মূৰৰ ওচৰলৈ আহিয়ে থাকিল।
ইতিমধ্যে ৰাতি পুৱাল। খুব সহজেই মই হাত আগুৱাই তাইক ধৰি পেলালোঁ। কিন্তু তাইক মৰাৰ মোৰ কোনো ইচ্ছা নাই। সেয়া হ’ব অৰ্থহীনভাৱে তাইক বলি দিয়াৰ দৰে কথা। মই ক্ষুধাৰ্ত, কিন্তু এই বৃদ্ধ চৰাইটোৱে মোৰ ক্ষুধা দূৰ কৰিব নোৱাৰে। গোটেই ৰাতিটো তাই মোক সংগ দিছে। কোনো ক্ষতি কৰা নাই। তাইক ধৰাৰ লগে লগে ডেউকা দুখন মেলি দিলে তাই, মোৰ কবলৰ পৰা নিজকে মুক্ত কৰিবলৈ আপ্ৰাণ চেষ্টা চলালে। মই ডেউকা দুখন ভাঁজ কৰি তাইক চেপি ধৰি থাকিলোঁ— যাতে লৰচৰ কৰিব নোৱাৰে। তাই মূৰ তুলি মোলৈ চালে। পুৱাৰ প্ৰথম পোহৰত দেখিবলৈ পালোঁ তাইৰ ভয়াৰ্ত চকু দুটা। যদি তাইক মাৰিবলৈ মোৰ পৰিকল্পনাও থাকিলহেঁতেন, তাইৰ এই চকু দুটাৰ বাবে মই সফল হ’ব নোৱাৰিলোহেঁতেন।
সোনকালেই সূৰ্য উদয় হ’ল। ৰ’দ ইমানেই প্ৰখৰ যে সাত বজাৰ ভিতৰতে গৰমত সকলো উতলিবলৈ ধৰিলে। মই তেতিয়াও চৰাইজনীক চেপি ধৰি শুই আছোঁ। আগৰ দিনবোৰৰ দৰেই সমুদ্ৰ গভীৰ আৰু সেউজীয়া বৰণৰ। কিন্তু পাৰৰ চিন কোনো ফালেই নাই। বতাহো চঞ্চল। বন্দী চৰাইজনীক এৰি দিলোঁ মই। চৰাইজনী মূৰ জোকাৰি তড়িৎ বেগেৰে আকাশলৈ উৰা মাৰিলে। জাকৰ আনবোৰ চৰাইৰ সৈতে পুনৰ মিলি গ'ল।
সিদিনাৰ পুৱাৰ সূৰ্যটো আছিল বিগত দিনবোৰৰ তুলনাত অধিক যন্ত্ৰণাদায়ক। পিঠিত পানীজোলা উঠিছে মোৰ। ব’ঠাপাটৰ ওপৰত ভেঁজা দি শুই আছিলোঁ মই, কিন্তু কাঠৰ চাপত পিঠিখন ইমান বিষাবলৈ ধৰিলে যে বঠাপাট আঁতৰাই নিবলৈ বাধ্য হ'লোঁ। মোৰ কান্ধ আৰু হাত দুখনো বিষাবলৈ ধৰিছে। আনকি আঙুলিৰে মোৰ গাৰ ছালো চুই চাব পৰা নাই— যেন পোৰা কয়লাহে। চকু দুটাতো পোৰণি উঠিছে॥ স্থিৰ দৃষ্টিৰে কোনো বস্তুৰ ফালেই চাব পৰা নাছিলোঁ। চকু ছাট মাৰি ধৰা উজ্জ্বল পোহৰ চাৰিওফালে। আজিহে যেন মোৰ দুৰৱস্থাৰ উমান পালোঁ। সূৰ্যৰ তাপ আৰু নিমখীয়া বতাহত মই যেন ফাটি-ফুটি যাবলৈ ধৰিছোঁ। খুব সহজেই মই হাতৰ ছাল কিছু এৰুৱাই পেলালোঁ। ছালৰ তলত কোমল আৰু ৰঙা মঙহ। পিছ মুহূৰ্তত পোৰণিত ছট্ফটাবলৈ ধৰিলোঁ। নোমকূপৰ পৰা তেজ বিৰিঙি উঠিল।
মই মোৰ দাঢ়ি-চুলিৰ অৱস্থা নো কি নজৰেই দিয়া নাছিলোঁ। এঘাৰ দিন ধৰি দাঢ়ি কমোৱা নাই। গলধনপৰ্যন্ত দাঢ়িৰে ভৰি পৰিছে। চুই চাব পৰা নাই, সূৰ্যৰ তাপত ছালত অসহনীয় যন্ত্ৰণা। মোৰ আপচু মুখ আৰু আহত শৰীৰে স্পষ্ট কৰি তুলিছে এই একাকীত্ব আৰু বিপন্ন দিনবোৰত মই কি অন্তহীন কষ্টৰ মাজেৰে পাৰ কৰিছোঁ। কথাবোৰ ভাবি পুনৰ হতোদ্যম হৈ পৰিলোঁ। পাৰৰ কোনো চিহ্ন নাই। এতিয়া ভৰ দুপৰীয়া। মাটি যে পাম, তাৰ শেষ আশাও নোহোৱা হৈ গ'ল মনৰ পৰা। এতিয়াও
ভেলাস্কোৰ উদ্ধাৰৰ পাছত কলম্বিয়াৰ কাকতৰ বাতৰি
মই মৰিবলৈ বিচাৰোঁ
বিগত বাৰ ঘণ্টা ধৰি মোৰ মনৰ মাজত থকা সুখী ভাবটো মুহূৰ্ততে উৰি গ'ল। মোৰ শক্তি নিঃশেষ হৈছে। চেষ্টাও কৰা নাই। ন দিনৰ পাছত মই প্ৰথম মূৰ তল কৰি শুবলৈ ধৰিলোঁ। পিঠি পুৰি গৈছে সূৰ্যৰ তাপত। শৰীৰৰ প্ৰতি মোৰ আৰু কোনো মায়া নাই। এনেদৰে ৰাতিলৈ পৰি থাকিলে, মই নিৰ্ঘাত মৰি যাম।
মই এতিয়া যন্ত্ৰণাবোৰো অনুভৱ নকৰা হ'লোঁ। অনুভৱ শক্তি শেষ হৈ গৈছে। চিন্তাশক্তি হেৰাই গৈছে। স্থান আৰু সময়ৰ প্ৰতি কোনো ধাৰণা মই কৰিব নোৱৰা হ'লোঁ। বোটৰ মাজত মূৰ তল কৰি, দুয়োখন হাত ওলমাই, এমুখ দাঢ়িৰে মই সূৰ্যৰ নিৰ্দয় অত্যাচাৰ সহি গ'লোঁ নীৰৱে। ঘণ্টাৰ পাছত ঘণ্টা। ধীৰে ধীৰে মোৰ চকুহাল জাপ খাই আহিল। এনে লাগিল, সূৰ্যৰ পোহৰত মোৰ দেহ আৰু জ্বলা নাই। ভোকো নাই, পিয়াহো নাই মোৰ।অনুভূতিহীন জীৱন বা মৃত্যুৰ প্ৰতি মই কোনো উদ্বিগ্ন নহয়। ভাব হ’ল মোৰ মৃত্যু হৈছে। কিন্তু মৃত্যুৰ ভাবনাই পাছমুহূৰ্ততে এটা খীণ আশা কঢ়িয়াই আনিলে।
চকু মেলি দেখিলোঁ, মই মবিলত। উৎকট গৰমৰ মাজত এটা পাৰ্টীত মই আছোঁ। পাৰ্টীৰ আয়োজন চলিছিল ৰাস্তাৰ ওপৰতে এখন মুকলি কাফেত। মোৰ কাষতে আছে মবিলৰ দোকানৰ ইহুদি কৰ্মচাৰী এজন। আমি নাৱিকবোৰে তেওঁৰ দোকানত কাপোৰ-কানি কিনিছিলোঁ। তেৱেঁই মোক ‘বিজিনেছ কাৰ্ড’বোৰ দিছিল। আঠ মাহ ধৰি জাহাজৰ মেৰামতি চলাৰ সময়ত আমাৰ কলম্বিয়াৰ নাৱিকসকলৰ যত্ন লৈছিল তেওঁলোকে।কৃতজ্ঞতাস্বৰূপে আমি তেওঁলোকৰ পৰা কিনা-কটা কৰিছিলোঁ। তেওঁ স্পেনিছ ভাষা ক'ব পাৰিছিল সলসলীয়াকৈ, যদিও তেওঁ স্পেনিছ ভাষাৰ প্ৰচলন থকা কোনো দেশলৈকে যোৱা নাই।
কাফেখনলৈ আমি গৈছিলোঁ প্ৰতি শনিবাৰে। তাতে কেৱল ভিৰ বান্ধিছিল ইহুদি আৰু কলম্বিয়াৰ নাৱিকবোৰে। প্ৰতি শনিবাৰে একেগৰাকী মহিলাই নাচিছিল মঞ্চত। মহিলাগৰাকীৰ পেট উন্মুক্ত আছিল। কিন্তু মুখ ঢাকি লৈছিল ওৰণিৰে। ঠিক আৰবী চিনেমাৰ নৰ্তকীৰ দৰে। আমি হাততালি দিছিলোঁ আৰু চুমুক দিছিলোঁ বীয়েৰৰ গিলাচত। আমাৰ সকলোৰে মাজত অধিক উৎসাহী-আগ্ৰহী আছিল মাৰ্চে নাৰ্ছেৰ নামৰ সস্তীয়া কিন্তু চৌখিন কাপোৰ বেচা এই ইহুদি দোকানৰ কৰ্মচাৰীজন।
নাজানো কিমান সময় ধৰি মই এই বিভ্ৰমৰ মাজত পৰি আছিলোঁ। মবিলৰ পাৰ্টীক লৈ অলীক দুঃস্বপ্ন দেখিছিলোঁ। হঠাৎ জাঁপ মাৰি উঠিলোঁ, যেন দেৰি হৈ গৈছে। হঠাৎ দেখিলোঁ বোটৰ পৰা পাঁচ মিটাৰমান দূৰত দুটা বিশাল স্ফটিকৰ বল। মোৰ পিনে ভূতৰ দৰে চাই আছে। ভাব হ'ল, আকৌ যেন সপোনকে দেখিছোঁ। উঠি বহিলোঁ। ভীষণ ভয় খাইছোঁ। চাৰি মিটাৰ দীঘল দানৱৰ দৰে এই অদ্ভুত জন্তুটোৱে কিছু ক্ষণ মোলৈ চাই থাকি আচম্বিতে ডুব দিলে সাগৰৰ অতল বুকুত। পানীখিনিত ফেনেৰে ওপঙি থাকিল। সপোন নে দিঠক একো বুজিব নোৱাৰিলোঁ।
মই নিশ্চিত, যদি জন্তুটোৱে আছাৰ মাৰি দিলেহেঁতেন, মুহূৰ্ততে বোটখন লুটি খাই পৰি গ'লহেঁতেন পানীত। কথাটো ভাবি মই ভয়ত কঁপি উঠিলোঁ। সেই ভয়ে মোৰ সম্বিৎ ঘুৰায়ো আনিলে। ভঙা ব’ঠাপাট খামোচ মাৰি ধৰিলোঁ। উঠি বহিলোঁ বোটত, সাজু হ'লোঁ যুঁজ দিবৰ বাবে। বোটখন লুটিয়াই দিবলৈ যি আহে, তাৰ সৈতেই মই যুদ্ধ দিব লাগিব।
সময় তেতিয়া পাঁচ বাজিছে। সময় আৰু নিয়ম মানি চলা হাঙৰবোৰ নিঃশব্দে আহি ওলাইছে।
বোটৰ দাঁতিলৈ চালোঁ— য'ত মই প্ৰতিদিনৰ হিচাপ দাগ কাটি ৰাখিছোঁ। আঠটা দাগ। আজিৰ দিনটোৰ দাগ কাটিবলৈ পাহৰি গৈছোঁ। চাবিপাটেৰে ঘঁহি দাগটো দিলোঁ, সম্ভৱতঃ এইটোৱেই শেষ দাগ। জীয়াই থকাতকৈ মৃত্যু আৰু অধিক কষ্টকৰ। পুৱাৰ পৰা মই মোৰ মৃত্যুকে কামনা কৰি আছিলোঁ। তথাপি এতিয়াও মই জীৱিত। হাতত মোৰ এপাট ভগা ব’ঠা। জীয়াই থাকিবলৈ মই এতিয়াও যুঁজ দি যাম, যদিও এই জীৱনৰ কোনো অৰ্থ নাই, কোনো মূল্য নাই।
ৰহস্যময় শিপা
