পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চিনাকি কৰাই দিছিল। মবিলত দুমাহ কটোৱাৰ পাছত মেৰীয়ে অলপ-অচৰপ স্পেনিছ ক’বলৈ শিকি পেলালে। কিন্তু মই জানো যে বন্ধুবৰ্গই যেতিয়া তাইক Maria Direccion বুলি ঠাট্টা কৰি মাতে, তাৰ মৰ্ম তাই এতিয়াও বুজিব পৰা হোৱা নাই। যিমানবাৰ মই বন্দৰত নামিছিলোঁ, তাইক চিনেমালৈ লৈ গৈছোঁ, কেতিয়াবা হয়তো তাই ইচ্ছা কৰিছিল বাবে নিছোঁ আইচক্ৰীম খাবলৈকো। অৰ্ধেক ইংৰাজী আৰু অৰ্ধেক স্পেনিছ ভাষাৰে আমি পৰস্পৰক কোনো প্ৰকাৰে বুজি উঠিছিলোঁ। কিন্তু চিনেমা চাবলৈ বা আইচক্ৰীম খাবলৈ আমি পৰস্পৰক বুজি পোৱাত কোনো অসুবিধাৰ সৃষ্টি হোৱা নাছিল।

 যিদিনা ‘দ্য কেন মিউটিনি’ নামৰ চিনেমাখন চাবলৈ গৈছিলোঁ, কেৱল সিদিনাহে ৰাতি মেৰী মোৰ লগত নাছিল। মোৰ বন্ধুসকলে কৈছিল যে মাইন ছুইপাৰ জাহাজৰ জীৱনযাত্ৰাৰ বিষয়ে এইখন এখন বঢ়িয়া চিনেমা। সেইবাবেই চাবলৈ গ’লোঁ। কিন্তু চিনেমাখনৰ আটাইতকৈ বঢ়িয়া বস্তুটো হ’ল ধুমুহাৰ দৃশ্যসমূহহে, মাইন ছুইপাৰ জাহাজখন নহয়। আমি সকলোৱে একমত হ’লোঁ⸺ এনেধৰণৰ অৱস্থাত পতিত হ’লে জাহাজৰ গতিপথ সলনি কৰাত বাদে আৰু কোনো বিকল্প নাই। বিদ্ৰোহীসকলেও তাকেই কৰিছিল। কিন্তু বাস্তৱ জীৱনত আমি কোনেও এনেধৰণৰ ধুমুহাৰ মুখামুখি হ’বলগা হোৱা নাছিলোঁ সেয়ে ধুমুহাৰ দৃশ্যবোৰে আমাৰ মনত যিধৰণে প্ৰভাৱিত কৰিলে, চিনেমাখনে তেনেধৰণে কৰিব নোৱাৰিলে। সিদিনা নিশা জাহাজলৈ যেতিয়া উভতি আহিলোঁ, ডিয়েগো ভেলাছকোয়েছ নামৰ নাৱিকজনে আমাক সোঁৱৰাই দিলে যে দুই-এদিনৰ ভিতৰতে আমি সমুদ্ৰলৈ ৰাওনা হ’ম। চিনেমাখনে ডিয়েগোকো প্ৰভাৱিত কৰিছিল। সম্ভৱতঃ সেইবাবেই চিন্তিতভাৱে তেওঁ ক’লে⸺ ‘যদি আমাৰো তেনে অৱস্থা হয়?’

 মই স্বীকাৰ কৰিবই লাগিব যে চিনেমাখনে আমাৰ সকলোৰে মাজত যথেষ্ট ছাপ পেলাইছে। যোৱা আঠ মাহ ধৰি মই সমুদ্ৰৰ জীৱন অতিবাহিত কৰিছোঁ। মই ভয়াতুৰ নহয়। জাহাজৰ শিক্ষক এজনে আমাক শিকাইছিল— জাহাজ ডুবিলে কি কি কৰিব লাগে। তথাপি ‘দ্য কেন মিউটিনি’ চোৱাৰ পাছত কিয় জানো অস্বস্তিত ভুগিছিলোঁ!

 এই অস্বস্তি এই সংশয় যে আচলতে কোনো ভয়াৱহ বিপদৰ আগজাননী, মই তাকো ক’ব খোজা নাই। কিন্তু ইয়াৰ আগতে মোৰ কেতিয়াও ইমান ভয় লগা নাছিল। মোৰ শৈশৱকালত বোগোটাত কিতাপৰ ছবি চাই চাই আত্মবিভোৰ হওঁতেও মোৰ কেতিয়াও ভাব হোৱা নাছিল যে কোনোবাই সমুদ্ৰত মৃত্যুমুখত পৰিবলগীয়া হয়। বৰং সমুদ্ৰৰ প্ৰতি মোৰ আছিল অগাধ বিশ্বাস। দুবছৰ আগতে নৌ বাহিনীত যোগ দিয়াৰ সময়ৰে পৰা মই কেতিয়াও সমুদ্ৰলৈ যাবলৈ ভীতিগ্ৰস্ত হোৱা নাই। কিন্তু ক’বলৈ লাজ নকৰোঁ⸺ ‘দ্য কেন মিউটিনি’ চোৱাৰ পাছত সঁচাকৈয়ে ভয়ৰ ভূত মোৰ কান্ধত উঠি

১৬