পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তিতি জুৰুলি-জুপুৰি হৈছে আৰু ঠাণ্ডাত কঁপিছে।

 নিৰ্দেশটো শুনাৰ লগে লগে মই বাংকৰ পৰা জাঁপ মাৰি নামিলোঁ। লুই ৰেনগিফো শান্তভাৱে উঠি পোৰ্ট ছাইডৰ পিনে এটা বাংকলৈ গ'ল। সেইটো উদং আছিল, তাৰে নাৱিকজন তেতিয়া নিৰীক্ষণৰ কামত ব্যস্ত। আন বাংকবোৰত ধৰি খুপি খুপি আগুৱাবলৈচেষ্টা কৰিলোঁ আৰু তেতিয়াই মনত পৰিল মিগুৱেল ওৰতেগালৈ।

 সি লৰচৰ কৰিব পৰা নাছিল। নিৰ্দেশ শুনি উঠিবলৈ চেষ্টা কৰোঁতেই বাংকত পৰি গ’ল। ক্লান্তি আৰু সমুদ্ৰপীড়াই তাক জঠৰ কৰি পেলাইছিল। মই তাক তুলিবলৈ যত্ন কৰিলোঁ। পোৰ্ট ছাইডৰ পিনে থকা এটা বাংকলৈ লৈ গৈ তাক আশ্বস্ত কৰিলোঁ। ম্লান স্বৰত সি মোক ক'লে— সি অসুস্থ।

 মই ক'লোঁ— ‘জানো। মোক কিবা এটা ব্যৱস্থা কৰিবলৈ দিয়া— যাতে তুমি নিৰীক্ষণৰ ডিউটীলৈ যাব নালাগে।’

 এয়া মোৰ নিৰ্মম ৰসিকতা যেনহে লাগিল। কিন্তু যদি মিগুৱেল বাংকতে থাকিলেহেঁতেন, সি নিশ্চয় বাচি গ'লহেঁতেন। ২৮ তাৰিখে ৪ বজাৰ লগে লগে পুনৰ নিৰ্দেশ আহিল। এটা মিনিটো সময় নষ্ট নকৰি আমি ছজন ডেকলৈ আহিলোঁ। আমাৰ মাজত আছিল মোৰ সকলো সময়ৰ সংগী ৰেমন হেৰোৰা আৰু নিৰীক্ষণ অফিচাৰ গিলাৰমো ৰোজো৷ আমাৰ জাহাজত এয়াই আছিল আমাৰ অন্তিম ডিউটী। জানিছিলোঁ যে দুপৰীয়া দুই বজাৰ ভিতৰত কাৰটাজেনাত উপস্থিত হ’ব। ডিউটী শেষ হ'লেই আকৌ শুবলৈ যাম— যাতে আঠ মাহৰ অন্তত দেশৰ মাটিত উপস্থিত হৈ মনৰ ইচ্ছাৰে ফুৰা-চকা কৰিব পাৰোঁ— প্ৰাণভৰি উপভোগ কৰিব পাৰোঁ সকলো। চাৰে পাঁচমান বজাত কেবিন কৰ্মী এজনক লগত লৈ ডেকৰ তল পৰীক্ষা কৰিবলৈ গ'লোঁ। যিসকলে ইমানপৰে ফুল ডিউটীত আছিল, প্ৰাতঃভোজনৰ বাবে ৭ বজাত তেওঁলোকক ছুটী দিয়া হ’ল। আঠ বজাত তেওঁলোক উভতি অহাৰ পাছত আমি ৰেহাই পালোঁ। এয়াই মোৰ শেষ নিৰীক্ষণ। অস্বাভাৱিক একো ঘটা নাই, যদিও বতাহৰ কোপ ক্ৰমান্বয়ে বাঢ়িছে আৰু সাগৰৰ ঢৌ আৰু অধিক বিশালতৰ ৰূপ লৈছে। জাহাজৰ মাস্তুলত ঠেকা খাইছে, পানীৰে ভৰি পৰিছে ডেক।

 ৰেমন হেৰোৰা জাহাজৰ শেষ প্ৰান্তত আৰু তাত লুই ৰেনগিফো ব্যস্ত জীৱন ৰক্ষক হিচাপে হেডফোন লৈ। ডেকৰ সোঁমাজত মিগুৱেল ওৰতেগা শুই পৰিছে, যন্ত্ৰণা আৰু সমুদ্ৰ-ৰোগত। জাহাজৰ এইখিনি ঠাই সকলোতকৈ শান্ত। মই যোগান বিভাগৰ দ্বিতীয় শ্ৰেণীৰ নাৱিক এডোৱাৰ্ডো কাষ্টিলোৰ সৈতে কিছু কথা পাতিলোঁ। তাক বেছ শান্ত যেন দেখা গৈছিল। বোগাতাৰ স্নাতক সি। মনত নাই তাৰ স’তে কি কথা পাতিছিলোঁ। মনত আছে কেৱল পাছত আৰু তাৰ সৈতে কেতিয়াও দেখা নহ'ল। এঘণ্টামান পাছত

২৪