তপত সীহৰ দৰেই হৈ উঠিছে সূৰ্য। তৃষ্ণা হৈ উঠিছে অসহ্যকৰ। ঠিক তেনে সময়তে অবিশ্বাস্য ঘটনা এটা ঘটিল। বোটৰ ভিতৰত ৰছীৰ জালৰ মাজত ৰঙচুৱা বৰণৰ এডাল শিপা দেখিবলৈ পালোঁ। বয়াকাত এনেধৰণৰ শিপাৰ ৰসেৰে ৰং কৰা কাম কৰা হয়। এইডালনো কেতিয়াৰ পৰা আছে নাজানিলোঁ। যোৱা নদিন ধৰি সমুদ্ৰত এগছা ঘাঁহো দেখা নাই। শিপাডাল বোটৰ মজিয়াত ৰছীৰ সৈতে সাঙোৰ খাই আছে। তীৰৰ ইংগিত! কিন্তু ক’তো এতিয়ালৈ তীৰ দেখিবলৈ পোৱা নাই মই।
হাতত লৈ শিপাডাল পৰীক্ষা কৰিলোঁ। কমেও ত্ৰিছ চেণ্টিমিটাৰ দীঘল। মই ক্ষুধাৰ্ত। খাদ্যৰ চৰিত্ৰ বিচাৰ কৰাৰ শক্তি মোৰ নাই। অলসভাৱে শিপাডাল চোবাবলৈ ধৰিলোঁ। তেজৰ নিচিনাই সোৱাদ। মিঠাতেলৰ দৰে কিবা এবিধ ৰস নিগৰি আহিছে। ডিঙিটো আৰাম পালোঁ। শিপাডাল নিমিষতে খাই নিঃশেষ কৰি দিলোঁ। কিন্তু ভোজন সমাপ্তিৰ পাছত বৰ এটা ভাল অনুভৱ নহ'ল। সম্ভবতঃ এইডাল জলফাই গছৰ শিপা। বাইবেলৰ গল্পটো মনত পৰিল। নোৱাই যেতিয়া কপৌজনীক মুক্তি দিছিল, সি পুনৰ নৌকালৈ উভতি আহিছিল এডাল জলফাইৰ ডাল লৈ। সেয়া আছিল পাৰৰ ইংগিত। বাইবেলৰ সেই কাহিনীটো মোৰ সঁচা বুলি বিশ্বাস হ’ল। আজি মই সেই জলফাইৰ শিপাৰেই ক্ষুধা আঁতৰাইছোঁ।
কালিলৈকে পৰম আশাৰে অপেক্ষা কৰিছিলোঁ— মোৰ টোপনি ভাঙিব সমুদ্ৰৰ পাৰত। কিন্তু ইতিমধ্যে চৌবিছ ঘণ্টা কাটি গ'ল। আজি নৱম দিন। যোৱা নটা দিন মই কেৱল চাই আছোঁ সমুদ্ৰ আৰু আকাশৰ পিনে। এতিয়া এই অপেক্ষা অৰ্থহীন যেন লাগিছে। সম্ভৱতঃ মোৰ ঘৰত এই মুহূৰ্তত সকলো আত্মীয়-স্বজন, বন্ধুবৰ্গ আহি উপস্থিত হৈছে। মোৰ বাবে কৰা প্ৰতীক্ষাৰ হয়তো আজি অন্তিম ৰাতি। কাইলৈ সিহঁতে বেদীটো ভাঙি পেলাব। ধীৰে ধীৰে মানি ল’ব যে মোৰ মৃত্যু হৈছে।
কিন্তু সিদিনা ৰাতিও মই খীণ আশা এৰি দিয়া নাই। কোনোবা নহয় কোনোবাই মোক নিশ্চয় স্মৰণ কৰিব। নিশ্চয় মোক উদ্ধাৰৰ চেষ্টা চলাব। এই কথা যেতিয়া ভাবি মনত আশাৰ সঞ্চাৰ কৰিবলৈ চেষ্টা কৰিছোঁ, তেতিয়া পৰিয়ালৰ বাবে মোৰ মৃত্যুৰ নটা দিন পাৰ হৈ গৈছে আৰু মোৰ বাবে সম্ভৱতঃ মই বাচি থকাৰ শেষতম দিন। সমুদ্ৰৰ বুকুত নিজকে একেবাৰে নিঃস্ব যেন লাগিল। এনে লাগিল যেন চিৎকাৰ কৰি উঠিম— ‘মই আৰু কেতিয়াও উঠিব নোৱাৰিম।' কথাখিনি ডিঙিত আবদ্ধ হৈ পৰিল। একোৱেই উচ্চাৰণ কৰিব নোৱাৰিলোঁ।
স্কুলীয়া দিনবোৰলৈ মনত পৰিল। 'ভাৰ্জিন অৱ কাৰমেন’ৰ মেডেলটো ওঁঠেৰে স্পৰ্শ কৰিলোঁ। প্ৰাৰ্থনা কৰিবলৈ ধৰিলোঁ কাতৰভাৱে। হয়তো মোৰ ঘৰতো প্ৰাৰ্থনাৰ পূৰ্ণ আয়োজন চলিছে। ভাব হ’ল— ওহোঁ নাই, মই জীয়াই থকা নাই। মোৰ মৃত্যু হৈছে।
এঘাৰ
আৰু এটি ভ্ৰমঃ মাটি
নৱম দিনৰ ৰাতিটো দীৰ্ঘতৰ। বোটৰ তলৰ ফালে শুই আছোঁ। ঢৌবোৰে মৃদুভাৱে খুন্দিয়াই আছে। অনুভূতিবোৰৰ প্ৰতি মই নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছোঁ। ঢৌৰ প্ৰতিটো খুন্দাত সেই বিপৰ্যয়ৰ ঘটনাটো বাৰে বাৰে মনত ভাঁহি উঠিছে। মানুহে মৃত্যুৰ আগমুহূৰ্তত পিছুৱাই যায়। নিশা তেনে এটা ঘটনাই ঘটিল। জ্বৰৰ কোবত সেই ভয়ংকৰ ৰাতিৰ ঘটনাটো পুনৰ উভতি আহিল। ডেষ্ট্ৰয়াৰৰ ৰেফ্ৰিজাৰেটৰ আৰু ষ্টোভৰ মাজত মই ৰেমন হেৰোৰাৰ সৈতে শুই আছোঁ। লুই ৰেনগিফোৱে পহৰা দিছে। যিমানবাৰ ঢৌৰ খুন্দা আহি লাগিছে, এনে লাগিছে, আন সকলো বয়-বস্তু বাগৰি পৰিছে। মই সমুদ্ৰৰ অতল গভীৰতালৈ নামি গৈ আছোঁ, কিন্তু প্ৰাণপণে চেষ্টা চলাইছোঁ ওপৰলৈ উঠি আহিবলৈ।
তাৰ পাছৰ প্ৰতিটো মুহূৰ্তৰ মোৰ ন দিনৰ নিৰ্বাসন, চিন্তা-উদ্বেগ, ভোক-পিয়াহ পুনৰাবৃত্তি হৈছে। যিদৰে চিনেমাত ঘটে। প্ৰথমে পৰি গ'লোঁ, তাৰ পাছত বোটৰ চতুৰ্দিশে সহকৰ্মীসকলৰ চিৎকাৰ, ভোক-পিয়াহ, হাঙৰ, মবিলৰ স্মৃতি— সকলো ভাঁহি উঠিছে এটাৰ পাছত এটাকৈ, ৰূপকথাৰ দৰে। বোটৰ পৰা যেন পানীত পৰি নাযাও, তাৰ প্ৰতিও মোৰ সতৰ্কতা। এনেও ভাব আহিল, যেন মই ডেষ্ট্ৰয়াৰৰ ডেকত ৰছীৰে নিজকে বান্ধি পেলাইছোঁ— যাতে, ঢৌৱে মোক উটুৱাই নিব নোৱাৰে। বান্ধিছোঁ ইমান জোৰেৰে যে আঁঠু আৰু গোৰোহাত বিষ অনুভৱ কৰিছোঁ। কিন্তু তাৰ পাছতো এটা বিশাল ঢৌৱে মোক উটুৱাই লৈ গ’ল, ডুবাই দিলে পানীৰ অতল গহ্বৰত। প্ৰাণপণে সাঁতুৰিছোঁ ওপৰলৈ উঠি আহিবলৈ। নিশ্বাস মোৰ বন্ধ হৈ আহিছে।
কেইদিনমান আগতেও মই নিজকে বান্ধি ৰখাৰ কথাই ভাবিছিলোঁ। সিদিনা ৰাতিও সেয়াই কৰিলোহেঁতেন। কিন্তু বোটৰ তলৰ পৰা ৰছী বিচাৰি অনাৰ শক্তি মোৰ শৰীৰত নাই। আনকি চিন্তাও ভালদৰে কৰিব পৰা নাই। নটা দিনৰ অন্তত এই প্ৰথম মোৰ কোনো ধাৰণা নাই, প্ৰকৃততে মই ক'ত আছোঁ। আশ্চৰ্যকৰ কথা এয়াই যে ঢৌবোৰ শক্তিশালী হোৱা সত্ত্বেও বোটখন লুটি খোৱাৰ পৰা ৰক্ষা পৰিল। মই বুজিব নোৱাৰিলোঁ, আচলতে হৈছেনো কি? এয়া অলীক দুঃস্বপ্ন নে বাস্তৱতা— তাৰো পাৰ্থক্য ধৰিব নোৱৰা হ'লোঁ। যদি ঢৌ এটা আহি বোটখন ডুবায়ো দিয়ে, মই হয়তো ভাবিম, এয়া দুঃস্বপ্নহে। হয়তো ভাবিম যে ডেষ্ট্ৰয়াৰৰ পৰা বাগৰি পৰাৰ সপোন দেখিছোঁ মই।
কিন্তু ভাগ্য ভাল, সেই ৰাতিও পুনৰ ৰক্ষা পৰিলোঁ। পুৱা শীতল বতাহ বলিবলৈ ধৰিলে। মোৰ গাত তেতিয়াও জ্বৰৰ উত্তাপ। কঁপিছোঁ থক্ থক্কৈ। হাড়ৰ ভিতৰতো যেন কঁপনি। সোঁ আঁঠুত বিষ। সমুদ্ৰৰ লুণীয়া বতাহে সেই ঘা শুকুৱাই ৰাখিছে। কিন্তু ভিতৰি ভিতৰি কেঁচা হৈয়ে আছে। ভৰিখন লৰচৰ কৰোঁতে তীব্ৰ হৈ উঠিল বিষটো। এই ঘা টুকুৰাই মোক বিষৰ অনুভূতি দিছে, বাধ্য কৰিছে নিজৰ যত্ন ল’বলৈ। পোৰণি উঠা মুখত ঠাণ্ডা লাগিছে। কেইবাঘণ্টা একেৰাহে মই আবোল-তাবোল বকিছোঁ জাহাজৰ সহকৰ্মীৰ সৈতে। মেৰী এড্ৰেছৰ সৈতে আইচক্ৰীম খাইছোঁ, কোনোবাই বেসুৰীয়াকৈ বজোৱা কিবা এটা বাজনাৰ শব্দও কাণত পৰিছে।
বহু সময় যেন পাৰ হৈ গ'ল। এনে লাগিছে যেন মূৰটো ফাটি ছিৰাছিৰ হ'ব। কপালখন কঁপিছে, হাড়ে হাড়ে অসহনীয় বিষ। আঁঠুৰ ঘা টুকুৰাৰ বিষে বাৰে বাৰে ঘা টুকুৰালৈ মনত পেলাই দিছে। আঁঠুটো যেন ফুলি ভীণ্ডাকাৰ হৈ উঠিছে। যেন মোৰ শৰীৰতকৈ বিশাল ৰূপ ধাৰণ কৰিছে।
বুজি পালোঁ, ৰাতি পুৱাইছে। বোটৰ ওপৰতে পৰি আছোঁ মই। কিন্তু বুজিব পৰা নাই, কিমান সময় এনেদৰে আছোঁ। বহু কষ্টৰে মনত পৰিল, বোটৰ গাত নটা দাগ কাটিছোঁ। কিন্তু শেষ দাগটো দিছোঁ কোন দিনা মনত নাই। এনে ভাব হৈছে যেন গছৰ শিপাডাল খোৱাৰ ঘটনাৰ পাছত বহুকাল পাৰ হৈ গৈছে। সেইটো তেন্তে সপোন আছিল নেকি? মুখত এতিয়াও মিঠা মিঠা সোৱাদ এটা লাগি আছে। কিন্তু কি খাইছিলোঁ মনত পেলাব পৰা নাই। সেই খাদ্যই মোক কোনো শক্তি যোগাব পৰা নাই৷ এতিয়াও পেট উদং। মোৰ শক্তি শেষ হৈ আহিছে।
সেই ঘটনাৰ পাছত আৰু কিমান দিন পাৰ হৈ গৈছে? মই মাথোঁ বুজিব পাৰিছোঁ আৰু এটা নতুন পুৱা আহিছে। এতিয়া মাথোঁ বোটৰ তলত নিঃসাৰে পৰি আছোঁ মৃত্যুৰ অপেক্ষাৰে। কিন্তু পাৰৰ মাটিতকৈ যেন মৃত্যু বহু দূৰৈত। আকাশ যোৱা ৰাতিৰ দৰেই ৰক্তিম। এতিয়া পুৱা নে গধূলি?
