ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/জাহাজত আমাৰ অন্তিম মুহূৰ্তবোৰ

ৱিকিউৎসৰ পৰা

[ ২১ ]


দুই

জাহাজত আমাৰ অন্তিম মুহূৰ্তবোৰ

 ২৬ ফেব্ৰুৱাৰী। প্ৰীতি ভোজনৰ সময়ত এজন সহকৰ্মীয়ে ক'লে— 'আমি এতিয়া উপসাগৰৰ ওপৰত।’ আগদিনা মই মেক্সিকো উপসাগৰৰ বতৰক লৈ চিন্তিত আছিলোঁ। কিন্তু আমাৰ ডেষ্ট্ৰয়াৰ সামান্য দুলিলেও আগবাঢ়িছিল শান্তভাৱে। মোৰ ভালেই লাগিছিল। ভয়ৰ কোনো কাৰণ নাই। ডেকলৈ গৈ থিয় হ'লোঁ মই। উপকূল দিগন্তত বিলীন হৈ পৰিছে। কেৱল সেউজ সমুদ্ৰ আৰু নীলা আকাশ। ইয়াৰ পাছতো কিন্তু মিগুৱেল ওৰতেগাই শেঁতা ৰুগ্ন চেহেৰাৰে ডেকৰ মাজতে বহি সমুদ্ৰ পীড়াৰ সৈতে যুঁজ দিছে যদিও সি নতুন নাৱিক নহয়, তথাপি যোৱা চৌবিছ ঘণ্টা সি থিয় হ’বই পৰা নাই।

 ওৰতেগাই কাম কৰিছিল কোৰিয়াত। আল মিৰান্তে পাদিল্লা জাহাজত। সি বহু ঠাইত ঘূৰিছে, সমুদ্ৰক ভালদৰেই চিনি পায়। যদিও সাগৰ শান্ত, তথাপি নিৰীক্ষণৰ কাম শেষ হোৱাৰ পাছত ওৰতেগাক ওভতাই অনাত সহায় কৰিবলগা হ'ল। সি যন্ত্ৰণাত কাতৰ, খাদ্যবস্তু সহ্য কৰিব পৰা নাছিল। নিৰীক্ষণৰ কামত ব্যস্ত অন্যান্য সহকৰ্মীসকলে বাংকলৈ উভতি যোৱাৰ নিৰ্দেশ নহাপৰ্যন্ত তাক ধৰি ৰাখিবলৈ চেষ্টা কৰিছিল। কিন্তু সি শুই পৰিল, মুখ গুঁজি মূৰটো একাতি কৰি বমি অহালৈ অপেক্ষা কৰিবলৈ ধৰিলে।

 ৰেমন হেৰোৰাই ছাব্বিছ তাৰিখে ৰাতি যেন মোক কৈছিল— (কেৰিবিয়ানত প্ৰৱেশ কৰিলে অৱস্থা বেয়াৰ পিনে ঢাল খাব। মোৰ হিচাপ অনুসৰি মাজৰাতিৰ পাছত মেক্সিকো উপসাগৰ অতিক্ৰম কৰিম। টৰ্পেডোৰ নলৰ ওচৰত নিজৰ নিৰীক্ষণ কৰা ঠাইত থিয় হৈ মই বৰ আশান্বিত হৈ পৰিছিলোঁ। মনলৈ আহিছিল কেৱল কাৰটাজেনাৰ কথা। ৰাতিৰ পৰিষ্কাৰ আকাশ, আকাশত তৰা। নৌ বাহিনীত যোগদান কৰাৰ পাছৰে পৰা তৰা লেখাটো মোৰ অভ্যাসত পৰিণত হৈছে। সিদিনা ৰাতিও যেতিয়া কালডাছ ধীৰ গতিৰে কেৰিবিয়ানৰ পিনে ধাৱমান হৈছিল, মই আৰম্ভ কৰিছিলোঁ তৰা লেখিবলৈ।

