ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/ভূমিকা
[ ১০ ]
গল্পটোৰ গল্প
১৯৫৫ চন, ২৮ ফেব্ৰুৱাৰী। কলম্বিয়ান নৌ বাহিনীৰ এখন ডেষ্ট্ৰয়াৰ কালডাছ কেৰিবিয়ান সাগৰত ধুমুহাৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ প্ৰকাশ পায়— য'ত জাহাজখনৰ আঠজন নাৱিক নিৰুদ্দেশ হোৱাৰ কথা জনা যায়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলবামা প্ৰদেশৰ মবিল নামৰ বন্দৰত মেৰামতি কৰাৰ পাছত জাহাজখন উভতি আহিছিল কলম্বিয়াৰ বন্দৰ কাৰ্টেজেনালৈ। কিন্তু যাত্ৰাৰ দুঘণ্টাৰ পাছতে সংঘটিত হৈছিল এই দুৰ্ঘটনাটো। লগে লগে উদ্ধাৰ অভিযান চলোৱা হ’ল, সহযোগ কৰিলে ইউ এছ পানামা চেনেল অথৰিটী আৰু অন্যান্য বেচৰকাৰী সংস্থাই। চাৰি দিন পাছত উদ্ধাৰ অভিযান বন্ধ কৰি দিয়া হ’ল আৰু নিৰুদ্দিষ্ট নাৱিককেইজনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰা হ'ল। কিন্তু এসপ্তাহ পাছত অৰ্ধমৃত অৱস্থাত উত্তৰ কলম্বিয়াৰ এখন পৰিত্যক্ত তীৰত উদ্ধাৰ কৰা হ’ল এজন নিৰুদ্দিষ্ট নাৱিকক। এখন ‘লাইফ বোট’ত খাদ্য আৰু পানী নোহোৱাকৈ দহ দিন কটোৱাৰ পাছত নাৱিকজন আহি অৱশেষত পাৰ পাবলৈ সক্ষম হৈছিল। তেওঁৰ নাম আছিল লুই আলজেন্দ্ৰো ভেলাছকো। তেওঁলোকে যিদৰে বৰ্ণনা কৰিছিল, তাৰ ওপৰত ভিত্তি কৰি মই সংবাদধৰ্মীভাৱে পুনৰ্নিৰ্মাণ কৰি লিখি উলিয়াইছোঁ এই কিতাপখন। ৰচনাৰ এমাহ পাছত বোগোটাৰ পৰা প্ৰকাশিত ‘এল প্ৰছপেক্টাড’ৰ নামৰ কাকতত প্ৰকাশ পাইছিল এই কাহিনীটো।
তেওঁৰ এই দুঃসাহসিক অভিযানৰ প্ৰতিটো মুহূৰ্তক আমি বহু পৰিশ্ৰমেৰে পুনৰ নিৰ্মাণ কৰি উলিওৱা এই কাহিনীটোৱে যে এদিন তেওঁক দেশজোৰা সন্মান আনি দিব আৰু মোলৈ আনিব জীৱনৰ ভাবুকি, সেই কথা নাৱিক বা মই-আমি কোনেও জনা নাছিলোঁ। সেই সময়ত কলম্বিয়াত জেনেৰেল গুস্তাভো ৰোজাছ পিনিলাৰ একনায়কত্ববাদী শাসন চলি আছিল। তেওঁৰ শাসনকালত দুটা ভয়ংকৰ ঘটনাৰ ভিতৰত এটা আছিল ৰাজধানী চহৰত শান্তিপূৰ্ণ বিক্ষোভৰ পাছতো ছাত্ৰসকলক সেনাৰ দ্বাৰা