তীৰৰ মাটি
আহত আঁঠুটোৰ বিষত মই ঠাই সলালোঁ। ঘূৰি বহিবলৈ চেষ্টা কৰিলোঁ, কিন্তু নোৱাৰিলোঁ। থিয় হ’বলৈ দেহত অলপোৱেই শক্তি নাই। বোটৰ দাঁতিত হাতেৰে ভেঁজা দি নিজকে তুলিবলৈ চেষ্টা কৰিলোঁ। চিত হৈ বোটৰ দাঁতিত মূৰ থৈ শুই ৰ'লোঁ। ৰাতি পুৱাইছে। ঘড়ীটোলৈ চালোঁ। চাৰি বাজিছে। প্ৰতিদিনাই এইখিনি সময়ত মই দিগন্তৰ সন্ধান কৰোঁ। কিন্তু হয়তো মাটি দেখাৰ সৌভাগ্য আৰু মোৰ নহ'ব। আকাশলৈ চালোঁ। ঘন ৰঙা আকাশখন ধীৰে ধীৰে নীলা বৰণ ল’বলৈ ধৰিছে। বতাহ এতিয়া চেঁচা। জ্বৰ জ্বৰ ভাব গাত। যি নহওক, এতিয়াও মই জীৱিত। কিন্তু খেদ হৈছে কিয় মই মৰা নাই। কোনো শক্তি নাই শৰীৰত, তথাপি জীয়াই আছোঁ। আকৌ আৰম্ভ কৰিছোঁ নতুন এটা দিন। উত্তপ্ত সূৰ্য মূৰৰ ওপৰত। পাঁচ বজাৰ পৰা বোটৰ চতুৰ্দিশে এজাক ক্ষুধাতুৰ হাঙৰ।
একেবাৰে নীলা বৰণ ধৰাৰ পাছত আকাশলৈ চালোঁ মই। সাগৰ শান্ত। বোটৰ সমুখত পুৱাৰ আধা পোহৰ-আধা এন্ধাৰৰ মাজত দেখিলোঁ— উজ্জ্বল আকাশৰ তলত শাৰী শাৰী নাৰিকল গছৰ দীৰ্ঘ ছায়া।
উত্যক্ত হৈ পৰিলোঁ মই। আগদিনা আছিলোঁ মবিলৰ এটা পাৰ্টীত, তাৰ পাছত দেখিছিলোঁ এটা বিশাল হালধীয়া কাছ। নিশা আছিলোঁ বোগোটাত, মোৰ গৃহ চহৰৰ লা ছালে দে ভিল্লা ভিছেন ছিঅ’ একাডেমীত। এতিয়া মই পাৰ দেখিবলৈ পাইছোঁ। যদি এনেধৰণৰ অলীক দুঃস্বপ্ন চাৰি-পাঁচ দিন আগতে দেখিলোহেঁতেন — আনন্দত উন্মত্ত হৈ পৰিলোহেঁতেন। এতিয়া মই সকলোধৰণৰ অলীক দুঃস্বপ্নৰ বাবে প্ৰস্তুত। নাৰিকল গছবোৰ ইমানেই স্পষ্ট যে বাস্তৱ যেন মুঠেও লগা নাই। তাকো সেইবোৰো কোনো নিৰ্দিষ্ট দূৰত্বত নাই। কোনোবা মুহূৰ্তত বোটৰ কাষত, কোনোবা মুহূৰ্তত আকৌ আছে তিনি-চাৰি কিলোমিটাৰ দূৰত। কোনো আনন্দ লগা নাই মোৰ। আৰু সেয়ে মোৰ মৰাৰ ইচ্ছা জাগিছে। নহ'লে মোক এই দুঃস্বপ্নই পাগল কৰি দিব। পুনৰ আকাশলৈ চালোঁ। মেঘমুক্ত গভীৰ নীলা আকাশ।
ঠিক পাঁচ বজাত দিগন্তত সূৰ্যৰ উদয় হ’ল। আগদিনাৰ ৰাতিটো আছিল ভয়ংকৰ, এতিয়া দিনৰ সূৰ্যটো হৈ পৰিল মোৰ চৰম শত্ৰু। এটা দানৱৰ দৰে অবাধ্য শত্ৰু। মোৰ শৰীৰৰ ছাল পুৰি পেলাইছে। ভোক-পিয়াহ বঢ়াই তুলি মোক পাগল কৰি দিছে। সূৰ্যটোক অভিশাপ দিলোঁ, অভিশাপ দিলোঁ দিনটোক, দিলোঁ মোৰ ভাগ্যকো। কিয় এনেদৰে নটাকৈ দিন ধৰি পানীত উটি-ভাঁহি বাচি আছোঁ? কিয় অনাহাৰত মৃত্যু হোৱা নাই মোৰ? হাঙৰৰ পেটলৈকে বাৰু যোৱা নাই কিয় মই?
ব’ঠাপাট এতিয়া বোটৰ সৈতে বান্ধি থোৱা আছে। সেইপাট তুলি লৈ ধীৰে ধীৰে মোৰ বিষ-যন্ত্ৰণাৰে জৰ্জৰিত পিঠিখনৰ তলত থৈ, বোটৰ দাঁতিত মূৰটো থ’লোঁ। আৰু তেতিয়াই দেখিবলৈ পালোঁ, উদীয়মান ৰঙা সূৰ্যটোৰ পিছফালে এডাল সেউজীয়া ৰেখা।
পাঁচ বাজো বাজো। স্ফটিকৰ দৰে স্বচ্ছ পুৱা। কোনো সন্দেহ নাই পাৰৰ সেই চিহ্ন সেনাবাহিনীৰ চিকিৎসালয়ত আলজেন্দ্ৰো ভেলাস্কো
বাস্তৱ। মাটি দেখিবলৈ পাই বিগত দিনবোৰৰ সমস্ত ব্যৰ্থ আনন্দ, বিমান, জাহাজৰ পোহৰ, গঙাচিলনী, সমুদ্ৰৰ পানীৰ ৰং পৰিৱৰ্তন— সকলো জীৱন্ত হৈ উঠিল।
মাটি দেখিবলৈ পাই নিজকে ইমান সুস্থ লাগিল যে ইমানখিনি সুস্থতা ডেষ্ট্ৰয়াৰৰ কণী-মাংস, ক’ফী-ৰুটীয়েও আনি দিব নোৱাৰিলেহেঁতেন। মই জাঁপ মাৰি উঠি থিয় দিলোঁ। পৰিষ্কাৰভাৱে দেখিবলৈ পালোঁ পাৰৰ ছাঁ আৰু নাৰিকল গছৰ শাৰী। কিন্তু কোনো পোহৰ দেখিবলৈ পোৱা নাছিলোঁ। মোৰ সোঁদিশে দহ কিলোমিটাৰ দূৰৈত সৰু সৰু শিলৰ চূড়াৰ ওপৰত দেখিবলৈ পাইছোঁ সূৰ্যৰ ধাতৱ জিলিকনি। আনন্দত মই আত্মহাৰা হৈ পৰিলোঁ। ব’ঠাপাট লৈ তীৰৰ দিশলৈ বাব ধৰিলোঁ।
ভাব হৈছে বোটৰ পৰা তীৰ দুই কিলোমিটাৰতকৈ বেছি দূৰ নহ'ব। মোৰ দুয়ো হাত ক্ষত-বিক্ষত। শক্তিও নাই। পিঠিৰ বিষে মোক কাহিল কৰি তুলিছে। কিন্তু মই যোৱা নটা দিন ধৰি আশা এৰি দিয়া নাই। আজি দশম দিনটো আৰম্ভ হৈছেহে। এতিয়াই হাৰ মানিমনে? আৰু যেতিয়া সমুখত দেখিবলৈ পাইছোঁ মাটি, তাৰ পাছতো? সৰ্বশৰীৰে ঘামেৰে তিতি গ'লোঁ। মই বঠা মাৰি গ'লোঁ নিৰন্তৰ।
কিন্তু পাৰ ক'ত?
ইমান ডাঙৰ বোটৰ বাবে এই ব’ঠা কোনো কামৰ বস্তু নহয়— যেন এই পাট এডাল লাঠীহে। পানীৰ গভীৰতা জোখাৰ বাবেও যোগ্য নহয়। প্ৰথম কেইটামান মিনিট অবিশ্বাস্য উচ্ছ্বাসেৰে আগুৱালোঁ। অলপ সময়ৰ পাছতে ভাগৰি পৰিলোঁ। ব’ঠাপাট তুলি থৈ কিছুপৰ সেই উজ্জ্বল সেউজীয়াৰ পিনে চাই ৰ'লোঁ অপলক দৃষ্টিৰে। দেখিলোঁ, তীৰৰ সমান্তৰাল এটি সোঁত বৈছে আৰু সিয়েই বোটখনক কঢ়িয়াই নিছে গৰাৰ পিনে।
বাকী ব’ঠাবোৰ হেৰুৱাবলগা হোৱা বাবে ভীষণ অনুতাপ জাগিছে। যদি এপাট অক্ষত ব’ঠা লগত থাকিলহেঁতেন, তেন্তে এই সোঁতৰ সহায়ত মই সহজেই আগবাঢ়িব পাৰিলোহেঁতেন।
কিন্তু এতিয়া মোৰ ধৈৰ্যই মূল শক্তি। বোটখন পাৰত উপস্থিত হোৱালৈ অপেক্ষা কৰিবই লাগিব। পুৱাৰ প্ৰথম সূৰুযৰ কিৰণত গৰাৰ শিলবোৰ জিলিকি উঠিছে, যেন সেয়া বেজীৰ পাহাৰ। মাটি স্পৰ্শ কৰিবলৈ মই ইমানেই ব্যাকুল হৈ পৰিছোঁ যে পাৰৰ দূৰত্ব মই সহ্য কৰিব পৰা নাই। পাছত অৱশ্যে জানিবলৈ পাইছিলোঁ যে এইবোৰ কিছুখিনি পুন্তা কাৰিবানাৰ বালুচট। সোঁতে যদি মোক সেই দিশলৈ টানি লৈ গ'লহেঁতেন, তেন্তে মই অৱশ্যেই শিলত খুন্দা খালোহেঁতেন।
মোৰনো শৰীৰত এতিয়া কিমান শক্তি বাকী ৰৈছে অনুধাৱন কৰিবলৈ চেষ্টা কৰিলোঁ। পাৰ পাবলৈ কমেও দুই কিলোমিটাৰ সাঁতুৰিব লাগিব। সাধাৰণতে দুই কিলোমিটাৰ সাঁতুৰিবলৈ মোক এক ঘণ্টাতকৈও কম সময়ৰ প্ৰয়োজন হয়। কিন্তু এটুকুৰা মাছ আৰু গছৰ এডাল শিপা বাদ দি এই দহদিনীয়া অনাহাৰ, সমগ্ৰ শৰীৰত পানীজোলা আৰু আঘাতগ্ৰস্ত আঁঠুৰে কিমান পৰলৈ সাঁতুৰিব পাৰিম নাজানো। হাঙৰৰ কথাতো ভবাৰ সময়ে নাই। ব’ঠাপাট পেলাই দিলোঁ, চকুহাল মুদি জঁপিয়াই পৰিলোঁ সাগৰৰ বুকুত।
সাগৰৰ শীতল পানীৰ স্পৰ্শই মোৰ শৰীৰত এক মুহূৰ্তৰ বাবে আমেজৰ ভাব আনি দিলে। কিন্তু পিছমুহূৰ্ততে মই উদ্বিগ্ন হৈ পৰিলোঁ। হঠাৎ পাৰ নেদেখা হৈ পৰিল। আগ-পিছ নুগুণি এনেদৰে পানীত জাঁপ দি দুটা মহা ভুল কৰি পেলালোঁ— কাপোৰ খোলা নাই আৰু জোতাপাট ভালদৰে পিন্ধি লোৱা নাই। সাঁতোৰৰ আগতে এই দুয়োটাই কৰা অতি জৰুৰী আছিল। মই ওপঙি থকাৰ চেষ্টা কৰিলোঁ। কামিজটো খুলি টানকৈ কঁকালত গাঁঠি ল'লোঁ। জোতাৰ ফিতা ভালদৰে মাৰি ল'লোঁ। তাৰ পাছত আৰম্ভ কৰিলোঁ সাঁতোৰ। প্ৰথমে কিছু বেপৰোৱাভাৱে, তাৰ পাছত ধীৰে ধীৰে। বাৰে বাৰে মই মোক সোঁৱৰাই দিছোঁ যে প্ৰতিটো হাতৰ ছাবত মোৰ শক্তি ক্ষয় হৈছে আৰু মই এতিয়াও পাৰ দেখিবলৈ পোৱা নাই।
পাঁচ মিটাৰমান আগুওৱাৰ পাছত ‘ভাৰ্জিন অৱ কাৰমেন'ৰ লকেট থকা হাৰডাল খুলিবলৈ ধৰিলে। সাঁতোৰৰ গতি কমাই আনিলোঁ মই। খুলি যাব খোজা হাৰপাট ধৰিবলৈ যাওঁতে অশান্ত পানীৰ তললৈ ডুব যোৱাৰ উপক্ৰম ঘটিছিল। হাৰপাট জেপত ভৰোৱাৰ সময় নাই, দাঁতেৰে চেপি পুনৰ সাঁতোৰাত লাগিলোঁ।
উমান পালোঁ শক্তিবোৰ কমি আহিছে। অথচ এতিয়াও পাৰ দেখিবলৈ পোৱা নাই। মোৰ মনত আতংকৰ ভাব জাগি উঠিল, কিজানি এয়া অলীক দুঃস্বপ্ন। পানীৰ ঠাণ্ডাই মোৰ শক্তি আৰু উদ্যম ধৰি ৰাখিছে। মই যেন মোৰ সমস্ত মানসিক প্ৰবৃত্তিবোৰ ওভতাই পাইছোঁ। উত্তেজনাত সাঁতোৰ চলাইছোঁ এক কাল্পনিক পাৰৰ দিশলৈ। বহু দূৰ আগুৱাই আহিছোঁ, এতিয়া আৰু উভতি গৈ বোটখন বিচৰা অসম্ভৱ।
বাৰ
আজব দেশত নতুন জীৱন
পোন্ধৰ মিনিট ধৰি সৰ্বশক্তিৰে সাঁতোৰাৰ পাছত মাটি দেখিবলৈ পালোঁ। এতিয়াও কমেও এক কিলোমিটাৰ দূৰ। মই নিশ্চিত হ'লোঁ— এয়া আৰু ভ্ৰম নহয়, বাস্তৱ। নাৰিকল গছবোৰৰ চূড়াত সূৰ্যটোৱে সোণ ছটিয়াইছে। পাৰত আৰু কোনো পোহৰ নাই। সমুদ্ৰৰ পৰা কোনো চহৰ, আনকি দেখা যোৱা নাই এটা ঘৰো। কিন্তু নিশ্চয় সেয়া পাৰৰ মাটিয়েই। বিছ মিনিটমান সাঁতোৰাৰ পাছত বিধ্বস্ত হৈ পৰিলোঁ মই। কিন্তু দৃঢ় বিশ্বাস, মই পাৰিমেই। আৱেগক মোৰ নিয়ন্ত্ৰণ শিথিল কৰিবলৈ দিব নোৱাৰোঁ। মোৰ আধা জীৱন পাৰ হৈছে পানীত। কিন্তু ৯ মাৰ্চৰ এই পুৱাৰ আগলৈকে এজন দক্ষ সন্তৰণ হোৱাটো কিমান জৰুৰী, সেয়া মুঠেও অনুভৱ কৰিব পৰা নাছিলোঁ। যিমানে আগুৱাইছোঁ, সিমানে স্পষ্টকৈ দেখিবলৈ পাইছোঁ নাৰিকলৰ গছবোৰ। সূৰ্য আকাশলৈ উঠি আহিছে। এনে লাগিল যেন মই এতিয়া মাটি চুবলৈ পামেই আৰু। চেষ্টা কৰিলোঁ, কিন্তু বেছ দ। সাঁতুৰিবই লাগিব। অন্য কোনো বিকল্প নাই। তাৰ পাছত কিমানপৰ সাঁতুৰিলোঁ মনত নাই। পাৰ পাওঁ মানে মূৰৰ ওপৰত তপত সূৰ্য। কিন্তু শৰীৰৰ পেশীত এতিয়া আৰু কোনো বিষ নাই, ছালতো পোৰণি নাই। প্ৰথম কেইমিনিটমানৰ ঠাণ্ডা পানীয়ে মোক ভয় খুৱাই দিছিল, কিজানিবা খজুৱতি তোলে। কিন্তু লাহে লাহে সজীৱ অনুভৱ কৰিলোঁ।
পাৰৰ কাষত পানীৰ উষ্ণতা সামান্য বাঢ়ি আহিল। হ’লেও মই ভীষণ ক্লান্ত। এনে লাগিছে যেন টোপনিৰ মাজতহে আছোঁ। ভোক আৰু পিয়াহক দমাই ৰাখি কেৱল মনৰ শক্তিৰে সাঁতুৰিছোঁহে সাঁতুৰিছোঁ।
চকুৰ সমুখত স্পষ্টকৈ ভাঁহি উঠিছে সূৰ্যৰ মৃদু আলোকত উজলি উঠা ঘন গছ-গছনি। পুনৰ মাটি স্পৰ্শ কৰিবলৈ চেষ্টা চলালোঁ। ঠিক ভৰিৰ তলতে মাটি। সমুদ্ৰৰ বুকুত দহটা দিন উটি-ভাঁহি ফুৰাৰ পাছত মাটিৰ এই স্পৰ্শ— আঃ সেয়া যে কি সুখৰ অনুভূতি!