 সমগ্ৰ পৃথিৱী ভ্ৰমণ কৰা এজন নাৱিকে জাহাজৰ গতি দেখিয়েই ক’ব পাৰে সেইখন কোন সমুদ্ৰৰে আগুৱাইছে। যি টুকুৰা ঠাইত মই প্ৰথমবাৰৰ বাবে জাহাজত ভাঁহি আছোঁ, সেই অভিজ্ঞতাৰ পৰাই মোৰ ধাৰণা হ’ল, কেৰিবিয়ানত আহি উপস্থিত [ ২২ ] হৈছোঁ। ঘড়ীটোলৈ চালোঁ। ২৭ ফেব্ৰুৱাৰীৰ মাজৰাতি তেতিয়া, কিছু সময় পাছতে ৰাতি পুৱাব। জাহাজ বেছি দোলা নাছিল, তথাপি বুজিব পাৰিছিলোঁ, কেৰিবিয়ানতে আছোঁ। কিন্তু সকলো ওলট-পালট হৈ গ'ল। এক অদ্ভুত আশংকাই মোক ঘেৰি ধৰিলে। কিন্তু কিয় বুজিব পৰা নাছিলোঁ। তলৰ বাংকত থকা ওৰতেগাৰ কথা মনলৈ আহিল।

 পুৱা ৬ বজাত ডেষ্ট্ৰয়াৰ ভয়ংকৰভাৱে নাচিব ধৰিলে। লুই ৰেনগিফোৰ নিদ্ৰা ভংগ হৈছিল, সি বমি কৰিবলৈ ধৰিছিল।

 ‘ফাতছোঁ!’, সি মোক সুধিলে— 'তোমাৰ এতিয়াও গা বেয়া লগা নাইনে?’

 মই লগা নাই বুলি ক'লোঁ। কিন্তু তাক জনালোঁ যে মই বৰ চিন্তিত। আগতেই কৈছোঁ— ৰেনগিফো এজন অভিযন্তা, মেধাৱী ল’ৰা, ভাল নাৱিক। সি মোক বুজাইছিল, কিয় কেৰিবিয়ানত কালডাছৰ দৰে জাহাজৰ একো ক্ষয়-ক্ষতি হ’ব নোৱাৰে। সি ক'লে—‘এই জাহাজখন কুকুৰনেচীয়া বাঘৰ দৰে।’ মোৰ মনত পৰিল— যুদ্ধৰ সময়ত এনে এখন ডেষ্ট্ৰয়াৰেই এই এলেকাত এখন জাৰ্মান ছাবমেৰিনক ধ্বংস কৰিছিল।

 ‘এইখন নিৰাপদ জাহাজ।'— লুই ৰেনগিফোই পুনৰ ক'লে। মই মোৰ বাংকত দীঘল দি শুবলৈ যত্ন কৰিছিলোঁ যদিও জাহাজৰ দোলনত শুব পৰা নাছিলোঁ, তথাপি ৰেনগিফোৰ কথাই মোক আশ্বস্ত কৰিলে। ধীৰে ধীৰে বতাহ আৰু অধিক বেগেৰে বলিবলৈ ধৰিলে। মই কল্পনা কৰিবলৈ ধৰিলোঁ— ‘ভয়ংকৰ ঢৌৰ মুখত কালডাছৰ কি

[ ২৩ ] বিপৰ্যয় হ’ব পাৰে। তেতিয়াই ‘দি কেন মিউটিনি’ চিনেমাখনৰ কথা মনত পৰি গ'ল।

 গোটেই দিনটো বতাহৰ কোনো পৰিৱৰ্তন নহ'ল। আমাৰ যাত্ৰাও অব্যাহত থাকিল। নিৰীক্ষণৰ ডিউটী শেষ কৰি উঠি কাৰটাগেনালৈ গৈ কি কৰিম তাকে ভাবিবলৈ ধৰিলোঁ। প্ৰথমেই মেৰীলৈ চিঠি লিখিম। ঠিক কৰিলোঁ, তাইলৈ সপ্তাহত দুখন চিঠি লিখিম। চিঠি লিখাৰ ক্ষেত্ৰত মোৰ কোনো এলাহ নাই। নৌ বাহিনীত যোগ দিয়াৰ পাছৰ পৰা প্ৰতি সপ্তাহত বোগোটাৰ ঘৰলৈ নিয়মিত চিঠি লিখি আহিছোঁ। মোৰ প্ৰতিবেশী এলেকা ওলেৱাত থকা বন্ধু-বান্ধৱলৈকো নিয়মিত লিখিছোঁ। মেৰীলৈ লিখিম কাৰটাজেনাত উপস্থিত হৈ। মই হিচাপ কৰি দেখিলোঁ আৰু কিমান সময়ৰ প্ৰয়োজন হ’ব— ছাব্বিছ ঘণ্টা। এয়াই মোৰ শেষবাৰৰ বাবে ঘড়ী চোৱা।