গুলীয়াই হত্যা আৰু আনটো ঘটনাত গুপ্ত আৰক্ষীৰ দ্বাৰা দেওবৰীয়া ষাঁড়যুঁজৰ অসংখ্য দৰ্শকক গুলীয়াই হত্যা কৰা হৈছিল। কিয়নো এইসকল দৰ্শকে যুঁজথলীত স্বেচ্ছাসেৱী শাসকগৰাকীৰ কন্যাক বিৰোধ কৰি মন্তব্য কৰিছিল। সংবাদ মাধ্যমক নাকী লগোৱা [ ১১ ] হৈছিল। কেৱল তেওঁলোকে বাতৰি প্ৰকাশৰ অধিকাৰ পাইছিল, যিয়ে কেৱল পঢ়ুৱৈক সস্তীয়া মনোৰঞ্জন দিবলৈ অৰাজনৈতিক বাতৰিহে ছপা কৰিছিল। এল প্ৰছপেক্টাডৰ’ত এই মহান কামফেৰা সম্পন্ন কৰাৰ দায়িত্ব লৈছিল সঞ্চালক গুইলেৰমো কানো, মুখ্য সম্পাদক জোছ ছালগাৰ আৰু ষ্টাফ ৰিপ'ৰ্টাৰ হিচাপে মই। আমি কোনেও ত্ৰিছ বয়স অতিক্ৰম কৰা নাছিলোঁ।
লুই আলজেন্দ্ৰো ভেলাছকোৱে কিছু অৰ্থৰ বিনিময়ত তেওঁৰ নিজৰ কাহিনীটো ক’বলৈ মান্তি হ’ল। আমি এই কাহিনীটো নতুনকৈ সজাই প্ৰকাশ কৰিব বিচাৰিছিলোঁ। কিন্তু সেনা বিভাগে তেওঁক মানুহৰ পৰা আঁতৰাই ৰাখিছিল নৌ বাহিনীৰ এখন চিকিৎসালয়ত শুশ্ৰূষা কৰাৰ নামত। কেৱল সেইসকল সাংবাদিককহে তেওঁক সাক্ষাতৰ অনুমতি দিয়া হৈছিল, যিসকল আছিল চৰকাৰৰ সমৰ্থক। কিন্তু এজন বিৰোধী সাংবাদিকেহে দুঃসাহসেৰে চিকিৎসকৰ ছদ্মৱেশ সাজি প্ৰৱেশ কৰিছিল সেই চিকিৎসালয়খনত। ইতিমধ্যে ভেলাছকোৰ কাহিনীটো বহুবাৰ বহু ঠাইত প্ৰকাশ পাইছে। কিন্তু সেই অতিৰঞ্জিত উদ্ভট-অস্বাভাৱিক কাহিনীবোৰ পঢ়ি পঢ়ি পঢ়ুৱৈ ক্লান্ত হৈ পৰিছিল। ইফালে কাহিনীৰ নায়কজন পৰিণত হৈছিল ৰূপকথাৰ নায়কত— যিয়ে ভুমুকি মাৰিছিল ঘড়ীৰ বিজ্ঞাপনত ( কিয়নো সেই সাগৰীয় বিপৰ্যয়তো নষ্ট হোৱা নাছিল তেওঁৰ ঘড়ীটো ), ভুমুকি মাৰিছিল জোতাৰ বিজ্ঞাপনত ( কিয়নো তেওঁ ক্ষুধা নিবৃত্তিৰ অৰ্থে সেই জোতা ফালি উলিয়াবলৈ সক্ষম নহয় ) আৰু তেওঁ বহু প্ৰচাৰৰ কামতো নায়ক হিচাপে ভুমুকি মাৰিছিল। সকলো ধৰণে তেওঁক সজাই তোলা হৈছিল। ৰেডিঅ’ত উদাত্তকণ্ঠে দেশপ্ৰেমমূলক ভাষণ দিবলৈ কোৱা হৈছিল, টিভিত তেওঁক দেখুওৱা হৈছিল ভৱিষ্যৎ প্ৰজন্মৰ আদৰ্শ হিচাপে আৰু ফুলেৰে সজাই গান-বাজনা কৰি তেওঁক গোটেই দেশতে