হঠাৎ বুজিলোঁ— এতিয়াও মোৰ দুৰ্দশাৰ অন্ত পৰা নাই। শৰীৰৰ সকলো শক্তি নিঃশেষ হৈছে। থিয় হ'ব পৰা নাই। পানীৰ তলত চোৰৰ দৰে সোঁত। মোক টানি পেলাই দিলে পানীত। পাৰ পাবলৈ এতিয়া কিছু বাকী। মোৰ দাঁতৰ চেপাত ভাৰ্জিন অৱ কাৰমেনৰ লকেট। গাৰ কাপোৰ আৰু ৰবৰ শ্বোলৰ জোতা ভীষণ গধুৰ হৈ পৰিছে। কিন্তু এই অসম্ভৱ কঠিন পৰিস্থিতিৰ পাছতো অবিচল মই। নিশ্চয় মই কাৰোবাক এতিয়া দেখিবলৈ পাম। পেণ্টটো নোখোলাকৈয়ে মই পানীৰ সেই গোপন সোঁতৰ বিৰুদ্ধে যুঁজ দি গ'লোঁ। ভাব হৈছে যেন মই জ্ঞান হেৰুৱাবলৈ ধৰিছোঁ।
এতিয়া মোৰ কঁকাললৈকেহে পানী। আপ্ৰাণ চেষ্টাৰে আগুৱাই গ'লোঁ। পানী উৰুৰ সমান হ’ল কি নহ’ল, মই যেন এতিয়া বাগৰি পৰিম হামখুৰি খাই। আঁঠুকাঢ়ি হাতেৰে বালি খামুচি আগুৱাবলৈ ধৰিলোঁ ধীৰে ধীৰে। কিন্তু নাই, মোৰ দেহত আৰু অকণো শক্তি নাই। ঢৌৱে বাৰে বাৰে বগৰাই দিছে মোক। বালিৰ দানাবোৰত ঘঁহনি খাইছে আঁঠু দুটা। বুজিছোঁ, তেজো ওলাইছে, কিন্তু বিষ নাই। আঙুলিৰ মূৰবোৰৰ ছাল এৰাই গৈছে। তথাপি মই বালি খামুচি ধৰি আগুৱাবলৈ এৰা নাই। হঠাৎ মোৰ ভয় হ’ল। এনে লাগিল যেন মাটি আৰু সোণালী নাৰিকল গছবোৰ মোৰ চকুৰ সমুখৰ পৰা আঁতৰি যাবলৈ ধৰিছে।
সম্ভৱতঃ বিগত দিনৰ ভয়ংকৰ অভিজ্ঞতাবোৰৰ বাবেই মোৰ এই বিভ্ৰান্তি। গোপন সোঁতে মোক উটুৱাই নিব পাৰে, এই ভয়ে মোক সতৰ্ক কৰি তুলিলে। যোগালে সাহস আৰু শক্তি। হাতৰ বিধ্বস্ত আঙুলিবোৰলৈ আৰু কোনো দয়া-মায়া নকৰাকৈ পুনৰ বালি খামুচি আগুৱাত লাগিলোঁ। দহ দিনৰ ভোক-পিয়াহ আৰু দেহৰ যন্ত্ৰণাক নেওচা দিয়াটো মোৰ বাবে সম্ভৱ নাছিল। মই উষ্ম, কঠিন মাটিৰ সেই পাৰত পৰি গ'লোঁ। কোনো দুশ্চিন্তা মনলৈ ননাকৈ, কাকো ধন্যবাদ নজনোৱাকৈ, উল্লসিত নোহোৱাকৈ, কেৱল ইচ্ছাশক্তি আৰু জীৱন তৃষ্ণাৰ বাবেই মই এটুকুৰা নিৰ্জন-নিঃশব্দ অচিন পাৰ বিচাৰি পালোঁ।
মানুহৰ ভৰিৰ চিহ্ন
পাৰত এক অনন্ত নিস্তব্ধতাই মোক ঢাকি ধৰিলে। তাৰ পাছত লাহে লাহে কাণত পৰিল অদূৰৰ ঢৌৰ শব্দ— যি মাজে মাজে কৰুণভাৱে জঁপিয়াই পৰিছে পাৰত। নাৰিকল গছৰ পাতৰ মৃদু মৰ্মৰ ধ্বনিয়ে বুজাই দিলে যে মই পাৰ আহি পাইছোঁ। নিজক ৰক্ষা কৰিবলৈ সক্ষম হৈছোঁ মই, যদিও মই নাজানো পৃথিৱীৰ কোন চুকত আহি উপস্থিত হৈছোঁ।
বালিত বাগৰি শুই শুয়ে চতুৰ্দিশে দৃষ্টি দিলোঁ। কি যে ৰুক্ষ প্ৰকৃতি। যদি ইয়াত মানুহৰ উপস্থিতিৰ কিবা আভাস পাওঁ, তেন্তে সেয়া হ’ব ঈশ্বৰৰ আশীৰ্বাদ। আত্মতৃপ্তিৰে বালিত থুতৰি গুঁজি মাথোঁ অপেক্ষা কৰিবলৈ ধৰিলোঁ। এনেদৰেই পাৰ হৈ গ'ল কমেও দহটা মিনিট। ধীৰে ধীৰে মোৰ দেহলৈ শক্তি উভতি আহিছে। ছয় বাজিছে এতিয়া। সূৰ্যটোও উজ্জ্বল হৈ আহিছে। দূৰত পৰি আছে কেইবাটাও শুকান নাৰিকল। বগুৱাবাই মই আগুৱাই গ'লোঁ। গছৰ গুৰিৰ শিপাত গা এৰি দি বহি পৰিলোঁ। দুই আঁঠুৰ মাজত লৈ ভাঙিবলৈ চেষ্টা কৰিলোঁ নাৰিকল এটা। ওহোঁ, ভঙা নাযায়। ভিতৰত পানীৰ খলখল শব্দ। এই অদ্ভুত চেপা শব্দই মোৰ তৃষ্ণা বঢ়াই তুলিলে। পেটত অকথ্য যন্ত্ৰণা, আঁঠুৰ ঘাৰ পৰা তেজ নিগৰিছে আৰু ছাল এৰাই যোৱা আঙুলিৰ মূৰবোৰ বিষত পোৰণি উঠিছে। সমুদ্ৰৰ বুকুত দহ দিনৰ অনাহাৰে মোক হিংস্ৰ-উন্মত্ত কৰি তুলিছে।
নাৰিকলৰ মূৰত ত্ৰিভুজ আকৃতিৰ তিনিটা চকু আছে। ছুৰী এখন থকা হ'লে সেই চকু ফুটা কৰি সহজেই পানীখিনি খাব পাৰিলোহেঁতেন। কিন্তু মোৰ হাতত আছে মাথোঁ এপাট চাবি। নাৰিকলৰ কঠিন বাকলি সেই চাবিপাটেৰেই এৰুৱাবলৈ চেষ্টা কৰিলোঁ। কিন্তু মোৰ কপাল ফুটা। শেষত আশা এৰি দি খঙত দলিয়াই দিলোঁ নাৰিকলটো। মাটিত পৰাৰ লগে লগে পুনৰ কাণত পৰিল পানীৰ খলখলনি।
চকুত পৰিল সমুখত মানুহ চলাচলৰ এটা পথ। এতিয়া মোৰ শেষ আশা এই পথটো। মোৰ ভৰিৰ কাষত সিঁচৰতি হৈ থকা নাৰিকলৰ ভঙা চোকোৰাবোৰে বুজাই দিছে যে নাৰিকল পাৰিবলৈ ইয়ালৈ মানুহ আহে। হয়তো নিতৌ আহে। গছত উঠি নাৰিকল পাৰি খায়। নিশ্চয় ওচৰতে কোনো জনবসতি আছে। ঠিক তেতিয়াই মই কুকুৰৰ ভুক্ভুকনি শুনিবলৈ পালোঁ। মোৰ অনুভূতি এতিয়াও তীক্ষ্ণ। মই স্পষ্টকৈ শুনিবলৈ পাইছোঁ পথটোৰে কোনোবা এজনে ধাতৱ শব্দ তুলি আগুৱাই আহিছে।
এজনী ক’লী ছোৱালী। অসম্ভৱ খীণ, স্বল্পবয়স্কা, দেহত শুভ্ৰ পোছাক। হাতত এলুমিনিয়ামৰ এটা পাত্ৰ, ঢাকনীখনৰ খুন্দাত সৃষ্টি হৈছে সেই ধাতৱ শব্দ।
এয়া কোন দেশত আহি উপস্থিত হৈছোঁ মই!
