সমললৈ যাওক

ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/চাৰি বন্ধুৰ সলিল সমাধি

ৱিকিউৎসৰ পৰা

[ ২৭ ]

তিনি

চাৰি বন্ধুৰ সলিল সমাধি

 প্ৰথমেই মোৰ ধাৰণা হ'ল — মই যেন ভয়ংকৰভাৱে অকলশৰীয়া হৈ পৰিছোঁ। পানীত ওপঙি থাকিবলৈ চেষ্টা কৰি থাকোঁতেই আৰু এটা বিশাল ঢৌ ডেষ্ট্ৰয়াৰৰ ওপৰত জঁপিয়াই পৰিল। জাহাজখন দুশ মিটাৰ দূৰত পাক খাই পানীত পৰিল। তাৰ পাছত চকুৰ সন্মুখত অদৃশ্য হৈ গ'ল। হয়তো ডুব গ’ল সাগৰত। এক মুহূৰ্তৰ পাছতে যি ভাবিছিলোঁ, সেয়াই ঘটা দেখিবলৈ পালোঁ। যিমানবোৰ মালপত্ৰ জাহাজত তোলা হৈছিল, সকলো ওপঙি উঠিছে সাগৰৰ পানীত। এটা এটাকৈ আগুৱাই আহিছে মোৰ ওচৰলৈ। চাৰিওকাষে ঢৌৰ কোবত নাচি-বাগি ভাঁহি ভাঁহি উঠিছে কাপোৰৰ বাকচ, ৰেফ্ৰিজাৰেটৰকে আদি কৰি সমস্ত ঘৰুৱা আচবাব। মই সেইবোৰ খামুচি ধৰি ওপঙি থাকিবলৈ চেষ্টা কৰিলোঁ। এইবোৰ কি ঘটিব ধৰিছে মই যেন একো তত্‌ ধৰিব পৰা নাছিলোঁ। ভাসমান এটা বাকচত সাবটি ধৰি হতভম্ব হৈ চাই ৰ'লোঁ সাগৰৰ এই উত্তাল ৰূপ। দিনটো পৰিষ্কাৰ আছিল। মাথোঁ বিশৃংখল কোবাল বতাহ আৰু ঢৌ। সাগৰৰ বুকুত সিঁচৰতি হোৱা ভাসমান বয়-বস্তুবোৰৰ বাদে আৰু ক’তো একো চিন-চাব নাছিল।

 হঠাতে ওচৰত যেন কাৰোবাৰ চিৎকাৰ শুনিবলৈ পালোঁ। বতাহৰ তীব্ৰ সোঁ-সোঁৱনিৰ মাজত মই কণ্ঠস্বৰ চিনি পালোঁ— সেয়া প্ৰথম ৱাৰেণ্ট বিষয়া হুলিও আমাডোৰ কাৰবালোৰ মাত। তেওঁ যেন কাৰোবাক নিৰ্দেশ দিছে— ‘লাইফবেল্টৰ তলত খামুচি ধৰি থাকা।’ মই যেন এক মুহূৰ্তৰ গভীৰ নিদ্ৰাৰ পৰা জাগি উঠিলোঁ। সমুদ্ৰত তেন্তে মই অকলশৰীয়া নহয়। মাত্ৰ কেইমিটাৰমান আঁতৰত মোৰ সহকৰ্মীসকলে পৰস্পৰক উদ্দেশ্য কৰি চিঞৰ-বাখৰ কৰিছে— সকলোৱে চেষ্টা কৰিছে ওপঙি থাকিবলৈ। বুজি উঠিছোঁ— কোনো এটা নিৰ্দিষ্ট দিশলৈ সাঁতোৰ কটোৱা সম্ভৱ নহয়।কাৰটাজেনা এতিয়াও আৰু পঞ্চাছ মাইল দূৰত। তেতিয়াও মোৰ মনত ভয়ৰ সঞ্চাৰ হোৱা নাই। এনে লাগিছিল যেন অনন্ত কাললৈ এই বাকচটোত ধৰিয়েই কটাব পাৰিম, অন্ততঃ যেতিয়ালৈ উদ্ধাৰকাৰী আহি নাপায়। চতুৰ্দিশৰ অন্য নাৱিকসকলৰো একেই দুৰৱস্থা দেখি মোৰ আস্থা উভতি আহিছিল। ঠিক সেই মুহূৰ্ততে চকুত পৰিল পানীত উটি অহা [ ২৮ ] এখন লাইফ বোট।

