পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আচলতে হৈছেনো কি? এয়া অলীক দুঃস্বপ্ন নে বাস্তৱতা— তাৰো পাৰ্থক্য ধৰিব নোৱৰা হ'লোঁ। যদি ঢৌ এটা আহি বোটখন ডুবায়ো দিয়ে, মই হয়তো ভাবিম, এয়া দুঃস্বপ্নহে। হয়তো ভাবিম যে ডেষ্ট্ৰয়াৰৰ পৰা বাগৰি পৰাৰ সপোন দেখিছোঁ মই।

 কিন্তু ভাগ্য ভাল, সেই ৰাতিও পুনৰ ৰক্ষা পৰিলোঁ। পুৱা শীতল বতাহ বলিবলৈ ধৰিলে। মোৰ গাত তেতিয়াও জ্বৰৰ উত্তাপ। কঁপিছোঁ থক্ থক্‌কৈ। হাড়ৰ ভিতৰতো যেন কঁপনি। সোঁ আঁঠুত বিষ। সমুদ্ৰৰ লুণীয়া বতাহে সেই ঘা শুকুৱাই ৰাখিছে। কিন্তু ভিতৰি ভিতৰি কেঁচা হৈয়ে আছে। ভৰিখন লৰচৰ কৰোঁতে তীব্ৰ হৈ উঠিল বিষটো। এই ঘা টুকুৰাই মোক বিষৰ অনুভূতি দিছে, বাধ্য কৰিছে নিজৰ যত্ন ল’বলৈ। পোৰণি উঠা মুখত ঠাণ্ডা লাগিছে। কেইবাঘণ্টা একেৰাহে মই আবোল-তাবোল বকিছোঁ জাহাজৰ সহকৰ্মীৰ সৈতে। মেৰী এড্ৰেছৰ সৈতে আইচক্ৰীম খাইছোঁ, কোনোবাই বেসুৰীয়াকৈ বজোৱা কিবা এটা বাজনাৰ শব্দও কাণত পৰিছে।

 বহু সময় যেন পাৰ হৈ গ'ল। এনে লাগিছে যেন মূৰটো ফাটি ছিৰাছিৰ হ'ব। কপালখন কঁপিছে, হাড়ে হাড়ে অসহনীয় বিষ। আঁঠুৰ ঘা টুকুৰাৰ বিষে বাৰে বাৰে ঘা টুকুৰালৈ মনত পেলাই দিছে। আঁঠুটো যেন ফুলি ভীণ্ডাকাৰ হৈ উঠিছে। যেন মোৰ শৰীৰতকৈ বিশাল ৰূপ ধাৰণ কৰিছে।

 বুজি পালোঁ, ৰাতি পুৱাইছে। বোটৰ ওপৰতে পৰি আছোঁ মই। কিন্তু বুজিব পৰা নাই, কিমান সময় এনেদৰে আছোঁ। বহু কষ্টৰে মনত পৰিল, বোটৰ গাত নটা দাগ কাটিছোঁ। কিন্তু শেষ দাগটো দিছোঁ কোন দিনা মনত নাই। এনে ভাব হৈছে যেন গছৰ শিপাডাল খোৱাৰ ঘটনাৰ পাছত বহুকাল পাৰ হৈ গৈছে। সেইটো তেন্তে সপোন আছিল নেকি? মুখত এতিয়াও মিঠা মিঠা সোৱাদ এটা লাগি আছে। কিন্তু কি খাইছিলোঁ মনত পেলাব পৰা নাই। সেই খাদ্যই মোক কোনো শক্তি যোগাব পৰা নাই৷ এতিয়াও পেট উদং। মোৰ শক্তি শেষ হৈ আহিছে।

 সেই ঘটনাৰ পাছত আৰু কিমান দিন পাৰ হৈ গৈছে? মই মাথোঁ বুজিব পাৰিছোঁ আৰু এটা নতুন পুৱা আহিছে। এতিয়া মাথোঁ বোটৰ তলত নিঃসাৰে পৰি আছোঁ মৃত্যুৰ অপেক্ষাৰে। কিন্তু পাৰৰ মাটিতকৈ যেন মৃত্যু বহু দূৰৈত। আকাশ যোৱা ৰাতিৰ দৰেই ৰক্তিম। এতিয়া পুৱা নে গধূলি?

 তীৰৰ মাটি

 আহত আঁঠুটোৰ বিষত মই ঠাই সলালোঁ। ঘূৰি বহিবলৈ চেষ্টা কৰিলোঁ, কিন্তু নোৱাৰিলোঁ। থিয় হ’বলৈ দেহত অলপোৱেই শক্তি নাই। বোটৰ দাঁতিত হাতেৰে ভেঁজা দি নিজকে তুলিবলৈ চেষ্টা কৰিলোঁ। চিত হৈ বোটৰ দাঁতিত মূৰ থৈ শুই ৰ'লোঁ। ৰাতি

৭৩