এই ক’লী ছোৱালীজনী নিশ্চয় জামাইকাৰ। মই ভাবিছিলোঁ ছান আনড্ৰেছ আৰু প্ৰভিডেনছিয়াদ্বীপসমূহৰ কথা। হয়তো হ’ব পাৰে এনটিলছৰ কিবাদ্বীপ। যিয়েই নহওক এই ছোৱালীজনীয়েই মোৰ প্ৰথম সুযোগ, সম্ভৱতঃ শেষো। তাই জানো স্পেইনৰ ভাষা বুজি পাব? তাইৰ মুখলৈ মই একেথৰে চাই ৰ'লোঁ, কিন্তু তেতিয়াও তাই মোক দেখা নাছিল।
চামৰাৰ চেণ্ডেল তাইৰ ভৰিত। ধূলি উৰুৱাই খোজকাঢ়ি আহি আছিল তাই। মই আৰু সুযোগ হেৰুৱাব নিবিচাৰোঁ। মনত বুদ্ধি এটা খেলালে— যদি স্পেনিছ ভাষাৰে কিবা কওঁ, তাই নুবুজি অৱজ্ঞাৰে মোক এৰি থৈ যাব।
‘হেল্ল’!, হেল্ল'!— মই উদ্বিগ্নতাৰে ইংৰাজীতে চিঞৰিলোঁ। তাই উভতি চালে। এল প্ৰছপেক্টাডৰ কাৰ্যালয়ত সম্পাদকৰ সৈতে সাংবাদিক মাৰ্কে’জ
ডাঙৰ চকু দুটাৰে ভয়াৰ্ত দৃষ্টিৰে মোলৈ কিছুপৰ চাই থাকিল।
‘হেল্প মী!’— মই ক'লোঁ। তাই নিশ্চয় বুজি পাইছে মোৰ কথা।
তাইৰ এক মুহূৰ্তৰ দ্বিধাগ্ৰস্ততা। মোলৈ চালে আৰু তাৰ পাছতে উধাতু খাই লৰ দিলে। যেন প্ৰাণৰ মায়াতহে পলাই গ'ল তাই।
এটা মানুহ, এটা গাধ আৰু এটা কুকুৰ
এনে লাগিল যেন শেষত এতিয়া উদ্বিগ্নতাতহে মোৰ মৃত্যু হ’ব। ভাব হ'ল, সঁচাকৈয়ে যেন মোৰ মৃত্যু হৈছে। শগুনবোৰে ছিঙি খাইছে মোৰ গাৰ মঙহ। পুনৰ কুকুৰৰ ভুভুকনি শুনিলোঁ। মাতটো যিমানে কাষ চাপি আহিছে, সিমানে বাঢ়ি গৈছে মোৰ বুকুৰ ধপ্ধপনি। হাতৰ তলুৱাত ভৰ থৈ মই উঠিবলৈ চেষ্টা কৰিলোঁ। লাহে লাহে মূৰটো তুলিলোঁ। এটা মিনিট গ'ল, দুটা মিনিট গ'ল। কুকুৰৰ মাত কাষ চাপি আহিছে। তাৰ পাছত হঠাৎ সকলো নীৰৱ। কেৱল সাগৰৰ ঢৌ আছাৰ খাই পৰাৰ শব্দ। নাৰিকলৰ ফাঁকে ফাঁকে বৈ অহা বতাহৰ সোঁসোঁৱনি।
মোৰ জীৱনৰ সবাতোকৈ দীঘল মিনিটটো শেষ হ’ল— আগুৱাই আহিল এটা কুকুৰ। পিছে পিছে এটা গাধ, দুয়োকাষে ওলমি আছে দুটা খৰাহি। একেবাৰে শেষত খোজকাঢ়ি আহিছে শ্বেতকায় এজন মানুহ। মূৰত খেৰৰ টুপী, আঁঠুলৈ ভাঁজ কৰি লোৱা পেণ্ট, পিঠিত ওলমিছে এটা বন্দুক।
ৰাস্তাৰ কেঁকুৰিটো ঘূৰিয়েই সি মোক দেখিলে। হতবাক হৈ থমকি ৰ’ল। কুকুৰটোৱে নেগুৰ তুলি মোৰ একেবাৰে কাষ চাপি আহিল আৰু শুঙিবলৈ ধৰিলে। মানুহজন তেতিয়াও চুপ-চাপ। বন্দুকটো কান্ধৰ পৰা নমাই কুণ্ডাটো মাটিত থৈ কেৱল নিৰীক্ষণ কৰি গৈছে।
কিয় নাজানো, মোৰ ধাৰণা হ’ল যে নিশ্চয় মই কেৰিবিয়ানৰে ক'ৰবাত আছোঁ। কিন্তু কলম্বিয়াত নহয় ৷ মোৰ মতে কথা বুজি পাব নে নাই নাজানো, তথাপি সিদ্ধান্ত ল'লোঁ যে স্পেনিছ ভাষাতে কথা ক'ম।
‘ছেন’ৰ, মোক সহায় কৰা।’
কোনো উত্তৰ নিদিলে তেওঁ। তেতিয়াও তেওঁৰ চকুত বিস্ময়। অপলক নেত্ৰে কেৱল চাই ৰৈছে। বন্দুকটো মাটিত গুঁজি থোৱা আছে। মোক গুলী কৰি মাৰি পেলাওক। এয়া মোৰ প্ৰাপ্য। মনতে ভাবিলোঁ মই। কুকুৰটোৱে মোৰ মুখখন অবিৰাম চেলেকিছে। খেদি পঠিওৱাৰো মোৰ ক্ষমতা নাই।
‘মোক সহায় কৰা।’— ব্যাকুল কণ্ঠে মই আকৌ ক'লোঁ। মানুহজনে নিশ্চয় মোৰ কথা বুজিব পৰা নাই।
‘তোমাৰ কি হৈছে?’ বন্ধুত্বসুলভ কণ্ঠৰে প্ৰশ্ন কৰিলে মানুহজনে।
তেওঁ যেতিয়া মোক এই কথা সুধিলে, ইয়াৰ উত্তৰ দিয়াটো মোৰ বাবে আছিল কঠিনৰো কঠিন কাম। ভোক, পিয়াহ, হতাশাই মোক যিমান কষ্ট দিছে, তাতোকৈও অধিক কষ্টকৰ এই কথা কোৱাটো যে মোৰ কি হৈছে!
ডিঙি শুকাই গৈছে, তথাপি নিশ্বাস বন্ধ কৰি মই ক'লোঁ— ‘মই লুইজ এলজাণ্ড্ৰো ভেলাছকো। জাতীয় নৌ বাহিনীৰ ডেষ্ট্ৰয়াৰ কালডাছৰ এজন নাৱিক। ২৮ ফেব্ৰুৱাৰীৰ দিনা মই সমুদ্ৰত ডুব গৈছিলোঁ।’
মোৰ বিশ্বাস সমগ্ৰ পৃথিৱীয়ে মোৰ এই দুৰ্ঘটনাৰ কাহিনী জানি গৈছে। মোৰ নাম কোৱাৰ লগে লগে তেওঁ মোক চিনি পাব আৰু মোক সহায় কৰিবলৈ পাই কৃতাৰ্থ হ’ব। কিন্তু তেওঁ অলপো প্ৰতিক্ৰিয়া নেদেখুৱালে। য'ত আছিল তাতেই থিয় হৈ ৰ'ল। কুকুৰটোৱে মোৰ আঁঠুৰ ঘা টুকুৰা চেলেকিছে। তেওঁ আনকি তেতিয়াও নিৰ্বিকাৰ।
‘তুমি মুৰ্গীৰ নাৱিক নেকি?’— তেওঁ সুধিলে। সাগৰ তীৰৰ কাষেৰে গাহৰি আৰু মুৰ্গী কঢ়িয়াই নিয়া বেপাৰী জাহাজবোৰৰ কথাই হয়তো ভাবি সুধিছিল মানুহজনে।
‘নহয়, মই নৌ বাহিনীৰ নাৱিক।’
এইবাৰ লৰচৰ কৰিলে তেওঁ। ৰাইফলটো পুনৰ পিঠিত তুলি ল'লে, টুপীটো পিন্ধি ল'লে আৰু শান্তভাৱে ক'লে—
‘বন্দৰলৈ মই অলপ তাঁৰ আনিবলৈ যাওঁ, সোনকালে উভতি আহিম।’
মই ভাবিলোঁ, অজুহাত দেখুৱাই মানুহটোৱে নিশ্চয় পলাবলৈ বিচাৰিছে।
‘তুমি সঁচাকৈয়ে উভতি আহিবানে?’— কাতৰ কণ্ঠৰে মই অনুৰোধৰ ভংগীত সুধিলোঁ।
‘আহিম।’— মানুহজনে উত্তৰ দিলে।
মোৰ পিনে চাই দয়াশীল মানুহৰ দৰে হাঁহিলে। তাৰ পাছত গাধটোৰ পিছে পিছে খোজ দিলে। কুকুৰটোৱে তেতিয়াও মোৰ ওচৰত, সি গোন্ধ শুঙিছে।
মানুহটো কিছুদূৰ যোৱাৰ পাছত হঠাৎ মই তাক চিঞৰি সুধিলোঁ— ‘এইখন কি দেশ?’
বাৰ
ছশ মানুহে মোক
কঢ়িয়াই নিলে ছান জুৱানলৈ
সেই মুহূৰ্তত মই মুঠেও যি আশা কৰা নাছিলোঁ স্পষ্টকৈ তেওঁ সেয়াই উত্তৰ দিলে— ‘কলম্বিয়া।’
প্ৰতিশ্ৰুতি দিয়া অনুসৰিয়েই মানুহজন উভতি আহিল। মই অপেক্ষা কৰাৰ আগতেই কিছু সময় পাছতে মানুহজন উভতি আহিল। খৰাহি বোজাই গাধটো আৰু এলুমিনিয়ামৰ পাত্ৰটো লোৱা সেই ক’লী ছোৱালীজনীও ( পাছত জানিবলৈ পাইছিলোঁ, তাই হেনো মানুহজনৰ বান্ধৱী ) তেওঁৰ লগত আছে। কুকুৰটোৱে মোক এতিয়াও এৰি দিয়া নাই। শুঙা আৰু চেলেকা বন্ধ কৰি সি মোৰ কাষতে শুই পৰিছিল। আধা টোপনিৰ মাজত থাকি সি তাৰ গৰাকীলৈ সম্ভৱতঃ অপেক্ষা কৰিছিল। গাধটো দেখাৰ পাছত সি এতিয়া নেজ জোকাৰি জঁপিয়াবলৈ ধৰিলে।
‘তুমি খোজকাঢ়িব পাৰিবানে?’- মানুহজনে প্ৰশ্ন কৰিলে।
‘চাওঁচোন বাৰু।’— থিয় হ’বলৈ চেষ্টা কৰিলোঁ মই, কিন্তু ভাৰসাম্য ৰাখিব নোৱাৰি বাগৰি পৰিলোঁ।
মাটিত পৰাৰ আগতেই তেওঁ মোক ধৰি পেলালে।
‘ওহোঁ, তুমি নোৱাৰিবা।’ তেওঁ ক'লে।
ছোৱালীজনীৰ সৈতে ধৰাধৰিকৈ মানুহজনে কোনোপ্ৰকাৰে মোক গাধটোৰ পিঠিত তুলি দিলে। মই দুয়ো হাতেৰে ভালদৰে ধৰাৰ পাছত গাধটোক টানি লৈ যাবলৈ ধৰিলে। চাৰিওফালে জঁপিয়াই জঁপিয়াই কুকুৰটোও আগবাঢ়িল আগে আগে।
ৰাস্তাৰ কাষত শাৰী শাৰী নাৰিকলৰ গছ। সমুদ্ৰত মই তৃষ্ণা সহ্য কৰিব পাৰিছিলোঁ, কিন্তু এতিয়া এনেদৰে শাৰী শাৰী নাৰিকল গছৰ মাজেৰে গাধৰ পিঠিত উঠি গৈ থাকোঁতে ভাব হ'ল আৰু এক মুহূৰ্তও মই নোৱাৰিম। মই নাৰিকলৰ পানী খাব বিচাৰিলোঁ। ‘মোৰ ওচৰত ছুৰী নাই।’— মানুহজনে উত্তৰ দিলে।
তেওঁ সঁচা কথা কোৱা নাছিল। তেওঁৰ বেল্টত এখন ছুৰী ওলমি থকা মই দেখিবলৈ পাইছিলোঁ। মোৰ দেহত যদি শক্তি থাকিলহেঁতেন, তেন্তে ছুৰীখন মই কাঢ়ি ল'লোহেঁতেন আৰু নাৰিকল এটা কাটি ভিতৰৰ সকলোখিনি খাই পেলালোহেঁতেন।
পাছত বুজিছিলোঁ কিয় তেওঁ মোক নাৰিকলৰ পানী দিব খোজা নাছিল। মোক লগ পোৱাৰ পাছত প্ৰথমে তেওঁ যেতিয়া আঁতৰি গৈছিল, তেতিয়া তেওঁ দুই কিলোমিটাৰ নিলগৰ এখন গাঁৱলৈ গৈছিল। সেই গাঁৱৰ মানুহে তেওঁক পৰামৰ্শ দিছিল— যাতে ডাক্তৰৰ পৰামৰ্শ অবিহনে মোক একো খাবলৈ দিয়া নহয়। আৰু এতিয়া বিড়ম্বনা এয়ে যে ইয়াত একেবাৰে সমীপৰ ঠাই ছান জুৱান দে উৰাবাতহে থাকে ডাক্তৰ, য’লৈ যাবলৈ সময় লাগিব আৰু দুটা দিন।
আধাঘণ্টামানৰো কম সময়ৰ ভিতৰত আমি এটা ঘৰত উপস্থিত হ'লোঁ। ৰাস্তাৰ দাঁতিত অৱস্থিত এটা পুৰণিকলীয়া ঘৰ।