 দুখন বোট ভাঁহি আহিছে, সাত-আঠ মিটাৰ ওচৰা-উচৰিকৈ। ঢৌৰ খুন্দাত ভাঁহি উঠিছে বোট দুখন, দৃশ্যটো মোৰ বাবে আছিল অকল্পনীয়। ওচৰতে মোৰ সহকৰ্মীসকলে চিৎকাৰ কৰিছে। আশ্চৰ্যকৰ কথা এয়ে যে সেই লাইফ বোটখন কোনেও ধৰিব পৰা নাছিল। হঠাৎ এখন বোট পানীত ডুবি গ'ল। মই ঠিক কৰিব পৰা নাছিলোঁ— সাঁতুৰি গৈ বোটখন ধৰিবলৈ চেষ্টা কৰিম নে এনেদৰে বাকচটোকে খামোচ মাৰি ধৰি থাকিম। মৰণত শৰণ দি মই বোটখন ধৰিবলৈ সাঁতুৰিবলৈ ধৰিলোঁ, কিন্তু সেইখন যেন মোৰ পৰা ক্ৰমশঃ আঁতৰিহে যাবলৈ ধৰিছে। প্ৰায় তিনি মিনিট ধৰি সাঁতুৰি থাকিলোঁ। মোৰ চকুৰ সন্মুখৰ পৰা যেন বোটখন অদৃশ্য হৈ পৰিছে। কিন্তু মই মন বান্ধি ল'লোঁ— লক্ষ্য মই হেৰুৱাব নোৱাৰোঁ। বোটখন পাবই লাগিব। হঠাৎ এটা বিৰাট ঢৌৱে বোটখন মোৰ কাষলৈ ঠেলি লৈ আনিলে। এখন বিশাল উদং বোট। জঁপিয়াই উঠাৰ চেষ্টা চলালোঁ যদিও বাৰে বাৰে ব্যৰ্থ হ'লোঁ।অৱশেষত উঠিবলৈ সক্ষম হ'লোঁ মই। ফোঁপাই ফোঁপাই বোটত খামোচ মাৰি ধৰি থাকিলোঁ, বতাহৰ বেগ তেতিয়াও তীব্ৰ। ঠাণ্ডাত গোটেই শৰীৰ কঁপিছে। বহি থকাও অসম্ভৱ। দেখিবলৈ পালোঁ— মোৰ তিনিজন সহকৰ্মী বোটৰ ওচৰলৈ অহাৰ চেষ্টা চলাইছে।

 চিনি পালোঁ তেওঁলোকক — কোৱাৰ্টাৰ মাষ্টাৰ এডোৱাৰ্ড কাস্তিলো, হুলিঅ' আমাডোৰ কাৰাবালো আৰু লুই ৰেনগিফো। এডোৱাৰ্ড কাস্তিলোই কাৰবালোৰ কান্ধত সজোৰে খামুচি ধৰিছিল। দুৰ্ঘটনাটো ঘটাৰ সময়ত কাৰবালো আছিল নিৰীক্ষণৰ দায়িত্বত। জীৱন ৰক্ষাৰ জেকেটো পিন্ধি আছিল তেওঁ।

 ‘কাস্তিলো, টানকৈ ধৰি থাকা।’— চিৎকাৰ কৰি উঠিল তেওঁ। কমেও দহ মিটাৰ দূৰত জাহাজৰ বয়-বস্তুবোৰ ওপঙি আছে।

 ইফালে লুই ৰেনগিফো, মাত্ৰ কিছু সময় আগতে তাক ডেষ্ট্ৰয়াৰত দেখিছিলোঁ, সোঁহাত শূন্যলৈ তুলিছে হেডফোনটো বচোৱাৰ চেষ্টাৰে। তাৰ স্বভাৱসুলভ সুস্থিৰতা আৰু অভিজ্ঞ নাৱিকৰ আত্মবিশ্বাসৰ বাবেই হয়তো ক’ব পাৰিছিল যে তাৰ অসুস্থতাৰ আগতেই অসুস্থ হৈ পৰিব সমুদ্ৰ।সাঁতুৰিবলৈ যাতে অসুবিধা নহয়, সেইবাবে সি পিন্ধি থকা কাপোৰ-কানিও ফালি পেলাইছিল— কিন্তু হেৰুৱাই পেলাইছিল জীৱন ৰক্ষাৰ জেকেটটো। মই তাক দেখিবলৈ নাপালেও তাৰ কণ্ঠস্বৰ কাণত পৰিছিল। সি কৈছিল— ‘এইফালে ভৰি মাৰা।’

