বহু দূৰৈত। কিন্তু তাৰ তেজে তেজে সমুদ্ৰ প্ৰবাহিত হৈ আছিল। কালডাছ মেৰামতিৰ বাবে মবিলত থকা সময়ছোৱাত লুই ৰেনগিফো কিন্তু নাৱিকসকলৰ মাজত নাছিল। সি আছিল ৱাশ্বিংটনত। তাতে সি অংকশাস্ত্ৰ বিষয়ত পঢ়া-শুনা কৰিছিল। সি আছিল শান্ত-শিষ্ট, মেধাৱী। স্পেনিছৰ দৰে ইংৰাজীও ক'ব পাৰে। চিভিল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী অৰ্জন কৰিছিল ৱাশ্বিংটনৰ পৰা। তাতে 1952ত ডেমিনিকান ৰিপাব্লিকৰ এজনী ছোৱালীক বিয়াও কৰাইছিল। কালডাছৰ মেৰামতি সম্পূৰ্ণ হোৱাৰ পাছত ৱাশ্বিংটনৰ পৰা আহি সি নাৱিক হিচাপে নিযুক্ত হ’ল। মবিল এৰাৰ মাত্ৰ কেইদিনমান আগতে সি মোক কৈছিল যে কলম্বিয়াত উপস্থিত হোৱাৰ পাছতে তাৰ প্ৰথম কাম হ’ব ঘৈণীয়েকক কাৰটাজেনালৈ লৈ অনা।
লুই ৰেনগিফো দীঘলীয়া সমুদ্ৰ যাত্ৰাৰ অভিজ্ঞতা নাছিল। জানিছিলোঁ, সি সমুদ্ৰ পীড়াত ভুগিব। যাত্ৰাৰ প্ৰথমদিনা পুৱা পোছাক পৰিধান কৰাৰ সময়ত মোক সুধিলে— ‘তোমাৰ অলপো গা বেয়া লগা নাই?’
‘নাই।' মই ক'লোঁ।
‘দুই-তিনি দিনৰ ভিতৰত দেখা পাম, তোমাৰ জিভা ওলাই আহিছে।’
‘ঠিক তোমাৰ যি হৈছে!’
‘মই যিদিনা অসুস্থ হ’ম’, সি ক'লে— ‘সিদিনা সমুদ্ৰও বেমাৰত পৰিব।’
বাংকত শুই টোপনিওৱাৰ চেষ্টা কৰোঁতে সেই ধুমুহাৰ কথা মনত পৰিল। সিদিনা ৰাতি পুনৰ মোৰ মনত ভয় ভাবৰ সঞ্চাৰ হ’ল। দুশ্চিন্তাত মই লুই ৰেনগিফোৰ কাষলৈ উভতি আহিলোঁ। সি তেতিয়া কাপোৰ পিন্ধি সাজু। মই ক'লোঁ— ‘এতিয়াৰে পৰা সাৱধান হ’বা, তোমাৰ জিভাই যাতে তোমাক শাস্তি নিদিয়ে।’