কাঠেৰে তৈয়াৰী, চালখন টিনৰ। ঘৰৰ আৱাসী হিচাপে আছে তিনিজন পুৰুষ আৰু দুগৰাকী মহিলা। সকলোৱে ধৰি-মেলি মোক গাধৰ পৰা নমালে। তাৰ পাছত দাঙি লৈ গ'ল শোৱনি কোঠালৈ। তাতে বিছনা এখনত শুৱাই দিলে। মহিলা এগৰাকীয়ে ৰান্ধনি ঘৰৰ পৰা ডালচেনিৰ গোন্ধেৰে ভৰা অলপ গৰমপানী লৈ আনিলে। তেওঁ বিছনাৰ কাষত বহি লৈ চামুচেৰে মুখত বাকি দিলে সেই পানী। পৰম তৃপ্তিৰে কেইচামুচমান খালোঁ মই। এনে লাগিল যেন শক্তি উভতি আহিছে মোৰ। দূৰ হৈছে তৃষ্ণা ৷ এতিয়া মাথোঁ মই তেওঁলোকক ক'ব খোজোঁ— কি হৈছিল মোৰ।
দুৰ্ঘটনাৰ খবৰটো কোনেও শুনা নাছিল। মই আদ্যোপান্ত বিৱৰি ক’বলৈ ধৰিলোঁ ঘটনাটো— যাতে সিহঁতে বুজি পায় মই কি কষ্টৰে নিজৰ জীৱন ৰক্ষা কৰিব পাৰিছোঁ। মই প্ৰথমে ভাবিছিলোঁ— পৃথিৱীৰ যি স্থানতে উপস্থিত নহওঁ কিয়, সকলোৱে ইতিমধ্যে জানি গৈছে দুৰ্ঘটনাৰ সেই চাঞ্চল্যকৰ খবৰ। মহিলাগৰাকীয়ে মোক এটা শিশুৰ দৰে চামুচেৰে ডালচেনিৰ পানী খুৱাই থকাৰ সময়ত মোৰ ভুল ভাগিল। বুজি পালোঁ যে মই ভুল ধাৰণাৰ বশৱৰ্তী হৈ আছিলোঁ।
মই তেওঁলোকক বাৰে বাৰে কোৱাৰ চেষ্টা কৰিলোঁ, প্ৰকৃততে কি ঘটিছিল। পুৰুষ-মহিলাসকলে কেৱল মোৰ বিছনাৰ কাষত থিয় হৈ নিৰুত্তাপ দৃষ্টিৰে চাই ৰৈছে। এনে লাগিছে যেন মোক কেন্দ্ৰ কৰি কিবা এটা অনুষ্ঠান চলিছে। দহ দিন সাগৰত হাঙৰৰ মুখৰ পৰা বাচি আহি, সমুদ্ৰৰ সকলোধৰণৰ বিপৰ্যয়ৰ পৰা ৰক্ষা পৰি আজি যদি মই আনন্দত আত্মহাৰা হৈ নপৰিলোহেঁতেন, তেন্তে এই মানুহবোৰ ভিন্নগ্ৰহী প্ৰাণী বুলি বিশ্বাস কৰিলোহেঁতেন। কোনে বিশ্বাস কৰিব মোৰ গল্প
মোক চামুচেৰে পানী খুৱাই থকা দয়াশীলা মহিলাগৰাকীয়ে বাৰে বাৰে মোক বাধা দি কৈছে—
‘চুপ কৰা। তোমাৰ কাহিনী আমি পাছত শুনিম।’
কিবা এটা খাবলৈ মই অস্থিৰ হৈ পৰিলোঁ। পাকঘৰৰ পৰা দুপৰীয়াৰ কিবা সুস্বাদু খাদ্যৰ গোন্ধ ভাঁহি আহিছে। কিন্তু মোৰ সকলো অনুৰোধেই অগ্ৰাহ্য হ’ল।
সিহঁতে ক’লে— ডাক্তৰ অহা নাই। ডাক্তৰ আহিলেহে হ'ব।
দহ মিনিটৰ মূৰে মূৰে মোক চেনিৰ পানী খুৱাই থাকিল। কম বয়স্কা ছোৱালী এজনীয়ে মোৰ ঘা টুকুৰা গৰম পানীৰে পৰিষ্কাৰ কৰি দিলে। দিনটো ধীৰে ধীৰে এনেদৰেই শেষ হ’ল। মই বহুখিনি সুস্থতা অনুভৱ কৰিছোঁ। অনুভৱ কৰিছোঁ সতেজতা। মই নিশ্চিত, বিপদৰ কোনো ভয় নাই। বন্ধুভাবাপন্ন মানুহৰ পৰিচৰ্যাতে মই আছোঁ। তেওঁলোকে যদি চেনিৰ পানীৰ সলনি কিবা গোটা বস্তু খাবলৈ দিলেহেঁতেন, হজম কৰিব নোৱাৰি মোৰ শৰীৰৰ অৱস্থা তেতিয়া অধিক জটিল হ’লহেঁতেন।
মোক উদ্ধাৰ কৰা মানুহজনৰ নাম দামাছোঁ ইমিতেলা। ন মাৰ্চৰ পুৱা দহ বজাত মই পাৰ আহি লাগিছিলোঁ। ওচৰতে মুলাটোছে ষ্টেচন। মোক শুশ্ৰূষা কৰা মানুহঘৰৰ কোনোবাই পাছত পুলিচ লৈ আনিলে। পুলিচৰ মানুহেও নাজানে জাহাজ দুৰ্ঘটনাৰ খবৰটো। আচলতে মুলাটোছৰ ফোনেও একো গম নাপায়। ইয়ালৈ বাতৰিকাকত এখনো নাহে। ইয়াৰ এখন দোকানত ইলেক্ট্ৰিক মটৰেৰে চলোৱা এটা ৰেফ্ৰিজাৰেটৰ আছে আৰু আছে এটা ৰেডিঅ'। কিন্তু ইয়াৰে কোনেও বাতৰি নুশুনে। পাছত দামাছ ইমিতেলাই পুলিচ ইন্সপেক্টৰক সাগৰৰ পাৰত উদ্ধাৰৰ সময়ত মই যিবোৰ কৈছিলোঁ, সেইবোৰ বৰ্ণনা কৰিছিল। তেতিয়া তেওঁলোঁকে ডেষ্ট্ৰয়াৰ কালডাছৰ দুৰ্ঘটনাৰ বিষয়ে কিবা খবৰ পায় নেকি জানিবলৈ ওৰে দিন মটৰচাইকেল চলাই কাৰটাজেনাৰ বাতৰি বিচাৰি ফুৰিছিল। কিন্তু ক’তো দুৰ্ঘটনাৰ খবৰ নাই। মাথোঁ যিদিনা সন্ধিয়া ঘটনাটো ঘটিছিল, তাৰে সামান্য বৰ্ণনাহে শুনিবলৈ পাইছিল তেওঁলোকে।
পুলিচ ইন্সপেক্টৰৰ অধীনস্থ পুলিচসকলৰ উপৰি মুলাটোছৰ প্ৰায় ষাঠিজন মানুহ আহি গোট খালে মোক সাহায্য কৰিবলৈ। দুপৰীয়া তেওঁলোক সকলো ঘৰত আহি উপস্থিত হ’ল। তেওঁলোকৰ হাই-উৰুমিয়ে ভাঙি দিলে বাৰ দিনৰ মূৰৰ মোৰ গভীৰ নিদ্ৰা। ৰাতিটো অন্ত পৰাৰ আগতেই ঘৰটো উৎসুক মানুহেৰে ঠাহ খাই পৰিল ৷ পাছৰ দিনসমূহতো সকলো ঠাইতে এই ভিৰ অব্যাহত থাকিল। তেওঁলোকে হাতে হাতে লেম্প আৰু জোঁৰ লৈ আহি ওলাইছিল মোক চাবলৈ। পুলিচ ইন্সপেক্টৰে তেওঁৰ সহকৰ্মীসকলৰ সৈতে ধৰাধৰি কৰি মোক বিছনাৰ পৰা দাঙি আনোতে এনে লাগিল যেন ৰ'দে পোৰা মোৰ গাৰ ছাল তেওঁলোকে এৰুৱাই নিছে। কি অসহ্যকৰ কাণ্ড।
উৎকট গৰমে সকলো দহিছে। যিসকলে মোৰ জীৱন বচাবলৈ তৎপৰ, তেওঁলোকে মোক দমবন্ধ কৰি মাৰিব খুজিছে। ৰাস্তাত ভৰি দিয়াৰ সময়ত লেম্প আৰু জোঁৰৰ অজস্ৰ পোহৰৰ জিলিকনি আহি মোৰ মুখত পৰিল। ছাট্ মাৰি ধৰিছে মোৰ চকু। জনতাৰ কলৰৱ আৰু পুলিচৰ ৰূঢ় নিৰ্দেশে কাণ তাল মাৰি ধৰিছে। নাজানো কেতিয়া গৈ গন্তব্য স্থান পাম। ডেষ্ট্ৰয়াৰৰ দুৰ্ঘটনাৰ দিনটোৰ পাছৰে পৰা পেটত খুদ-কণ এটাও পৰা নাই। অনাহাৰে মোৰ শক্তি শেষ কৰি পেলাইছে, কিন্তু তাৰ পাছতো স্তব্ধ হোৱা নাই মোৰ গতি – অজান-অচিন পথেৰে কেৱল গৈয়ে আছোঁ। আজি এই শেষ ৰাতিও ক'লৈনো গৈ আছোঁ বুজিব পৰা নাই। এইসকল সুহৃদ জনতাই মোক কিনো কৰিব খুজিছে বুজি পোৱা নাই মই।
ফকীৰৰ সাধু
মই আহি উপস্থিত হোৱা পাৰৰ পৰা মুলাটোছৰ ৰাস্তা বৰ দীঘল আৰু দুৰ্গম। এখন কোমল বিছনাত দুয়ো কাষে দুডাল খুঁটি বান্ধি সাঙীৰ দৰে সাজি ল’লে। তাতে তুলি দিলে মোক। তাৰ পাছত কান্ধত তুলি সেই সাঙী আগবাঢ়িছে একা-বেঁকা সৰু পথ এটাৰে। বাহিৰৰ মুকলি বতাহো লেম্পৰ জুইৰ পোহৰে উত্তপ্ত কৰি তুলিছে— যেন বন্ধ কোঠা এটাৰ দৰেই গৰম। আঠজন মানুহে পাল পাতি মোক কঢ়িয়াই আনিছে। মাজতে খাবলৈ মোক সামান্য পানী আৰু বিস্কুট দুখনমানো দিছে। মই জানিবলৈ বিচাৰিলোঁ তেওঁলোকে মোক ক'লৈ কঢ়িয়াই নিছে, কিয়েই বা কৰিব খুজিছে? কিন্তু কোনেও সদুত্তৰ দিব খোজা নাই। মানুহৰ সমদলটোক ইন্সপেক্টৰে নেতৃত্ব দিছে। কাকো মোৰ কাষলৈ আহিবলৈ দিয়া নাই। বাৰে বাৰে মোৰ কাণত পৰিছে মানুহৰ চিৎকাৰ, মানুহৰ গুঞ্জন। পুলিচৰ নিৰ্দেশ। মুলাটোছৰ মূল পথ পোৱাৰ পাছত পুলিচে ভিৰ নিয়ন্ত্ৰণ কৰিব নোৱৰা হ’ল। পুৱা তেতিয়া আঠ বাজিছে।
মুলাটোছ এখন সৰু গাঁও— মাছুৱৈৰ বাসভূমি। কোনো টেলিগ্ৰাফ অফিচ নাই ইয়াত। ছান জুৱান ডে উৰাবাই হ’ল একেবাৰে সমীপৰ চহৰ। মল্টেৰিয়াৰ পৰা সপ্তাহত দুবাৰ এখন সৰু বিমান নামে ইয়াত৷ ক্ষুদ্ৰকায় গাঁওখন পোৱাৰ পাছত সুন্দৰ ঠাই এখনলৈ ভ্ৰমণৰ বাবে অহা যেন লাগিছিল। ভাবিছিলোঁ ভালদৰে খাবলৈ পাম।
মুলাটোছ আহি পোৱাৰ পাছত মানুহ এঘৰলৈ লৈ অনা হ’ল মোক। মোৰ মনত পৰিল, দুবছৰ আগতে বোগোটাত পঞ্চাছ ছেণ্টাভোছ বিনিময়ত এজন ফকীৰক দৰ্শনৰ সুযোগ পাইছিলোঁ। কেইবা ঘণ্টা শাৰী পাতি থিয় হোৱাৰ পাছত সাক্ষাৎ ঘটিছিল সেই ফকীৰৰে। দেখিছিলোঁ এটা কাঁচৰ বাকচৰ ভিতৰত। অন্তহীন হেঁচা-ঠেলা, দম বন্ধ পৰিৱেশৰ মাজত ঘণ্টাৰ পাছত ঘণ্টা থিয় হৈ অৱশেষত ফকীৰক দৰ্শনৰ সুযোগ পাইছিলোঁ যদিও অসহ্য লাগিছিল। ভাব হৈছিল এতিয়াই ওলাই যাওঁ বাহিৰৰ মুক্ত পৰিৱেশৰ মাজলৈ। প্ৰাণভৰি গ্ৰহণ কৰোঁ সজীৱ খোলা বতাহ।
ফকীৰৰ সৈতে মোৰ পাৰ্থক্য এটাই। তেওঁ আছিল এটা কাঁচৰ বাকচৰ ভিতৰত নটা দিনে খাদ্য মুখত নিদিয়াকৈ। আৰু মোৰ আজি অনাহাৰৰ দহ দিন। এটা দিন মুলাটোছৰ ঘৰৰ বিছনাত, বাকী আটাইবোৰ দিন সমুদ্ৰৰ বুকুত। এতিয়া মোৰ সমুখত অজস্ৰ অচিন মুখ। সেই মুখত অজস্ৰ অভিব্যক্তি। ক’লা মুখ, বগা মুখ— এখনৰ পাছত এখন মুখে ভুমুকি মাৰিছে, যেন শেষ নাই।