ঘূৰাই ফুৰোৱা হৈছিল। ৰাজহুৱাভাৱে তেওঁক চুম্বন কৰিছিল সুন্দৰী ৰমণীসকলে। তেওঁৰ সৌভাগ্যৰ দুৱাৰ খোল খাই গৈছিল। তেওঁ আমাৰ ওচৰলৈ আহি ওলাইছিল কোনোধৰণৰ আমন্ত্ৰণ অবিহনে— যদিও প্ৰথমাৱস্থাত আমি তেওঁৰ কাষ চাপিবলৈ বহু চেষ্টা কৰিছিলোঁ। তেতিয়ালৈ তেওঁৰ নতুনকৈ ক'বলগীয়া একো নাছিল। টকাৰ বিনিময়ত তেওঁৰ কাহিনী কোৱা শেষ হৈ গৈছে। ইফালে চৰকাৰেও তেওঁৰ মুখত বান্ধি থৈছে লেকাম। তেওঁক আমি বিদায় দিছিলোঁ। কিন্তু ( কাৰ্যালয়ৰ পৰা নামি যাওঁতে ) চিৰিত মুখামুখি হ'ল গুইলেৰমো কেনোৰে, কেনোৱে তেওঁৰ চৰ্তবোৰ মানি ল’লে আৰু শোধাই দিলে মোৰ হাতত-- যেন এটা বোমাহে তুলি দিলে।
এই সুঠাম চেহেৰাৰ ডেকাজনক দেখি প্ৰথমে মই হতবাক হৈ পৰিছিলোঁ। এগৰাকী জাতীয় নায়কৰ সলনি তেওঁক ট্ৰামপেট বজোৱা মানুহ যেনহে লাগিছিল, কিন্তু তাৰ আছিল কথা কোৱাৰ অপূৰ্ব দক্ষতা। প্ৰখৰ স্মৃতি আৰু বিশ্লেষণ ক্ষমতা আছিল অকল্পনীয়।[ ১২ ] তেওঁ নিজৰ বীৰত্বক লৈ কৌতুক কৰিবও জানিছিল। মই দিনে ছঘণ্টাকৈ কুৰিটা দিন তেওঁৰ সৈতে কাহিনীটো সন্দৰ্ভত আলোচনা কৰিছিলোঁ। তেওঁৰ দহদিনীয়া অভিযানৰ বিৰল অভিজ্ঞতা যাতে সঠিক তথ্যৰে প্ৰকাশ পায়, সেইবাবে তেওঁক বাৰে বাৰে স্ববিৰোধ কথাসমূহ সন্দৰ্ভত প্ৰশ্ন কৰিছিলোঁ আৰু সকলো উত্তৰেই মই টুকি ৰাখিছিলোঁ। পঢ়ুৱৈৰ বিশ্বাসযোগ্য হ’বলৈ কাহিনীটোৰ খুঁটি-নাটিক মই গুৰুত্ব দিছিলোঁ আৰু যত্ন কৰিছিলোঁ কৌতূহল উদ্দীপক কৰি তুলিবলৈ। সেইবাবেই কাহিনীটো প্ৰথম পুৰুষত লিখি উলিয়াইছিলোঁ আৰু তাতে তেওঁৰ দ্বাৰা স্বাক্ষৰ কৰাই লৈছিলোঁ। কিতাপ হিচাপে প্ৰকাশ কৰোঁতেহে মোৰ নামটো লেখকৰূপে উল্লেখ কৰা হ'ল।
দ্বিতীয়তে মোৰ বাবে আশ্চৰ্যকৰ কথা আছিল এয়ে যে আমাৰ বৈঠকৰ চতুৰ্থ দিনা মই যেতিয়া লুই আলজেন্দ্ৰো ভেলাছকোক ধুমুহাৰ কাৰণ কি আছিল সুধিলোঁ, তেতিয়া তেওঁ ধুমুহাৰ কথা অস্বীকাৰ কৰিলে। তেওঁৰ উত্তৰ মোৰ বাবে আছিল সোণৰ সমান মূল্যৱান, তেওঁ হাঁহি মাৰি কৈছিল— ‘সিদিনা কোনো ধুমুহা নাছিল।’