 ৰেমন হেৰোৰাই মিগুৱেল ওৰতেগাক বাংকলৈ ওভতাই অনাত সহায় কৰিলে। তাৰ অৱস্থা আৰু অধিক শোচনীয় হৈছে। মবিল এৰি অহাৰ পাছত তিনিটা দিন একো এটা মুখত দিয়া নাই। কোনো প্ৰকাৰেহে কথা-বতৰা পাতিব পাৰিছে। মানুহজন তেনেই শেঁতা পৰি গৈছে। আৰু এতিয়া সাগৰীয় ধুমুহাত বিপৰ্যস্ত।

 নৃত্য আৰম্ভ হ'ল

 ঠিক দহ বজাৰ লগে লগে নৃত্য আৰম্ভ হ'ল। কালডাছ দুলিছিল গোটেই দিনটো, কিন্তু ২৭ তাৰিখৰ ৰাতি জাহাজৰ এই দোলন মাৰাত্মক ৰূপ ল’লে। বাংকত জাগি থাকি বাগৰ দি আছোঁ, নিৰীক্ষণৰ ডিউটী থকাসকলৰ কথা ভাবি চিন্তিত হৈছোঁ। কিন্তু আমি বাংকত থকাসকলেও শুব পৰা নাই। মাজনিশা এবাৰ তলৰ বাংকত থকা লুই ৰেনগিফোক সুধিলোঁ— ‘তুমি ঠিকে-ঠাকে আছাতো?’

 ঠিকেই ভাবিছিলোঁ— ৰেনগিফোয়ো শুব পৰা নাই। জাহাজৰ দোলন সত্ত্বেও ৰসিকতা কৰিবলৈ এৰা নাছিল— ‘মই তোমাক কৈছিলোঁ নহয়, সিদিনাই মোৰ অসুখ হ’ব, যিদিনা সাগৰখনৰো অসুখ হ’ব।’ কিন্তু সিদিনা সেই ৰাতি তাৰ কথাবোৰ সম্পূৰ্ণ হ’বলৈ নাপালে।

 মই আগতেই কৈছোঁ, নিজৰ অস্বস্তিৰ কথা। মনত অবুজ ভয়ৰ সঞ্চাৰ হৈছে। লাউড স্পীকাৰত নিৰ্দেশ আহিল— ‘সকলো কৰ্মীয়ে ‘পোৰ্ট ছাইড’ৰ কাষত আহি থিয় হওক।’

 মই বুজি পালোঁ— এই নিৰ্দেশৰ অৰ্থ কি। জাহাজ বিপজ্জনকভাৱে ষ্টাৰ ৰোডৰ পিনে হাওলি গৈছিল। সকলোৱে পোৰ্ট ছাইডৰ ফালে গৈ নিজৰ দেহৰ ভাৰেৰে জাহাজখনক পোন কৰিব লাগিব। দুবছৰ ধৰি কৰা সমুদ্ৰযাত্ৰাৰ পাছত এই প্ৰথম সমুদ্ৰলৈ ভয় কৰিলোঁ। ডেকৰ ওপৰত বতাহৰ প্ৰচণ্ড শব্দ, সকলো নাৱিকে পানীত [ ২৪ ] তিতি জুৰুলি-জুপুৰি হৈছে আৰু ঠাণ্ডাত কঁপিছে।

 নিৰ্দেশটো শুনাৰ লগে লগে মই বাংকৰ পৰা জাঁপ মাৰি নামিলোঁ। লুই ৰেনগিফো শান্তভাৱে উঠি পোৰ্ট ছাইডৰ পিনে এটা বাংকলৈ গ'ল। সেইটো উদং আছিল, তাৰে নাৱিকজন তেতিয়া নিৰীক্ষণৰ কামত ব্যস্ত। আন বাংকবোৰত ধৰি খুপি খুপি আগুৱাবলৈচেষ্টা কৰিলোঁ আৰু তেতিয়াই মনত পৰিল মিগুৱেল ওৰতেগালৈ।