গৰমো অসহ্যকৰ। এয়া কি যে এক বিচিত্ৰ অভিজ্ঞতা। যি শেষত এটা ডাঙৰ কৌতুকলৈ পৰ্যৱসিত হ’বলৈ ধৰিছে। এনে লাগিছে, হয়তো সাগৰত ডুব যোৱা জাহাজৰ নাৱিকক দেখুৱাবলৈ শ্ব’ পাতি টিকট বিক্ৰী কৰিছে কোনোবাই।
মুলাটোছলৈ কঢ়িয়াই অনা বিছনাখনতে মোক ছান জুৱান ডে উৰাবালৈ কঢ়িয়াই লৈ যোৱা হ'ল। লগত উৎসুক জনতাৰ এটা দল, কমেও ছশটি শিশু আৰু মহিলাও আছে, আছে ঘৰচীয়া জীৱ-জন্তুও। কোনোবাই গাধৰ পিঠিত উঠিছে, সৰহসংখ্যকেই খোজ কাঢ়িছে। এই যাত্ৰাৰ বাবে দিনটো লাগিল। মানুহৰ ভিৰৰ মাজত, একা-বেঁকা পথেৰে আহি থাকোঁতে ভাব হ’ল, দেহলৈ লাহে লাহে শক্তি উভতি আহিছে। শুনিলোঁ জনশূন্য হৈ পৰিছে মুলাটোছ। পুৱাৰ পৰাই ৰেডিঅ'গ্ৰামটো উচ্চ স্বৰত বজাই দিয়া হৈছে— যেন মোক কেন্দ্ৰ কৰি উৎসৱৰ আয়োজন চলিছে। মই এতিয়াও বিছনাত। গোটেই গাঁৱৰ মানুহ হিলদ'ল ভাঙি ওলাই আহিছে মোক চাবলৈ। তেওঁলোকে গাঁৱতে মোক বিদায় দিব খোজা নাই। একেবাৰে ছান জুৱান ডে উৰাবালৈ আগবঢ়াই থ’ব। ওৰেটো পথত মোৰ খাদ্য বুলিবলৈ কেইখনমান সামান্য ছ'ডা বিস্কুট আৰু কেইচামুচমান পানী। কিন্তু এই সামান্য খাদ্যই মোৰ ভোক-পিয়াহ আৰু বঢ়াই তুলিছে।
ছান জুৱান আহি পাওঁ মানে ৰাস্তা-ঘাট সকলোতে মানুহৰ ভিৰ। এখন সুন্দৰ ছবিৰ দৰে এই চহৰৰ সকলো মানুহে মোক দৰ্শন কৰিবলৈ উৎসাহী হৈ পৰিছে। অৱশ্যে ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ আগতীয়া ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সকলোৱে হেঁচি-ঠেলি সমুখলৈ আগুৱাই আহিবলৈ হেতা-ওপৰা লগাইছে। মানুহৰ উন্মাদনাক নিয়ন্ত্ৰণ কৰিবলৈ পুলিচেও চেষ্টা চলাইছে সমানে।
অন্ত পৰিল মোৰ যাত্ৰা। ডাক্তৰ হামবাৰ্টো গোমেজ হ’ল প্ৰথমজন চিকিৎসক—যিয়ে মোৰ স্বাস্থ্য তন্ন তন্নকৈ পৰীক্ষা কৰিলে। তেৱেঁই মোক সেই সুখবৰটো দিলে। স্বাস্থ্য পৰীক্ষাৰ অন্তত মোৰ দেহ আৰু মনৰ শক্তি সন্দৰ্ভত নিশ্চিত হোৱাৰ পাছতহে তেওঁ খবৰটো দিলে।
‘কাৰটাজেনালৈ তোমাক নিবৰ বাবে বিমান এখন সাজু হৈ আছে।’ মোৰ গালত মৰমেৰে হাত বুলাই ক'লে তেওঁ। ‘তোমাৰ পৰিয়ালৰ মানুহে তাতে তোমাৰ বাবে অপেক্ষা কৰিছে।’
কথাষাৰ কৈ তেওঁ হাঁহিলে।
চৈধ্য
নিজক মৰিবলৈ
নিদিয়াটোৱেই মোৰ বীৰত্ব
কেতিয়াও কল্পনা কৰা নাছিলোঁ— ক্ষুধা-তৃষ্ণা উপেক্ষা কৰি সাগৰৰ বুকুত দহটা দিন পাৰ কৰিব পাৰিলে এনেদৰে মানুহে যে বীৰলৈ ৰূপান্তৰিত হ'ব পাৰে। কোনো বিকল্প মোৰ হাতত নাছিল। যদি বোটত সমস্ত ৰচদ-পাতি থাকিলহেঁতেন, যদি থাকিলহেঁতেন পুষ্টিদায়ক বিস্কুট, কম্পাছ, মাছ ধৰা সঁজুলি— মই সুস্থ-সতেজ হৈয়ে থাকিব পাৰিলোহেঁতেন। কিন্তু তেতিয়া বীৰৰ দৰে এই সন্মান নাপালোহেঁতেন। কিয়নো দহ দিনৰ অনাহাৰ-অনিদ্ৰাৰ পাছতো নিজক জীয়াই ৰাখিব পৰাটোৱেই হ'ল মোৰ বীৰত্ব।
কিন্তু আচলতে বীৰৰ দৰে মই একো অসাধ্য সাধন কৰা নাই। মানুহৰ সহজাত প্ৰবৃত্তিৰ দৰে মই মোক জীয়াই ৰাখিবলৈ চেষ্টা চলাই গৈছিলোঁ। আজি মোৰ জীৱন ৰক্ষা পৰাটোৱেই স্বৰ্গীয় উপহাৰ। পালোঁ বীৰোচিত সন্মান।
বহুতে মোক সুধিছে— নিজক বীৰ হিচাপে কেনে লাগিছে? মই নাজানো কি শব্দৰে ইয়াৰ উত্তৰ দিয়া যায়। মই অতীতত যি আছিলোঁ, আজিও সেয়াই আছোঁ। মোৰ মাজত একোৱেই পৰিৱৰ্তন হোৱা নাই। ৰ’দৰ তাপে সৃষ্টি কৰা দেহৰ জ্বলন উপশম হৈছে। আঁঠুৰ ঘা টুকুৰা শুকাইছে, এতিয়া তাত বগা দাগ। মই পুনৰ লুই এলজাণ্ড্ৰোত ভেলাছকোত পৰিণত হৈছোঁ। ইয়াতকৈ মোক আৰু একো নালাগে।
বাস্তৱিকতে পৃথিৱীখনহে সলনি হৈছে। সলনি হৈছে বাকী মানুহবোৰ। বন্ধুসকলৰ সৈতে মোৰ সম্পৰ্ক আৰু গভীৰ হৈছে। শত্ৰুসকল হয়তো আৰু বেছি শত্ৰুত পৰিণত হৈছে— যদিও শত্ৰু বুলিবলৈ মোৰ কোনো নাই। বাটে-পথে মানুহে মোক পৰম কৌতূহলেৰে চায়— যেন মই কোনো অদ্ভুত জন্তু। সেইবাবেই মই তেনেই সাধাৰণ সাজ-পোছাক পিন্ধো, সাধাৰণভাৱেই চলা-ফিৰা কৰোঁ— যাতে মোক সোনকালে পাহৰি যাব পাৰে। মানুহে যাতে পাহৰি যায় যে মই আহাৰ-পানী নোহোৱাকৈয়ে সাগৰৰ বুকুত দহটা দিন কটাই দিছোঁ।কোনো বিশেষ ব্যক্তিত পৰিণত হোৱাটোও মানুহৰ জীৱনৰ ডাঙৰ বিড়ম্বনা। দিন হওক, ৰাতি হওক বা যি পৰিস্থিতিয়েই নহওক কিয়, মানুহে বিচাৰে, মই যেন কেৱল নিজৰ কথাকে কৈ যাওঁ। কাৰটাজেনাৰ হাস্পতাললৈ আহি এই কথাটো মৰ্মে মৰ্মে অনুভৱ কৰিলোঁ। সেইবাবেই হাস্পতালৰ তৰফৰ পৰা মোক এজন ৰখীয়া দিয়া হৈছিল— যাতে কোনেও আমনি কৰিব নোৱাৰে। তিনি দিনৰ ভিতৰতে সম্পূৰ্ণ সুস্থ হৈ উঠিলোঁ। কিন্তু হাস্পতালৰ পৰা বিদায় মাগিব নোৱাৰিলোঁ। ৰখীয়াই ক'লে— গোটেই দেশৰ অজস্ৰ সাংবাদিক আহি মোৰ বাবে অপেক্ষা কৰিছে। মোৰ ফটো আৰু সাক্ষাৎকাৰ লাগে তেওঁলোকক। এওঁলোকৰ মাজৰে এজন প্ৰায় কুৰি চেণ্টিমিটাৰ দীঘল গোঁফৰ সাংবাদিকে মোৰ পঞ্চাছৰো অধিক ফটো তুলিলে। কিন্তু মোক প্ৰশ্ন কৰাৰ কোনো অনুমতি তেওঁলোকক দিয়া নহ'ল।
ইয়াৰ মাজতে এজন দুঃসাহসী সাংবাদিকে চিকিৎসকৰ ছদ্মৱেশ ধাৰণ কৰি ৰখীয়াসকলক আভুৱা-ভাঁৰি হাস্পতালৰ মোৰ কক্ষত আহি প্ৰৱেশ কৰিছিল। তেওঁ একপ্ৰকাৰ অসম্ভৱ সাধনেই কৰিছিল। কিন্তু তেওঁৰ সেই চেষ্টা দীৰ্ঘস্থায়ী নাছিল।
এটা বাতৰিৰ গল্প
নৌ-হাস্পতালৰ মোৰ কক্ষত প্ৰৱেশৰ অনুমতি পাইছিল কেৱল ৰক্ষী, চিকিৎসক, নাৰ্ছ আৰু মোৰ দেউতাই। এদিন আগেয়ে কেতিয়াও নেদেখা চিকিৎসক এজন আহিল। ডেকা চিকিৎসক। চকুত চছ্মা, পিন্ধনত দীঘল এটা চোলা আৰু ডিঙিত ওলমি আছে এডাল ফোনেণ্ডোস্কোপ। কিন্তু একো নোকোৱাকৈয়ে তেওঁ গুচি গ'ল।
ৰক্ষীবোৰৰ মুৰব্বী বিষয়াগৰাকীয়ে হঠাৎ এই নতুন চিকিৎসকজন দেখি বিভ্ৰান্ত হ’ল। তেওঁৰ পৰিচয় জানিব খুজিলে। ডেকা চিকিৎসকজনে জেপ খুঁচৰিবলৈ ধৰিলে। তাৰ পাছত ইতস্তত কণ্ঠৰে তেওঁ ক'লে যে কাগজ-পত্ৰ লগত আনিবলৈ পাহৰি গৈছে। তেতিয়া বিষয়াই স্পষ্টকৈ তেওঁক জনাই দিলে যে হাস্পতালৰ সঞ্চালকৰ বিশেষ অনুমতি অবিহনে মোৰ সৈতে কথা পাতিব পাতিব নোৱাৰিব। তেওঁলোক সঞ্চালকৰ সন্ধানত ওলাই গ'ল, কিন্তু কুৰি মিনিটমান পাছতে আটায়ে উভতি আহিল।
ৰক্ষী এজনে আহি মোক ক'লে যে এই নতুন চিকিৎসকজনক মোৰ স্বাস্থ্য পৰীক্ষাৰ বাবে অনুমতি দিয়া হৈছে। তেওঁ বোগোটাৰ এজন মনোৰোগবিদ, যদিও ৰক্ষীসকলে তেওঁক এজন ছদ্মৱেশী সাংবাদিক বুলি সন্দেহ কৰিছিল।
‘আপুনি কিয় ভাবি লৈছে যে তেওঁ ছদ্মৱেশী সাংবাদিক?’ — ৰক্ষীজনক মই প্ৰশ্ন কৰিলোঁ।
‘কাৰণ তেওঁ বৰ ভয় খাইছে আৰু এটা কথা, মানসিক চিকিৎসকসকলে কেতিয়াও ফোনেণ্ডোস্কোপ ব্যৱহাৰ নকৰে।’
যিয়ে নহওক, হাস্পতালৰ সঞ্চালকগৰাকীয়ে তেওঁৰ সৈতে কথা-বতৰা পতাৰ পাছত সন্দেহ কৰিবলৈ একো বিচাৰি নাপালে। জটিল চিকিৎসাশাস্ত্ৰৰ ভাষাৰে ঔষধ আৰু মনস্তত্ত্বক লৈ সাৰগৰ্ভ ভাষণ দিয়াৰ পাছত চিকিৎসকজনক বিনাদ্বিধাই অনুমতি দিয়া হ'ল।
নাজানো, ৰক্ষীজনে মোক হয়তো সতৰ্ক কৰি দিব খুজিছিল। যেতিয়া ডেকা চিকিৎসকজন আহি মোৰ কোঠাটোত প্ৰৱেশ কৰিলে, দেখি তেওঁক সঁচাকৈয়ে চিকিৎসক যেন লগা নাছিল। কিন্তু তেওঁক সেইবুলি মোৰ সাংবাদিক বুলিও বিশ্বাস হোৱা নাছিল। যদিও মই তেতিয়ালৈ কেতিয়াও সাংবাদিকৰ সৈতে মুখামুখি হোৱা নাছিলোঁ। মোৰ এনে লাগিছিল— চিকিৎসকৰ বেশত আচলতে তেওঁ চাগে’ এজন পুৰোহিতহে। তেওঁ কেনেদৰে আৰম্ভ কৰিব উৱাদিহ পোৱা নাছিল। প্ৰকৃততে তেওঁ চেষ্টা কৰিছিল, কিদৰে ৰখীয়াজনক আঁতৰাই পঠোৱা যায়।