হয়, সেয়াই সত্য আছিল। বতৰ বিজ্ঞান বিভাগে স্পষ্ট কৰি দিছিল যে ফেব্ৰুৱাৰী মাহৰ সেইদিনা কেৰিবিয়ান উপসাগৰ আছিল শান্ত আৰু পৰিষ্কাৰ। কিন্তু সেই সত্য তেতিয়া লুকুৱাই ৰখা হৈছিল, গভীৰ সাগৰত জাহাজখনৰ বিপৰ্যয় আৰু আঠজনকৈ নাৱিক তথা মালবস্তু উটি যোৱাৰ পাছতো। তেওঁৰ এই প্ৰকাশে তিনিটা গুৰুতৰ আইন উলংঘাৰ ঘটনা স্পষ্ট কৰি তুলিছিল— প্ৰথম, ডেষ্ট্ৰয়াৰখনক অবৈধভাৱে মালবাহী জাহাজ হিচাপে ব্যৱহাৰ কৰা হৈছিল। দ্বিতীয়তে, জাহাজখনৰ অতিৰিক্ত ওজনৰ বাবেই সাগৰত পতিত হোৱা নাৱিকসকলক উদ্ধাৰ কৰিব পৰা নগ’ল আৰু তৃতীয়তে, কঢ়িয়াই অনা সেই মালবস্তুবোৰ আছিল চোৰাং পণ্যদ্ৰব্য, ৰেফ্ৰিজাৰেটৰ, টেলিভিছন ছেট আৰু ৱাশ্বিং মেচিন। স্পষ্ট কথাত ডেষ্ট্ৰয়াৰৰ জৰিয়তে চোৰাংভাৱে চলা এই সৰবৰাহৰ ঘটনাই নৈতিক আৰু ৰাজনৈতিকভাৱে দুৰ্নীতিগ্ৰস্ত এক ব্যৱস্থাক প্ৰথমবাৰৰ বাবে উদঙাই তুলিলে।
এই কাহিনীটোক একেৰাহে চৈধ্য দিন ধাৰাবাহিক ৰূপত প্ৰকাশ কৰা হৈছিল। প্ৰথম অৱস্থাত চৰকাৰে এই সাহিত্যকৰ্মক প্ৰশংসা কৰিছিল যদিও পাছত যেতিয়া গোপন সত্যবোৰ ওলাই পৰিল, তেতিয়া চৰকাৰে লৰা-ঢপৰা আৰম্ভ কৰিলে। উঠি-পৰি লাগিল ধাৰাবাহিকখনৰ প্ৰকাশ বন্ধ কৰিবলৈ। ইতিমধ্যে কাকতৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছিল আৰু পঢ়ুৱৈসকলে পুৰণি সংখ্যাবোৰ বিচাৰি অফিচৰ সমুখত হেতা-ওপৰা লগাইছিল। আন সকলো কলম্বিয়ান চৰকাৰৰ দৰেই একনায়কত্ববাদী চৰকাৰখনো সত্যক বিকৃত কৰাৰ ক্ষেত্ৰত আছিল সিদ্ধহস্ত। তেওঁলোকে এক ‘পবিত্ৰ’ বিবৃতিৰ জৰিয়তে অস্বীকাৰ কৰি ক'লে যে ডেষ্ট্ৰয়াৰে কোনো চোৰাং মাল কঢ়িওৱা নাছিল। [ ১৩ ] আমি আমাৰ অভিযোগৰ সত্যতা প্ৰমাণ কৰিবলৈ লুই আলজেন্দ্ৰো ভেলাছকোৰ পৰা জানি ল'লোঁ কোন কোন নাৱিকৰ সৈতে কেমেৰা আছিল। যদিও তেওঁলোকৰ বেছিভাগেই দেশৰ বিভিন্ন অঞ্চলত ছুটী কটাইছিল, তেওঁলোকক আমি বিচাৰি উলিয়ালোঁ আৰু অৰ্থৰ বিনিময়ত সংগ্ৰহ কৰিলোঁ সেইসমূহ ফটো— যিবোৰ তেওঁলোকে ডেষ্ট্ৰয়াৰৰ যাত্ৰাকালত