পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বহিল। বাংকত উবুৰি হৈ শুই শুই মই কেৱল পৰিয়ালৰ কথাই চিন্তা কৰিবলৈ ধৰিলোঁ। বাৰে বাৰে ব্যাঘাত জন্মিল টোপনিত। হাত দুখন ভাঁজ কৰি তাতে মূৰটো থৈ নীৰৱে শুনি গ'লোঁ সাগৰৰ ঢৌবোৰৰ শব্দ। বাৰে বাৰে আহি মোৰ কাণত বাজি থাকিল কুঠৰিটোৰ নিদ্ৰামগ্ন চল্লিছজন নাৱিকৰ শ্বাস-প্ৰশ্বাসৰ আৱাজ। মোৰ বাংকৰ তলতে প্ৰথম শ্ৰেণীৰ নাৱিক লুই ৰেনগিফোৱে বাঁহীৰ দৰে নাক বজাইছিল। নাজানো তেওঁ কি ধৰণৰ সপোন দেখিছে। যদি তেওঁ জানিলেহেঁতেন আৰু মাত্ৰ আঠটা দিন পাছত সমুদ্ৰত তেওঁৰ মৃত্যু ঘটিব, তেন্তে এনেদৰে তেওঁ কেতিয়াও নিশ্চিতভাৱে শুব নোৱাৰিলেহেঁতেন।

 গোটেই সপ্তাহটো ধৰি মোৰ অস্বস্তি থাকিয়ে গ’ল। যাত্ৰাৰ দিনটো যেন ভয়ংকৰভাৱে আগুৱাই আহিছে। আত্মবিশ্বাস ওভতাই অনাৰ বাবে সহকৰ্মীসকলৰ সৈতে গল্প-গুজব আৰম্ভ কৰিলোঁ। বিশেষকৈ পৰিয়াল, ল’ৰা-ছোৱালীয়েই আছিল আমাৰ আলোচনাৰ বিষয়। কলম্বিয়া, আমাৰ প্ৰত্যাৱৰ্তন এইবোৰৰ বিষয়ে সকলোৱে বাৰে বাৰে আলোচনা কৰিছিল। অলেখ উপহাৰেৰে জাহাজ ভৰি পৰিছিল, আমি এই সকলোবোৰেই ঘৰলৈ কঢ়িয়াই লৈ যাম। ৰেডিঅ’, ৰেফ্ৰিজাৰেটৰ, ৱাশ্বিং মেচিন, ষ্টোভ। ময়ো এটা ৰেডিঅ’ কিনিছিলোঁ।

 মনৰ উদ্বেগ-অস্থিৰতা দূৰ কৰিব নোৱাৰি মনে মনে সিদ্ধান্ত কৰি পেলালোঁ যে কাৰ্টাজেনাত উপস্থিত হোৱাৰ পাছতে নৌ বাহিনী ত্যাগ কৰি দিম। এৰি দিম কাম। যাত্ৰাৰ আগদিনা ৰাতি মেৰীক বিদায় জনাবলৈ গ'লোঁ। ভাবিলোঁ, তাইক কৈ দিওঁ মোৰ সিদ্ধান্তৰ কথা। কিন্তু কোৱা হৈ নুঠিল, কাৰণ তাইক মই কথা দিছিলোঁ উভতি অহাৰ। তাই মোক মুঠেও বিশ্বাস নকৰিব, যদি কৈয়ে দিওঁ আৰু কোনোদিনে সমুদ্ৰত পাৰি নিদিওঁ। একমাত্ৰ দ্বিতীয় শ্ৰেণীৰ নাৱিক ৰেমন হেৰেৰাকহে কথাটো ক'লোঁ। কিয়নো সিও সেই একেই সিদ্ধান্ত লৈছিল। আমি ভয়ৰ ভাব ভাগ-বাটোৱাৰা কৰি ৰেমন হেৰোৰা আৰু ডিয়েগো ভেলাছকুইছৰ সৈতে আকণ্ঠ হুইস্কি পান কৰিলোঁ আৰু বিদায় জনালোঁ জো পালুকাক।

 ভাবিছিলোঁ এবটলেই হুইস্কি খাম, কিন্তু শেষ কৰিলোঁ পাঁচটা বটলত। সকলো বান্ধৱীয়ে জানিছিল আমাৰ বিদায় আসন্ন, তেওঁলোকে আমাক শুভেচ্ছা জনাবলৈ আহিছিল। বহুতে মদ খাই কন্দা—কটাও কৰিলে। ‘বেণ্ড পাৰ্টী’ৰ চছ্‌মা পৰিহিত গুৰু-গম্ভীৰ যিজন দলপতি আছিল— যাক মুঠেও শিল্পী যেন নালাগে, কেৱল আমাৰ সন্মানাৰ্থেই প্ৰাণঢালি এনেদৰে মেম্বোছ আৰু ট্যাংগো বজালে যেন সেয়া কলম্বিয়াৰহে সুৰ। আমাৰ বান্ধৱীসকলে ফেঁকুৰি উঠিল আৰু ডেৰ ডলাৰ দামৰ বটলৰ হুইস্কি পান কৰাত লাগিল।

ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক-২
১৭