 সি লৰচৰ কৰিব পৰা নাছিল। নিৰ্দেশ শুনি উঠিবলৈ চেষ্টা কৰোঁতেই বাংকত পৰি গ’ল। ক্লান্তি আৰু সমুদ্ৰপীড়াই তাক জঠৰ কৰি পেলাইছিল। মই তাক তুলিবলৈ যত্ন কৰিলোঁ। পোৰ্ট ছাইডৰ পিনে থকা এটা বাংকলৈ লৈ গৈ তাক আশ্বস্ত কৰিলোঁ। ম্লান স্বৰত সি মোক ক'লে— সি অসুস্থ।

 মই ক'লোঁ— ‘জানো। মোক কিবা এটা ব্যৱস্থা কৰিবলৈ দিয়া— যাতে তুমি নিৰীক্ষণৰ ডিউটীলৈ যাব নালাগে।’

 এয়া মোৰ নিৰ্মম ৰসিকতা যেনহে লাগিল। কিন্তু যদি মিগুৱেল বাংকতে থাকিলেহেঁতেন, সি নিশ্চয় বাচি গ'লহেঁতেন। ২৮ তাৰিখে ৪ বজাৰ লগে লগে পুনৰ নিৰ্দেশ আহিল। এটা মিনিটো সময় নষ্ট নকৰি আমি ছজন ডেকলৈ আহিলোঁ। আমাৰ মাজত আছিল মোৰ সকলো সময়ৰ সংগী ৰেমন হেৰোৰা আৰু নিৰীক্ষণ অফিচাৰ গিলাৰমো ৰোজো৷ আমাৰ জাহাজত এয়াই আছিল আমাৰ অন্তিম ডিউটী। জানিছিলোঁ যে দুপৰীয়া দুই বজাৰ ভিতৰত কাৰটাজেনাত উপস্থিত হ’ব। ডিউটী শেষ হ'লেই আকৌ শুবলৈ যাম— যাতে আঠ মাহৰ অন্তত দেশৰ মাটিত উপস্থিত হৈ মনৰ ইচ্ছাৰে ফুৰা-চকা কৰিব পাৰোঁ— প্ৰাণভৰি উপভোগ কৰিব পাৰোঁ সকলো। চাৰে পাঁচমান বজাত কেবিন কৰ্মী এজনক লগত লৈ ডেকৰ তল পৰীক্ষা কৰিবলৈ গ'লোঁ। যিসকলে ইমানপৰে ফুল ডিউটীত আছিল, প্ৰাতঃভোজনৰ বাবে ৭ বজাত তেওঁলোকক ছুটী দিয়া হ’ল। আঠ বজাত তেওঁলোক উভতি অহাৰ পাছত আমি ৰেহাই পালোঁ। এয়াই মোৰ শেষ নিৰীক্ষণ। অস্বাভাৱিক একো ঘটা নাই, যদিও বতাহৰ কোপ ক্ৰমান্বয়ে বাঢ়িছে আৰু সাগৰৰ ঢৌ আৰু অধিক বিশালতৰ ৰূপ লৈছে। জাহাজৰ মাস্তুলত ঠেকা খাইছে, পানীৰে ভৰি পৰিছে ডেক।

 ৰেমন হেৰোৰা জাহাজৰ শেষ প্ৰান্তত আৰু তাত লুই ৰেনগিফো ব্যস্ত জীৱন ৰক্ষক হিচাপে হেডফোন লৈ। ডেকৰ সোঁমাজত মিগুৱেল ওৰতেগা শুই পৰিছে, যন্ত্ৰণা আৰু সমুদ্ৰ-ৰোগত। জাহাজৰ এইখিনি ঠাই সকলোতকৈ শান্ত। মই যোগান বিভাগৰ দ্বিতীয় শ্ৰেণীৰ নাৱিক এডোৱাৰ্ডো কাষ্টিলোৰ সৈতে কিছু কথা পাতিলোঁ। তাক বেছ শান্ত যেন দেখা গৈছিল। বোগাতাৰ স্নাতক সি। মনত নাই তাৰ স’তে কি কথা পাতিছিলোঁ। মনত আছে কেৱল পাছত আৰু তাৰ সৈতে কেতিয়াও দেখা নহ'ল। এঘণ্টামান পাছত [ ২৫ ] সি জাঁপ দিছিল সমুদ্ৰৰ বুকুত।