তুলিছিল। এসপ্তাহ পাছতে এক বিশেষ পৰিপূৰিকাত সেই ফটোসহ সম্পূৰ্ণ কাহিনীটো একত্ৰে প্ৰকাশ পালে। মাজসাগৰত তোলা ফটোত দেখা গ'ল দলবদ্ধ নাৱিকসকলৰ পিছফালে সেই চোৰাং পণ্যদ্ৰব্যৰ বাকচসমূহ, য'ত কাৰখানাৰ লেবেলপৰ্যন্ত লগোৱা আছিল। একনায়কত্ববাদী শাসকে আমাক প্ৰত্যুত্তৰ দিলে তীব্ৰ প্ৰতিশোধপৰায়ণ মনোবৃত্তিৰে। এমাহৰ ভিতৰতে বন্ধ কৰি দিবলগীয়া হ’ল কাকতখন। কিন্তু তীব্ৰ হেঁচা, ভাবুকি আৰু প্ৰলোভন সত্ত্বেও লুই আলজেন্দ্ৰো ভেলাছকোৱে কাহিনীটোৰ এটা শব্দও উঠাই নল'লে। তেওঁ নৌবাহিনী ত্যাগ কৰিবলগীয়া হ'ল— যিটো তেওঁৰ আছিল একমাত্ৰ জীৱিকা আৰু অচিৰেই মানুহৰ দৈনন্দিন জীৱনৰ পৰা বিস্মৃতিৰ গৰ্ভত বিলীন হৈ গ'ল। দুবছৰ পাছত একনায়কত্বৰ অন্ত পৰিল, কলম্বিয়াৰ শাসন ব্যৱস্থাৰ পৰিৱৰ্তন ঘটিলেও পূৰ্বতকৈ সামান্যহে উন্নতৰ আছিল। মই তেতিয়া পেৰিছত যাযাবৰী জীৱন অতিবাহিত কৰিছিলোঁ। সেয়া যেন আছিল সাগৰত দিক্বিদিক হেৰুওৱা বোটখনৰ দৰেই। সেই সময়ত কোনেও উক্ত নাৱিকজনৰ শুংসূত্ৰ পোৱা নাছিল। কেইমাহমান পাছত এজন পৰিব্ৰাজক সাংবাদিকে তেওঁক এটা বাছ কোম্পানীৰ কৰ্মচাৰীৰ চকীত আৱিষ্কাৰ কৰিলে। মই সেই ফটোখন দেখিছিলোঁ। তেওঁক যথেষ্ট বৃদ্ধ আৰু থূলকায় যেন দেখা গৈছিল। বহু দূৰৈত তেওঁ এৰি থৈ আহিছে অতীত জীৱন, তেওঁৰ নায়কোচিত ভাবমূৰ্তিৰ জ্যোতি এতিয়া নিৰ্বাপিত। যোৱা ১৫ বছৰ ধৰি এই কাহিনীটো দ্বিতীয়বাৰৰ বাবে পঢ়া নাছিলোঁ। এতিয়া ইয়াক কিতাপ হিচাপে প্ৰকাশ কৰিব খোজা হৈছে, কিন্তু মই বুজিব পৰা নাই, প্ৰকাশৰ বাবে ইয়াৰ প্ৰয়োজনীয়তা কিমান। মই হতাশ হৈছিলোঁ এইবাবেই যে প্ৰকাশকে কাহিনীৰ মূল্যতকৈ কাহিনীকাৰৰ নামটোৰ মূল্যহে অধিক বুলি বিবেচনা কৰিছিল। ইয়ে মোক দুখো দিছিল। মই কোনো ভবা-চিন্তা নকৰাকৈ মান্তি হ'লোঁ আৰু কাহিনীটো কিতাপৰ ৰূপত প্ৰকাশ পালে— কিয়নো নিজৰ কথাত খামোচ মাৰি ধৰি থকা মানুহ মই নহওঁ।
গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে'জ
বাৰ্চিলোনা, ফেব্ৰুৱাৰী, ১৯৭০