সমললৈ যাওক

ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/আৰু এটি ভ্ৰমঃ মাটি

ৱিকিউৎসৰ পৰা

[ ৭২ ]

এঘাৰ

আৰু এটি ভ্ৰমঃ মাটি

 নৱম দিনৰ ৰাতিটো দীৰ্ঘতৰ। বোটৰ তলৰ ফালে শুই আছোঁ। ঢৌবোৰে মৃদুভাৱে খুন্দিয়াই আছে। অনুভূতিবোৰৰ প্ৰতি মই নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছোঁ। ঢৌৰ প্ৰতিটো খুন্দাত সেই বিপৰ্যয়ৰ ঘটনাটো বাৰে বাৰে মনত ভাঁহি উঠিছে। মানুহে মৃত্যুৰ আগমুহূৰ্তত পিছুৱাই যায়। নিশা তেনে এটা ঘটনাই ঘটিল। জ্বৰৰ কোবত সেই ভয়ংকৰ ৰাতিৰ ঘটনাটো পুনৰ উভতি আহিল। ডেষ্ট্ৰয়াৰৰ ৰেফ্ৰিজাৰেটৰ আৰু ষ্টোভৰ মাজত মই ৰেমন হেৰোৰাৰ সৈতে শুই আছোঁ। লুই ৰেনগিফোৱে পহৰা দিছে। যিমানবাৰ ঢৌৰ খুন্দা আহি লাগিছে, এনে লাগিছে, আন সকলো বয়-বস্তু বাগৰি পৰিছে। মই সমুদ্ৰৰ অতল গভীৰতালৈ নামি গৈ আছোঁ, কিন্তু প্ৰাণপণে চেষ্টা চলাইছোঁ ওপৰলৈ উঠি আহিবলৈ।

 তাৰ পাছৰ প্ৰতিটো মুহূৰ্তৰ মোৰ ন দিনৰ নিৰ্বাসন, চিন্তা-উদ্বেগ, ভোক-পিয়াহ পুনৰাবৃত্তি হৈছে। যিদৰে চিনেমাত ঘটে। প্ৰথমে পৰি গ'লোঁ, তাৰ পাছত বোটৰ চতুৰ্দিশে সহকৰ্মীসকলৰ চিৎকাৰ, ভোক-পিয়াহ, হাঙৰ, মবিলৰ স্মৃতি— সকলো ভাঁহি উঠিছে এটাৰ পাছত এটাকৈ, ৰূপকথাৰ দৰে। বোটৰ পৰা যেন পানীত পৰি নাযাও, তাৰ প্ৰতিও মোৰ সতৰ্কতা। এনেও ভাব আহিল, যেন মই ডেষ্ট্ৰয়াৰৰ ডেকত ৰছীৰে নিজকে বান্ধি পেলাইছোঁ— যাতে, ঢৌৱে মোক উটুৱাই নিব নোৱাৰে। বান্ধিছোঁ ইমান জোৰেৰে যে আঁঠু আৰু গোৰোহাত বিষ অনুভৱ কৰিছোঁ। কিন্তু তাৰ পাছতো এটা বিশাল ঢৌৱে মোক উটুৱাই লৈ গ’ল, ডুবাই দিলে পানীৰ অতল গহ্বৰত। প্ৰাণপণে সাঁতুৰিছোঁ ওপৰলৈ উঠি আহিবলৈ। নিশ্বাস মোৰ বন্ধ হৈ আহিছে।