 গা ঢাকি শুবৰ বাবে ৰেমন হেৰোৰাই অলপ পিচবোৰ্ড যোগাৰ কৰি গৈছিল। জাহাজৰ এই দোলনত কুঠৰীত শোৱাটো আমাৰ বাবে অসম্ভৱ আছিল। ঢৌবোৰ দীঘলীয়া হৈছিল, শক্তিও আছিল প্ৰবল, বাৰে বাৰে আছাৰ খাই পৰিছে ডেকত। জাহাজৰ পিছ অংশত থকা ৰেফ্ৰিজাৰেটৰ, ৱাচিং মেচিন, ষ্টোভৰ মাজতে মই আৰু ৰেমন হেৰাৰাই বাগৰ দিছোঁ। সতৰ্ক হৈ যাতে ঢৌৰ খুন্দাত উটি নাযাওঁ। আকাশলৈ চালোঁ মই। কিছু যেন নিশ্চয়তা পালোঁ— এনে লাগিছিল, এনেদৰে আৰু কেইঘণ্টামান পাৰ কৰিব পাৰিলেই কাটাজেনাৰ উপসাগৰত উপস্থিত হ’ব পাৰিম।

 এক মুহূৰ্তৰ নীৰৱতা

 ‘কেইটা বাজিছে?’— লুই ৰেনগিফোৱে সুধিলে। সেই মুহূৰ্তত ঘড়ীত চাৰে এঘাৰ বজাৰ সংকেত। জাহাজখন বিপজ্জনকভাৱে ষ্টাৰবোৰ্ডৰ পিনে হাওলি পৰাৰ সেই ঘটনা ঘটাৰ এটা ঘণ্টা অতিক্ৰম কৰিছে। হঠাৎ লাউড স্পীকাৰত পুনৰ যোৱা নিশাৰ নিৰ্দেশটো বাজি উঠিল— ‘সকলো কৰ্মী পোৰ্ট ছাইডৰ পিনে আহি থিয় হওক।’ মই আৰু ৰেমন হেৰোৰাই লৰচৰ নকৰিলোঁ, কিয়নো আমি যথাস্থানতে আছিলোঁ।

 মনলৈ আহিল মিগুৱেল ওৰতেগাৰ কথা। তাক মই ষ্টাৰবোৰ্ডৰ পিনে দেখিলোঁ। সমুদ্ৰ-ৰোগ যন্ত্ৰণা সহিব নোৱাৰি মোৰ কাষেৰে ঘূৰি সি পোৰ্ট ছাইডৰ পিনে আঁতৰি গ’ল। ঠিক সেই মুহূৰ্ততে জাহাজখন মাৰাত্মকভাৱে হাওলি গ'ল। চকুৰ সন্মুখৰ পৰা অদৃশ্য হৈ পৰিল মিগুৱেল। মোৰ শ্বাস-প্ৰশ্বাস বন্ধ হোৱাৰ উপক্ৰম ঘটিল। এটা বিশাল ঢৌ আছাৰ খাই পৰিল মোৰ গাত। সম্পূৰ্ণ তিতি গ'লোঁ। যেন সমুদ্ৰৰ পৰাহে উঠি আহিছোঁ। ধীৰে ধীৰে জাহাজখন সোঁদিশে হাওলিবলৈ ধৰিলে। লুই ৰেনগিফো ভয়ত একেবাৰে শেঁতা পৰি গৈছে, বিব্ৰতকণ্ঠে সি ক'লে— ‘হে ভগৱান জাহাজ ডুবিব এতিয়া, কি কৰোঁ?’

 এই প্ৰথম লুই ৰেনগিফোক ভয় খোৱা দেখিলোঁ। মোৰ কাষতে ৰেমন হেৰোৰা চিন্তামগ্ন, পানীৰে তিতি গৈছে সিও। আমাৰ মাজত নিস্তব্ধতা। ৰেমনে প্ৰথমে মাত দিলে— ‘যেতিয়া ৰছী কাটি মালবোৰ সাগৰত পেলাই দিয়াৰ নিৰ্দেশ আহিব, প্ৰথমে মই যাম।’

