পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দুই

জাহাজত আমাৰ অন্তিম মুহূৰ্তবোৰ

 ২৬ ফেব্ৰুৱাৰী। প্ৰীতি ভোজনৰ সময়ত এজন সহকৰ্মীয়ে ক'লে— 'আমি এতিয়া উপসাগৰৰ ওপৰত।’ আগদিনা মই মেক্সিকো উপসাগৰৰ বতৰক লৈ চিন্তিত আছিলোঁ। কিন্তু আমাৰ ডেষ্ট্ৰয়াৰ সামান্য দুলিলেও আগবাঢ়িছিল শান্তভাৱে। মোৰ ভালেই লাগিছিল। ভয়ৰ কোনো কাৰণ নাই। ডেকলৈ গৈ থিয় হ'লোঁ মই। উপকূল দিগন্তত বিলীন হৈ পৰিছে। কেৱল সেউজ সমুদ্ৰ আৰু নীলা আকাশ। ইয়াৰ পাছতো কিন্তু মিগুৱেল ওৰতেগাই শেঁতা ৰুগ্ন চেহেৰাৰে ডেকৰ মাজতে বহি সমুদ্ৰ পীড়াৰ সৈতে যুঁজ দিছে যদিও সি নতুন নাৱিক নহয়, তথাপি যোৱা চৌবিছ ঘণ্টা সি থিয় হ’বই পৰা নাই।

 ওৰতেগাই কাম কৰিছিল কোৰিয়াত। আল মিৰান্তে পাদিল্লা জাহাজত। সি বহু ঠাইত ঘূৰিছে, সমুদ্ৰক ভালদৰেই চিনি পায়। যদিও সাগৰ শান্ত, তথাপি নিৰীক্ষণৰ কাম শেষ হোৱাৰ পাছত ওৰতেগাক ওভতাই অনাত সহায় কৰিবলগা হ'ল। সি যন্ত্ৰণাত কাতৰ, খাদ্যবস্তু সহ্য কৰিব পৰা নাছিল। নিৰীক্ষণৰ কামত ব্যস্ত অন্যান্য সহকৰ্মীসকলে বাংকলৈ উভতি যোৱাৰ নিৰ্দেশ নহাপৰ্যন্ত তাক ধৰি ৰাখিবলৈ চেষ্টা কৰিছিল। কিন্তু সি শুই পৰিল, মুখ গুঁজি মূৰটো একাতি কৰি বমি অহালৈ অপেক্ষা কৰিবলৈ ধৰিলে।

 ৰেমন হেৰোৰাই ছাব্বিছ তাৰিখে ৰাতি যেন মোক কৈছিল— (কেৰিবিয়ানত প্ৰৱেশ কৰিলে অৱস্থা বেয়াৰ পিনে ঢাল খাব। মোৰ হিচাপ অনুসৰি মাজৰাতিৰ পাছত মেক্সিকো উপসাগৰ অতিক্ৰম কৰিম। টৰ্পেডোৰ নলৰ ওচৰত নিজৰ নিৰীক্ষণ কৰা ঠাইত থিয় হৈ মই বৰ আশান্বিত হৈ পৰিছিলোঁ। মনলৈ আহিছিল কেৱল কাৰটাজেনাৰ কথা। ৰাতিৰ পৰিষ্কাৰ আকাশ, আকাশত তৰা। নৌ বাহিনীত যোগদান কৰাৰ পাছৰে পৰা তৰা লেখাটো মোৰ অভ্যাসত পৰিণত হৈছে। সিদিনা ৰাতিও যেতিয়া কালডাছ ধীৰ গতিৰে কেৰিবিয়ানৰ পিনে ধাৱমান হৈছিল, মই আৰম্ভ কৰিছিলোঁ তৰা লেখিবলৈ।

 সমগ্ৰ পৃথিৱী ভ্ৰমণ কৰা এজন নাৱিকে জাহাজৰ গতি দেখিয়েই ক’ব পাৰে সেইখন কোন সমুদ্ৰৰে আগুৱাইছে। যি টুকুৰা ঠাইত মই প্ৰথমবাৰৰ বাবে জাহাজত ভাঁহি আছোঁ, সেই অভিজ্ঞতাৰ পৰাই মোৰ ধাৰণা হ’ল, কেৰিবিয়ানত আহি উপস্থিত

২১