 লৰালৰিকৈ ব’ঠাপাট তুলি ল'লোঁ। কাষ চাপিবলৈ চেষ্টা কৰিলোঁ সিহঁতৰ। হুলিঅ’ আমাডোৰৰ কান্ধত ধৰি আছে এডোৱাৰ্ড কাস্তিলো। সিহঁত বোটৰ কাষ পাইছে। কিছু দূৰত মোৰ চতুৰ্থ সহকৰ্মী ৰেমন হেৰোৰা। নিসংগ আৰু ক্ষুদ্ৰ যেন দেখাইছে তাক— [ ২৯ ] এটা বাকচৰ ওপৰত উঠি উন্মাদৰ দৰে হাত জোকাৰি মাতিছে মোক।

 মাত্ৰ তিনি মিটাৰ

 সিদ্ধান্ত লোৱা কঠিন— প্ৰথমে ঠিক কোনজন সহকৰ্মীৰ ওচৰলৈ যাম। আৰজোনাৰ উচ্ছ্বল ডেকা-মবিলৰ স্ফূৰ্তিৱান ৰেমন হেৰোৰাই মাত্ৰ কিছুপৰ আগলৈকে মোৰ সৈতে ডিউটীত ব্যস্ত আছিল। সৰ্বশক্তি প্ৰয়োগ কৰি প্ৰথমে তাৰ দিশেই আগুৱাবলৈ চেষ্টা কৰিলোঁ। লাইফ বোটখনো প্ৰায় দুই মিটাৰ দীঘল। বতাহৰ তীব্ৰ সোঁতৰ বিপৰীতে নাও এখন চলাই নিয়াটো মোৰ বাবে একপ্ৰকাৰ দুঃসাধ্য হৈ পৰিছিল। কেৱল লুই ৰেনগিফো আত্মবিশ্বাসেৰে বোটৰ ওচৰলৈ সাঁতুৰি আগুৱাই আহিবলৈ ধৰিছে। মই নিশ্চিত, সি পাৰিব। মোৰ বাংকৰ তলত তাৰ টোপনি সদায়ে গভীৰ।সমুদ্ৰতকৈও আছিল কঠিন তাৰ মন।

 ইফালে হুলিঅ’ আমাডোৰৱে আপ্ৰাণ চেষ্টাৰে আগুৱাই আহিছে, এডোৱাৰ্ড কাস্তিলোক লগত লৈ। সিহঁতো মাত্ৰ তিনি মিটাৰ আঁতৰত। ঠিক কৰিলোঁ, সিহঁত আৰু অলপ কাষ চাপিলেই ব’ঠাপাট আগুৱাই দিম। ঠিক সেই মুহূৰ্ততে এই বিশাল ঢৌৱে বোটখনক আছাৰ মাৰি দিলে। সেই ঢৌৰ ওপৰত উঠি শূন্যলৈ উঠি যাওঁতেই ক্ৰমশঃ দূৰলৈ আঁতৰি যোৱা ডেষ্ট্ৰয়াৰৰ মাস্তুল দেখিবলৈ পালোঁ। পুনৰ আৰু এটা ঢৌৰ খুন্দাত নামি আহিলোঁ তললৈ। দেখিলোঁ— পানীৰ বুকুৰ পৰা অদৃশ্য হৈ গৈছে এডোৱাৰ্ড কাস্তিলোঁ আৰু হুলিঅ' আমাডোৰ। মাথোঁ দুই মিটাৰ দূৰত তেতিয়াও শান্তভাৱে মোৰ বোটৰ দিশলৈ সাঁতুৰি আছে লুই ৰেনগিফো।

 এটা কাম কিয় নকৰিলোঁ নাজানিলোঁ। আগুৱাবলৈ নোৱাৰোঁ বুলি জানিও মই ব’ঠাপাট পানীত ৰাখিলোঁ। বোটখনক লৰচৰ হ’বলৈ নিদিওঁ — যেন লংগৰ পেলাই ৰাখিম। লুই ৰেনগিফো একেবাৰে বিধ্বস্ত। সি অলপ ৰ'ল। হাতখন ওপৰত তুলি ধৰিলে, যিদৰে সি জাহাজত হেডফোনটো তুলি ধৰিছিল। চিৎকাৰ কৰি ক'লে— ‘এইফালে বাই আনা।’