 এঘাৰ বাজি পঞ্চাছ মিনিট। ভাবিছিলোঁ— ৰছী কটাৰ নিৰ্দেশ আহিব। ৰছী কটাৰ অৰ্থ হ’ল ডেকক ভাৰমুক্ত কৰা। নিৰ্দেশ দিয়াৰ লগে লগেই ৰেডিঅ’, ৰেফ্ৰিজাৰেটৰ, ষ্টোভ— সকলো উটি যাব সমুদ্ৰত। তেতিয়া আমি তলৰ কুঠৰিত আশ্ৰয় ল’ব লাগিব। কাৰণ ৰেফ্ৰিজাৰেটৰ আৰু ষ্টোভৰ আঁৰতেই আমি আশ্ৰয় লৈ আছোঁ। সেইবোৰ [ ২৬ ] সাগৰত পেলাবলগীয়া হ’লৈ আমাকো ঢৌৱে উটুৱাই নিব।

 ঢৌৰ বিৰুদ্ধে তীব্ৰ যুঁজ অব্যাহত আছে জাহাজখনৰ। বেছি হৈছে দোলন। ৰেমন হেৰোৰাই তাৰপোলিন এখনেৰে নিজক ঢাকি ৰখাৰ চেষ্টা চলাইছে। তেতিয়াই আমাৰ ওপৰত আছাৰ খাই পৰিল এটা বিশাল ঢৌ। কেনভাছ এখনেৰে মই আত্মৰক্ষাৰ চেষ্টা কৰিলোঁ। মূৰৰ ওপৰত হাত তুলি ৰৈ আছোঁ। ঢৌ আঁতৰি গ'ল। আধা মিনিট পাছত লাউড স্পীকাৰত মাত শুনা গ'ল। শান্ত অথচ দৃঢ় কণ্ঠ— ‘ডেকৰ কৰ্মীসকলে লাইফ জেকেট পিন্ধি লওক।’

 লুই ৰেনগিফোৱে শান্তভাৱে এহাতেৰে হেডফোন, আনখন হাতেৰে জেকেটটো পিন্ধি ল’লে। প্ৰথমে মোৰ সকলো অলীক যেন লাগিছিল। ৰৈ ৰৈ ঢৌ আহিছে। লুই ৰেনগিফোৰ পিনে চালোঁ। হেডফোনটো খুলি পেলাইছে। চকুহাল মুদি দিলোঁ মই— ঘড়ীৰ টিক্ টিক্ শব্দ কাণত পৰিল।

 প্ৰায় এটা মিনিট ধৰি কাণত বাজি থাকিল সেই শব্দ। ৰেমন হেৰোৰাৰ সাৰসুৰ নাই। মনত সময়ৰ লেখ ল’বলৈ চেষ্টা কৰিলোঁ— নিশ্চয় বাৰমান বাজিছে। কাৰটাগেনা পাবলৈ এতিয়াও দুঘণ্টা বাকী। হঠাৎ মুহূৰ্তৰ ভিতৰতে জাহাজখন শূন্যলৈ উঠি গ'ল। মই হাত তুলি ঘড়ীটো চাবলৈ যত্ন কৰিলোঁ। হাতো চকুত নপৰিল, ঘড়ীও। ঢৌটোও দৃষ্টিগোচৰ হোৱা নাছিল। জাহাজখনে যেন আশা আৰু উদ্যম হেৰুৱাই পেলাইছে। আমি আঁৰ হৈ আশ্ৰয় লৈ থকা সমস্ত মালপত্ৰ ঢৌত উটি গ'ল। কোনো প্ৰকাৰে থিয় হ'লোঁ— মোৰ ডিঙিলৈ পানী। চকুত পৰিল লুই ৰেনগিফোক, চকু দুটা ডাঙৰ হৈ পৰিছে, কিন্তু শান্ত— পানীত ভাঁহি থাকিবলৈ চেষ্টা চলাই গৈছে, হেডফোন শূন্যত। মই ডুবিবলৈ ধৰিলোঁ, সাঁতুৰি প্ৰাণৰক্ষাৰ বাবে চেষ্টা চলালোঁ।

 এক, দুই, তিনি ছেকেণ্ড। পানীৰ ওপৰলৈ উঠি আহিলোঁ, পানীৰ ওপৰ পাবই লাগিব। মোক বতাহ লাগে। উশাহ বন্ধ হৈ যাব খুজিছে মোৰ। বয়-বস্তু ক’ৰবাত ধৰিবলৈ খেপিয়াই চালোঁ। কিন্তু ক’তো একো নাই— সকলো উটি গৈছে। একোৱেই নাই মোৰ কাষত। এশ মিটাৰ দূৰৈত ঢৌৰ মাজত ছিটিকি আহিছোঁ বাহিৰলৈ।