 কেইদিনমান আগতেও মই নিজকে বান্ধি ৰখাৰ কথাই ভাবিছিলোঁ। সিদিনা ৰাতিও সেয়াই কৰিলোহেঁতেন। কিন্তু বোটৰ তলৰ পৰা ৰছী বিচাৰি অনাৰ শক্তি মোৰ শৰীৰত নাই। আনকি চিন্তাও ভালদৰে কৰিব পৰা নাই। নটা দিনৰ অন্তত এই প্ৰথম মোৰ কোনো ধাৰণা নাই, প্ৰকৃততে মই ক'ত আছোঁ। আশ্চৰ্যকৰ কথা এয়াই যে ঢৌবোৰ শক্তিশালী হোৱা সত্ত্বেও বোটখন লুটি খোৱাৰ পৰা ৰক্ষা পৰিল। মই বুজিব নোৱাৰিলোঁ, [ ৭৩ ] আচলতে হৈছেনো কি? এয়া অলীক দুঃস্বপ্ন নে বাস্তৱতা— তাৰো পাৰ্থক্য ধৰিব নোৱৰা হ'লোঁ। যদি ঢৌ এটা আহি বোটখন ডুবায়ো দিয়ে, মই হয়তো ভাবিম, এয়া দুঃস্বপ্নহে। হয়তো ভাবিম যে ডেষ্ট্ৰয়াৰৰ পৰা বাগৰি পৰাৰ সপোন দেখিছোঁ মই।

 কিন্তু ভাগ্য ভাল, সেই ৰাতিও পুনৰ ৰক্ষা পৰিলোঁ। পুৱা শীতল বতাহ বলিবলৈ ধৰিলে। মোৰ গাত তেতিয়াও জ্বৰৰ উত্তাপ। কঁপিছোঁ থক্ থক্‌কৈ। হাড়ৰ ভিতৰতো যেন কঁপনি। সোঁ আঁঠুত বিষ। সমুদ্ৰৰ লুণীয়া বতাহে সেই ঘা শুকুৱাই ৰাখিছে। কিন্তু ভিতৰি ভিতৰি কেঁচা হৈয়ে আছে। ভৰিখন লৰচৰ কৰোঁতে তীব্ৰ হৈ উঠিল বিষটো। এই ঘা টুকুৰাই মোক বিষৰ অনুভূতি দিছে, বাধ্য কৰিছে নিজৰ যত্ন ল’বলৈ। পোৰণি উঠা মুখত ঠাণ্ডা লাগিছে। কেইবাঘণ্টা একেৰাহে মই আবোল-তাবোল বকিছোঁ জাহাজৰ সহকৰ্মীৰ সৈতে। মেৰী এড্ৰেছৰ সৈতে আইচক্ৰীম খাইছোঁ, কোনোবাই বেসুৰীয়াকৈ বজোৱা কিবা এটা বাজনাৰ শব্দও কাণত পৰিছে।

 বহু সময় যেন পাৰ হৈ গ'ল। এনে লাগিছে যেন মূৰটো ফাটি ছিৰাছিৰ হ'ব। কপালখন কঁপিছে, হাড়ে হাড়ে অসহনীয় বিষ। আঁঠুৰ ঘা টুকুৰাৰ বিষে বাৰে বাৰে ঘা টুকুৰালৈ মনত পেলাই দিছে। আঁঠুটো যেন ফুলি ভীণ্ডাকাৰ হৈ উঠিছে। যেন মোৰ শৰীৰতকৈ বিশাল ৰূপ ধাৰণ কৰিছে।

 বুজি পালোঁ, ৰাতি পুৱাইছে। বোটৰ ওপৰতে পৰি আছোঁ মই। কিন্তু বুজিব পৰা নাই, কিমান সময় এনেদৰে আছোঁ। বহু কষ্টৰে মনত পৰিল, বোটৰ গাত নটা দাগ কাটিছোঁ। কিন্তু শেষ দাগটো দিছোঁ কোন দিনা মনত নাই। এনে ভাব হৈছে যেন গছৰ শিপাডাল খোৱাৰ ঘটনাৰ পাছত বহুকাল পাৰ হৈ গৈছে। সেইটো তেন্তে সপোন আছিল নেকি? মুখত এতিয়াও মিঠা মিঠা সোৱাদ এটা লাগি আছে। কিন্তু কি খাইছিলোঁ মনত পেলাব পৰা নাই। সেই খাদ্যই মোক কোনো শক্তি যোগাব পৰা নাই৷ এতিয়াও পেট উদং। মোৰ শক্তি শেষ হৈ আহিছে।

