পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাগৰত পেলাবলগীয়া হ’লৈ আমাকো ঢৌৱে উটুৱাই নিব।

 ঢৌৰ বিৰুদ্ধে তীব্ৰ যুঁজ অব্যাহত আছে জাহাজখনৰ। বেছি হৈছে দোলন। ৰেমন হেৰোৰাই তাৰপোলিন এখনেৰে নিজক ঢাকি ৰখাৰ চেষ্টা চলাইছে। তেতিয়াই আমাৰ ওপৰত আছাৰ খাই পৰিল এটা বিশাল ঢৌ। কেনভাছ এখনেৰে মই আত্মৰক্ষাৰ চেষ্টা কৰিলোঁ। মূৰৰ ওপৰত হাত তুলি ৰৈ আছোঁ। ঢৌ আঁতৰি গ'ল। আধা মিনিট পাছত লাউড স্পীকাৰত মাত শুনা গ'ল। শান্ত অথচ দৃঢ় কণ্ঠ— ‘ডেকৰ কৰ্মীসকলে লাইফ জেকেট পিন্ধি লওক।’

 লুই ৰেনগিফোৱে শান্তভাৱে এহাতেৰে হেডফোন, আনখন হাতেৰে জেকেটটো পিন্ধি ল’লে। প্ৰথমে মোৰ সকলো অলীক যেন লাগিছিল। ৰৈ ৰৈ ঢৌ আহিছে। লুই ৰেনগিফোৰ পিনে চালোঁ। হেডফোনটো খুলি পেলাইছে। চকুহাল মুদি দিলোঁ মই— ঘড়ীৰ টিক্ টিক্ শব্দ কাণত পৰিল।

 প্ৰায় এটা মিনিট ধৰি কাণত বাজি থাকিল সেই শব্দ। ৰেমন হেৰোৰাৰ সাৰসুৰ নাই। মনত সময়ৰ লেখ ল’বলৈ চেষ্টা কৰিলোঁ— নিশ্চয় বাৰমান বাজিছে। কাৰটাগেনা পাবলৈ এতিয়াও দুঘণ্টা বাকী। হঠাৎ মুহূৰ্তৰ ভিতৰতে জাহাজখন শূন্যলৈ উঠি গ'ল। মই হাত তুলি ঘড়ীটো চাবলৈ যত্ন কৰিলোঁ। হাতো চকুত নপৰিল, ঘড়ীও। ঢৌটোও দৃষ্টিগোচৰ হোৱা নাছিল। জাহাজখনে যেন আশা আৰু উদ্যম হেৰুৱাই পেলাইছে। আমি আঁৰ হৈ আশ্ৰয় লৈ থকা সমস্ত মালপত্ৰ ঢৌত উটি গ'ল। কোনো প্ৰকাৰে থিয় হ'লোঁ— মোৰ ডিঙিলৈ পানী। চকুত পৰিল লুই ৰেনগিফোক, চকু দুটা ডাঙৰ হৈ পৰিছে, কিন্তু শান্ত— পানীত ভাঁহি থাকিবলৈ চেষ্টা চলাই গৈছে, হেডফোন শূন্যত। মই ডুবিবলৈ ধৰিলোঁ, সাঁতুৰি প্ৰাণৰক্ষাৰ বাবে চেষ্টা চলালোঁ।

 এক, দুই, তিনি ছেকেণ্ড। পানীৰ ওপৰলৈ উঠি আহিলোঁ, পানীৰ ওপৰ পাবই লাগিব। মোক বতাহ লাগে। উশাহ বন্ধ হৈ যাব খুজিছে মোৰ। বয়-বস্তু ক’ৰবাত ধৰিবলৈ খেপিয়াই চালোঁ। কিন্তু ক’তো একো নাই— সকলো উটি গৈছে। একোৱেই নাই মোৰ কাষত। এশ মিটাৰ দূৰৈত ঢৌৰ মাজত ছিটিকি আহিছোঁ বাহিৰলৈ।

২৬