 তাৰ দিশৰ পৰাই বতাহ বলিছিল। মই চিঞৰি চিঞৰি তাক ক'লোঁ যে বতাহক নেওচি আগুৱাবলৈ কষ্ট হৈছে। ভাব হ’ল, মোৰ কথাখিনি তাৰ কাণত নপৰিল। মাল বোজাই বাকচবোৰ ইতিমধ্যে অদৃশ্য হৈ পৰিছে। ঢৌৰ খুন্দাত ইফালে-সিফালে দুলিছে বোটখন। হঠাৎ লুই ৰেনগিফোৰ পৰা মই কমেও পাঁচ মিটাৰ দূৰলৈ আঁতৰি গ'লোঁ। সিও চকুৰ আঁৰ হৈ পৰিল। হঠাৎ পুনৰ অন্য এটা দিশত ভাঁহি উঠিল, কিন্তু তেতিয়াও ভীতিগ্ৰস্ত হোৱা নাই। প্ৰাণ-পণ চেষ্টাৰে ওপঙি থাকিবলৈ চেষ্টা কৰিছে। মই ব’ঠাপাট আগুৱাই দিলোঁ। দেখিলোঁ, সি ক্লান্ত হৈ পৰিছে, উশাহ লোৱাৰো শক্তি নাই। ডুবোঁ [ ৩০ ] ডুবোঁ অৱস্থাৰ মাজতে সি চিঞৰিলে— ‘ফাতছোঁ, ফাতছোঁ।’

 কোনোপধ্যেই মই ব’ঠাপাট তালৈ আগুৱাই দিব পৰা নাই, চেষ্টা চলালোঁ শেষবাৰৰ বাবে— যাতে লুই ৰেনগিফোৱে খামুচি ধৰিব পাৰে। পানীৰ তলৰ পৰা হাত দুখন তুলি ধৰিছে, কিছু আগতেও এই হাত দুখনেৰে পানীৰ পৰা বচাবলৈ হেডফোনটো তুলি ধৰি আছিল। লাহে লাহে মোৰ চকুৰ সন্মুখতে সেই হাত দুখন পানীৰ তলত ডুব গ'ল। ঘটনাটো ঘটিল ব’ঠাৰ পৰা মাত্ৰ দুই মিটাৰ আঁতৰত। কিমান সময় মই তেনেদৰে জঠৰ হৈ ৰ'লোঁ ক'ব নোৱাৰোঁ। লাইফ বোটখনৰ ভাৰসাম্য বজাই ৰাখি উঠি ব’ঠাপাট থৈ পানীলৈ সন্ধানী দৃষ্টিৰে চালোঁ। কোনোবা যদি ভাঁহি উঠে। সমুদ্ৰ পৰিষ্কাৰ, কিন্তু বতাহৰ বেগ বাঢ়িছে। মোৰ গাৰ পোছাক বতাহত কঁপি কুকুৰৰ গেঙনিৰ দৰে শব্দ হৈছে। মাল-পত্ৰ সকলো ডুব গ'ল। হঠাৎ মাস্তুলটো চকুত পৰিল— তাৰ মানে ডেষ্ট্ৰয়াৰ এতিয়াও ডুব যোৱা নাই। কি যেন এক অদ্ভুত শান্ত পৰিৱেশ। ভাব হৈছিল, কিছু সময়ৰ পাছতে যেন মোক বিচাৰি আহিব উদ্ধাৰকাৰীৰ দল। অন্য সহকৰ্মীৰ কোনোবা নিশ্চয় বেলেগ লাইফ বোটত উঠিব পাৰিছে।

 বাকীসকলে উঠিব নোৱৰাৰো কোনো কাৰণ নাই। বোটবোৰত খাদ্যবস্তু জমা নাছিল, যন্ত্ৰ-পাতিৰো ব্যৱস্থা বেয়া।

 কিছু সময়ৰ পাছতে সূৰ্যৰ উপস্থিতি অনুভৱ কৰিলোঁ। ভৰ দুপৰীয়াৰ সূৰ্য তপত ধাতুৰ দৰে। মই তেতিয়াও একেবাৰে প্ৰকৃতিস্থ হ’ব পৰা নাই। ঘড়ীলৈ চালোঁ— কাঁটাত মাজ দুপৰীয়াৰ ইংগিত।

 অকলে

 ডেষ্ট্ৰয়াৰত শেষবাৰৰ বাবে লুই ৰেনগিফোৱে মোক যেতিয়া সময়ৰ কথা সুধিছিল, তেতিয়া ১১ বাজি ৩০ মিনিট। পাছত মই এবাৰ ঘড়ী চাওঁতে দেখিছিলোঁ ১১.৫০ মিনিট। তেতিয়াও দুৰ্যোগ আৰম্ভ হোৱা নাই। এতিয়া লাইফ বোটত সময় বাৰ বাজিছে। মাত্ৰ দহ মিনিটৰ ভিতৰতে সকলো তচনচ হৈ। গ'ল লাইফ বোটত উঠা সহকৰ্মীসকলক বচোৱাৰ চেষ্টা কৰা, নিৰ্বাক হৈ বোটত বহি থকা, শূন্য সমুদ্ৰত সন্ধান কৰা, বতাহৰ গৰ্জন শূন্য— দহ মিনিটৰ ঘটনাক্ৰম এয়া। হয়তো উদ্ধাৰকাৰীৰ দল আহি পাবলৈ কমেও দুই-তিনি ঘণ্টা লাগিব।