 সেই ঘটনাৰ পাছত আৰু কিমান দিন পাৰ হৈ গৈছে? মই মাথোঁ বুজিব পাৰিছোঁ আৰু এটা নতুন পুৱা আহিছে। এতিয়া মাথোঁ বোটৰ তলত নিঃসাৰে পৰি আছোঁ মৃত্যুৰ অপেক্ষাৰে। কিন্তু পাৰৰ মাটিতকৈ যেন মৃত্যু বহু দূৰৈত। আকাশ যোৱা ৰাতিৰ দৰেই ৰক্তিম। এতিয়া পুৱা নে গধূলি?

 তীৰৰ মাটি

 আহত আঁঠুটোৰ বিষত মই ঠাই সলালোঁ। ঘূৰি বহিবলৈ চেষ্টা কৰিলোঁ, কিন্তু নোৱাৰিলোঁ। থিয় হ’বলৈ দেহত অলপোৱেই শক্তি নাই। বোটৰ দাঁতিত হাতেৰে ভেঁজা দি নিজকে তুলিবলৈ চেষ্টা কৰিলোঁ। চিত হৈ বোটৰ দাঁতিত মূৰ থৈ শুই ৰ'লোঁ। ৰাতি [ ৭৪ ] পুৱাইছে। ঘড়ীটোলৈ চালোঁ। চাৰি বাজিছে। প্ৰতিদিনাই এইখিনি সময়ত মই দিগন্তৰ সন্ধান কৰোঁ। কিন্তু হয়তো মাটি দেখাৰ সৌভাগ্য আৰু মোৰ নহ'ব। আকাশলৈ চালোঁ। ঘন ৰঙা আকাশখন ধীৰে ধীৰে নীলা বৰণ ল’বলৈ ধৰিছে। বতাহ এতিয়া চেঁচা। জ্বৰ জ্বৰ ভাব গাত। যি নহওক, এতিয়াও মই জীৱিত। কিন্তু খেদ হৈছে কিয় মই মৰা নাই। কোনো শক্তি নাই শৰীৰত, তথাপি জীয়াই আছোঁ। আকৌ আৰম্ভ কৰিছোঁ নতুন এটা দিন। উত্তপ্ত সূৰ্য মূৰৰ ওপৰত। পাঁচ বজাৰ পৰা বোটৰ চতুৰ্দিশে এজাক ক্ষুধাতুৰ হাঙৰ।

 একেবাৰে নীলা বৰণ ধৰাৰ পাছত আকাশলৈ চালোঁ মই। সাগৰ শান্ত। বোটৰ সমুখত পুৱাৰ আধা পোহৰ-আধা এন্ধাৰৰ মাজত দেখিলোঁ— উজ্জ্বল আকাশৰ তলত শাৰী শাৰী নাৰিকল গছৰ দীৰ্ঘ ছায়া।

