পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হৈছোঁ। ঘড়ীটোলৈ চালোঁ। ২৭ ফেব্ৰুৱাৰীৰ মাজৰাতি তেতিয়া, কিছু সময় পাছতে ৰাতি পুৱাব। জাহাজ বেছি দোলা নাছিল, তথাপি বুজিব পাৰিছিলোঁ, কেৰিবিয়ানতে আছোঁ। কিন্তু সকলো ওলট-পালট হৈ গ'ল। এক অদ্ভুত আশংকাই মোক ঘেৰি ধৰিলে। কিন্তু কিয় বুজিব পৰা নাছিলোঁ। তলৰ বাংকত থকা ওৰতেগাৰ কথা মনলৈ আহিল।

 পুৱা ৬ বজাত ডেষ্ট্ৰয়াৰ ভয়ংকৰভাৱে নাচিব ধৰিলে। লুই ৰেনগিফোৰ নিদ্ৰা ভংগ হৈছিল, সি বমি কৰিবলৈ ধৰিছিল।

 ‘ফাতছোঁ!’, সি মোক সুধিলে— 'তোমাৰ এতিয়াও গা বেয়া লগা নাইনে?’

 মই লগা নাই বুলি ক'লোঁ। কিন্তু তাক জনালোঁ যে মই বৰ চিন্তিত। আগতেই কৈছোঁ— ৰেনগিফো এজন অভিযন্তা, মেধাৱী ল’ৰা, ভাল নাৱিক। সি মোক বুজাইছিল, কিয় কেৰিবিয়ানত কালডাছৰ দৰে জাহাজৰ একো ক্ষয়-ক্ষতি হ’ব নোৱাৰে। সি ক'লে—‘এই জাহাজখন কুকুৰনেচীয়া বাঘৰ দৰে।’ মোৰ মনত পৰিল— যুদ্ধৰ সময়ত এনে এখন ডেষ্ট্ৰয়াৰেই এই এলেকাত এখন জাৰ্মান ছাবমেৰিনক ধ্বংস কৰিছিল।

 ‘এইখন নিৰাপদ জাহাজ।'— লুই ৰেনগিফোই পুনৰ ক'লে। মই মোৰ বাংকত দীঘল দি শুবলৈ যত্ন কৰিছিলোঁ যদিও জাহাজৰ দোলনত শুব পৰা নাছিলোঁ, তথাপি ৰেনগিফোৰ কথাই মোক আশ্বস্ত কৰিলে। ধীৰে ধীৰে বতাহ আৰু অধিক বেগেৰে বলিবলৈ ধৰিলে। মই কল্পনা কৰিবলৈ ধৰিলোঁ— ‘ভয়ংকৰ ঢৌৰ মুখত কালডাছৰ কি

২২