 দুই বা তিনি ঘণ্টা। ভাব হ’ল এই বিশাল সমুদ্ৰৰ নিসংগতাৰ মাজত অসম্ভৱ দীঘলীয়া সময়। কিন্তু অপেক্ষাতো কৰিবই লাগিব। পানী নাই, খাদ্য নাই। আবেলি তিনি বজাৰ পাছত নিশ্চয় পিয়াহত কণ্ঠ শুকাই যাব। সূৰ্যৰ তীক্ষ্ণ ৰ'দত মোৰ দেহ পুৰিবলৈ আৰম্ভ কৰিছে। টুপীটোও হেৰাই গ'ল। মূৰটো পানীৰে তিয়াই লৈ বোটৰ [ ৩১ ] একাষে বহি ৰ'লোঁ। অপেক্ষা মাথোঁ উদ্ধাৰৰ।

 ঠিক তেনে সময়তে সোঁ আঁঠুত বিষ এটা অনুভৱ কৰিলোঁ। পানীৰে তিতা পেণ্টটো কোঁচাবলৈ কষ্ট হ’ল। দেখিলোঁ আঁঠুৰ তলতে অৰ্ধচন্দ্ৰৰ দৰে এটুকুৰা গভীৰ ঘা। সম্ভৱতঃ জাহাজৰ ক'ৰবাত খুন্দা খাইছিলোঁ। তেজ ওলোৱা নাছিল। আঘাতটোনো লাগিল কেতিয়া, জাহাজৰ ক'ৰবাত খুন্দা খাই নে পানীত পৰাৰ পাছত? লাইফ বোটত বহাৰ আগতে বিষৰ উমানে পোৱা নাছিলোঁ।

 কি কৰিম, নকৰিম বুজিব নোৱাৰি মোৰ আচবাববোৰকে বিচৰাত লাগিলোঁ। সমুদ্ৰৰ এই নিসংগতাৰ মাজত কি আছে মোৰ। প্ৰথমেই ঘড়ীটোৰ কথা ভাবিলোঁ। এইটোক নিৰ্ভৰ কৰা যায়, এতিয়াও সঠিক সময় দি আছে। প্ৰতি দুই-তিনি মিনিটৰ মূৰে মূৰে ঘড়ীটোলৈ লক্ষ্য কৰিছোঁ। তাৰ পাছত মোৰ সোণৰ আঙঠি। কাৰটাজেনাত যোৱা বছৰ কিনিছিলোঁ। আৰু এডাল হাৰ, ভাৰ্জিল অৱ কাৰমেনৰ মেডেল এটা ওলোমোৱা আছে।এইডালো কাৰটাজেনাত পঁয়ত্ৰিছ পেগ্ৰোত এজন নাৱিকৰ পৰা কিনা। জেপত মাথোঁ ডেষ্ট্ৰয়াৰৰ মোৰ লকাৰৰ চাবি আৰু তিনিখন ব্যৱসায়িক কাৰ্ড— ( মেৰীৰ সৈতে বজাৰ-সমাৰ কৰোঁতে ) মবিলৰ এজন দোকানীয়ে দিছিল মোক। কৰিবলৈ একোৱেই নাই, সেয়ে বাৰে বাবে কাৰ্ডকেইখনকে পঢ়িলোঁ। এয়াই নিজকে ব্যস্ত ৰখাৰ উপায়, যেতিয়ালৈ কোনেও মোক উদ্ধাৰ নকৰে। কিয় জানো ভাব হ’ল— জাহাজ ডুবিলে নাৱিকে বটলত ভৰাই যি বাৰ্তা উটুৱাই দিয়ে, এই কাৰ্ডবোৰো যেন সেয়াই। এটা বটল পোৱাহেঁতেন, ময়ো এই কাৰ্ডবোৰ ভৰাই সাগৰৰ পানীত উটুৱাই দিলোহেঁতেন। কাৰটাগেনাত লগ-সংগবোৰক ক’বলৈ এইটো নিশ্চয় ৰসাল ঘটনা।