 উত্যক্ত হৈ পৰিলোঁ মই। আগদিনা আছিলোঁ মবিলৰ এটা পাৰ্টীত, তাৰ পাছত দেখিছিলোঁ এটা বিশাল হালধীয়া কাছ। নিশা আছিলোঁ বোগোটাত, মোৰ গৃহ চহৰৰ লা ছালে দে ভিল্লা ভিছেন ছিঅ’ একাডেমীত। এতিয়া মই পাৰ দেখিবলৈ পাইছোঁ। যদি এনেধৰণৰ অলীক দুঃস্বপ্ন চাৰি-পাঁচ দিন আগতে দেখিলোহেঁতেন — আনন্দত উন্মত্ত হৈ পৰিলোহেঁতেন। এতিয়া মই সকলোধৰণৰ অলীক দুঃস্বপ্নৰ বাবে প্ৰস্তুত। নাৰিকল গছবোৰ ইমানেই স্পষ্ট যে বাস্তৱ যেন মুঠেও লগা নাই। তাকো সেইবোৰো কোনো নিৰ্দিষ্ট দূৰত্বত নাই। কোনোবা মুহূৰ্তত বোটৰ কাষত, কোনোবা মুহূৰ্তত আকৌ আছে তিনি-চাৰি কিলোমিটাৰ দূৰত। কোনো আনন্দ লগা নাই মোৰ। আৰু সেয়ে মোৰ মৰাৰ ইচ্ছা জাগিছে। নহ'লে মোক এই দুঃস্বপ্নই পাগল কৰি দিব। পুনৰ আকাশলৈ চালোঁ। মেঘমুক্ত গভীৰ নীলা আকাশ।

 ঠিক পাঁচ বজাত দিগন্তত সূৰ্যৰ উদয় হ’ল। আগদিনাৰ ৰাতিটো আছিল ভয়ংকৰ, এতিয়া দিনৰ সূৰ্যটো হৈ পৰিল মোৰ চৰম শত্ৰু। এটা দানৱৰ দৰে অবাধ্য শত্ৰু। মোৰ শৰীৰৰ ছাল পুৰি পেলাইছে। ভোক-পিয়াহ বঢ়াই তুলি মোক পাগল কৰি দিছে। সূৰ্যটোক অভিশাপ দিলোঁ, অভিশাপ দিলোঁ দিনটোক, দিলোঁ মোৰ ভাগ্যকো। কিয় এনেদৰে নটাকৈ দিন ধৰি পানীত উটি-ভাঁহি বাচি আছোঁ? কিয় অনাহাৰত মৃত্যু হোৱা নাই মোৰ? হাঙৰৰ পেটলৈকে বাৰু যোৱা নাই কিয় মই?

 ব’ঠাপাট এতিয়া বোটৰ সৈতে বান্ধি থোৱা আছে। সেইপাট তুলি লৈ ধীৰে ধীৰে মোৰ বিষ-যন্ত্ৰণাৰে জৰ্জৰিত পিঠিখনৰ তলত থৈ, বোটৰ দাঁতিত মূৰটো থ’লোঁ। আৰু তেতিয়াই দেখিবলৈ পালোঁ, উদীয়মান ৰঙা সূৰ্যটোৰ পিছফালে এডাল সেউজীয়া ৰেখা।

 পাঁচ বাজো বাজো। স্ফটিকৰ দৰে স্বচ্ছ পুৱা। কোনো সন্দেহ নাই পাৰৰ সেই চিহ্ন [ ৭৫ ]

সেনাবাহিনীৰ চিকিৎসালয়ত আলজেন্দ্ৰো ভেলাস্কো

বাস্তৱ। মাটি দেখিবলৈ পাই বিগত দিনবোৰৰ সমস্ত ব্যৰ্থ আনন্দ, বিমান, জাহাজৰ পোহৰ, গঙাচিলনী, সমুদ্ৰৰ পানীৰ ৰং পৰিৱৰ্তন— সকলো জীৱন্ত হৈ উঠিল।

 মাটি দেখিবলৈ পাই নিজকে ইমান সুস্থ লাগিল যে ইমানখিনি সুস্থতা ডেষ্ট্ৰয়াৰৰ কণী-মাংস, ক’ফী-ৰুটীয়েও আনি দিব নোৱাৰিলেহেঁতেন। মই জাঁপ মাৰি উঠি থিয় দিলোঁ। পৰিষ্কাৰভাৱে দেখিবলৈ পালোঁ পাৰৰ ছাঁ আৰু নাৰিকল গছৰ শাৰী। কিন্তু কোনো পোহৰ দেখিবলৈ পোৱা নাছিলোঁ। মোৰ সোঁদিশে দহ কিলোমিটাৰ দূৰৈত সৰু সৰু শিলৰ চূড়াৰ ওপৰত দেখিবলৈ পাইছোঁ সূৰ্যৰ ধাতৱ জিলিকনি। আনন্দত মই আত্মহাৰা হৈ পৰিলোঁ। ব’ঠাপাট লৈ তীৰৰ দিশলৈ বাব ধৰিলোঁ।

