পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সি জাঁপ দিছিল সমুদ্ৰৰ বুকুত।

 গা ঢাকি শুবৰ বাবে ৰেমন হেৰোৰাই অলপ পিচবোৰ্ড যোগাৰ কৰি গৈছিল। জাহাজৰ এই দোলনত কুঠৰীত শোৱাটো আমাৰ বাবে অসম্ভৱ আছিল। ঢৌবোৰ দীঘলীয়া হৈছিল, শক্তিও আছিল প্ৰবল, বাৰে বাৰে আছাৰ খাই পৰিছে ডেকত। জাহাজৰ পিছ অংশত থকা ৰেফ্ৰিজাৰেটৰ, ৱাচিং মেচিন, ষ্টোভৰ মাজতে মই আৰু ৰেমন হেৰাৰাই বাগৰ দিছোঁ। সতৰ্ক হৈ যাতে ঢৌৰ খুন্দাত উটি নাযাওঁ। আকাশলৈ চালোঁ মই। কিছু যেন নিশ্চয়তা পালোঁ— এনে লাগিছিল, এনেদৰে আৰু কেইঘণ্টামান পাৰ কৰিব পাৰিলেই কাটাজেনাৰ উপসাগৰত উপস্থিত হ’ব পাৰিম।

 এক মুহূৰ্তৰ নীৰৱতা

 ‘কেইটা বাজিছে?’— লুই ৰেনগিফোৱে সুধিলে। সেই মুহূৰ্তত ঘড়ীত চাৰে এঘাৰ বজাৰ সংকেত। জাহাজখন বিপজ্জনকভাৱে ষ্টাৰবোৰ্ডৰ পিনে হাওলি পৰাৰ সেই ঘটনা ঘটাৰ এটা ঘণ্টা অতিক্ৰম কৰিছে। হঠাৎ লাউড স্পীকাৰত পুনৰ যোৱা নিশাৰ নিৰ্দেশটো বাজি উঠিল— ‘সকলো কৰ্মী পোৰ্ট ছাইডৰ পিনে আহি থিয় হওক।’ মই আৰু ৰেমন হেৰোৰাই লৰচৰ নকৰিলোঁ, কিয়নো আমি যথাস্থানতে আছিলোঁ।

 মনলৈ আহিল মিগুৱেল ওৰতেগাৰ কথা। তাক মই ষ্টাৰবোৰ্ডৰ পিনে দেখিলোঁ। সমুদ্ৰ-ৰোগ যন্ত্ৰণা সহিব নোৱাৰি মোৰ কাষেৰে ঘূৰি সি পোৰ্ট ছাইডৰ পিনে আঁতৰি গ’ল। ঠিক সেই মুহূৰ্ততে জাহাজখন মাৰাত্মকভাৱে হাওলি গ'ল। চকুৰ সন্মুখৰ পৰা অদৃশ্য হৈ পৰিল মিগুৱেল। মোৰ শ্বাস-প্ৰশ্বাস বন্ধ হোৱাৰ উপক্ৰম ঘটিল। এটা বিশাল ঢৌ আছাৰ খাই পৰিল মোৰ গাত। সম্পূৰ্ণ তিতি গ'লোঁ। যেন সমুদ্ৰৰ পৰাহে উঠি আহিছোঁ। ধীৰে ধীৰে জাহাজখন সোঁদিশে হাওলিবলৈ ধৰিলে। লুই ৰেনগিফো ভয়ত একেবাৰে শেঁতা পৰি গৈছে, বিব্ৰতকণ্ঠে সি ক'লে— ‘হে ভগৱান জাহাজ ডুবিব এতিয়া, কি কৰোঁ?’

 এই প্ৰথম লুই ৰেনগিফোক ভয় খোৱা দেখিলোঁ। মোৰ কাষতে ৰেমন হেৰোৰা চিন্তামগ্ন, পানীৰে তিতি গৈছে সিও। আমাৰ মাজত নিস্তব্ধতা। ৰেমনে প্ৰথমে মাত দিলে— ‘যেতিয়া ৰছী কাটি মালবোৰ সাগৰত পেলাই দিয়াৰ নিৰ্দেশ আহিব, প্ৰথমে মই যাম।’

 এঘাৰ বাজি পঞ্চাছ মিনিট। ভাবিছিলোঁ— ৰছী কটাৰ নিৰ্দেশ আহিব। ৰছী কটাৰ অৰ্থ হ’ল ডেকক ভাৰমুক্ত কৰা। নিৰ্দেশ দিয়াৰ লগে লগেই ৰেডিঅ’, ৰেফ্ৰিজাৰেটৰ, ষ্টোভ— সকলো উটি যাব সমুদ্ৰত। তেতিয়া আমি তলৰ কুঠৰিত আশ্ৰয় ল’ব লাগিব। কাৰণ ৰেফ্ৰিজাৰেটৰ আৰু ষ্টোভৰ আঁৰতেই আমি আশ্ৰয় লৈ আছোঁ। সেইবোৰ

২৫