পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এঘাৰ

আৰু এটি ভ্ৰমঃ মাটি

 নৱম দিনৰ ৰাতিটো দীৰ্ঘতৰ। বোটৰ তলৰ ফালে শুই আছোঁ। ঢৌবোৰে মৃদুভাৱে খুন্দিয়াই আছে। অনুভূতিবোৰৰ প্ৰতি মই নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছোঁ। ঢৌৰ প্ৰতিটো খুন্দাত সেই বিপৰ্যয়ৰ ঘটনাটো বাৰে বাৰে মনত ভাঁহি উঠিছে। মানুহে মৃত্যুৰ আগমুহূৰ্তত পিছুৱাই যায়। নিশা তেনে এটা ঘটনাই ঘটিল। জ্বৰৰ কোবত সেই ভয়ংকৰ ৰাতিৰ ঘটনাটো পুনৰ উভতি আহিল। ডেষ্ট্ৰয়াৰৰ ৰেফ্ৰিজাৰেটৰ আৰু ষ্টোভৰ মাজত মই ৰেমন হেৰোৰাৰ সৈতে শুই আছোঁ। লুই ৰেনগিফোৱে পহৰা দিছে। যিমানবাৰ ঢৌৰ খুন্দা আহি লাগিছে, এনে লাগিছে, আন সকলো বয়-বস্তু বাগৰি পৰিছে। মই সমুদ্ৰৰ অতল গভীৰতালৈ নামি গৈ আছোঁ, কিন্তু প্ৰাণপণে চেষ্টা চলাইছোঁ ওপৰলৈ উঠি আহিবলৈ।

 তাৰ পাছৰ প্ৰতিটো মুহূৰ্তৰ মোৰ ন দিনৰ নিৰ্বাসন, চিন্তা-উদ্বেগ, ভোক-পিয়াহ পুনৰাবৃত্তি হৈছে। যিদৰে চিনেমাত ঘটে। প্ৰথমে পৰি গ'লোঁ, তাৰ পাছত বোটৰ চতুৰ্দিশে সহকৰ্মীসকলৰ চিৎকাৰ, ভোক-পিয়াহ, হাঙৰ, মবিলৰ স্মৃতি— সকলো ভাঁহি উঠিছে এটাৰ পাছত এটাকৈ, ৰূপকথাৰ দৰে। বোটৰ পৰা যেন পানীত পৰি নাযাও, তাৰ প্ৰতিও মোৰ সতৰ্কতা। এনেও ভাব আহিল, যেন মই ডেষ্ট্ৰয়াৰৰ ডেকত ৰছীৰে নিজকে বান্ধি পেলাইছোঁ— যাতে, ঢৌৱে মোক উটুৱাই নিব নোৱাৰে। বান্ধিছোঁ ইমান জোৰেৰে যে আঁঠু আৰু গোৰোহাত বিষ অনুভৱ কৰিছোঁ। কিন্তু তাৰ পাছতো এটা বিশাল ঢৌৱে মোক উটুৱাই লৈ গ’ল, ডুবাই দিলে পানীৰ অতল গহ্বৰত। প্ৰাণপণে সাঁতুৰিছোঁ ওপৰলৈ উঠি আহিবলৈ। নিশ্বাস মোৰ বন্ধ হৈ আহিছে।

 কেইদিনমান আগতেও মই নিজকে বান্ধি ৰখাৰ কথাই ভাবিছিলোঁ। সিদিনা ৰাতিও সেয়াই কৰিলোহেঁতেন। কিন্তু বোটৰ তলৰ পৰা ৰছী বিচাৰি অনাৰ শক্তি মোৰ শৰীৰত নাই। আনকি চিন্তাও ভালদৰে কৰিব পৰা নাই। নটা দিনৰ অন্তত এই প্ৰথম মোৰ কোনো ধাৰণা নাই, প্ৰকৃততে মই ক'ত আছোঁ। আশ্চৰ্যকৰ কথা এয়াই যে ঢৌবোৰ শক্তিশালী হোৱা সত্ত্বেও বোটখন লুটি খোৱাৰ পৰা ৰক্ষা পৰিল। মই বুজিব নোৱাৰিলোঁ,

৭২