 ভাব হৈছে বোটৰ পৰা তীৰ দুই কিলোমিটাৰতকৈ বেছি দূৰ নহ'ব। মোৰ দুয়ো হাত ক্ষত-বিক্ষত। শক্তিও নাই। পিঠিৰ বিষে মোক কাহিল কৰি তুলিছে। কিন্তু মই যোৱা [ ৭৬ ] নটা দিন ধৰি আশা এৰি দিয়া নাই। আজি দশম দিনটো আৰম্ভ হৈছেহে। এতিয়াই হাৰ মানিমনে? আৰু যেতিয়া সমুখত দেখিবলৈ পাইছোঁ মাটি, তাৰ পাছতো? সৰ্বশৰীৰে ঘামেৰে তিতি গ'লোঁ। মই বঠা মাৰি গ'লোঁ নিৰন্তৰ।

 কিন্তু পাৰ ক'ত?

 ইমান ডাঙৰ বোটৰ বাবে এই ব’ঠা কোনো কামৰ বস্তু নহয়— যেন এই পাট এডাল লাঠীহে। পানীৰ গভীৰতা জোখাৰ বাবেও যোগ্য নহয়। প্ৰথম কেইটামান মিনিট অবিশ্বাস্য উচ্ছ্বাসেৰে আগুৱালোঁ। অলপ সময়ৰ পাছতে ভাগৰি পৰিলোঁ। ব’ঠাপাট তুলি থৈ কিছুপৰ সেই উজ্জ্বল সেউজীয়াৰ পিনে চাই ৰ'লোঁ অপলক দৃষ্টিৰে। দেখিলোঁ, তীৰৰ সমান্তৰাল এটি সোঁত বৈছে আৰু সিয়েই বোটখনক কঢ়িয়াই নিছে গৰাৰ পিনে।

 বাকী ব’ঠাবোৰ হেৰুৱাবলগা হোৱা বাবে ভীষণ অনুতাপ জাগিছে। যদি এপাট অক্ষত ব’ঠা লগত থাকিলহেঁতেন, তেন্তে এই সোঁতৰ সহায়ত মই সহজেই আগবাঢ়িব পাৰিলোহেঁতেন।

 কিন্তু এতিয়া মোৰ ধৈৰ্যই মূল শক্তি। বোটখন পাৰত উপস্থিত হোৱালৈ অপেক্ষা কৰিবই লাগিব। পুৱাৰ প্ৰথম সূৰুযৰ কিৰণত গৰাৰ শিলবোৰ জিলিকি উঠিছে, যেন সেয়া বেজীৰ পাহাৰ। মাটি স্পৰ্শ কৰিবলৈ মই ইমানেই ব্যাকুল হৈ পৰিছোঁ যে পাৰৰ দূৰত্ব মই সহ্য কৰিব পৰা নাই। পাছত অৱশ্যে জানিবলৈ পাইছিলোঁ যে এইবোৰ কিছুখিনি পুন্তা কাৰিবানাৰ বালুচট। সোঁতে যদি মোক সেই দিশলৈ টানি লৈ গ'লহেঁতেন, তেন্তে মই অৱশ্যেই শিলত খুন্দা খালোহেঁতেন।