‘মোক এখন কাগজ আনি দিবনে?’ তেওঁ ৰখীয়াজনক অনুৰোধৰ সুৰত ক'লে।
চিকিৎসকজনে হয়তো আশা কৰিছিল যে কাগজ আনিবলৈ ৰখীয়াজন অফিচলৈ গুচি যাব। কিন্তু ৰক্ষীসকলক নিৰ্দেশ দিয়া আছিল, মোক যাতে কেতিয়াও অকলশৰীয়াকৈ এৰি থৈ নাযায় ৷ ৰখীয়াজনে কাগজ বিচাৰি নগৈ কৰিড’ৰলৈ ওলাই গ'ল। তাৰ পৰা সি চিৎকাৰ কৰি কোনোবা এজনক নিৰ্দেশ দিলে— 'লিখিবলৈ কাগজ এখন আনাচোন সোনকালে।’
কিছু সময়ৰ ভিতৰত কাগজ আহি পালে। প্ৰায় পাঁচ মিনিট ধৰি মই বহি আছোঁ চিকিৎসকজনৰ সমুখত। মোক এটা প্ৰশ্নও কৰা নাই। কাগজ আহি নোপোৱাপৰ্যন্ত স্বাস্থ্য পৰীক্ষাৰ কাম তেওঁ আৰম্ভ কৰিব খোজা নাই। তেওঁ কাগজখন মোৰ পিনে আগুৱাই দি এটা ছবি আঁকিবলৈ ক'লে। মই আঁকিলোঁ। তাতে মোক চহী এটাও কৰিবলৈ অনুৰোধ কৰিলে। চহীও কৰিলোঁ মই। তাৰ পাছত তেওঁ এটা ফাৰ্ম হাউছ আঁকিবলৈ ক’লে। সাধ্য অনুসাৰে তাকো আঁকিলোঁ। কাষতে এজোপা কলগছো আঁকিলোঁ। তেওঁ এইখন ছবিতো চহী কৰিবলৈ ক'লে— তেতিয়াহে মই নিশ্চিত হ'লোঁ যে তেওঁ এজন ছদ্মৱেশী সাংবাদিকহে। কিন্তু তেওঁ বাৰে বাৰে নিজকে চিকিৎসক বুলি দাবী কৰি গ'ল।
অঁকা হোৱাৰ পাছত তেওঁ মোৰ ছবিসমূহ মন দি পৰীক্ষা কৰিলে। বিৰবিৰকৈ কি জানো ক’লে তেওঁ! তাৰ পাছত সাগৰত কি ঘটিছিল জানিবলৈ বিচাৰিলে।
তেতিয়াই বাধা প্ৰদান কৰিলে ৰক্ষীজনে। সোঁৱৰাই দিলে যে এনেধৰণৰ প্ৰশ্ন কৰাৰ কোনো অনুমতি নাই। বাধা পাই এইবাৰ তেওঁ মোৰ শৰীৰ পৰীক্ষা কৰাত লাগিল, ঠিক সকলো চিকিৎসকে কৰাৰ দৰেই। তেওঁৰ হাত দুখন বৰফৰ দৰে শীতল। ৰখীয়াবোৰে যদি তেওঁৰ স্পৰ্শ পালেহেঁতেন, সেই মুহূৰ্ততে তেওঁক নিশ্চয় কোঠাৰ পৰা উলিয়াই দিলেহেঁতেন। কিন্তু মই একো নামাতিলোঁ। কিয়নো তেওঁ যে এজন সাংবাদিক আৰু এনেদৰে মৰসাহ কৰি খবৰ গোটাবলৈ আহি যে কিছু বিব্ৰতবোধ কৰিছে, তাকে দেখি তেওঁলৈ মোৰ সহানুভূতি জাগিল। পোন্ধৰ মিনিটৰ ভিতৰতে মই অঁকা ছবিবোৰ সামৰি কোঠাটোৰ পৰা তেওঁ পোন বাটে ওলাই গুচি গ'ল।
পিছদিনা আকাশ ভাগি পৰিল। এল টিমপো কাকতৰ প্ৰথম পৃষ্ঠাত ছবিবোৰ ছপা হৈ ওলাল। শিৰোনাম এটা দিয়া হৈছে— ‘ইয়াতেই মই পানীত পৰি গৈছিলোঁ।’ কাঁড়চিহ্নৰে জাহাজৰ ব্ৰীজ এখনৰ পিনে ইংগিত কৰা হৈছিল। কিন্তু এয়া শুদ্ধ নহয়, কিয়নো মই আছিলোঁ ষ্টাৰ্নৰ পিনে, ব্ৰীজৰ পিনে নহয়। তথাপি যিয়েই নহওক, সেই ছবিবোৰ কিন্তু ময়ে অঁকা।
পাছত কোনোবাই মোক ভুলৰ সেই সংশোধন বিচাৰিবলৈ পৰামৰ্শ দিছিল। হয়তো সেই দাবী মই তুলিব পাৰিলোহেঁতেন। কিন্তু এয়া ঠিক নহ’ব যেন লাগিল। সাংবাদিকগৰাকীৰ প্ৰতি মোৰ অৱশ্যেই শ্ৰদ্ধাৰ ভাব জাগিছিল। সামৰিক বাহিনীৰ এখন হাস্পতালত সকলোকে আভুৱা-ভাঁৰি চিকিৎসকৰ ছদ্মৱেশত এনেদৰে প্ৰৱেশ কৰাটো মুঠেও মামুলি কথা নাছিল। তেওঁ যদি এবাৰ মোক সাংবাদিক বুলি পৰিচয় দিলেহেঁতেন, মই অৱশ্যেই কৌশলেৰে ৰখীয়াজনক আঁতৰাই পঠালোহেঁতেন। কিয়নো মোৰ কাহিনী আনক ক’বৰ বাবে যাৱতীয় অনুমতিও মই সিদিনাই লাভ কৰিছিলোঁ।
গল্পৰ মূল্য
ছদ্মৱেশী সাংবাদিকজনৰ দুঃসাহসিক প্ৰচেষ্টা দেখি স্পষ্ট ধাৰণা হ’ল যে মোৰ কাহিনী সন্দৰ্ভত বাতৰি কাকতসমূহ উৎসুক হৈ পৰিছে। উৎসুক প্ৰত্যেকেই। বন্ধুসকলেও মোক বাৰে বাৰে এই একেটা কাহিনীকে ক’বলৈ অনুৰোধ জনাইছে। সুস্থ হৈ বোগোটালৈ ওভতাৰ পাছত বুজিলোঁ, মোৰ জীৱন সলনি হৈ গৈছে। বিমানবন্দৰত বিৰাট আয়োজনেৰে মোক অভিনন্দন জনোৱা হ’ল। বীৰ আখ্যা দি দেশৰ ৰাষ্ট্ৰপতিয়েও মোক অভিনন্দন জনালে। সিদিনা অৱশ্যে মই বুজিলোঁ, নৌ বাহিনীত মোৰ চাকৰিটো সুৰক্ষিত হৈ আছে। যদিও মই পাছত পদোন্নতি পাই যোগ দিলোঁ কেডেটৰ মৰ্যাদাৰে।
ইয়াৰ পাছত যিবোৰ ঘটিল, সেয়া আগতে কল্পনাও কৰিব পৰা নাছিলোঁ। বিজ্ঞাপন আৰু বিভিন্ন প্ৰচাৰ সংস্থাবোৰৰ পৰা নানান লোভনীয় প্ৰস্তাৱ আহিবলৈ ধৰিলে। মোৰ ঘড়ীটোৰ প্ৰতি মই সঁচাই চিৰকৃতজ্ঞ। সমুদ্ৰত কটোৱা দিনবোৰত নিৰ্ভুল সময় দেখুৱাইছে। কিন্তু ভবা নাছিলোঁ, ইয়ে এতিয়া ঘড়ী কোম্পানীটোৰ বাবে কিবা আগ্ৰহৰ বস্তু হ’ব পাৰে। তেওঁলোকে মোক পাঁচশ পেছোঁ আৰু এটা নতুন দামী ঘড়ী উপহাৰ দিলে। এটি বিশেষ ব্ৰেণ্ডৰ ছুইংগাম খাইছিলোঁ বাবে বিজ্ঞাপন দি পালোঁ এহেজাৰ পেছোঁ। মই এইবাবেও ভাগ্যৱান যে মই পিন্ধা জোতাযোৰৰ বিজ্ঞাপন এটা দিয়া বাবে কোম্পানীয়ে মোক দিলে ছয় হেজাৰ পেছোঁ। মোৰ কাহিনীটো ৰেডিঅ'ত ক'লোঁ বাবে লাভ কৰিলোঁ আন পাঁচ হেজাৰ পেছোঁ। কাহানিও কল্পনা কৰিব নোৱৰা কথা— দহ দিনৰ ক্ষুধা আৰু তৃষ্ণা সহিব পৰা কথাটো যে ইমান লাভজনক হৈ উঠিব পাৰে। কিন্তু বাস্তৱিকতে সেয়াই ঘটিছে। এইপৰ্যন্ত মই লাভ কৰিছোঁ দহ হেজাৰ পেছোঁ৷ পিছে এটা কথা ঠিক— দহ লক্ষ পালেও মই আৰু এনে অভিযানলৈ দুনাই নাযাওঁ।
কিন্তু অচিৰেই শেষ হৈ গ'ল মোৰ বীৰৰ জীৱন যাত্ৰা। তেনেই স্বাভাৱিক জীৱনৰ গৰাকী মই। পুৱা দহ বজাত বিছনা এৰোঁ। কাফেলৈ গৈ বন্ধু-বান্ধৱৰ সৈতে আড্ডা দিওঁ বা কোনোবা বিজ্ঞাপন সংস্থাৰ সৈতে কথা পাতোঁ— যি হয়তো মোৰ অভিজ্ঞতাক লৈ কিবা কাম কৰিছে। নিয়মিত চিনেমা চাওঁ মই।
মোলৈ নিতৌ চিঠি আহে বিভিন্ন ঠাইৰ পৰা। পত্ৰলেখকৰ বেছিভাগকে মই চিনি- জানি নাপাওঁ। এদিন পেৰেইৰাৰ পৰা এখন চিঠি আহিল। চিঠিৰ তলত এটা নাম— জে ভি চি। লগত লাইফ বোট আৰু গঙাচিলনীক কেন্দ্ৰ কৰি ৰচা এটা দীঘল কবিতা। মেৰী এড্ৰেছে মোলৈ নিয়মিত চিঠি পঠিয়াইছে। তাই এখন ফটোও পঠিয়াইছে— য'ত আছে মোৰ বিদেহ আত্মাৰ শান্তিৰ বাবে আয়োজন কৰা প্ৰাৰ্থনা সভাৰ দৃশ্য। এই ফটোখনো শেষত প্ৰকাশিত হ’ল বাতৰি কাকতৰ পৃষ্ঠাত।
মোৰ গল্প দোহাৰিছোঁ বাৰম্বাৰ। ৰেডিঅ'ত কৈছোঁ, টেলিভিছনত কৈছোঁ। কৈছোঁ মোৰ সমস্ত বন্ধু-বৰ্গ, আত্মীয়-স্বজনক। কোনোবাই মোক কৈছে— এই গল্পটো হেনো অবাস্তৱ-অলীক কল্পনা।
মই তেওঁলোকক তেতিয়া প্ৰশ্ন কৰিছোঁ— ‘যদি সেয়ে হয়, তেন্তে সমুদ্ৰৰ বুকুত দহটা দিনে কি কৰি আছিলোঁ মই?’ 
দুৰ্দম প্ৰকৃতিৰ বাধা প্ৰতিহত কৰি চৰম দুৰ্যোগৰ মাজতো জীৱনক
জয়ী কৰোৱা অদম্য সাহসৰ কাহিনীৰে ৰচিত কেইবাখনো উপন্যাস
বিশ্ববিখ্যাত হৈছে। অসীম সাগৰৰ উত্তাল বুকুৱেদি পাৰ আহি
পাবলৈ সমৰ্থ হোৱাৰ অবিশ্বাস্য কাহিনীৰে অনেক ৰোমাঞ্চকৰ
সাহিত্য ৰচনা হৈছে, চিনেমাও হৈছে বেছ কিছু। এনেধৰণৰ সফল
সাহিত্যৰ অন্যতম মাৰ্কে’জৰ ‘দ্য ষ্ট'ৰী অৱ এ ছিপৰেক্ড ছেইলৰ’।
কলম্বিয়াৰ নৌ বাহিনীৰ এগৰাকী ২০ বছৰীয়া নাৱিক লুই
আলজেন্দ্ৰো ভেলাছকো হ’ল এই কাহিনীৰ নায়ক।
১৯৫৫ চনত আমেৰিকাৰ আলাবামাৰ মবিল নামৰ বন্দৰৰ পৰা
কলম্বিয়াৰ কাৰ্টিজেনা অভিমুখে যাত্ৰা কৰিছিল কলম্বিয়ান ডেষ্ট্ৰয়াৰ
কালাডাছ। সেই জাহাজতে আছিল আলজেন্দ্ৰো। কলম্বিয়া পাবলৈ
কেইঘণ্টামানৰ পথ বাকী থাকোঁতেই আচম্বিতে দুৰ্যোগত পতিত
হয় জাহাজখন। ‘ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক’ উপন্যাসখনত সেই
ৰোমহৰ্ষক কাহিনীয়ে বৰ্ণিত হৈছে।
প্ৰচ্ছদঃসুমন দাস
Price:₹100/-
এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।
এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।
ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলভ্য।
