পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সেনাবাহিনীৰ চিকিৎসালয়ত আলজেন্দ্ৰো ভেলাস্কো

বাস্তৱ। মাটি দেখিবলৈ পাই বিগত দিনবোৰৰ সমস্ত ব্যৰ্থ আনন্দ, বিমান, জাহাজৰ পোহৰ, গঙাচিলনী, সমুদ্ৰৰ পানীৰ ৰং পৰিৱৰ্তন— সকলো জীৱন্ত হৈ উঠিল।

 মাটি দেখিবলৈ পাই নিজকে ইমান সুস্থ লাগিল যে ইমানখিনি সুস্থতা ডেষ্ট্ৰয়াৰৰ কণী-মাংস, ক’ফী-ৰুটীয়েও আনি দিব নোৱাৰিলেহেঁতেন। মই জাঁপ মাৰি উঠি থিয় দিলোঁ। পৰিষ্কাৰভাৱে দেখিবলৈ পালোঁ পাৰৰ ছাঁ আৰু নাৰিকল গছৰ শাৰী। কিন্তু কোনো পোহৰ দেখিবলৈ পোৱা নাছিলোঁ। মোৰ সোঁদিশে দহ কিলোমিটাৰ দূৰৈত সৰু সৰু শিলৰ চূড়াৰ ওপৰত দেখিবলৈ পাইছোঁ সূৰ্যৰ ধাতৱ জিলিকনি। আনন্দত মই আত্মহাৰা হৈ পৰিলোঁ। ব’ঠাপাট লৈ তীৰৰ দিশলৈ বাব ধৰিলোঁ।

 ভাব হৈছে বোটৰ পৰা তীৰ দুই কিলোমিটাৰতকৈ বেছি দূৰ নহ'ব। মোৰ দুয়ো হাত ক্ষত-বিক্ষত। শক্তিও নাই। পিঠিৰ বিষে মোক কাহিল কৰি তুলিছে। কিন্তু মই যোৱা

৭৫