 মোৰনো শৰীৰত এতিয়া কিমান শক্তি বাকী ৰৈছে অনুধাৱন কৰিবলৈ চেষ্টা কৰিলোঁ। পাৰ পাবলৈ কমেও দুই কিলোমিটাৰ সাঁতুৰিব লাগিব। সাধাৰণতে দুই কিলোমিটাৰ সাঁতুৰিবলৈ মোক এক ঘণ্টাতকৈও কম সময়ৰ প্ৰয়োজন হয়। কিন্তু এটুকুৰা মাছ আৰু গছৰ এডাল শিপা বাদ দি এই দহদিনীয়া অনাহাৰ, সমগ্ৰ শৰীৰত পানীজোলা আৰু আঘাতগ্ৰস্ত আঁঠুৰে কিমান পৰলৈ সাঁতুৰিব পাৰিম নাজানো। হাঙৰৰ কথাতো ভবাৰ সময়ে নাই। ব’ঠাপাট পেলাই দিলোঁ, চকুহাল মুদি জঁপিয়াই পৰিলোঁ সাগৰৰ বুকুত।

 সাগৰৰ শীতল পানীৰ স্পৰ্শই মোৰ শৰীৰত এক মুহূৰ্তৰ বাবে আমেজৰ ভাব আনি দিলে। কিন্তু পিছমুহূৰ্ততে মই উদ্বিগ্ন হৈ পৰিলোঁ। হঠাৎ পাৰ নেদেখা হৈ পৰিল। আগ-পিছ নুগুণি এনেদৰে পানীত জাঁপ দি দুটা মহা ভুল কৰি পেলালোঁ— কাপোৰ খোলা নাই আৰু জোতাপাট ভালদৰে পিন্ধি লোৱা নাই। সাঁতোৰৰ আগতে এই [ ৭৭ ] দুয়োটাই কৰা অতি জৰুৰী আছিল। মই ওপঙি থকাৰ চেষ্টা কৰিলোঁ। কামিজটো খুলি টানকৈ কঁকালত গাঁঠি ল'লোঁ। জোতাৰ ফিতা ভালদৰে মাৰি ল'লোঁ। তাৰ পাছত আৰম্ভ কৰিলোঁ সাঁতোৰ। প্ৰথমে কিছু বেপৰোৱাভাৱে, তাৰ পাছত ধীৰে ধীৰে। বাৰে বাৰে মই মোক সোঁৱৰাই দিছোঁ যে প্ৰতিটো হাতৰ ছাবত মোৰ শক্তি ক্ষয় হৈছে আৰু মই এতিয়াও পাৰ দেখিবলৈ পোৱা নাই।

 পাঁচ মিটাৰমান আগুওৱাৰ পাছত ‘ভাৰ্জিন অৱ কাৰমেন'ৰ লকেট থকা হাৰডাল খুলিবলৈ ধৰিলে। সাঁতোৰৰ গতি কমাই আনিলোঁ মই। খুলি যাব খোজা হাৰপাট ধৰিবলৈ যাওঁতে অশান্ত পানীৰ তললৈ ডুব যোৱাৰ উপক্ৰম ঘটিছিল। হাৰপাট জেপত ভৰোৱাৰ সময় নাই, দাঁতেৰে চেপি পুনৰ সাঁতোৰাত লাগিলোঁ।

 উমান পালোঁ শক্তিবোৰ কমি আহিছে। অথচ এতিয়াও পাৰ দেখিবলৈ পোৱা নাই। মোৰ মনত আতংকৰ ভাব জাগি উঠিল, কিজানি এয়া অলীক দুঃস্বপ্ন। পানীৰ ঠাণ্ডাই মোৰ শক্তি আৰু উদ্যম ধৰি ৰাখিছে। মই যেন মোৰ সমস্ত মানসিক প্ৰবৃত্তিবোৰ ওভতাই পাইছোঁ। উত্তেজনাত সাঁতোৰ চলাইছোঁ এক কাল্পনিক পাৰৰ দিশলৈ। বহু দূৰ আগুৱাই আহিছোঁ, এতিয়া আৰু উভতি গৈ বোটখন বিচৰা অসম্ভৱ।